পিঠাৰ মেল |Class 5 Assamese Lesson 4 | Class 5 Assamese Chapter 4 Question Answer |

প্ৰশ্নঃ কোনে কাক , কি প্ৰসংগত কৈছে ?

(ক) “এই দেশত আৰু বেছি দিন

                নাই আমাৰ ভাত।”

উওৰঃ উক্ত কথাষাৰ চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল ।

(খ) ”কিয় কৱ তেনে দুখ লগা কথা ? ”

উওৰঃ উক্ত কথাষাৰ সুতুলী পিঠাই চুঙা পিঠাক কৈছিল । কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলী পিঠাৰ খং উঠিছিল।

(গ)”লাৰু আৰু পিঠাবোৰক হায়

             ঘিণৰ চকুৰে চায়।”

উওৰঃ উক্ত কথাষাৰ চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান কথা দেখি কৈছিল ।

প্ৰশ্নঃ তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দেৰে পূৰোৱা-

ভঁৰালী কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ, ঘিণ

উদাহৰণ- অতি অসন্মান/ অৱমাননা – ঘোৰ অপমান

অকস্মাৎ –    হঠাৎ

বিহুৰ আগদিনা – উৰুকা

শস্য় আদি থ’বৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি – পাচি

লৰালৰিকৈ কৰা কাৰ্য – ঘপৰাই

ঘৃণা, ভাল নোপোৱা – ঘিণ

বস্তু সামৰি থোৱা কোঠা – ভঁৰালী কোঠা

প্ৰশ্নঃ পদ্য়টোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা ।

টেকেলি পিঠা, ঘিলা পিঠা, পানী পিঠা, সুতুলী পিঠা, ফেনি পিঠা, চুঙা পিঠা, নাৰিকল পিঠা, খোলাচাপৰীয়া পিঠা, তিল পিঠা, বৰ পিঠা, খীৰ পিঠা, কল পিঠা, তাল পিঠা, জেং পিঠা। 

উদাহৰণ- চুঙা পিঠা

খোলাচাপৰীয়া পিঠা

ফেনি পিঠা

সুতুলী পিঠা

উওৰ দিয়া ।

(ক) খোলাচাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল ?

উওৰঃ খোলাচাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল ।

(খ) কি কি পিঠাই ‘পিঠাৰ মেল’ ত ভাগ লৈছিল ?

উওৰঃ চুঙা পিঠা, খোলাচাপৰীয়া পিঠা, সুতুলী পিঠা, ফেনি পিঠাই ‘পিঠাৰ মেল’ ত ভাগ লৈছিল ।

(গ) অকনমানিয়ে পিঠা, লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে ?

উওৰঃ অকনমানীয়ে পিঠা, লাৰুৰ সলনি ৰসৰ গোল্লা, লুচি, বিচ্কুট খাবলৈ বিচাৰে ।

প্ৰশ্নঃ “চুঙা পিঠাই মাতিলে ঘপৰাই খোলাচাপৰীয়া বাই”

‘ঘপৰাই’ শব্দটোৰ দৰে ‘টপৰাই’ শব্দটোৱেও ‘ততালিকৈ’ অৰ্থ প্ৰকাশ কৰে

উদাহৰণ- ক) ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে ।

খ) সি টোপনিৰ পৰা ঘপৰাই উঠিল ।

গ) সকলো প্ৰশ্নৰ উওৰ ঘপৰাই দিয়া সহজ কথা নহয় ।

প্ৰশ্নঃ ওপৰৰ ‘ঘপৰাই’ শব্দটো ব্য়ৱহাৰ কৰি লিখাৰ নিচিনাকৈ ‘টপৰাই’ শব্দটো ব্য়ৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য় লিখা।

 ক) অলিয়ে প্ৰশ্নটো শুধোতে ৰাজুৱে টপৰাই উত্তৰ দিলে।

               খ) সকলো কথাতে টপৰাই উত্তৰ দিব নালাগে। 

               গ) অলিৰ জিভাখন পাতল, সেইবাবে তাই টপৰাই উত্তৰ দিয়ে।

উদাহৰণ – পাঁতি ( শাৰী অৰ্থত ) – তামোলৰ পুলিবোৰ পাঁতি –পাঁতিকৈ ৰুবা।

পাটী ( ঢাৰি বা পাটী) – পাটীত বহি কণমইনাই সাধু শুনি আছে।

(ক) কথা কঠা

উওৰঃ কথা (মুখৰ কথা) – ৰহিম আৰু কৰিমে স্কুলত কথা পাতি আছে ।

কঠা (মাটি জোখা) – ৰাজুৰ তিনি কঠা মাটি আছে ।

(খ) পানী পাণি

উওৰঃ পানী (খোৱা পানী বা জল) – পানীয়ে প্ৰাণীৰ প্ৰাণ ।

পাণি (বহ্মাৰ জীয়ৰী সৰস্বতী) – পাণি হ’ল এগৰাকী দেৱী ।

(গ) মাটি মাতী

উওৰঃ মাটি (ভূমি) – অসম খনৰ মাটি পলসুৱা ।

মাতী (কাৰোবাক মাতা) – ৰামে ৰাজুত মাতী আছে ।

(ঘ) দিন দীন

উওৰঃ দিন ( সূৰ্য উলাই থকাৰ সময়) – আজি দিনত মই খেলিলো ।

দীন ( দুখীয়া) – দীনক সকলোৱে সহায় কৰিব লাগে ।

(ঙ) কালি কালী

উওৰঃ কালি ( পাৰ হৈ যোৱা দিন) – কালিলৈ বন্ধু-বান্ধৱীহতঁৰ লগত কাজিৰঙালৈ যাম ।

কালী (গণিতৰ জোখ) – বৰ্গৰ একক কালী

(চ) খালি খালী

উওৰঃ খালি (ভক্ষণ কৰা) – ৰাজুৱে খাদ্য়খিনি খায় খালি কৰিলে ।

খালী ( শুদাই) – ৰীণাই খালী ভাত খাব নোৱাৰে ।

প্ৰশ্নঃ নাওখনত দিয়া অব্য়য় পদেৰে তলৰ বাক্য়কেইটা সস্পূৰ্ণ কৰা ।

এতেকে, গতিকে, নাইবা, যিহেতু, দেখোন, কিন্তু, আৰু, বা

(ক) ৰমলা আৰু ৰহিমলা দুয়ো বাই- ভনী ।

(খ) বিদ্য়াই পৰম ধন গতিকে মনোযোগেৰে পঢ়া-শুনা কৰিব লাগে ।

(গ) এটা ঘৰ নাইবা এখন ছবি আঁকা ।

(ঘ) কাহিনী শুনিও দেখোন ৰস পোৱা যায় ।

(ঙ) মই আজি খেলিবলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে ।

Answered by Bidisha Bora