মোৰ দেশ ভাল | Class 4 Assamese Lesson 1 Question and Answer | SCERT Class IV Assamese Chapter 1 Solution | Class 4 Assamese Lesson 1 Important Answer |


পাঠ- ১

মোৰ দেশ ভাল

ক) কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা  দেশ বা ৰাজ্যখনৰ নাম কি।

উত্তৰঃ- কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা  দেশ বা ৰাজ্যখনৰ নাম হ’ল – অসম ।

খ) ক’ত আছে এনে মাটি সৰগ- ফুলনি 

ক’ত আছে  এনে আই সোণৰ – গোসাঁনী 

– পদ্যছোৱাত ঠাই আৰু আইক কিহৰ লগত তুলনা কৰিছে।

উত্তৰঃ- পদ্যছোৱাত ঠাই আৰু আইক সৰগ- ফুলনি আৰু সোণৰ- গোসাঁনীৰ লগত তুলনা কৰিছে। 

গ) পদ্য়টিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা।

উত্তৰঃ পদ্য়টিত কবিয়ে নিজৰ দেশক – সোণৰ চপৰা, সুধাৰ নিজৰা, অমাতৰ মাত,  সৰগ-ফুলনি, সোণৰ গোসাঁনী আদি শব্দ ব্য়ৱহাৰ কৰি  গুণ বৰ্ণনা কৰিছে ।

নামৰ তালিকা কৰা।

(ক) ‘ক’ত আছে এনে ফুল বাৰমাহ’বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা।

ফুলৰ তালিকা

* গোলাপ

* কৰবী 

* জবা 

* চামেলি

* চম্পা

* কচন্দা

* নয়নতৰা 

* জৱা


(খ) ‘ ক’ত আছে এনে ধান এই ধৰণীত ‘কেইবিধ মান ধানৰ নাম লিখা 

* শালি

* ৰূপহী

* বৰা

* কেঁকুৰা বাও

* ৰঞ্জিত 

* কাৱৈ বাদাম

* বিল ৱাঁও

* মাগুৰি

* জহা

* তৰা বাঁও

* লাকি শালি

তলৰ পদ্যকেইফাকি গদ্যৰূপত লিখা। 

ক) ক’ত আছে এনে মাটি সোণৰ চপৰা 

ক’ত আছে এনে  পানী সুধাৰ নিজৰা 

উত্তৰঃ-  

খ) ভাই – ভনী মিলি য’ত থাকোঁ চিৰকাল    

সকলো দেশত কৰি মোৰ দেশ ভাল।

উত্তৰঃ- 

জানো আহা- 

মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ, কবিয়ে পৃথিৱীৰ আনদেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ-গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰা হয়।


সকলােতকৈ, সবাতােকৈ , আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা। 

ক) ভাৰতৰ নদীবােৰৰ ভিতৰত গংগা আটাইতকৈ  দীঘল আৰু ব্ৰহ্মপুত্র আটাইতকৈ  বহল।

খ) মাজুলী পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ নদীৰ দ্ৱীপ। 

গ) কাজিৰঙাৰ জীৱ- জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় সবাতোতকৈ আপুৰুগীয়া।

ঘ) আনৰ বস্তু প্ৰতি লোভ সকলোতকৈ বেয়া গুণ।

শব্দৰ খেল খেলো আহাঁঃ

ভাল ➝ লতা ➝ তাম ➝মন ➝ নদী ➝ দীপ-লিপ ➝ প্ৰত্যাহ্বান➝ নমস্কাৰ ➝ ৰ’দ ➝ দ’ৰা  ৰাতি ➝ তিয়ঁহ ➝ হলৌ ➝ লৌকিক ➝ কলম ➝ মগনিয়াৰ ➝ ৰছী ➝ ছীল ➝ লয়লাস ➝ সভা

শব্দ গঠন কৰা 

চিৰচিৰ + কাল – চিৰকাল চিৰ + দিন – চিৰদিনচিৰ + স্থায়ী – চিৰস্থায়ীচিৰ +  স্মৰণীয় – চিৰস্মৰণীয়
অনিবন +অনি – বননি ধান + অনি –  ধাননি            ঘাহঁ + অনি  – ঘাহঁনি   শাক  + অনি – শাকনি 

তলৰ বাক্য়াংশৰ লগত খাপখোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা ।

চিৰদিন নমস্কাৰ কৰিবলগীয়া   – চিৰনমস্যমাহ খেতিয়ে জুৰি থকা ঠাই      – মাহনিচিৰদিন মনত ৰাখিবলগীয়া      – চিৰস্মৰণীয়বাঁহ গছেৰে ভৰি থকা ঠাই         – বাহঁনি 

বাক্য ৰচনা কৰা ।
অমাতৰ মাত – কুলিৰ মাততো অমাতৰ মাত
উলাহ- পখিলাটোৱে উলাহেৰে উৰি আছে।
চিৰকাল  – ৰামক ৰহিমে চিৰকাল পাহৰিব নোৱাৰে।