শীতলা পূজা বা আই সবাহত কেনেধৰণৰ আচাৰ অনুষ্ঠান পালন কৰা হয় ?

উত্তৰঃ শীতলা পূজা বা আই সবাহত আগলতি কলপাত ন খন পাৰি প্ৰতিখন পাতত নটাকৈ বগা ফুল, পকা আৰু কেঁচা কল, বুট, মগু, নাৰিকল, কুঁহিয়াৰ আদি দি নটা ভাগত ভাগ কৰি আসন পতা হয়। তাতেই চাকি-বন্তি, ধূপ-ধুনা জ্বলাই শীতলা দেৱীক আৰাধনা কৰা হয়। সেই প্ৰসাদ পিছত বসন্ত ৰোগীক খাবলৈ দিয়া হয় ।