অসমৰ জলবায়ু | Chapter 3 Class 4 Social Science Question and Answer |

(১) চমু উত্তৰ দিয়া—

(ক) জলবায়ু কাক বোলে? অসমৰ জলবায়ুক কি বুলি কোৱা হয়?

উত্তৰঃ এখন ঠাই বা অঞ্চলৰ এক দীঘলীয়া সময়ৰ বতৰৰ গড় বা সামগ্ৰিক অৱস্থাকে জলবায়ু বোলে।

(খ) অসমত বছৰি গড়ে কিমান চেঃ মিঃ বৰষুণ হয়?

উত্তৰঃ অসমত বছৰি গড়ে ২০০ চেঃ মিঃ বৰষুণ হয়।

(গ) পাহাৰীয়া অঞ্চলৰ মানুহে কেনেকৈ খেতি কৰে আৰু ইয়াক কি খেতি বোলে?

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰে ইয়াক ঝুম খেতি বোলে।

(ঘ) বৰষুণ বেছি হ’লে কি কি উপকাৰ হয়?

উত্তৰঃ বৰষুণ বেছি হ’লে গেলা-পচা জাব-জোথৰ উটুৱাই আনি পচন সাৰৰ সৃষ্টি কৰে আৰু গছ-গছনি বৃদ্ধি হয়।

(ঙ) বৰষুণ বেছি হ’লে কি কি অপকাৰ হয়?

উত্তৰঃ বৰষুূণ বেছি হ’লে খাদ্য় অভাব হয় বালি চহিয়া মাটি উটুৱাই নিয়ে নৈ-উপনৈসমূহ পানীৰে উপচি পৰি বানপানীৰ সৃষ্টি হয়।

(চ) অসমত চাহ খেতি বৰ ভাল হয় কিয়?

উত্তৰঃ অসমত চাহ খেতি বৰ ভাল হয় কাৰণ অসমৰ জলবায়ু চাহ খেতিৰ বাবে অতি উত্তম।

Autor By- Mayur Rani Kashyap