ঢোলৰ বিভিন্ন অংশবোৰ কি ?

উত্তৰঃ ঢোলৰ বিভিন্ন অংশবোৰ হৈছে- খোল বা ডিমা ( ঢোলৰ ফোপোলা অংশ ), কোবনি ( ঢোলৰ সোঁফালৰ চাৱনিত মাৰিৰে কোবাই আঘাত কৰা অংশ ), তালি ( ঢোলৰ বাওঁফালৰ হাতেৰে বজোৱা অংশ ), বৰটি ( দুয়োমুখ চাৱনি তানি ৰখা চামৰাৰ জৰী বা ফিটা ), মলুৱা, বান্ধনি বা কুৰুল ( দুয়োফালে চাৱনিৰ বাঁহৰ বা চামৰিৰ ৰচিৰ খাৰুৰ বন্ধা হয় এই খাৰুৱেই মলুৱা ), টিকনি কনাই ( ঢোল ওলোমাই ল’বলৈ দুয়োফালে মলুৱাৰ লগত বন্ধা চামৰাৰ জৰী ), কাটানি ছাল ( তালিৰ ফালে থকা বৃত্তাকাৰ ছালখন ), ফৰিং ( ডিমাৰ কোবনিৰ ফালে সৰু সৰু খাপ কাটি সমদূৰত্বত থকা বাঁহৰ টুকুৰা ), পুলি ( চাৱনি কেইখনৰ ছালে বৰতি সোমাব পৰা ফুটাকেইটা ), কানাৰি জৰী ( দুয়োফালে কনাইক সংযোগ কৰি ৰখা বৰটি ), ঢোলৰ মাৰি ( কোবনিত কোবাই ধ্বনি উৎপন্ন কৰা মাৰিডাল )।