ধূলি-কণা মই । Lesson 5 । Class 8 Assamese Question Answer Jatiya Bidyalaya Question Answer । Assamese Question Answer ।

ধূলি-কণা মই

১। চমু উত্তৰ দিয়াঃ

ক) কবি মৰি গ ‘লেও জগতৰ কি নহয় বুলি কৈছে ?

উত্তৰঃ কবি মৰি গ ‘লেও জগতৰ অকণো হানি নহয় বোলি কৈছে ।

খ) কবিৰ মৃত্য়ুু হ’লেও কি কাৰণে জগতখন সদায় নিয়মমতে চলি থাকিব বুলি কৈছে ?

উত্তৰঃ কাৰন কবি জগতখনৰ কাৰণে এটি ধূলিকা হে । সোই বাবে কবিয়ে কৈছে , কবিৰ মৃত্য়ু হ’লেও জগতখন সদায় নিয়ম মতে চলি থাকিব বুলি ।

গ) এই বিশাল বিশ্বই কবিৰ মৃত্য়ুৰ কথা কি কাৰণে গম নাপায় ?

উত্তৰঃ এই বিশাল বিশ্বই কবিৰ মত্য়ুৰ কথা গম নাপায় কাৰণ কবি এক ধূলি-কণাহে ।

ঘ) কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে ?

উত্তৰঃ কবিয়ে নিজকে ধূলি-কণাৰ লগত তুলনা কৰিছে ।

২। কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ কবিৰ মতে তেওঁ জগত খনৰ বাবে এটা ধূলি-কণাহে । কবিৰ যিদিনা মৃত্য়ু হব সেইদিনা জগতৰ একো হানি নহব । কবিৰ মৃত্য়ু হলেও দিন গলেও ৰাতি হ’ব । জোন বেলি ওলায়ে থাকিব ।গছত ফুল ফুলিব, বতাহ বলিব , নিজ বাটে নক্ষত্ৰ ঘূৰিব । আজিৰ দৰেই আগলৈও জগত চলি থাকিব । তাত কোনো ধৰনৰ চিন্তা নাথাকিব । এই বিশ্বত কোনো ধৰনৰ নিতী-নিয়ম সাল- সলনি নহব । কবি নোহোৱা হলেও কোনো কাম পৰি নাথাকিব । কামত বভোৰ এই বিশ্বই কবিৰ মৃত্য়ু গমেই নাপাব। বিশাল জগত খনত থকা অসংখ্য় ধূলিকনাৰ মাজত কবিও এটি মাত্ৰ এটি ধূলি-কণা । কবিৰ অবিহনে কাৰো অলপো হানি নহয় ।

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্য়াখ্য়া কৰাঃ

ক)আজিৰ দৰেই নিতে জগত চলিব,

নাই তাত অকণো সংসয়;

এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে

লৰ চৰ অলপো নহয় ।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিটাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি অন্তৰ্গত ধূলি-কণা মই কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

সংগতিঃ কবিয়ে নিজকে ধূলি-কণাৰ লগত তুলনা কৰি উক্ত কবিটাফাঁকি অৱতাৰনা কৰিছে ।

ব্য়াখ্য়াঃ এই বিশাল বিশ্ব-ব্ৰহ্মাণ্ডৰ ভিতৰত কবি এটি মাত্ৰ ধূলিকণা। এই জগতখনত অসংখ্য় ধূলিকণা আছে। তাৰে ভিতৰত কবিও আছে। কবিৰ মৃত্য়ু হ’লেও জগতখনৰ কাম নিতৌ আগৰদৰেই চলি থাকিব। কবিৰ মৃত্য়ুৰ খবৰ জগতৰ কোনোৱে গমেই নাপাব। জগতখনৰ কোনো কামেই পৰি নাথাকিব। কবি নহ’লেও জগতখনৰ সকলো কামেই নিয়মীয়াভাৱে চলি থাকিব। তাত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। কবিৰ মৃত্য়ুৰ বাবে এই জগতখনৰ কোনো নিয়মৰে অলপো সাল-সলনি নহ’ব। বিশ্বৰ সকলোবোৰ আগৰদৰেই চলি থাকিব।

খ) অনন্ত বিশ্বৰ অসংখ্য় ধূলিৰ

এটি মাত্ৰ ধূলি-কণা মই;

মোৰ অবিহনে এই বিপুল সৃষ্টিৰ

কেনিও অকণো হানি নাই ।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিটাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অন্তৰ্গত ধূলি-কণা মই কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

সংগতিঃ কবিয়ে এই বিশাল জগতখনক নিজৰ গুৰুত্বৰ বিষয়ে বুজাবলৈ উক্ত কবিতাফাকিৰ অৱতাৰনা কৰিছে ।

ব্য়াখ্য়াঃ এই বিশ্ব-ব্ৰহ্মাণ্ডখনত বহুত ধূলি-কনা আছে । এই বহু ধূলি-কণাবোৰৰ ভিতৰত কবিও এটি । কবিৰ মৃত্য়ুৰ এই বিশ্বখনৰ কোনো প্ৰভাৱ নপৰিব । কবিৰ মৃত্য়ুৰ এই বিশ্বত কোনো নিয়ম সলনি নহব । কবিৰ মৃত্য়ুত কনিও অকনো হানি নহব ।

৪। ভাব বহলাই লিখাঃ

ক) দুই নাৱত দুই ভৰি ।

উত্তৰঃ জেতিয়া এজন লোকে দুটা কাম একে লগে কৰি থাকে অৰ্থাৎ দুয়োতা কাম ভিতৰত এটা কামো এৰি দিব নিবিছাৰে । কেতিয়াবা এজন লোকে এটা কৰিবৰ বাবে আন এটা কাম এৰিব লগা হয়। তেতিয়া সেই মানুহ জনে এটাও কাম এৰিব নোখোজা হোৱাকে দুই নাৱত দুই ভৰি বোলি কোৱা হয় ।

৫। সমাৰ্থক শব্দ লিখাঃ

জোন = নিশাপতি।

সংসাৰ = ঘৰ ।

অসংখ্য় = অগণন।

হানি = অসুবিধা ।

গছ = বৃক্ষ।

ফুল = পুষ্প।

বিশাল = ডাঙৰ ।

৬। বাক্য় ৰচনা কৰা

ভাত ঘৰ = ৰানী ৰিমা হতে ভাত ঘৰ, তাই তাৰ পৰা জাবলৈ নিবিছাৰে ।

চকুত লগাঃ ৰীনা এদনী বৰ চকুত লগা হৈ পৰিছে ।