প্ৰাকৃতিক দুৰ্যোগ আৰু অসম Chapter 6 | Class 4 Social Science Question and Answer |

(১) প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? কেইটামান প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ যিবোৰ প্ৰাকৃতিক পৰিঘটনাত মানুহৰ লগতে অন্য়ান্য় জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-গছনি আদিৰ নানান ক্ষয়-ক্ষতি, আলাই-আথানি হয় সেইবোৰকে প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। কেইটামান দুৰ্যোগৰ নাম হ’ল বানপানী, ধুমুহা, ঘূৰ্ণি বতাহ, ডাৱৰ বিস্ফোৰণ, ভূমিকম্প, ভূমিস্খলন, আগ্নেয়গিৰি উদগিৰণ, চুনামি আদি।

(২) খালী ঠাই পূৰ কৰা—

(ক) বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰটোৰ নাম বতৰ বিজ্ঞান কেন্দ্ৰ

(খ) ভূমিকম্পৰ প্ৰাবল্য়ৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম ভূকম্পলেখ

(গ) বানপানী প্ৰতিৰোধ কৰিবলৈ থকা চৰকাৰী বিভাগটোৰ নাম জলসম্পদ বিভাগ

(ঘ) ২০০১ চনত গুজৰাটত এটা বৰভূঁইকঁপ হৈছিল।

(ঙ) ভাৰতবৰ্ষৰ উত্তৰ-পূৱৰ ৰাজ্য়সমূহত সঘনে ভূমিকম্প হোৱা দেখা যায়।

(৩) তলত উল্লেখ কৰা কামকেইটা কি কি প্ৰাকৃতিক দুৰ্যোগৰ লগত জড়িত কাষৰ খালী বাকচত লিখা।

(ক) ওখ ওখ মথাউৰি বন্ধাঃ- বানপানী।

(খ) নদী উপত্য়কা অঞ্চলত গছ-গছনি ৰোৱাঃ-গৰাখহনীয়া।

(গ) জধে-মধে গছ-গছনি নকটাঃ-বানপানী।

(ঘ) নলা-নৰ্দমা খান্দি পানী বৈ যাবলৈ দিয়াঃ- বানপানী।

(ঙ) ডাঙৰ গছ-গছনিৰ তলত ৰৈ নাথাকি মুকলি ঠাইত ৰোৱাঃ- ভূমিকম্প।

(চ) মাটিৰ বহন ক্ষমতা অনুযায়ী ঘৰ সজাঃ- ভূমিকম্প।

(ছ) বতৰৰ আগজাননী অনুসৰি নিৰাপদ ঠাইলৈ যোৱাঃ- ধুমুহা।

Autor By- Mayur rani Kashyap