স্বায়ত্তশাসিত জিলা পৰিষদ Chapter 12 | Class 5 Social Science Question and Answer |

১। চমু উত্তৰ দিয়া- 

(ক) জনজাতি কাক বােলে? জনজাতীয় লােকসকলৰ বৈশিষ্ট্য কি?

উত্তৰঃ সাধাৰণতে একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা একোটা সামাজিক গোটক জজাতি বোলা হয়।

(খ) স্বায়ত্ত শাসন ব্যৱস্থা বুলিলে কি বুজা? ইয়াৰ উদ্দেশ্য কি?

উত্তৰঃ একোখন জনজাতীয় সমাজৰ উন্নয়নৰ বাবে অঞ্চলটোৰ শাসনভাৰ জনজাতিটোৰ নিৰ্বাচিত প্ৰতিনিধিৰ হাতত অৰ্পণ কৰা হয়, এই ব্য়ৱস্থাটোৱে হৈছে স্বায়ত্ব শাসন ব্য়ৱস্থা।

(গ) অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা।

উত্তৰঃ অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বয়ত্ব শাসিত জিলা পৰিষদৰ নাম হৈছে- কাৰ্বি আংলং স্বায়ত্ব শাসিত জিলা পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য় জিলা পৰিষদ।

(ঘ) অসমৰ ভৈয়াম অঞ্চলত থকা তিনিখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা।

উত্তৰঃ অসমৰ ভৈয়াম অঞ্চলত থকা তিনিখন স্বায়ত্ব শাসিত পৰিষদৰ নাম হৈছে-  বি টি এ ডি বা বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ; এই পৰিষদৰ ভিতৰতে অসমৰ চাৰিখন জিলা অন্তৰ্গত। সেইখন হৈছে- কোকৰাঝাৰ,, চিৰাং, বাকসা আৰু ওদালগুৰি।

(ঙ) বি টি এ ডিৰ জিলাকেইখনৰ নাম লিখা।

উত্তৰঃ বি টি এ ডিৰ জিলাকেইখনৰ নাম হৈছে- কোকৰাঝাৰ, চিৰাং, বাকসা আৰু ওদালগুৰি।

২। খালী ঠাই পূৰণ কৰা- 

(ক) পাহাৰীয়া স্বায়ত্ত জিলা পৰিষদ দুখন ১৯৫৫ চনত গঠিত হৈছিল।

(খ) ২০০৩ চনত বি টি এ ডি পৰিষদ গঠন কৰা হৈছিল।

(গ) স্বায়ত্তশাসিত জিলা পৰিষদৰ কাৰ্যবাহী সদস্য ভােটাৰসকলে বাছি দিয়ে।

(ঘ) স্বায়ত্তশাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক কাৰ্যবাহী সদস্য় সকলে বাছি দিয়ে।

(ঙ) স্বায়ত্তশাসিত পৰিষদত জনজাতীয় লোক সকলে কিছুমান বিশেষ সুবিধা ভােগ কৰিব পাৰে।

Author By- Mayur Rani Kashyap