জুবিন গাৰ্গৰ গীত মৰমৰ শিখাটি যে জ্বলে নিজৰ বুকু পুৰি

মৰমৰ শিখাটি যে জ্বলে নিজৰ বুকু পুৰি

দিবলৈ বিলাই আনকে পোহৰ

দহনৰ জ্বালা নিজে সহি

বুজে কোনে মমৰ বেদনা জ্বলি গ’লা

বুকুৰে জানা নোসোধে কোনেও কিয় বাৰু

নোসোধে কোনেও কিয় বাৰু

মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি

এই জীৱন আনৰ বাবে মাথোঁ

নিজক বিলাই দিয়া

বিনিময়ৰ প্ৰতিবাদত কাৰো পৰা একো নিবিচৰা

ধূপ জ্বলে নিৰৱে নিজকে জ্বলাই

পুৰি পুৰি মনে মনে সুবাস বিলাই

কাকো নজনায়

মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি

দিবলৈ বিলাই আনকে পোহৰ দহনৰ জ্বালা নিজে সহি

এই জূৱন স্মৃতি কিতাপ সময় চিয়াঁহীৰে বোলাই লিখা

নিজ কামৰ হিচাপ নিজে লিখি আজৰিতে নিজেই চোৱা

নিজতে হেৰুৱাই

মমৰ শিখাটি যে জ্বলে…।