উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ | অধ্যায়১৯ | Conservation Of Plants And Animals | Chapter 19 | Question Answer Assam | Class 8 Science 2 Notes And Suggestion

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Chapter 19

প্ৰশ্নাৱলী :

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i) ভাৰতত কলচী উদ্ভিদ প্ৰাকৃতিক পৰিৱেশত পোৱা ঠাই হ’ল

a) মেঘালয়               b) অসম                  c) উত্তৰাখণ্ড                      d) চিকিম

উত্তৰঃ  c) উত্তৰাখণ্ড

ii) তলৰ কোনটো আবাসস্থানত সংৰক্ষণ পদ্ধতি নহয়?

a) ৰাষ্ট্ৰীয় উদ্যান                  b) অভয়াৰণ্য                  c) সংৰক্ষিত জৈৱ মণ্ডল               d) চিৰিয়াখানা

উত্তৰঃ      d) চিৰিয়াখানা

iii) কলাকৰ্ষণ পদ্ধতিৰ দ্বাৰা বিলুপ্তপ্ৰায় প্ৰজাতিক সংৰক্ষণ কৰা কাৰ্য্যকে- বোলা  হয়।

a) আবাসস্থানৰ সংৰক্ষণ               b) আবাসস্থানৰ বাহিৰত সংৰক্ষণ 

c) পৱিত্ৰ বনাঞ্চল                           d) গোলকীয় ঐতিহ্য

উত্তৰঃ b) আবাসস্থানৰ বাহিৰত

iv) আভ্যন্তৰীণ আৰু পাশ্বীয় অঞ্চল ক’ত চিহ্নিত কৰা হয়?

a) ৰাষ্ট্ৰীয় উদ্যান               b) অভয়াৰণ্য                 c) সংৰক্ষিত জৈৱ মণ্ডল  d) ব্যাঘ্ৰ প্ৰকল্প

উত্তৰঃc) সংৰক্ষিত জৈৱ মণ্ডল  

v) IUCN ৰ মুখ্য কাৰ্য্যালয় হ’ল-

A) আমেৰিকা                   B) ছুইজাৰলেণ্ড                  C) ফ্ৰান্স                           D) ইটালী

উত্তৰঃ

2. খালী ঠাই পূৰ কৰা :

i) কোনো এক নিৰ্দিষ্ট অঞ্চল/ ভৌগোলিক পৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰজাতিবোৰক থলুৱা প্ৰজাতি বুলি কোৱা হয়।

ii) —- নামৰ সংস্থাটোৱে লোহিত তথ্য সংকলন প্ৰস্তুত             কৰে।

iii) ভাৰতবৰ্ষত ১০৫খন ৰাষ্ট্ৰীয় উদ্যান আছে।

3. প্ৰজাতি বৈচিত্ৰ্য আৰু জিনীয় বৈচিত্ৰ্যৰ পাৰ্থক্য লিখা।

উত্তৰঃ  জিনীয় বৈচিত্ৰ্য হ’ল উদ্ভিদৰ প্ৰজাতি, আনহাতে প্ৰজাতি বৈচিত্ৰ্য হ’ল জীৱৰ প্ৰজাতি।

4. নিৰ্বননিকৰণৰ পৰিণতিসমূহ কি কি?

উত্তৰঃ নিৰ্বনীকৰণৰ পৰিণতিসমূহ হ’ল- খৰাং, ভূমিস্থলন, বানপানী আদি।

5. ৰেড ডেটা বুক বুলিলে কি বুজা?

উত্তৰঃ  ৰেড ডাটা বুক হ’ল- পৃথিৱীৰ লুপ্ত হোৱাৰ সম্ভাৱনাপ্ৰাপ্ত ভাবুকিগ্ৰস্ত জীৱবোৰৰ এক সংকলন পুথি।

6. সংৰক্ষিত জীৱমণ্ডল কেনেকৈ স্থাপন কৰা হয়?

উত্তৰঃ এটা পাৰ্শ্বীয় এলেকাত জৈৱবৈচিত্ৰ্য অটুট ৰাখিবলৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত মানুহে থকাৰ উপৰিও বিভিন্ন কাম কৰিবলৈ সুবিধা পায়। এনেদৰে সংৰক্ষিত জীৱমণ্ডল স্থাপন কৰা হয়।

7. ব্যাঘ্ৰ প্ৰকল্প বুলিলে কি বুজা?

উত্তৰঃ ব্যাঘ্ৰ প্ৰকল্প মানে ভাৰতবৰ্ষত যিমান বাঘ আছে, সেই বাঘবোৰক সংৰক্ষণ কৰা।

8. মৰুভূমিকৰণ কেনেকৈ হয়?

উত্তৰঃ  মৰুভুমিৰ মাটি অৱক্ষয় হোৱাকে মৰুকৰণ বোলে। 

9. জৈৱবৈচিত্ৰ্য বুলিলে কি বুজা? জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ স্তৰসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ  জৈৱবৈচিত্ৰ্য মানে পৃথিৱীত থকা জীৱৰ অলেখ ধৰণৰ বিভিন্নতা। জিনীয় বৈচিত্ৰ্য, প্ৰজাতি বৈচিত্ৰ্য, আৰু পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্য। 

10. জৈৱবৈচিত্ৰ্য ক্ষতিৰ কাৰণসমূহ আলোচনা কৰি সংৰক্ষণৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা।

উত্তৰঃ জৈৱবৈচিত্ৰ্যৰ  ক্ষতিৰ কাৰণসমূহ হ’ল- বনাঞ্চল ধ্বংস,  পৰিৱেশ প্ৰদূষণ, বন্যপ্ৰাণীৰ চিকাৰ, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ, আদি। 

সংৰক্ষণৰ উপায়- আমি এই অৰণ্যসমূহ ধ্বংস কৰাৰ পৰা বিৰত থাকিব লাগিব। এই অৰণ্যসমূহ ধ্বংস কৰিলে জীৱ-জন্তুবোৰৰ বাসস্থানৰ অভাৱ হব আৰু বহুত ক্ষতি হব। আমি পৰিৱেশ প্ৰদূষণ কৰাৰ পৰা বিৰত থাকিব লাগিব। নলা-নৰ্দমাত জাবৰ-জোথৰবোৰ পোলাব নালাগিব। বন্যপ্ৰাণীৰ চিকাৰ কৰা বন্ধ কৰিব লাগিব। প্ৰাকৃতিক সম্পদ যেনে পেট্ৰল,ডিজেল আদিৰ অত্যাধিক ব্যৱহাৰ বন্ধ কৰিব লাগিব। এইবোৰৰ পৰা ওলোৱা ধোৱাই বায়ু দূষিত কৰে। আমি এনেবোৰ কাম কৰিলে জৈৱবৈচিত্ৰ্য ৰক্ষা কৰিব পাৰি। 

11. জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাপনাসমূহৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাসমূহ দুটা ভাগত ভাগ কৰা হৈছে আবাসস্থান মূলক, আৰু আবাসস্থানৰ বাহিৰত সংৰক্ষণ। আবাসস্থানত সংৰক্ষণ মানে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত জীৱমণ্ডল, পবিত্ৰ বনাঞ্চল আদিত সংৰক্ষণ হৈ থাকে।আনহাতে বাসস্থানৰ বাহিৰত সংৰক্ষণ মানে চিৰিয়াখানা, উদ্ভিদ অৰণ্য আদিত ভাবুকিগ্ৰস্ত প্ৰাণী সংৰক্ষণ কৰাকে আবাসস্থানৰ বাহিৰত সংৰক্ষণ বুজায়।  এনেদৰে জৈৱবৈচিত্ৰ্য সংৰক্ষণ কৰিব পৰা যায়।

12. অসমৰ সংৰক্ষিত অঞ্চলসমূহৰ এখম তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ গোলাঘাট, নগাৱঁ, ডিব্ৰুগড়, আদি।

 Author-DIKHA BORA