কয়লা আৰু পেট্ৰলিয়াম | অধ্যায় ৫ | Coal and Petroleum | Chapter 5 | Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ উত্তৰ অসম জাতীয় বিদ্যালয়

কয়লা আৰু পেট্ৰলিয়াম

অধ্যায় ৫

1. নৱীকৰণযোগ্য আৰু নৱীকৰণঅযোগ্য সম্পদ বুলিলে কি বুজা উদাহৰণ দিয়া।উত্তৰঃ যিবোৰ সম্পদ ব্য়ৱহাৰ কৰি থাকিলেও শেষ নহয়, সেইবোৰ সম্পদক নবীকৰণযোগ্য় সম্পদ বোলে। যেনে 一 সূৰ্য্য়ৰ পোহৰ শক্তি, বায়ু, পানী আৰু মাটি।    যিবোৰ সম্পদ এবাৰ ব্য়হাৰ কৰাৰ পিছত পুনৰ ব্য়ৱহাৰ কৰিব নোৱাৰি অৰ্থাৎ শেষ হৈ যায়, সেইবোৰ সম্পদক অনবীকৰণযোগ্য় সম্পদ বোলে।
2. চি এন জি আৰু এল পি জিক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমুহ কি কি?উত্তৰঃ চি এন জি বিদ্য়ুৎ শক্তি উৎপাদন কৰিবলৈ ব্য়ৱহৃত হয়। চি এন জি দহনৰ ফলত কম পৰিমাণে কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়।সেয়েহে ই কম বায়ু প্ৰদূষক হয়। সেইবাবে ইয়াক যান-বাহনৰ ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা হৈছে।

3. মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হয়? এই প্ৰক্ৰিয়াটোৰ নাম কি?উত্তৰঃ ভূগৰ্ভৰ উষ্ণতা আভ্য়ন্তৰলৈ বৃদ্ধি পায়। ফলত মৃত উদ্ভিদৰ স্তৰবোৰ যিমানে গভীৰলৈ সোমাই গৈছিল সেইবোৰে সিমানেই বেছি তাপ পাইছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদবোৰেই লাহে লাহে কয়লালৈ  ৰূপান্তৰিত হয়।    এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলে।

4. কয়লাৰ চাৰিটা প্ৰকাৰ কি কি? ইয়াৰে কোনবিধ কয়লা সৰ্বোৎকৃষ্ট আৰু কিয়?উত্তৰঃ কয়লাৰ চাৰিটা প্ৰকাৰ হৈছে 一 লিগনাইট, ছাববিটুমিনাছ, বিটুমিনাছ আৰু এনথ্ৰাছাইট।    সৰ্বোৎকৃষ্ট কয়লাবিধ হ’ল এনথ্ৰাছাইট।

5. পেট্ৰ’লিয়ামৰ শোধনত উৎপাদিত অংশসমুহ কি কি?উত্তৰঃ পেট্ৰ’লিয়ামৰ শোধনত উৎপাদিত অংশসমূহ হৈছে 一 এল পি জি, পেট্ৰ’ল, কেৰাচিন, ডিজেল, পিচ্ছিলকাৰক তেল, কেৰাচিন, মম, বিটুমেন আদি।

6. প্ৰাকৃতিক গেছ কি ইয়াৰ মূল উপাদান কি?উত্তৰঃ পেট্ৰ’লিয়ামৰ পুং সমূহৰ প্ৰায়ভাগত তেলৰ ওপৰভাগত এবিধ গেছ জমা হৈ থাকে। এই গেছবিধ মূলতঃ মিথেন নামৰ হাইড্ৰ’কাৰ্বন। কিছু পৰিমাণে ইথেন নামৰ হাইড্ৰ’কাৰ্বনো থাকে। এই গেছীয় মিশ্ৰই হ’ল প্ৰাকৃতিক গেছ।    ইয়াৰ উপাদানসমূহ হৈছে 一 মিথেন আৰু ইথেন।

7. অসমৰ পেট্ৰ’লিয়াম আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা।উত্তৰঃ অসমৰ প্ৰেট্ৰ’লিয়ামৰ খনিবোৰ হ’ল- ডিগবৈ, গুৱাহাটী, নুমলিগড়, বঙাইগাঁও।         অসমৰ কয়লাখনিবোৰ হ’ল- মাকুম, লিডু, কাৰ্বি আংলং, উত্তৰ কাছাৰ, ধুবুৰী ।

8. খালী ঠাই পুৰ কৰাঃ(ক)কয়লাপেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন।

(খ) পেট্ৰ’লিয়ামৰ  উপাদানসমূহ পৃথক  কৰা প্ৰক্ৰিয়াটোক শোধন বোলে। 

(গ) আটাইতকৈ কম প্ৰদুষিত কৰা পেট্ৰ’লজাত ইন্ধনটো হল CNG

(ঘ) এলপিজিৰ মুখ্য উপাদান হল প্ৰপেন আৰু বিউটেন

(ঙ) প্ৰাকৃতিক গেছৰ মুল উপাদান হল মিথেন। 

(চ) ৰাস্তা নিৰ্মাণ কৰোঁতে আলকাতৰা নামৰ পেট্ৰ’লিয়ামজাত সামগ্ৰীবিধ ব্যৱহৃত হয়।

(ছ) এলএনজি (LNG) ৰ পুৰ্ণ প্ৰকাশ ৰাশি হল Liquified Natural Gas

9. তলত দিয়া উক্তিসমূহ  শুদ্ধ নে অশুদ্ধ লিখাঃ(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি।উত্তৰঃ অশুদ্ধ।

(খ) পেট্ৰ’লতকৈ CNG বেছি প্ৰদূষন ইন্ধন।উত্তৰঃ অশুদ্ধ।
(গ) এনথ্ৰাচাইট  সৰ্বোতকষ্ট কয়লা।উত্তৰঃ শুদ্ধ।
(ঘ) ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ।উত্তৰঃ শুদ্ধ।
(ঙ) আলকাতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰ।উত্তৰঃ শুদ্ধ।
(চ) কেৰাচিন জীৱাশ্ম ইন্ধন  নহয়।উত্তৰঃ শুদ্ধ।

10.জীৱাশ্ম ইন্ধনসমূহ কিয় নৱীকৰণযোগ্য ইন্ধন ব্যাখ্যা কৰা।উত্তৰঃ জীৱাষ্ম ইন্ধনসমূহ জীৱৰ পৰাই পোৱা যায়। যেতিয়ালৈ জীৱসমূহ পৃথিৱীত আছে, তেতিয়ালৈ আমি জীৱাষ্ম ইন্ধনসমূহ পাই থাকিম। সেয়েহে জীৱাষ্ম ইন্ধনসমূহ নৱীকৰণযোগ্য় ইন্ধন।

11. ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা।উত্তৰঃ ক’ক এবিধ কঠিন, সছিদ্ৰ আৰু ক’লা পৰ্দাথ, কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। কয়লাৰ ধ্বংসাত্মক পাতনৰ সময়ত বেছিভাগ অশুদ্ধি আঁতৰি যায় আৰু ক’কৰ সৃষ্টি হয়। কয়লাতকৈ ক’কত কাৰ্বনৰ পৰিমাণ তুলনামূলকভাৱে বেছি। তীখ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ক’ক ব্য়ৱহাৰ কৰা হয়।

12. কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰ’লিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা।উত্তৰঃ সাগৰত অসংখ্য় ধৰণৰ জীৱ থাকে। বহুত নিযুত বছৰৰ আগতে তৰাং সাগৰত বাস কৰা সূক্ষ্ম প্ৰাণী, উদ্ভিদ, বেক্টেৰিয়া আদিৰ পৰা পেট্ৰ’লিয়ামৰ সৃষ্টি হৈছে। এই জীৱ সমূহ সাগৰৰ বালি আৰু বোকাৰ তৰপৰ তলত পোত গৈছিল। তাত অক্সিজেন নাথাকে। অভ্য়ন্তৰত প্ৰচুুৰ তাপ আৰু অত্য়াধিক চাপ পায়। ফলত বহু লিযুত বছৰৰ অন্তত এই জীৱবোৰ পেট্ৰ’লিয়ামলৈ ৰূপান্তৰিত হৈছে। সেই কাৰণে পেট্ৰ’লিয়াম মাটিৰ তলত পোোৱা যায়।

13. প্ৰাকৃতিক গেছৰ ব্যৱহাৰসমূহ উল্লেখ কৰা।উত্তৰঃ প্ৰাকৃতিক গেছ ঘৰ বা কাৰখানাত ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা হয়। কিছুমান ৰাসায়নিক দ্ৰব্য় আৰু সাৰ প্ৰস্তুত কৰিবলৈ প্ৰাকৃতিক গেছ ব্য়ৱহাৰ কৰা হয়। নামৰূপৰ সাৰ কাৰখানা আৰু ইয়াৰ তাপবিদ্য়ুত প্ৰকল্প, ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্প তথা অন্য়ান্য় কিছুমান ঠাইৰ শক্তি প্ৰকল্পত এই প্ৰাকৃতিক গেছ কেঁচামাল হিচাপে ব্য়ৱহাৰ কৰা হয়।
Author- Dikha Bora

Post ID : DABP006095