কানাইৰ চাতুৰী | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

গোট-১১ (ক) কানাইৰ চাতুৰী

A. অতি চমু প্রশ্নাবলী ঃ মূল্যাংক : ১ নম্বৰৈ১। কপিল মুনিৰ মাতৃৰ নাম কি ? [HSLC ’11, ’13, ’16,’18]২। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ? [HSLC ’11, ’16, 17

৩। কৃষ্ণই ক’লৈ গুচি যাব বুলি মাক যশোদাক কৈছে? [HSLC ’12 ৪। “দুৰ্যশ কলংক দুখ সুমৰন্তে, ”‘সুমৰন্তে’ শব্দৰ অৰ্থ লিখা। [HSLC ’12] ৫। কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল । [HSLC ’13,’17] ৬। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ? [HSLC ’17] ৭। অর্থ লিখা । বিগুটিয়া, তাসম্বাক।[HSLC’14] চৌপৰ, ৰজনী । [HSLC ’15] ৮।“ব্রহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যাই।”

– ইয়াত ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে ?[HSLC ’19]

৯।শব্দৰ আধুনিক ৰূপ লিখা :

তাসম্বাক [HSLC ’20] B. চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩ নম্বৰকৈ

১। তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জীউ। —কোনে, কাক এনেদৰে কৈছিল, বুজাই লিখা । [HSLC ’11, ’13, 14]
২ । “মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম।” – বুজাই লিখা [HSLC ’11] ৩।কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল? [HSLC ’12] ৪। শ্ৰীধৰ কন্দলিৰ চমু পৰিচয় দিয়া। [HSLC ’12] ৫।“কাঠ-বাঁজী বুলি জগতে হাসয় দেখিলে সুমৰে হৰি”

—কাঠ-বাঁজী বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰপৰা তেওঁক কোনে ৰক্ষা কৰিলে? [HSLC ’13] ৬। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত চমুকৈ বুজাই লিখা ৷ [HSLC ’14,’18]৭।’কাঠ বাঁজী বুলি জগতে হাসয়

দেখিলে সুমৰি হৰি।

মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো

সিটো দুখ দূৰ কৰি।।”

কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা। [HSLC ’15]

 ৮। “মোহিনী স্বৰূপে অমৃত পিয়ালো

সাধিলো দেৱৰ কাম । ”

কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল – খৰচি মাৰি লিখা । [HSLC ’15] ৯। “আন কাল যদি দোষ দেখা মোৰ

পাৰিবাহা মোক গালি ।”

– কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা ৷ [HSLC ’16]

১০। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি

কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ৷ [HSLC ’16]১১। ‘গাততে পোততে পেটাৰি বান্ধন্তে

ধনত লাগিবে জুই’ —ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে ? [HSLC ’17] ১২। ‘কথাক কহন্তে ক্রন্দন আসয় যত অপমান পাওঁ।’

– ইয়াত কোনে, কি অপমান পোৱাৰ কথা কোৱা হৈছে? [HSLC ’18]

১৩। “মোহোৰ মুখত লাজ লাগে বৰ তোহোৰ গুণ কহন্তে।”

– কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবোৰ ক’বলৈ

বক্তাৰ কিয় লাজ লাগে, বৰ্ণনা কৰা । [HSLC ’19]

১৪। ‘কানাইৰ চাতুৰী’ কবিতাটোৰ মূলভাৱ লিখা । [HSLC ’19]

১৫। ছয়ৰতি সোনাৰ বংশী গড়ায় নেদ ৰাজ পটেশ্বৰী হুই। – ইয়াত ‘ৰাজপটেশ্বৰী’ বুলি কাক কৈছে? [HSLC 20] ১৬। মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি

কৈছিল ? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা ৷ [HSLC ’20]