ভঠেলি | Lesson 17 | Class 5 Assamese AJB | Assam Jatiya Bidyalay | অসম জাতিয় বিদ্যালয় | পঞ্চম শ্ৰেণী অসমীয়া প্ৰশ্ন আৰু উত্তৰ

ভঠেলি

 Lesson 17

੦ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

চ’ৰাঘৰ    =    বাহিৰৰ বহা ঘৰ, আলহীৰ কথা-বতৰা পতা ঘৰ

গইনা    =    আশ্ৰয়, আলম

সমাদৰ    =    বিশেষ আদৰ, সন্মান

লোকে-লোকাৰণ্য    =    মানুহেৰে ভৰি পৰা

উত্ৰাৱল    =    অস্থিৰ, চঞ্চল

আচ্ছন্ন    =    আবৃত, ঢাক খাই থকা

[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ

ক) বিদুৎ আৰু প্ৰদুৎৰ ঘৰ ক’ত ক’ত আছিল?

উত্তৰঃ বিদুৎৰ ঘৰ শিৱসাগৰত আৰু প্ৰদুৎৰ ঘৰ নলৰাৰীত।

খ) ভঠেলি কোন অঞ্চলৰ মানুহে পালন কৰা লোক উৎসৱ?

উত্তৰঃ ভঠেলি কামৰূপ অঞ্চলৰ মানুহে পালন কৰা লোক উৎসৱ।

গ) ভঠেলি উৎসৱত বাঁহডাল কিয় ৰং-বিৰঙৰ ধুনীয়া কাপোৰেৰে সজাইছিল?

উত্তৰঃ ভঠেলি উৎসৱত বাঁহডালক পাৰ বা পাউৰা বুলি কয়। অৰ্থাৎ দৰা সজোৱা হয়। সেয়েহে বাঁহ ডালক ৰং বিৰঙৰ ধুনীয়া কাপোৰে সজাইছিল। 

ঘ) ভঠেলি খোলত পাৰ প্ৰতিষ্ঠা কৰা মানে কি?

উত্তৰঃ ভঠেলি খোলত পাৰ প্ৰতিষ্ঠা কৰা মানে দৰা, কইনা প্তিষ্ঠা কৰা।

ঙ) ভঠেলি ঘৰত কি কি কৰা হয়?

উত্তৰঃ ভঠেলি ঘৰত মাহ-প্ৰসাদ, ফল-মূল, আদি আগবঢ়ায় গাওঁবাসীয়ে নাম-কীৰ্তন কৰে।

চ) ভঠেলি উৎসৱৰ সামৰণি মৰা হয় কোনেকৈ?

উত্তৰঃ ভঠেলি উৎসৱৰ ভঠেলি ঘৰটো ভাঙি পাৰ কেইটা উঠাই আনি সামৰণি মৰা হয়। 

[২] ভঠেলি এটি লোক-উৎসৱ। তোমলোকে লোক উৎসৱ বুলিলে কি বুজা? তোমালোকৰ নিজ অঞ্চলত লোক-উৎসৱৰ প্ৰচলন আছে নেকি? লোক উৎসৱসমূহৰ এখনি তালিকা কৰাঁ।

উত্তৰঃ  যাক লোক উৎসৱ বুলি কোৱা হয় সেয়া হৈছে লোকাচাৰৰ এক অংশ, পৰম্পৰাগতভাৱে পৰিয়াল বা লোক সমাজে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত উদযাপন কৰা লোক সংস্কৃতিৰ এক মুখ্য অংশ। আমাৰ অঞ্চলত লোক উৎসৱৰ উদযাপন কৰা নহয়। 

[৩] বুজা আৰু লিখাঁ ঃ

গাওঁ    =    গাৱলীয়া

নগৰ    =     নগৰীয়া               

পাহাৰ    =      পাহাৰীয়া            

পৰ্বত    =      পৰ্বতীয়া              

বন    =     বনৰীয়া             

[৪] ভাবা আৰু লিখাঁ ঃ

ক) উৎসৱসমূহে মানুহৰ মাজত কেনেদৰে মিলনৰ সেতু গঢ়ে?

উত্তৰঃ উৎসৱৰ যোগেদিয়েই বিভিন্ন ঠাইৰ মানুহৰ লগত মীলা-প্ৰীতি, একতা ইত্য়াদিৰ সম্পৰ্ক গঢ়ি উঠে। কোনো এক সামাজিকউৎসৱ উদযাপন কৰিলে সেই উৎসৱলৈকে বিভিন্ন ধৰণৰ ভিন ভিন মানুহ আহে। তেতিয়া সেই উৎসৱত মানুহবোৰৰ সৈতে চিনাকি হৈ তেওঁলোকৰ লগত একো একোটা সম্পৰ্ক গঢ়ি উঠে। উৎসৱে আনন্দৰ লগতে মানুহৰ লগত  সম্পৰ্ক গঢ়াই তুলি মানুহবোৰৰ মাজত মিলনৰ সেতু গঢ়ে। 

খ) সমাজত উৎসৱ নথকা হ’লে কি হ’লহেঁতেন?

উত্তৰঃ সমাজত উৎসৱ নথকা হ’লে মানুহৰ মাজত আনন্দ নাথাকিলেহেঁতেন। উৎসৱ নথকা হ’লে  মানুহৰ মাজত আনন্দ, হাঁহি, ৰং-ধেমালি, মিলা-প্ৰীতি, একতা ইত্য়াদি গঢ়ি নুঠিলে হেঁতেন। উৎসৱ নথকাহ’লে বিভিন্ন ঠাইৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত একতাৰ এনাজৰিয়ে বান্ধ খাই নাথাকিলহেঁতেন।

[৫] বাক্য ৰচনা কৰাঁ ঃ

লোকে-লোকাৰণ্য, আলহী-অতীথি, দোকান-পোহাৰ, ৰং-ধেমালি, জানি-বুজি।

(ক) লোকে-লোকাৰণ্যঃ বজাৰত লোকে-লোকাৰণ্য় হৈ পৰিছে।

(খ) আলহী-অতিথিঃ আলহী-অতিথি আহিলে আদৰ-সৎকাৰ  কৰিব লাগে।

(খ) দোকান-পোহাৰঃ নিশা ৯ বজাৰ পিছত আমাৰ গাৱঁত সকলোবোৰ দোকান-পোহাৰ বন্ধ কৰে।

(গ) ৰং-ধেমালিঃ কোনো উৎসৱসমূহত সকলোৱে ৰং-ধেমালি কৰে।

(ঘ) জানি-বুজি- কেতিয়াও জানি-বুজি কোনো ভূল কৰিব নালাগে।

[৬] উদাহৰণটো চাই বাকীকেইটা নিজে কৰাঁ ঃ

মাছ    +    টো    =    মাছটো

গাঁও    +    খন    =      গাঁওখন           

ফুল    +    জোপা    =      ফুলজোপা          

বাঁহ    +    ডাল    =      বাঁহজাল            

চুলি    +    কোছা    =    চুলিকোছা            

[৭] চমুটোকা লিখাঁ ঃ

ফাকুৱা, কৰম পৰৱ, আলি-আই-লৃগাং।

(ক) ফাকুৱাঃ ফাঁকুৱা হৈছে হিন্দু মানুহে ৰং-ধেমালিৰে উদযাপন কৰা এটা ৰঙৰ উৎসৱ। ফাগুণ মাহৰ পূৰ্ণিমাৰ দিনা ফাঁকুৱা উৎসৱ পালন কৰা হয়। ফাঁকুৱাৰ অন্য় কিছুমান নাম হৈছে ফল্গুৎসৱ, হোলী, ফাঁকু, ফাগুৱা, মদনোৎসৱ ইত্য়াদি। গোটেই ভাৰততে পূৰণি উৎসৱসমূহৰ ভিতৰত ফাঁকুৱা হৈছে এটা অন্য়তম উল্লেখজনীয় উৎসৱ। 

(খ) কৰম পৰৱঃ কৰম পৰৱ হৈছে কৃষিৰ লগত জড়িত এটা উৎসৱ। এই কৰম পৰৱ পূজাটো বছৰটোত বিভিন্ন সময়ত তিনিবাৰকৈ পালন কৰা হয়। যেনেকৈ ভদ মাহৰ শুক্লা একাদশীত ‘জিতিয়া কৰম’ উদযাপন কৰা হয়, আহিন মাহত বিজয়া দশমীত ‘বুধি কৰম’ আৰু আঘোন মাহৰ পূৰ্ণিমা দিৱসত ‘ৰাস কৰম’ পালন কৰা হয়। আনকি এইটো চাহ বাগিছাৰ বনুৱা সমাজৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ, অনাবৃত উৎসৱ হ’লেও ভাদ মাহৰ শুক্লা একাদশী।

(গ) আলি-আই-লৃগাং- অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এটা প্ৰধান উৎসৱ হৈছে আলি-আই-লৃগাং। আলি-আই-লৃগাং উৎসৱটি প্ৰত্য়েগ বছৰে ফাগুণ মাহৰ প্ৰথম বুধবাৰটোত পালন কৰা হয়।এই উৎসৱটিক কঠীয়া সিচাৰ উৎসৱ বুলিও জানিব পৰা যায়।

[৮] কাষৰ বাকচত থকা শব্দবোৰৰপৰা উপযুক্ত শব্দটো ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰাঁ ঃ

বাহ, হাত, ম’হ, বাঁহ, হাট, মহ।

ক)আমাৰ ঘৰৰ  আগফালে থকা বকুলজোপাত এটা চৰাইৰ   বাহ        আছে।

খ) আমাৰ ঘৰৰ পাছফালে এজোপা ভলুকা  বাঁহ               আছে।

গ) মোক    মহ          কামুৰি দমলা-দমলি কৰিলে।

ঘ) পথাৰত   ম’হ            জাক চৰি আছে।

ঙ) দেওবাৰে আমাৰ ঘৰৰ ওচৰত    হাট        বহে।

চ) আমাৰ এখনত  হাত            ত পাঁচোটাকৈ আঙুলি থাকে।

[৯] কোনে কৈছিল, কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল ঃ

ক) “এতিয়াই সকলোবোৰ জানি ল’লে উৎসৱৰ দিনা ন-কৈ কি চাবা? এতিয়া ব’লা, আমি কেৰম খেলোঁগৈ।”

উত্তৰঃ উক্ত কথাষাৰ প্ৰদ্যুতে দেউতাকক কৈছিল। আজিয়ে যদি সকলো কথা জানে তেতিয়া সেইদিনা নতুনকৈ কি শিকিব সেই প্ৰসংগত কৈছিল।

খ) “দুয়োটা পাৰ সমানকৈ নোপোতে। উখ পাৰতো মতা বা দৰাপাী আৰু চাপৰ পাৰতো মাইকী বা কন্যা পাৰ।”

উত্তৰঃ উক্ত কথাষাৰ প্ৰদ্যুতে বিদ্যুতক কৈছিল।

গ) “অ সেয়া ভঠেলি ভাঙিছে। এতিয়া পাৰকেইতাও উঠাই লৈ যাব। ব’লা আমিও যাওঁ।”

উত্তৰঃ উক্ত কথাষাৰ প্ৰদ্যুতে বিদ্যুতক কৈছিল। আৰু ঘৰলৈ যোৱা প্ৰসংগত কৈছিল।

Type: Pallab Jyoti Bora

Author: Geetanjali Bora