Class 10 Social Science MCQs Answer Chapter 1 | বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

১. ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক  অসমৰ সৈতে সংলগ্ন কৰি কি নামৰ এখন প্ৰদেশ গঠন কৰিছিল?

(ক) ‘পূৰ্ব বংগ আৰু অসম’

(খ) বংগদেশ

(গ) পশ্চিম বংগ

Answer: (ক) ‘পূৰ্ব বংগ আৰু অসম’

২. কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো ‘গৱৰ্ণৰ জেনেৰেল’ পদলৈ উন্নীত কৰিছিল।

(ক) ১৮৯৯

(খ) ১৭৭৩

(গ) ১৮৫৭

Answer: (খ) ১৭৭৩

৩. ‘অসম’ নামৰ প্ৰদেশখন কিমান খ্ৰীষ্টাব্দৰ কিমান তাৰিখে গঠন কৰা হৈছিল?

(ক) ১৮৫৭ খ্ৰীষ্টাব্দৰ ১২ ফেৰ্ব্ৰুৱাৰী

(খ) ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেৰ্ব্ৰুৱাৰী

(গ) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেৰ্ব্ৰুৱাৰী

Answer: (গ) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেৰ্ব্ৰুৱাৰী

৪. ৰিজলী পেপাৰ কিমান খ্ৰীষ্টাব্দৰ কিমান তাৰিখে প্ৰকাশ কৰিছিল?

(ক) ১৯০৩ খ্ৰীষ্টাব্দৰ ১ জুন তাৰিখে

(খ) ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে

(গ) ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেৰ্ব্ৰুৱাৰী

Answer: (খ) ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে

৫. বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোক কি বুলি জনা যায়?

(ক) ঐতিহাসিক ‘বংগ ভংগ’

(খ) ‘পুৰ্ব বংগ আৰু অসম’

(গ) পশ্চিমবংগ

Answer: (ক) ঐতিহাসিক ‘বংগ ভংগ’

৬. ঢাকা, চট্ৰগ্ৰাম আৰু ৰাজশাহী- এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল?

(ক) ১,০৬,৫৪০ বৰ্গমাইল

(খ) ১,০৭,৫৪০ বৰ্গমাইল

(গ) ১,০৫,৫৪০ বৰ্গমাইল

Answer: (ক) ১,০৬,৫৪০ বৰ্গমাইল

৭. ‘পূৰ্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান?

(ক) ৩১ নিযুত

(খ) ৫ কোটি ৪০ লাখ

(গ) ৩ কোটি ১০ লাখ

Answer: (গ) ৩ কোটি ১০ লাখ

৮. ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ ৰাজধানী কি?

(ক) ঢাকা

(খ) ৰাজশাহী

(গ) চট্টগ্ৰাম

Answer: (ক) ঢাকা

৯. বংগ বিভাজন পৰিকল্পনা কিমান খ্ৰীষ্টাব্দৰ কিমান তাৰিখে কাৰ্যকাৰী হ’ব?

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১ ছেপ্টেম্বৰ তাৰিখে

(খ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

(গ) ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰী তাৰিখে

Answer: (খ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

১০. প্ৰস্তাৱিত বংগদেশ বিভাজন বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা কিমান খ্ৰীষ্টাব্দৰ কিমান তাৰিখে অনুষ্ঠিত হৈছিল?

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৪ জুলাই তাৰিখে

(খ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

(গ) ১৯০৫ খ্ৰীষ্টাব্দৰ ২৩ জুলাই তাৰিখে

Answer: (ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৪ জুলাই তাৰিখে

১১. বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে কি দিৱস পালন কৰিছিল?

(ক) মেদাম মেপি দিৱস

(খ) জনতা দিৱস

(গ) জাতীয় শোক দিৱস

Answer: (গ) জাতীয় শোক দিৱস

১২. কি আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশত আছিল?

(ক) স্বদেশী আন্দলনৰ

(খ) লোন আন্দোলন

(গ) জাতীয় সাহিত্য আন্দলন

Answer: (ক) স্বদেশী আন্দলনৰ

১৩. স্বদেশী আন্দোলন কেই বছৰীয়া আছিল?

(ক) চাৰি বছৰীয়া

(খ) সাত বছৰীয়া

(গ) তিনি বছৰীয়া

Answer: (খ) সাত বছৰীয়া

১৪. স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা কেইটা গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব?

(ক) ২১ টা

(খ) ২৩ টা

(গ) ২৫টা

Answer: (খ) ২৩ টা

১৫.  বংগ জাতীয় মহাবিদ্য়ালয় কিমান চনৰ কিমান তাৰিখে স্থাপন কৰিছিল?

(ক) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে

(খ) ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে

(গ) ১৯০৬ চনৰ ১২ ডিচেম্বৰ তাৰিখে

Answer: (ক) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে

১৬. স্বদেশী আন্দলনৰ সময়খিনিত কেইখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?

(ক) ৫০০ খন

(খ) ২,০০০ খন

(গ) ৩,০০০ খন

Answer: (গ) ৩,০০০ খন

১৭. ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰটত ‘লক্ষী ভাণ্ডাৰ’ কিমান চনত প্ৰতিষ্টা কৰিছিল?

(ক) ১৯০৩ চনত

(খ) ১৯০৫ চনত

(গ) ১৯০৬ চনত

Answer: (ক) ১৯০৩ চনত

১৮. আব্দুল হালিম গজনবিয়ে লাল বজাৰত কি প্ৰতিষ্ঠা কৰিছিল?

(ক) ‘ইণ্ডিয়ান ষ্টোৰছ’

(খ) ‘লক্ষী ভাণ্ডাৰ’

(গ) ‘ইউনাইটেড বেংগল ষ্টোৰছ’

Answer: (গ) ‘ইউনাইটেড বেংগল ষ্টোৰছ’

১৯. জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা কিমান চনত গঢ়ি তুলিছিল?

(ক) ১৯০৭ চনত

(খ) ১৯০৫ চনত

(গ) ১৯০৬ চনত

Answer: (ক) ১৯০৭ চনত

২০. ১৯৯০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যলয় কৰলৈ স্থানান্তৰিত কৰা হয়।

(ক) বংগলৈ

(খ) ঢাকাৰলৈ

(গ) লক্ষ্ণৌলৈ

Answer: (গ) লক্ষ্ণৌলৈ