Class 10 Social Science MCQs Answer | Chapter 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

১. ঊনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত কি কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল?

(ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে

(খ) তাতা কোম্পানীয়ে

(গ) ইয়াৰে এটাওঁ নহয়।

Answer: (ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে

২. ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই কিমান চনত বিদ্ৰোহ ঘোষণা কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ভেঁটি কঁপাই তুলিছিল?

(ক) ১৮২৫ চনত

(খ) ১৮৩২ চনত

(গ) ১৮৫৭ চনত

Answer: (গ) ১৮৫৭ চনত

৩. ভাৰতীয় সৈন্যই যেতিয়া তেওঁলোকৰ বিভিন্ন দুৰ্দশাৰ পতিবাদত ১৮৫৭ চনৰ ১০ মে তাৰেখে ক’ত বিদ্ৰোহ ঘোষণা কৰিছিল?

(ক) ইষ্ট ইণ্ডিয়া কোম্পানীত

(খ) মিৰাটত

(গ) ইয়াৰে এটাওঁ নহয়

Answer: (খ) মিৰাটত

৪. বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক পুনৰ মোগল সম্ৰাট পাতি ব্ৰিটিছৰ শাসন কিমান দিনলৈ ভাৰতবৰ্ষত অৱসান ঘটাব বিচাৰিছিল?

(ক) আঁঠদিনলৈ

(খ) চিৰদিনলৈ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) চিৰদিনলৈ

৫. উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে কিমান চনৰ বিদ্ৰোহত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল।

(ক) ১৮৫৭ চনৰ

(খ) ১৮৮৫ চনৰ

(গ) ১৮২৫ চনৰ

Answer: (ক) ১৮৫৭ চনৰ

৬. উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ কেইটা ৰেজিমেণ্ট আছিল।

(ক) তিনিটা

(খ) দুটা

(গ) এটা

Answer: (খ) দুটা

৭. মণিৰাম বৰভাণ্ডাৰ বৰুৱাক কি নামেৰে জনপ্ৰিয় আছিল?

(ক) মণিৰাম বীৰ বৰুৱা

(খ) মণিৰাম বীৰসিংহ

(গ) মণিৰাম দেৱান

Answer: (গ) মণিৰাম দেৱান

৮. কলিকতাত মণিৰাম দেৱানে কি নামৰ এজন বাঙালী মুক্তিয়াৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল?

(ক) মণিৰাম বীৰসিংহ

(খ) মধুমল্লিক

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) মধুমল্লিক

৯. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনৰ কিমান তাৰিখে ফাঁচী দিয়া হৈছিল?

(ক) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত

(খ) ১৮৪৭ চনৰ ২৬ জানুৱাৰীত

(গ) ১৮৫০ চনৰ ১৫ আগষ্টত

Answer: (ক) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত

১০. মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ৰাজহুৱাকৈ ফাঁচী দিয়া হয়?

(ক) কলকতাত

(খ) যোৰহাট কৰাগাৰত

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) যোৰহাট কৰাগাৰত

১১. অসম দেশ কিমান চনত ব্ৰিটিছৰ অধীনলৈ গৈছিল?

(ক) ১৮২৬ চনত

(খ) ১৮২৮ চনত

(গ) ১৮৩৯ চনত

Answer: (ক) ১৮২৬ চনত

১২. ১৮৪৪ চনত মণিৰাম দেৱানে নিজেই চাহ বাগিচা ক’ত খুলিছিল?

(ক) শিৱসাগৰত

(খ) গুৱাহাটীত

(গ) যোৰহাটত

Answer: (গ) যোৰহাটত

১৩. আহোম ৰাজকোঁৱৰ কামেশ্বৰ সিংহৰ লগতে মণিৰাম দেৱানেও ব্ৰিটিছ চৰকাৰৰ পৰা কিমান টকাৰ পেঞ্চন ল’বলৈ অমান্তি হৈছিল?

(ক) ৫০০ টকাৰ

(খ) ১০০০ টকাৰ

(গ) ২০০০ টকাৰ

Answer: (খ) ১০০০ টকাৰ

১৪. কামেশ্বৰ সিংহৰ মৃত্যু কিমান চনত হৈছিল?

(ক) ১৮৪৫ চনত

(খ) ১৮৫১ চনত

(গ) ১৮৫৩ চনত

Answer: (খ) ১৮৫১ চনত

১৫. কলিকতা উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ মফট মিলচে কিমান চনত অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল?

(ক) ১৮৫৩ চনত

(খ) ১৮৫১ চনত

(গ) ১৮৪৫ চনত

Answer: (ক) ১৮৫৩ চনত

১৬.   ১৮৫৭-৫৮ চনত ঘাটি বাজেট কিমান মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাইছিল?

(ক) ১৬ মিলিয়ন

(খ) ১৫ মিলিয়ন

(গ) ১৪ মিলিয়ন

Answer: (গ) ১৪ মিলিয়ন

১৭. কিমান চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল?

(ক) ১৮৫৮ চনত

(খ) ১৮৬০ চনত

(গ) ১৮৬১ চনত

Answer: (গ) ১৮৬১ চনত

১৮. চৰকাৰে আফুখেতি বন্ধ কৰাৰ লগে লগে প্ৰায় কিমান কৃষকে বিভিন্ন অঞ্চলৰ পৰা আহি ৰাইজমেল অনুষ্ঠিত কৰিছিল?

(ক) প্ৰায় ১৫০০ কৃষকে

(খ) প্ৰায় ২০০০ কৃষকে

(গ) প্ৰায় ১০০০ কৃষকে

Answer: (ক) প্ৰায় ১৫০০ কৃষকে

১৯. চৰকাৰে আফুখেতি বন্ধ কৰাৰ লগে লগে বিভিন্ন অঞ্চলৰ পৰা অহা কৃষকে ক’ত ৰাইজমেল অনুষ্ঠিত কৰিছিল?

(ক) যোৰহাটত

(খ) শিৱসাগৰত

(গ) ফুলগুৰিত

Answer: (গ) ফুলগুৰিত

২০. কিমান চনৰ কিমান তাৰিখে কৃষক বিদ্ৰোহৰ আৰম্ভণি হৈছিল?

(ক) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰ তাৰিখে

(খ) ১৮৯২ চনৰ ২৪ ডিচেম্বৰ তাৰিখে

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) ১৮৯৩ চনৰ ২৪ ডিচেম্বৰ তাৰিখে