Class 10 Social Science MCQs Answer | Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

১. কিমান চনত প্ৰথম ইংগো-ব্ৰহ্মি যুদ্ধৰ অসম-পৰ্বৰ সূচনা আৰু সমাপ্তি ঘটে?

(ক) ১৮৫৭ চনত

(খ) ১৮২৫ চনত

(গ) ১৮২৬ চনত

Answer: (খ) ১৮২৫ চনত

২. ইংৰাজসকলে প্ৰবৰ্তন কৰা আধুনিক শিক্ষাই ভাৰতীয় সমাজক কেই ধৰণৰ প্ৰভাৱ পেলোৱা দেখা যায়?

(ক) তিনি ধৰণৰ

(খ) চাৰি ধৰণৰ

(গ) দুই ধৰণৰ

Answer: (গ) দুই ধৰণৰ

৩. কিমান শতিকাৰ শেষাৰ্দ্ধত ভাৰতৰ আন আন ঠাইৰ দৰে অসমতো সৰ্বসাধাৰণে ঔপনিৱেশিক শাসন-শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল?

(ক) ১৯ শতিকাৰ শেষাৰ্দ্ধত

(খ) ১৮ শতিকাৰ শেষাৰ্দ্ধত

(গ) ১৭ শতিকাৰ শেষাৰ্দ্ধত

Answer: (ক) ১৯ শতিকাৰ শেষাৰ্দ্ধত

৪. আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত কিমান চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল?

(ক) ১৮২৫ চনত

(খ) ১৮৫৭ চনত

(গ) ১৮২০ চনত

Answer: (খ) ১৮৫৭ চনত

৫. দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকণৰ নেতৃত্বত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ প্ৰথমটো সংগঠন ক’ত গঠন হৈছিল?

(ক) কলিকতাত

(খ) দিল্লীত

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) কলিকতাত

৬. দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকণৰ নেতৃত্বত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ প্ৰথমটো সংগঠন কিমান চনত গঠন হৈছিল?

(ক) ১৮২৫ চনত

(খ) ১৮৭৩ চনত

(গ) ১৮৭২ চনত

Answer: (গ) ১৮৭২ চনত

৭. ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ সংগঠনটো কিমান চনলৈকে সক্ৰিয় হৈ আছিল?

(ক) ১৮৮৫ চনলৈকে

(খ) ১৮৯০ চনলৈকে

(গ) ১৮৯৫ চনলৈকে

Answer: (ক) ১৮৮৫ চনলৈকে

৮. কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা গঠিত হৈছিল?

(ক) ১৮৮৫ চনত

(খ) ১৮৮৮ চনত

(গ) ১৮৮৯ চনত

Answer: (খ) ১৮৮৮ চনত

৯. ‘হেমকোষ’ প্ৰণেতা কোন আছিল?

(ক) হেমচন্দ্ৰ গোস্বামী

(খ) হেমচন্দ্ৰ আগৰৱালা

(গ) হেমচন্দ্ৰ বৰুৱা

Answer: (গ) হেমচন্দ্ৰ বৰুৱা

১০. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?

(ক) চন্দ্ৰ কুমাৰ আগৰৱালা

(খ) হেমচন্দ্ৰ বৰুৱা

(গ) হেমচন্দ্ৰ গোস্বামী

Answer: (ক) চন্দ্ৰ কুমাৰ আগৰৱালা

১১. কিমান চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল?

(ক) ১৮৮৮ চনত

(খ) ১৯১০ চনত

(গ) ১৯১৬ চনত

Answer: (গ) ১৯১৬ চনত

১২. কাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল?

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ

(খ) পদ্মনাথ গোহাঁইবৰুৱাৰ

(গ) ইয়াৰে এটাও নহয়।

Answer: (খ) পদ্মনাথ গোহাঁইবৰুৱাৰ

১৩. আহোম সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত কিমান চনত অনুষ্ঠিত হৈছিল?

(ক) ১৯৯৩ চনত

(খ) ১৯৯৪ চনত

(গ) ১৯৯৫ চনত

Answer: (ক) ১৯৯৩ চনত

১৪. ১৮৮৪ চনত কাৰ নেতৃত্বত যোৰহাট সাৰ্বজানিক সভা স্থাপিত হৈছিল?

(ক) পদ্মনাথ গোহাইবৰুৱাৰ

(খ) লক্ষ্মিনাথ বেজবৰুৱাৰ

(গ) জগন্নাথ বৰুৱাৰ

Answer: (গ) জগন্নাথ বৰুৱাৰ

১৫. অসমৰ সৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰিব বিচৰা প্ৰদেশখনক প্ৰথম অৱস্থাত কি নামেৰে নামাকৰণ কৰা হৈছিল?

(ক) ‘পূৰ্ব বংগ’

(খ) বংগ ভংগ

(গ) ইয়াৰে এটাও নহয়।

Answer: (ক) ‘পূৰ্ব বংগ’

১৬. কিমান খ্ৰীষ্টাব্দৰ কিমান তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

(খ) ১৯০৬ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

(গ) ১৯০৭ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

Answer: (ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে

১৭. অসহযোগ আন্দোলন জাতীয় কংগ্ৰেছৰ নেতৃত্বত কিমান চনৰ পৰা কিমান চনলৈ চলিছিল?

(ক) ১৯২০ চনৰ পৰা ১৯২৩ চনলৈ

(খ) ১৯২০ চনৰ পৰা ১৯২২ চনলৈ

(গ) ১৯২০ চনৰ পৰা ১৯২০ চনলৈ

Answer: (খ) ১৯২০ চনৰ পৰা ১৯২২ চনলৈ

১৮. অসম প্ৰদেশ কংগ্ৰেছ কমিটী কিমান চনত গঠন হৈছিল?

(ক) ১৯২৩ চনত

(খ) ১৯২২ চনত

(গ) ১৯২১ চনত

Answer: (গ) ১৯২১ চনত

১৯. মহাত্মা গান্ধীয়ে অসমত কিমান চনত আহিছিল?

(ক) ১৯২১ চনত

(খ) ২৯২২ চনত

(গ) ১৯২৩ চনত

Answer: (ক) ১৯২১ চনত

২০. সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কাক ফাঁচি দিয়া হৈছিল?

(ক) মণিৰাম দেৱানক

(খ) কুশল কোঁৱৰক

(গ) চন্দ্ৰ কুমাৰ আগৰৱালাক

Answer: (খ) কুশল কোঁৱৰক