Lesson 14 | Class 6 Mahapurush Shankerdev Answer Assam Jatiya Bidyalay | Class VI Mahapurush Shankerdev Notes And Solution | Class 6 Mahapurush Sankerdev Question And Answer Assam Jatiya Bidyalay | প্ৰথম অধ্যায় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱ উত্তৰ জাতিয় বিদ্যালয় | ষষ্ঠ শ্ৰেণীৰ মহাপুৰুষ শংকৰদেৱৰ চতুৰ্দশ অধ্যায় প্ৰশ্ন উত্তৰ অসম জাতিয় বিদ্যালয় কোন কোন ওলাইছিল ? তেওঁলোকে কি কি ঠাই চাইছিল ?

অনুশীলনীঃ-

১। কোচ ৰজাক ব্ৰাহ্মণসকলে শংকৰদেৱৰ বিৰুদ্ধে কোৱা কথাখিনি তোমাৰ ভাষাৰে লিখাঁ।

উত্তৰঃ- ব্ৰাহ্মনসকলে অতীজৰেপৰা যি নীতি-নিয়ম মানি আহিছিল সেই নীতি-নিয়মবোৰ শংকৰদেৱে নামানে। শংকৰদেৱে শ্ৰাদ্ধৰ বিধি নামানে আৰু তেখেতে ব্ৰাহ্মন নামানে, পূজা নকৰে। সকলো ধৰ্মৰ বাচ-বিচাৰ নকৰি সকলোকে একেলগে সামৰি লৈছে। সকলোৱে কেৱল ‘ভাগৱত’হে পঢ়ে। ‘ভাগৱত’ গ্ৰন্থখনো ভাঙনি কৰিছে নীহকুলীয়া মানুহবোৰে পঢ়িব পৰাকৈ। মুঠতে শংকৰদেৱে সমাজত ব্য়ভিচাৰ আনিছে। শংকৰদেৱৰ এনে কাৰ্যৰ ফলত দেশ, ৰজা, মন্ত্ৰী আদি সকলোৰে সৰ্বনাশ হ’ব।

২। ৰজাৰ মানুহে শংকৰদেৱৰ সলনি ধৰি অনা মানুহ দুজন কোন আছিল? তেওঁলোকক ৰজাৰ মানুহে কি কৰিলে ?

উত্তৰঃ- ৰজাৰ মানুহ শংকৰদেৱৰ সলনি গোকুলচান্দ আৰু নাৰায়ণ দাস নামৰ দুজন ভকতক ধৰি আনিলে। ৰজাৰ মানুহে দুয়োজনকে অনেক শাস্তি বিহিলে। ৰজাই দুয়োজনকে দুটা ঘোঁৰাৰ বিনিময়ত ‘ভোট’ নামৰ জাতি এটাৰ দুজন মানুহৰ ওচৰত বেছি দিলে। কিন্তু ভোট ৰাজ্য়ৰ সীমাত ভৰি থোৱাৰ লগে লগে ভোটকেইটাৰ গাত ক’ৰবাৰপৰা আহি চপৰা পৰা দেখি ভয়ত কোনোবা ‘দেও মনিচ’হে বুলি ভয় খাই পুনৰ তেওঁলোকক ওভতাই দিলে। 

৩। কোচ ৰজাই শংকৰদেৱক ধৰিবলৈ দ্বিতীয়বাৰ কি সংকল্প লৈছিল ? কোচ ৰজাৰ মুখৰ কথাখিনি নিজৰ কথাৰে লিখাঁ ।

উত্তৰঃ- যদি এইবাৰ শংকৰদেৱক ধৰিব পাৰে তেলেহলে তাৰ গাৰ চালেৰে ডবা চোৱাব। আৰু তেওঁ কৈছিল শংকৰদেৱৰ হাড়েৰে সেই ডবা বজাব। শংকৰদেৱক বিচাৰি নাপালে যাকে পায় তাকে ধৰি আনিবলৈ কোচ ৰজাই আদেশ দিছিল।

Type Sumit Patar

Author By- Himadree Bora

Post ID : DABP006642