উদ্ভিদৰ পৰিপুষ্টি | Lesson 1 | Class 7 Science Question and Answer Sankardev School | শংকৰদেৱ স্কুলৰ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

উদ্ভিদৰ পৰিপুষ্টি

পাঠ ১

A. জ্ঞানভিত্তিক প্ৰশ্ন

১। জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয়?

উত্তৰঃ জীৱই জীয়াই থকাৰ লগতে বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্য় গ্ৰহণ কৰাৰ প্ৰয়োজন।

২। কেৱল সেউজীয়া উদ্ভিদেহে খাদ্য প্ৰস্তুত কৰিব পাৰে কিয়?

উত্তৰঃ কেৱল সেউজীয়া উদ্ভিদৰ পাততহে হৰিৎকণা থাকে। এই হৰিৎকণাইহে খাদ্য় প্ৰস্তুত কৰিব পাৰে। সেয়েহে সেউজীয়া উদ্ভিদেহে খাদ্য় প্ৰস্তুত কৰিব পাৰে।

৩। পুনৰাৱৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ বা বেক্টেৰিয়াৰ কিবা অৱদান আছে নেকি?

উত্তৰঃ ভেকুঁৰে বস্তুসমূহক ভাঙিপুনৰ মাটিলৈ পৰিবৰ্তন কৰে। বস্তুবোৰ ভাঙি যোৱাৰ লগে লগে ভেকুঁৰে তাৰ পৰা মাটিলৈ কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন পঠিওৱাৰ ব্য়ৱস্থা কৰে। ই মাটিৰ উৰ্বৰতা শক্তি বঢ়োৱাৰ লগতে গছ-গছনিকো সুস্থ কৰি ৰাখে।

৪। পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে?

উত্তৰঃ পতংগভোজী উদ্ভিদসমূহে সালোক-সংশ্লেষণৰ জৰিয়তে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব নোৱাৰাৰ বাবে পতংগ ভক্ষণ কৰে।

B. চমু উত্তৰৰ প্ৰশ্নঃ

১। স্বপোষী উদ্ভিদ মানে কি বুজায়?

উত্তৰঃ যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু বৃদ্ধি আৰু বিকাশৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, সেইবোৰ উদ্ভিদকে স্বপোষী উদ্ভিদ বোলা হয়।

২। কোষবোৰ কি?

উত্তৰঃ কোষবোৰ হৈছে জীৱদেহৰ গঠনৰ একক। 

৩। ভেঁকুৰৰ জীৱন চক্ৰত ৰেণুৰ ভূমিকা সম্বন্ধে লিখা।

উত্তৰঃ ভেঁকুৰৰ সৃষ্টি হোৱাৰ আগতে ই মৃত বস্তুৰ ওপৰত প্ৰথমে ৰেণু হিচাপে থিতাপি লয়।

৪। লাইকেন বুলিলে কি বুজা?

উত্তৰঃ লাইকেন হৈছে ভেকুঁৰ আৰু শেলাইৰ সহজীৱিতা।

৫। ভেঁঁকুৰৰ পৰিপুষ্টি বেলেগ ধৰণৰ হয় কিয়?

উত্তৰঃ

C. দীঘল উত্তৰৰ প্ৰশ্নঃ

১। পৰ্থক্য লিখাঃ পৰজীৱী আৰু মৃতজীৱী।

উত্তৰঃ পৰজীৱী আৰু মৃতজীৱীৰ মাজত পাৰ্থক্য় হৈছে –

    পৰজীৱী জীৱসমূহে জীৱিত বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে মৃতজীৱী জীৱসমূহে মৃত জীৱৰ ওপৰত নিৰ্ভৰ কৰে।

২। পাতত স্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?

উত্তৰঃ দুটা টাবত একেধৰণৰ উদ্ভিদৰ দুটা পুলি ৰুই ৭২ ঘণ্টাৰ ইয়াৰে এজোপা আন্ধাৰত আৰু আনজোপা সূৰ্যৰ পোহৰত ৰখা হ’ল। ৭২ ঘণ্টাৰ পিছত দুইজোপা উদ্ভিদৰ পৰা দুটা পাত আনি তাত দুটোপালমান আয়’ডিন পেলাই দিয়া হ’ল। ইয়াৰে পোহৰত ৰখা পাতটো গাঢ় নীলা ৰঙৰ হৈ পৰিল আৰু আন্ধাৰত ৰখা পাতটোৰ বৰণৰ কোনো সলনি নহ’ল।

    যিটো পাতৰ ৰং গাঢ় নীলা হৈ গ’ল, সেই পাতটোত আয়’ডিন আছিল বুলি বুজিব পৰা গ’ল। 

৩। সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা দিয়া?

উত্তৰঃ উদ্ভিদে পাতত থকা পত্ৰহৰিৎৰ সহায়ত উদ্ভিদে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে। উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ সংগ্ৰহ কৰে। সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদে পাতৰ যোগেদি সালোক-সংশ্লেষণ প্ৰক্ৰিয়া সম্পন্ন কৰে।

৪। চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস।

উত্তৰঃ 

৫। মাটিৰ উৰ্বৰতা বা অত্যাৱশ্যকীয় মৌলবোৰ কিদৰে পুনঃপূৰণ কৰা হয়? 

উত্তৰঃ আমি উদ্ভিদসমূহ পুনৰ ৰোপন কৰি মাটিৰ উৰ্বৰতা বা অত্যাৱশ্যকীয় মৌলবোৰ পুনঃপূৰণ কৰিব পাৰো।

D. উত্তৰ লিখাঃ

১। কোষক আৱৰি থকা আৱৰণখনৰ নাম লিখা।

উত্তৰঃ কোষক আৱৰি থকা আৱৰণখনৰ নাম হৈছে – কোষাৱৰণ।

২। এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলিকা সদৃশ হয়।

উত্তৰঃ আকাশীলতা।

৩। এবিধ উদ্ভিদৰ নাম লিখা যিয়ে স্বপোষী, পৰপোষী বা উভয় ধৰণৰে পৰিপুষ্টি গ্ৰহণ কৰে।

উত্তৰঃ কলচী উদ্ভিদ।

৪। পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।

উত্তৰঃ পত্ৰহৰিৎ।

৫। সূৰ্যৰ পোহৰত উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰণালীটোৰে নাম লিখা।

উত্তৰঃ সালোক-সংশ্লেষণ।

E. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ

‘ক’ অংশ‘খ’ অংশ
(১) পত্ৰহৰিৎ(২) নাইট্ৰ’জেন(৩) অমৰ লতা(৪) প্ৰাণী(৫) মৃতজীৱী(৬) পোক-পতংগপাতবেক্টেৰিয়াপৰজীৱীপৰপোষী জীৱভেঁকুৰকলচী উদ্ভিদ

F. খালী ঠাই পূৰ কৰাঃ

(ক) সেউজীয়া উদ্ভিদক স্বপোষী বোলা হয়, যিহেতুুুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।

(খ) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ গ্লুক’জ হিচাপে  সঞ্চিত হৈ থাকে।

(গ) সালোক সংশ্লেষণত সৌৰশক্তি আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক পত্ৰহৰিৎ বোলা হয়। 

(ঘ) সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কাৰব্ন-ডাই-অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে। 

(ঙ) লাইকেনৰ দেহৰ গঠন  আৰু_______দ্বাৰা গঠিত।

(চ) কপৌফুল এবিধ সম্পূৰ্ণ পৰজীৱী উদ্ভিদৰ উদাহৰণ।

(ছ) প্ৰাণী এবিধ আংশিক পৰজীৱী।

(জ) কলচী উদ্ভিদৰ কলহটো ঠাৰি ৰ ৰূপান্তৰ।

G. শুদ্ব-অশুদ্ধ লিখাঃ

(ক) যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাক পৰপোষী বোলা হয়।

উত্তৰঃ অশুদ্ধ।

(খ) সালোক সংশ্লেষণত প্ৰ’টিনজাতীয় খাদ্য প্ৰস্তুত হয়।

উত্তৰঃ অশুদ্ধ।

(গ) সালোক সংশ্লেষণৰ সময়ত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) খেতি চপোৱাৰ পাছত মাটিডৰাত নাইট্ৰ’জেনৰ পৰিমান বাঢ়ে।

উত্তৰঃ শুদ্ধ।

(ঙ) অমৰলতা এবিধ স্বপোষী উদ্ভিদ।

উত্তৰঃ অশুদ্ধ।

I. শুদ্ধ-উওৰত চিন দিয়াঃ

১. অমৰলতা –

(i) স্বপোষী

(ii)পৰজীৱী

(iii) মৃতজীৱী

(iv) পোষকৰ উদাহৰণ

উত্তৰঃ পৰজীৱী।

২. এবিধ উদ্ভিদ যি পোক-পতংগক  খাদ্য হিচাপে গহণ কৰে।

(i) অমৰলতা

(ii) ৰঘুমলা

(iii) কলচী উদ্ভিদ

(iv) গোলাপ

উত্তৰঃ কলচী উদ্ভিদ।

৩। যাৰদ্বাৰা পাতে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে

(i) চুলি শিপা         (ii) পত্ৰৰন্ধ্ৰ

(iii) পাতৰ সিৰা    (iv) পত্ৰহৰিৎ 

উত্তৰঃ পত্ৰৰন্ধ।

৪। ভেঁকুৰ গজিব পৰা ঠাই–

(i) কেৱল আচাৰত     

(ii) গেলা-পচা অথবা মৃত বস্তুত

(iii) কাপোৰ বা চামৰাৰ সামগ্ৰীত   

(iv) ওপৰত উল্লেখ কৰা সকলোতে।

উত্তৰঃ ওপৰত উল্লেখিত সকলোতে।

-Hiru Moni Bora

Post ID :DABP005973