এছিড, ক্ষাৰক আৰু লৱণ | Class 10 General Science Question Paper | Class 10 General Science All Question | 2010 to 2020 All Class 10 Question in General Scince Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন | Class 10 General Science Book Question Bank |

এছিড, ক্ষাৰক আৰু লৱণ

অধ্য়ায়-২ 

A. অতি চমু প্রশ্নাৱলী ঃ মুল্যাংক : শুদ্ধ উত্তৰটো লিখা- 1. এটা দ্রৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়াকৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী খোলা কৰে। দ্রৱটোত থাকে— [HSLC’15, ’19] (a) NaCl (b) HCl (c) Lice (d) KCe

2. এটা দ্ৰবই ৰঙা লিটমাছ নীলা কৰে। [HSLC’16, 18] দ্রবটোৰ pH হ’ল— (a) I

(b)4

(c) 5 3. (d) 10

3. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ? [HSLC ’17] (a) এন্টিবায়’টিক (b) বেদনানাশক (c) অম্লনাশক (d) বীজানুবাৰক

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয় কিয়নো [HSLC ‘ 18](a) টিনতকৈ জিংক দামী

(b) জিংকৰ গলনাংক টিনতকৈ বেছি

(c) জিংক টিনতকৈ অধিক সক্রিয়

(d) জিংক টিনতকৈ কম সক্রিয়

5. যৌগ CaOCl, ৰ সাধাৰণ নামটো কি? [HSLC ‘ 18]

B.চমু প্রশ্নাৱলী মূল্যাংক : 2/3 1. pH কাক বোলে ? [HSLC ’15] 2. তোমাক A আৰু B দুটা দ্ৰৱ দিয়া হ’ল। A দ্রৱটোৰ pH ৰ মান 6 আৰু B দ্রৱটোৰ pH ৰ মান ৪। কোনটো হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় দ্ৰৱ ? [HSLC 15]

3. প্লাষ্টাৰ অৱ পেৰিছ কি? ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা । ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ? [HSLC ’15]
4। কঠিন পানীক কোমল (মৃদু) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ছ’ডিয়ামৰ যৌগটোৰ নাম লিখা। [HSLC’16]

5. তোমাৰ দুটা দ্ৰৱ A আৰু B দিয়া হ’ল। দ্ৰৱ A ৰ pH 3 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’ব? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয় ? [HSLC ’17]

6. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুওৱালৈ এটা ৰাসায়নিক সমীকৰণ লিখা । [HSLC’17] 7. বেকিং ছডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ? ৰাসায়নিক সমীকৰণ লিখা । [HSLC ’18]

8. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। [HSLC’19] 9. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্রৱসমূহ কিদৰে চিনাক্ত কৰিবা ? [HSLC ’19]
10. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি। কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ? [HSLC ’20]

11. এটা বিকাৰত অলপমান ক’পাৰ অক্সাইড লোৱা । বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা। [HSLC 20] (i) দ্রৱটোৰ ৰঙটো কি? (ii) ক’পাৰ অক্সাইডত কি ঘটিছে? (iii) ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা । 12. ব্রাইন কাক বোলে ? এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে কি পদার্থ উৎপন্ন হয়? ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো লিখা । [HSLC 20]

Type By- Bikul Mandal