নৃতত্ত্ব পৰিচয় আৰু পটভূমি | প্ৰথম অধ্যায় | Chapter 1 | Class 11 Anthropology Question Answer | HS 1st Year Anthropology Question Answer | Class 11 Anthropology Notes | Higher Secondary First Year Anthropology Suggestion |

অনুশীলনী ঃ

১) ‘এন্থ্ৰ’প’ছ’ মানে কি ?

উত্তৰঃ  নৃত্বত্ত্বক ইংৰাজী ভাষাত এন্থ্ৰ’প’ল’জি বুলি কোৱা হয়। এন্থ্ৰ’প’ল’জি দুটা গ্ৰীক শব্দ  ‘এন্থ্ৰ’প’ছ বা মানুহ লগচ্ বা বিজ্ঞান সংযোজন হৈ উৎপত্তি হৈছে।

২)  ‘এন্থ্ৰ’প’ল’জি’ শব্দটো কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ ‘এন্থ্ৰ’প’ল’জি শব্দটো গ্ৰীচৰ দাৰ্শনিক পণ্ডিত এৰিষ্টট্লে উদ্ভাৱন কৰিছিল।

৩) ‘নৃতত্ত্ব’ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ ‘নৃতত্ত্ব’ শব্দৰ অৰ্থ  হৈছে   দুটা শব্দৰ সমাহাৰেৰে নৃতত্ত্ব শব্দটো সৃষ্টি হৈছে। অৰ্থাৎ ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। নৃতত্ত্ব মানে হ’ল মানৱ বিজ্ঞান। 

৪) বিৱৰ্তন তত্ত্ব সম্বন্ধে চাৰ্লচ ডাৰউইনে লিখা কিতাপ দুখনৰ নাম কি কি ? 

উত্তৰঃ বিৱৰ্তন তত্ত্ব সম্বন্ধে চাৰ্লচ চাৰউইনে লিখা কিতাপ দুখনৰ নাম হ’ল- ‘ The Origin of Species ‘ আৰু ‘ Descent of Man ‘ ।

৫) নৃতত্ত্বৰ প্ৰধান ভাগ দুটা কি কি ? 

উত্তৰঃ নৃতত্ত্বৰ প্ৰধান ভাগ দুটা হ’ল – আবয়বিক নতত্ত্ব আৰু সাংস্কৃতিক নৃতত্ত্ব। 

৬) নৃতত্ত্ব বুলিলে কি বুজা ?

উত্তৰঃ নৃতত্ত্ব শব্দটো দুটা শব্দৰে গঠিত-  ‘নৃ’ আৰু ‘তত্ত্ব’। ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। গতিকে আমি ক’ব পাৰো যে মানুহৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নেই হ’ল নৃতত্ত্ব।

আকৌ মানুহে সদায় সমাজ পাতি বাস কৰে আৰু জীৱৰ ভিতৰত মানুহেই একমাত্ৰ সংস্কৃতিসম্পন্ন প্ৰাণী। গতিকে মানৱক কেন্দ্ৰ কৰি মানৱৰ আৱয়ৱিক, সামাজিক, সাংস্কৃতিক ঐতিহাসিক, ভৌগোলিক প্ৰমুখ্যে সকলো দিশ সম্বন্ধে প্ৰণালীবদ্ধ অধ্যয়নেই হ’ল নৃতত্ত্ব।  

৭) নৃতত্ত্ব পৰিসৰ সম্বন্ধে আলোচনা কৰা ।

উত্তৰঃমানৱ সম্বন্ধে সকলো দিশ খৰচি মাৰি অধ্যয়ন কৰাটোৱেই নৃতত্ত্বৰ মূল লক্ষ্য। সেয়েহে ইয়াৰ পৰিসৰ বৰ বিস্তৃত। নৃতত্ত্বই জীৱজগতৰ অংশ বিশেষ স্বৰূপে মানুহৰ জৈৱিক অৱস্থিতি, ক্ৰমবিকাশ, কৰ্ম পৰিবৰ্তন, বিৰ্ৱতণ, প্ৰাণী জগতত মানুহৰ স্থান, আনুবংশিক গুণসমূহৰ লগতে প্ৰজনন আৰু আধুনিক যোগৰ মানৱকৃতি, প্ৰকৃতিবিশিষ্ট ইতি বৃতান্তৰ অধ্যায়ন কৰে। ইয়াৰ উপৰিও নৃতত্ত্বই মানুহে কিদৰে সমাজ পাতি থাকিবলৈ শিকিলে, কিদৰে ভাষা জ্ঞানৰ উদয় হ’ল, কেনেকৈ মানুহৰ মাজত সংস্কৃতি গঢ় লৈ উঠিলে, কালৰ গতিত আৰু চেষ্টাত কেনেদৰে সংস্কৃতি কৰ্মবিকাশ, পৰিৰ্ৱতন তথা পৰিবধৰ ফলত ৰূপ আধুনিক যুগৰ অৱস্থাত উপনিত হ’লে তাৰ বিষয়ে অধ্যয়ন কৰে।  

নৃতত্ত্বৰ বিষয়বস্তুক প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি।যেনে-

 (১) আৱয়ৱিক নৃতত্ত্ব

 (২) সাংস্কৃতিক নৃতত্ত্ব। 

    (১) আৱয়ৱিক নৃতত্ত্বঃ আৱয়ৱিক নৃতত্ত্বত মানুহৰ জীৱজগতত কি স্থান সেইটো উলিয়াবলৈ মানুহৰ নিকটৱৰ্তী অন্যান্য স্তন্যপায়ী জীৱ যেনে- বান্দৰ, বনমানুহ আদিৰ দেহতত্ত্বৰ অধ্যয়ন কৰা হয়, যাক প্ৰাইমেটতত্ত্ব বােলে। মানুহৰ এটা সুকীয়া জৈৱিক গােষ্ঠী হিচাপে লৈ মানুহৰ উৎপত্তি, বিৱৰ্তন, শাৰীৰিক গঠন, আৱয়ৱিক লক্ষণ আদি বিভিন্ন দিশবােৰ অধ্যয়ন কৰা হয় আৰু তাক নৃজীৱতত্ত্ব বোলে। আৱয়ৱিক নৃতত্ত্ব পৃথিৱীৰ বিভিন্ন মানুহৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য অধ্যয়ন কৰি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয়। তাকেই প্ৰজাতিতত্ত্ব বোলে। 

    (২) সাংস্কৃতিক নৃতত্ত্বঃ সাংস্কৃতিক নৃতত্ত্বত  মানুহৰ জন্মলগ্নৰে পৰা এতিয়ালৈকে বিভিন্ন সময়ত পৃথিৱীৰ ঠাইত বসবাস কৰা লোকৰসকলৰ সংস্কৃতি প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰা হয়। মানুহে কেতিয়া আৰু কিদৰে সমাজ পাতি থাকিবলৈ ল’লে, কিদৰে মানুহৰ ভাষা জ্ঞানৰ উদয় হ’ল, কিদৰে হাতেৰে সা-সঁজুলি তৈয়াৰ কৰিবলৈ শিকিলে আৰু এইবোৰ তৈয়াৰ কৰাত কি কি সামগ্ৰী ব্যৱহাৰ কৰিলে, কেনেকৈ জীৱন প্ৰৱৰ্তন কৰিবলৈ ধৰিলে আৰু কালৰ গতিত সংস্কৃতিয়ে কেনেকৈ বৰ্তমান অৱস্থাত উপনীত হ’ল ইত্যাদি বিষয়সমূহৰ অধ্যয়ন সাংস্কৃতিক নৃতত্ত্বত অন্তৰ্গত। এই অধ্যয়নৰ প্ৰত্যেকটো মানৱগোষ্ঠীৰেই অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, ধৰ্ম, কলা, ভাষা আদি সকলো বিষয়েই সামৰি লোৱা হয়।  

নৃতত্ত্ব অধ্যয়নৰ পৰা পোৱা জ্ঞানসমূহ মানৱ সমাজৰ উন্নতিৰ হকে দুই ধৰণে প্ৰায়োগ কৰিব পৰা যায়। প্ৰয়োগিক নৃতত্ত্বই কোনো এটা কাম কেনেদৰে কৰিলে ভাল হ’ব সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়। আনহাতে, ক্ৰিয়া  নৃতত্ত্বই সমাজৰ কোনো পৰিৱৰ্তনৰ ফলত উদ্ভৱ হােৱা প্ৰতিকূল সমস্যা সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায়।   

৮) ‘নৃতত্ত্ব শব্দটোৰ বৃতপত্তি সংক্ৰান্ত শব্দৰ অৰ্থ লিখা । 

উত্তৰঃ ‘নৃতত্ত্ব’ শব্দটো দুটা শব্দৰ সংযোজত সৃষ্টি হৈছে। ‘নৃ’ আৰু ‘তত্ত্ব’।   অৰ্থাৎ ‘নৃ’ শব্দৰ অৰ্থ হৈছে মানুহ আৰু ‘তত্ত্ব’ শব্দৰ অৰ্থ হৈছে বিজ্ঞান। সেয়েহে নৃতত্ত্ব বুৎপত্তি সংক্ৰান্ত শব্দ অৰ্থ হ’ল মানৱ বিজ্ঞান।

৯) ‘নৃতত্ত্ব’মানে হল মানৱ বিজ্ঞান’। এই উক্তিৰ পৰা তুমি কি বুজা ? 

উত্তৰঃমানৱৰ বিষয়ে কৰা বৈজ্ঞানিক অধ্যয়নেই হ’ল নৃতত্ত্ব । নৃতত্ত্বত মানৱ বুলিলে সমগ্র মানৱ গোষ্ঠীক বুজোৱা হয় । নৃতত্ত্বত মানুহৰ লগত জড়িত সকলো দিশেই অধ্যয়ন কৰা হয় । মানৱ যিহেতু জীৱজগতৰ আটাইতকৈ উন্নত আৰু একমাত্র সংস্কৃতিসম্পন্ন প্রাণী , সেয়েহে মানৱ বোলোতেই ইয়াৰ দুটা প্ৰধান দিশ আমাৰ মনলৈ আহে- এটা হ’ল আৱয়ৱিক দিশ আৰু আনটো হ’ল সাংস্কৃতিক দিশ । ।

    পৃথিৱীত বহু মানুহে বসবাস কৰে, তেওঁলোকৰ দৈহিক লক্ষণবোৰ বিচিত্ৰ। সেইদৰে তেওঁলোকৰ জীৱনধাৰাও বৈচিত্রময় ৷ মানৱৰ জন্মলগ্নৰে পৰা পৃথিৱীত মানৱগোষ্ঠীৰ বিৱৰ্তন, জীৱজগতৰ নিকটৱৰ্তী প্রাণীসমূহৰ লগত সাদৃশ্যতা, মানৱগোষ্ঠী মাজত আকৃতিগত বিভিন্নতা, জাতিগত বৈসাদৃশ্য, এই সকলোবোৰ আৱয়ৱিক নৃতত্ত্বত অধ্যয়ন কৰা হয় । তাৰোপৰি পাৰিপাৰ্শ্বিক অৱস্থা আৰু আনুবংশিক লক্ষণসমূহৰ দ্বাৰা কেনেকৈ মানৱৰ সাদৃশ্য আৰু বিভিন্নতাৰ সৃষ্টি হয় এইবোৰো আৱয়ৱিক নৃতত্ত্বত অধ্যয়ন কৰা হয় । 

জীৱজগতত মানুহে একমাত্র সংস্কৃতিসম্পন্ন প্রাণী । মানৱে উন্নত মগজুৰ সহায়ত জীৱনৰ বিভিন্ন চাহিদা পূৰণ কৰিবলৈ বিভিন্ন কার্য সম্পাদক কৰে । সাংস্কৃতিক নৃতত্ত্বই মানৱৰ এই দিশৰ অধ্যয়ন কৰে । কিদৰে মানৱ সমাজৰ সৃষ্টি হ’ল, কেনেকৈ ভাষাৰ উদ্ভৱ হ’ল, কিদৰে মানুহে বিভিন্ন সামগ্ৰীৰে সা-সঁজুলি তৈয়াৰ কৰিবলৈ ল’লে আৰু কালৰ গতিত সংস্কৃতিয়ে বৰ্তমান অৱস্থাত কেনেকৈ উপনীত হ’ল ইত্যাদিবোৰ সাংস্কৃতিক নৃতত্ত্বত অধ্যয়ন কৰা হয় । তদুপৰি বিভিন্ন মানৱগোষ্ঠীৰ মাজৰ সাংস্কৃতিক বিভিন্নতাও অধ্যয়ন কৰা হয় ।

১০)’নৃতত্ত্ব’ৰ বিভিন্ন শাখা-উপশাখাসমূহ উল্লেখ কৰা। 

উত্তৰঃ নৃতত্ত্বৰ প্ৰধান শাখা দুটা ভাগত ভাগ কৰ্ব পাৰি – (i) আবয়বিক নৃতত্ত্ব আৰু (ii) সাংস্কৃতি নৃতত্ত্ব।

 ইহঁতৰ দুয়োটাৰে বিভিন্ন কেইবাটাকৈ উপশাখা আছে।

আৱয়বিক নৃতত্ত্বৰ উপশাখাসমূহ  হ’ল-

(i) নৃ-জীৱতত্ত্ব ।

(ii) মানৱ আনুবংশিক বিজ্ঞান। 

(iii) প্ৰজাতিতত্ত্ব।

(iv) মানৱ বিৰ্বতন। 

সাংস্কৃতিৰ নৃতত্ত্বৰ উপশাখাসমূহ হ’ল-

(i) সামাজিক নৃতত্ত্ব।

(ii) প্ৰাগৈতিহাসিক নৃতত্ত্ব বা প্ৰাগৈতিহাসিক প্ৰত্নতত্ত্ব।

(iii) নৃ-গোষ্ঠীতত্ত্ব।

(iv) নৃ-গোষ্ঠীয় ভাষাতত্ত্ব।

দুয়োটা শাখাৰে প্ৰয়োগিক দিশটো দুটা ভাগত ভাগ কৰিব পাৰি যেনে-

(i) প্ৰায়োগিক নৃতত্ত্ব।

(ii) ক্ৰিয়া নৃতত্ত্ব।

১২) ‘নৃতত্ত্ব’ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ 

১৩) হাৰস্ক’ভিটচে আগবঢ়োৱা নৃতত্বৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ হাৰস্ক’ভিটৰৰ মতে, নৃতত্ত্বৰ সংজ্ঞা হ’ল ” নৃতত্ত্ব হ’ল মানুহ আৰু তেওঁৰ কাৰ্য্য সমূহৰ অধ্যয়ন “।

১৪) বিলচ্ আৰু হোইজাৰে আগবঢ়োৱা নৃতত্ত্বৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ বিলচ্ আৰু হোইজাৰৰ মতে, নৃতত্ত্বৰ সংজ্ঞা হ’ল “নৃতত্ত্ব অতীত আৰু বৰ্তমান বৰ্তি থকা সকলো মানৱগোষ্ঠী আৰু তেওঁলোকৰ বিভিন্ন কৰ্ম আৰু কাৰ্যাৱলীৰ লগত সংশ্লিষ্ট”।

১৫) এ, এল ক্ৰোবাৰে আগবঢ়োৱা নৃতত্ত্বৰ সংজ্ঞাটো লিখা । 

উত্তৰ : এ,এল, ক্ৰোবাৰৰ মতে, নৃতত্ত্বৰ সংজ্ঞা হ’ল নৃতত্ত্বক মানুহ, তেওঁক কৰ্ম আৰু আচৰণৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান বুলি উল্লেখ কৰিছে।  

১৬) নৃতত্ত্বৰ শাখাসমূহৰ পাৰস্পৰিক সম্বন্ধৰ বিষয়ে লিখা ।

উত্তৰঃ নৃতত্ত্ব শাখাসমূহৰ স্পৰস্পৰৰ মাজত থকা সম্বন্ধ অধি গাঢ়। এটা শাখা বাদ দি আনটো শাখা অধ্যয়ন সম্পূৰ্ণ নহয়। আবয়বিক নৃতত্ত্বৰ লগত সাংস্কৃতি নৃতত্ত্ব আৰু প্ৰাগৈতিহাসিক নৃতত্ত্বৰ অন্তনিহীত সম্বন্ধ আছে। সাংস্কৃতি নৃতত্ত্ব মানুহৰ সামাজিক অনুস্থান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি বিষয়বোৰ অধ্যায়ন কৰা হয়। মানুহৰ সমাজ সংস্কৃতি বাদ দি আবয়বিক নৃতত্ত্ব অধ্যয়ন সম্পূৰ্ণ নহয়। কোনো এটা আনুবংশিক জনসমষ্টি মাত্ৰ আৱয়বিক বৈশিষ্ট্য তথ্য পাতি সংগ্ৰহ কৰিয়ে জনসমষ্টি বিষয়ে আৱয়বিক নৃতাত্ত্বিক দৃষ্টি ভংগিৰে অধ্যায়ন কৰিব পৰা নাযায়। সেই জনসমষ্টিটোক বিভিন্ন দিশ যেনে- জীৱন ধাৰণৰ উপায়, আচাৰ-ব্যৱহাৰ, সংস্কৃতি, দৈনন্দিন জীৱনত সংস্কৃতিক প্ৰভাৱ আদি বিষয়ো জানিব লাগে। আৱয়াবিক নৃতাত্ত্বিক সকলে মানুহে জৈৱিক বৈশিষ্ট্যসমূহ তুলনামূলক অধ্যয়ন কৰোতে সদায় প্ৰাকৃতিক, সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখে। ঠিক তেনেদৰে সাংস্কৃতিক নৃতাত্ত্বিক সকলেও কোনো জনসমষ্টি সংস্কৃতি অধ্যয়ন কৰোতে মানুহৰ আৱয়ৱিক দিশটো বিষয়ও অধ্যয়ন কৰিব লগা হয়। মানুহৰ শাৰীৰিক ক্ষমতা আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি সংস্কৃতিয়ে গঢ় লৈ উঠে।   

     আৱয়ৱিক নৃতত্ত্ব আৰু সাংস্কৃতিক নৃতত্ত্ব লগত প্ৰাগৈতিহাসিক নৃতত্ত্ব গাঢ়ৰ সম্বন্ধ আছে। প্ৰাগৈতিহাসিক যুগত কোনে নথকাৰ বা প্ৰাগৈতিহাসিক যুগত মানুহৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ,  আইন-কানুন, আদি জানিবৰ বাবে প্ৰাগৈতিহাসিক নৃতাত্ত্বিক সকলে সামাজিক সাংস্কৃতিক নৃতত্ত্ব সহায় ল’ব লগা হ’ল। একেদৰে মানৱ সমাজ সংস্কৃতিৰ বিকাশ আৰু বিৱৰ্তনৰ বিষয়ে অধ্যায়ন কৰোতে সাংস্কৃতিক নৃতত্ত্বই প্ৰাগৈতিহাসিক নৃতত্ত্বৰ সহায় লয়। মানুহৰ জৈৱিক বিৱৰ্তন অধ্যায়ন কৰাৰ ক্ষেত্ৰত আৱয়ৱিক নৃতত্ত্বই প্ৰাগৈতিহাসিক নৃত্ত্বাতিক সকলে বিভিন্ন খনন কাৰ্যত উদ্ধাৰ কৰা জীৱাশ্মসমূহৰ ওপৰত নিৰ্ভয় কৰে। জীৱাশ্মসমূহৰ কাল কৰ্মনিকা নিৰ্ণয় কৰা ক্ষেত্ৰটো আৱয়ৱিক নৃতাত্ত্বিক সকলে প্ৰাগৈতিহাসিক নৃতাত্ত্বিক সকলেও প্ৰাগৈতিহাসিক সংস্কৃতিসমূহ গঢ়ি তোলা মানুহ বিলাকৰ বিষয় জানিবলৈ আৱয়ৱিক নৃতত্ত্বৰ ওপৰত নিৰ্ভয় কৰে।   

১৭) নৃতত্ত্ব আৰু অন্যান্য বিজ্ঞান সম্বন্ধৰ বিষয়ে লিখা ।

উত্তৰঃ আজিকালি নৃতত্ত্ব বিষয়টোৰ অধ্যয়ন আন সকলো বিজ্ঞান বিষয়সমূহ বহল পৰিসৰৰ যিহেতু ই আন সকলো বিষয়তকৈ বেছি সমস্যা সমাধানৰ ক্ষেত্ৰত জড়িত হৈ পৰে । প্রাকৃতিক আৰু সামাজিক বিজ্ঞানৰ পৰা আহৰণ কৰা বিভিন্ন পদ্ধতি আৰু প্রক্রিয়াসমূহ নৃতত্ত্বত ব্যৱহাৰ কৰা হয় । প্রাকৃতিক বিজ্ঞান যেনে- জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, শৰীৰ বিজ্ঞান, শৰীৰতত্ত্ব বিজ্ঞান, ভূ – বিজ্ঞান, ৰসায়ন বিজ্ঞান আদিৰ লগত আৱয়ৱিক নৃতত্ত্বৰ ওতঃপ্রোত সম্বন্ধ আছে। তেনেদৰেই সামাজিক বিজ্ঞান যেনে সমাজবিজ্ঞান, মনোবিজ্ঞান, মানৱ ভূগোল, অর্থনৈতিক বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ইতিহাস। ইত্যাদি আটাইবোৰ বিষয়ৰ লগতে নৃতত্ত্বৰ যোগাযোগ অতিকে প্রয়োজন। সাংস্কৃতিক নৃতত্ত্ব অধ্যয়নৰ ক্ষেত্ৰত মানৱ ভূগোল, অর্থনৈতিক বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ইতিহাস আদি বিশেষ সহায়ক হয় । প্রাক্-ঐতিহাসিক অধ্যয়নৰ ক্ষেত্ৰত পুৰাতত্ত্ব, ভূতত্ত্ব আদি বিষয়ৰ জ্ঞান অতি আৱশ্যকীয় ৷ জীৱাশ্মা বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান আদিৰ জ্ঞান প্ৰাক্ – ঐতিহাসিক যুগৰ সমলসমূহৰ কাল নির্ণয় কৰাত , ঠাইসমূহ খনন কৰা পাছত তাৰ কাল নির্ণয় , বিশ্লেষণ আদিত অতি আৱশ্যক হয়। ঠিক তেনেদৰে সামাজিক নৃতত্ত্ব আৰু সমাজতত্ত্বৰ মাজত সুক্ষ্ম প্রভেদহে দেখা যায়।

Type: Bipasha kakati 

Author: Himashree Bora.