স্বাধীনতা | Lesson 2 | AHSEC HS 1st Year Political Science Solution | Class 11 Political Science Lesson 2 Question and Answer Assamese Medium | একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ ৰাজনৈতিক তত্ত্বৰ পৰিচয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

স্বাধীনতা

১।  স্বাধীনতাৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ সম্পূৰ্ণ সহজ আৰু সৰল অৰ্থত স্বাধীনতা মানে বাধাহীনতা বা বাহ্যিক নিয়ন্ত্ৰণৰ অনুপস্থিতি। মুক্তভাৱে  ভাৱপ্ৰকাশ, কৰ্ম দক্ষতা  বৃদ্ধি,  অন্তনিৰ্হিত গুণৰ বিকাশ আৰু উৎকৰ্ষ সাধন ৰ দিশ আদি স্বাধীনতাই সামৰি লয়। স্বাধীনতাৰ ইংৰাজী প্ৰতিশব্দ  ‘ফ্ৰীডম’ শব্দটো ল্যাটিন ভাষাৰ ‘লাইবাৰ’ৰ পৰা উদ্ভৱ হৈছে। লাইবাৰ’ৰ অৰ্থ হৈছে স্বাধীন অৰ্থাৎ বাধা নিষেধ প্ৰতিবন্ধক আদিৰ পৰা নিৰংকুশ মুক্তি বা সম্পূৰ্ণ স্বাধীনতা। স্বাধীনতাৰ সন্দৰ্ভত বিভিন্নজন ৰাজনীতিবিদে বিভিন্ন ধৰণে মতপোষণ কৰিছে।

চিলিৰ মতে – “স্বতন্ত্ৰতা অতিৰিক্ত শাসনৰ বিৰোধী বস্তু”।

মহিত্মা গান্ধীৰ মতে,  “স্বতন্ত্ৰতাই বাধাৰ অভাৱ নুবুজায়, কিন্তু ই ব্যক্তিত্বৰ উৎকৰ্ষ সাধনত হে নিহিত হৈ থাকে”।

ম্যাককনি ৰ ভাষাত, “সকলো বাধাৰ অভাৱেই স্বতন্ত্ৰতা নহয়, বৰঞ্চ অযুক্তিসংগত (বাধা) বোৰৰ সলনি যুক্তি সংগতবোৰ ব্যৱহাৰ কৰাটোহে”।

২।  স্বাধীনতাৰ আদৰ্শৰ অৰ্থ উদাহৰণসহ বহলাই ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতা বা স্বতন্ত্ৰতা ৰাজনীতি বিজ্ঞানৰ অন্যতম আলোচিত ধাৰণা। স্বতন্ত্ৰতা হ’ল এনে এক আদৰ্শ যাৰ বাবে হাজাৰ হাজাৰ লোকে বলিদান দি আহিছ।  সম্পূৰ্ণ সহজ আৰু সৰল অৰ্থত স্বাধীনতা মানে বাধাহীনতা বা বাহ্যিক নিয়ন্ত্ৰণৰ অনুপস্থিতি। মুক্তভাৱে  ভাৱপ্ৰকাশ, কৰ্ম দক্ষতা  বৃদ্ধি,  অন্তনিৰ্হিত গুণৰ বিকাশ আৰু উৎকৰ্ষ সাধন ৰ দিশ আদি স্বাধীনতাই সামৰি লয়বিভিন্ন সময়ত ব্যক্তিগত অথবা সমূহীয়াভাৱে মানুহে স্বাধীনতাৰ দাবীত ওলাই অহাৰ উদাহৰণ আছে। ফৰাছী চিন্তাবিদ ৰুছোই প্ৰথমবাৰৰ বাবে স্বাধীনতা মানৱ জাতিৰ একমৌলিক অধিকাৰৰূপে যুক্তি প্ৰদৰ্শন কৰিছিল। ১৭৭৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতাৰ ঘোষণাপত্ৰত জীৱন, স্বতন্ত্ৰতা আৰু সুখৰ সন্ধানক মানুহৰ ঈশ্বৰপ্ৰদত্ত অৱিচ্ছেদ্য অধিকাৰ হিচাপে গণ্য হৈছিল। একেদৰ ১৭৮৯ চনতৰ মানুহ আৰু নাগৰিকৰ অধিকাৰৰ ফৰাছী ঘোষণাপত্ৰই মত প্ৰকাশ কৰিছিল যে “মানুহে মুক্তভাৱে জন্মগ্ৰহণ কৰে আৰু মুক্ত হৈ থাকে আৰু সম অধিকাৰ লাভ কৰে” আৰু “প্ৰতিটো ৰাজনৈতিক সংগঠনৰ লক্ষ্য হ’ল মানুহৰ প্ৰাকৃতিক আৰু অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা। এই অধিকাৰসমূহ হ’ল স্বতন্ত্ৰতা, সম্পত্তি, নিৰাপত্তা আৰু অত্যাচাৰৰ প্ৰতি বাধা প্ৰদান “। স্বতন্ত্ৰতাৰ আদৰ্শ বিষয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত উচ্চাৰিত হৈ আহিছে। মহাত্মা গান্ধী, নেলছন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং, আং ছান ছ্যু কী আদি ব্যক্তিসকলে স্বদেশ আৰু স্বজাতিৰ স্বাধীনতাৰ বাবে বিভিন্ন সময়ত যুঁজ দিছে। এইসকল লোক স্বাধীনতাৰ আদৰ্শৰ প্ৰতিমূৰ্তি। এইসকল ব্যক্তিৰ শেষ লক্ষ্য হ’ল বিশ্ব মানৱৰ স্বতন্ত্ৰতাৰ পটভূমি নিৰ্মাণ কৰা। এনেদৰেই স্বাধীনতাৰ আদৰ্শ সমূহ পুৰণৰ বাবে মহান ব্যক্তিসকলে আপ্ৰাণ চেষ্টা কৰি আহিছে।

৩।  স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ উৎসসমূহ আৰু সেইবোৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ উৎসসমূহ হ’ল – ব্যক্তিৰ বাবে স্বাধীনতা যিমানে কাম্য নহওক কিয় স্বাধীনতাৰ ওপৰত বাধাৰ সৃষ্টি হ’ব পাৰে আৰু হয়ো। সাধাৰণতে,  বাহ্যিক নিয়ন্ত্ৰণ আৰু আভ্যন্তৰীণ ভাৱে বাধাহীন ক্ষমতাৰ প্ৰয়োগৰ ফলত স্বাধীনতা বিপন্ন হোৱা দেখা যায়। চৰকাৰে আইনৰ দ্বাৰা নিজৰ হাতত ক্ষমতা স্তূপীকৃত কৰি জনসাধাৰণৰ স্বাধীনতাত হস্তক্ষেপ কৰিব পাৰে। স্বাধীনতাৰ ওপৰত হস্তক্ষেপকাৰী চৰকাৰবোৰৰ ক্ষমতাৰ ভিত্তি হৈছে শক্তিৰ প্ৰয়োগ। তেনে শক্তি আইনৰ দ্বাৰা সমৰ্থিত হয়। সেইটোৱেই ঘটিছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য ভিত্তিক ঔপনিবেশিক শাসনৰ অধীনত আৰু প্ৰায় সকলোবোৰ একনায়কত্ববাদী চৰকাৰৰ অধীনত। সেয়ে গণতান্ত্ৰিক চৰকাৰক সুৰক্ষিত কৰাৰ এবিধ উপায় বুলি গণ্য কৰাৰ যথেষ্ট যুক্তি দেখা যায়। স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টিকাৰী  অন্য কেতবোৰ উপাদানো আছে। সেইবোৰৰ ভিতৰত জাতিভেদ প্ৰথা আৰু চৰম অৰ্থনৈতিক বৈষম্য বিশেষভাৱে উল্লেখনীয় ।

স্বাধীনতাৰ  প্ৰতিবন্ধকতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত  আলোচনা কৰা হ’ল-প্ৰতিবন্ধকতা বিহীন পৃথিৱী বাসপোযোগী হ’ব নোৱাৰে। বিভিন্ন মানুহৰ বিভিন্ন চিন্তা ধাৰণাৰ বাবে প্ৰতিবন্ধকতাৰ বিশেষভাৱে প্ৰয়োজন আহি পৰে। মানুহে অৱশ্যে মতৰ অমিলৰ ক্ষেত্ৰত উত্তেজিত নহৈ সহনশীল হ’ব পাৰিলে কাৰোৱেই স্বাধীনতা বাধাগ্ৰস্ত নোহোৱাকৈ থাকিব পাৰে । কিন্তু তেনে এখন সমাজ সৃষ্টিৰ বাবেও কেতবোৰ প্ৰতিবন্ধকতাৰ আৱশ্যক হ’ব পাৰে। তেনে ক্ষেত্ৰত প্ৰতিজনে সহিষ্ণুতাৰ ভাব লৈ আনৰ বিশ্বাস আৰু মতামতৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে মনক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে। সেই সত্ত্বেও মতবিৰোধৰ অন্ত নপৰিলে বা যুক্তি- যুক্ত আলোচনাৰ মাধ্যমত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে জোৰ পূৰ্বক নিজৰ মতামত আনৰ ওপৰত জাপি থিয়াৰ প্ৰয়াস নকৰি আইনী নাইবা ৰাজনৈতিক উপায়েৰে সিদ্ধান্ত কৰিব পৰা যায়। গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজৰ দ্বাৰা নিৰ্বাচিত 

প্ৰতিনিধিসকলে ৰাইজৰ হিতাৰ্থে প্ৰণয়ন কৰা আইনৰ জৰিয়তে সমাজ আৰু দেশৰ স্বাধীনতা অটুট ৰখাৰ প্ৰচেষ্টা অব্যাহত থাকে। তেনে ধৰণে কৰা সিদ্ধান্তৰ প্ৰতি সন্মান প্ৰদৰ্শন সকলোৰে কৰ্তব্য। যুক্তিপূৰ্ণ প্ৰতিবন্ধক মানি চলাৰ অভ্যাস গঠন সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ অভ্যাস।

৪।  স্বাধীনতাৰ ক্ষতিকাৰক তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ ক্ষতিকাৰক তত্ত্বটো সৃষ্টি কৰা ব্যক্তিজন হ’ল জন ষ্টুৱাৰ্ট মিল। তেওঁৰ মতে আত্মৰক্ষা আৰু অনিষ্টৰ পৰা ৰক্ষা কৰাৰ কাৰণেহে ব্যক্তিগত বা সামূহিকভাৱে সভ্য সম্প্ৰদায়ভুক্ত যিকোনো সংখ্যক ব্যক্তিৰ কাম কৰাৰ স্বাধীনতাৰ ওপৰত ন্যায়সংগতভাৱে হস্তক্ষেপ কৰিব পৰা যায়। স্বাধীনতা আৰু মৰ্যদাপূৰ্ণ জীৱনযাপন সকলো মানুহৰ অধিকাৰ আৰু কাম্য বুলি সুন্দৰভাৱে বিশ্বাস কৰা মিলে হস্তক্ষেপৰ প্ৰকাৰৰ ওপৰত ৰেখাপাত কৰিছে। তেওঁ কম অনিষ্টকাৰী আনৰ কামৰ বাবে লঘু ধৰণৰ হস্তক্ষেপৰ সপক্ষে মত প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে, একেটা অট্টালিকাৰ বিভিন্ন তলাত বাস কৰা কোনোবা পৰিয়ালত উচ্চ ধ্বনিৰ গান -বাজনা কৰিলে আন বাসিন্দাসকলৰ টৈপনিত ব্যাঘাত হ’ব পাৰে বা পঢ়া শুনাত ব্যাঘাত জন্মিব পাৰে। এইটো এটা পৰিয়ালৰ গান-বাজনা শুনাৰ আৰু আন কেতবোৰৰ শান্তুিৰে বাস কৰা সংঘাত – সিমান অন্যায়কাৰী নহয়। মিলে তেনেবোৰ ক্ষেত্ৰত সামাজিক নিন্দাৰ নিৰ্দেশ দিছে-তেওঁৰ মতে, তেনেবোৰ সৰু -সুৰা কথাৰ বাবে আৰক্ষীক খবৰ দিয়াৰ আৱশ্যক নাই। আনহাতে, পৰকেন্দ্ৰিক কথাই বিশেষ ক্ষতি সাধন কৰাৰ ক্ষেত্ৰত তেওঁৰ মতে, আইনগত শক্তিৰ জৰিয়তে বাধাৰ সৃষ্টি কৰিবলগীয়া হ’ব পাৰে। অন্যথাই সমাজ স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। অন্যৰ ক্ষতি নকৰালৈকে, ব্যক্তি আৰু সমাজ জীৱন নিৰ্বাহৰ বিভিন্ন পদ্ধতি, দৃষ্টিভংগী আৰু স্বাৰ্থৰ প্ৰতি সহিষ্ণু হোৱা উচিত। সেই ক্ষেত্ৰত ঔবৰ বেছি সহিষ্ণুতা প্ৰদৰ্শনৰ ফলত যাতে মানুহ বিপদগ্ৰস্ত হ’বলগীয়া নহয় বা সামাজিক ঘৃণা উথলি নুঠে তালৈকেও দৃষ্টি ৰখা উচিত। এনেদৰেই মিলে স্বাধীনতাৰ অনিষ্টকাৰী নীতিৰ বিষয়ে মতামত আগবঢ়াইছে।

৫।  নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা বুলিলে কি বুজা?

উত্তৰঃ নেতিবাচক স্বতন্ত্ৰতাই জনসাধাৰণ বা তেওঁলোকৰ কাম-কাজত কোনো ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণৰ উপস্থিতি কামনা নকৰে। স্বতন্ত্ৰতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনৰ কেতবোৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ অথবা নিয়ন্ত্ৰণমুক্ত হোৱা উচিত। আৰম্ভণি পৰ্যায়ৰ উদাৰতাবাদী সকলে স্বতন্ত্ৰতাৰ এই নেতিবাচক ধাৰণাটোৰ সমৰ্থন জনাইছিল। এইসকলৰ ভিতৰত থমাছ হ’বছ, জন ল’ক, আদাম স্মিথ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। গতিকে নেতিবাচক স্বতন্ত্ৰতাৰ অৰ্থ হ’ল বাহ্যিক হস্তক্ষেপৰশূন্য স্বতন্ত্ৰতা।

        ইতিবাচক স্বতন্ত্ৰতাৰ মূল নিৰ্মাতা হ’ল টি এইচ গ্ৰীণ, বোচাকুৱেট, বাৰ্কাৰআৰু লাস্কিৰ নাম উল্লেখযোগ্য। ইতিবাচক স্বতন্ত্ৰতাৰ সমৰ্থকসকলৰ মতে, প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ বিকাশ আৰু নিজ ইচ্ছা অনুযায়ী কাম কৰাৰ স্বাধীনতা লাভ কৰা উচিত। স্বতন্ত্ৰতাক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে তাত বাধ্যবাধকতা থাকিব লাগিব।

৬।  নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ আলোচনা কৰা।

উত্তৰঃ নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ সাদৃশ্যসমূহ হ’ল – 

১। নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা পৰস্পৰ পৰিপূৰক। নেতিবাচক স্বতন্ত্ৰতাই উৰ্বৰা কৰি ৰখা ক্ষেত্ৰতহে ইতিবাচক স্বতন্ত্ৰতাৰ উৎপত্তি আৰু বৃদ্ধি হ’ব পাৰে। উদাহৰণস্বৰূপে, বৰ্তি থকাৰ নিশ্চয়তাবিহীন আৰু নিতান্ত ব্যক্তিগত ক্ষেত্ৰখনো অন্যৰ হস্তক্ষেপৰ ফলত বিকৃত হ’ব পৰাৰ বাতাবৰণত কোনো মানুহে উচ্চ পৰ্যায়ৰ জীৱন নিৰ্বাহ কৰাৰ, ভোটদান কৰাৰ,  ৰাজহুৱা কিমত বা চৰকাৰত অংশগ্ৰহণ কৰাৰ সপোন দিঠকত পৰিণত কৰিব নোৱাৰে।  

২।  এই দুবিধৰ প্ৰতিনিধি স্বতন্ত্ৰতা ব্যক্তি তথা সমষ্টিৰ একোটা বিশেষ দিশৰ সৈতে জড়িত হয়। উদাহৰণস্বৰূপে অন্যৰ হস্তক্ষেপৰ অনুপস্থিতিপূৰ্ণ বৰ্তি বা তিষ্টি থকাৰ স্বতন্ত্ৰতা এবিধ নেতিবাচক স্বতন্ত্ৰতা সেই স্বতন্ত্ৰতাৰ ভিত্তিত গঢ়ি উঠা ইতিবাচক স্বতন্ত্ৰতাৰ কেতবোৰ হ’ল – ব্যক্তিৰ ক্ষেত্ৰত উচ্চ মানদণ্ড বিশিষ্ট জীৱন নিৰ্বাহৰ স্বতন্ত্ৰতা, পছন্দ অনুসৰি কৰ্মসংস্থাপন বাছি লোৱাৰ স্বতন্ত্ৰতা আদি।

৩।  নেতিবাচক স্বতন্ত্ৰতা আৰু ইতিবাচক স্বতন্ত্ৰতা পৰস্পৰ নিৰ্ভৰশীল। সেই কথা স্ব-প্ৰমাণিত। দুয়োবিধ স্বতন্ত্ৰতাৰ সংমিশ্ৰণতহে স্বতন্ত্ৰতা পূৰ্ণতা প্ৰাপ্ত হয়। ব্যক্তি আৰু সমষ্টি দুয়োবিধৰ ক্ষেত্ৰতে দাখা যায় যে বাহ্যিক হেঁচাৰ অনুপস্থিতিয়ে(নেতিবাচক স্বতন্ত্ৰতা)গঢ়ি তোলা পৰিবেশতহে উচ্চতৰ পৰ্যায়ৰ উৎকৰ্ষ সাধনৰ সৈতে জড়িত অন্যবোৰ স্বতন্ত্ৰতা(ইতিসুচক স্বতন্ত্ৰতা) ঠন ধৰি উঠিব পাৰে।        

নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ  বৈসাদৃশ্যবোৰ তলত  আলোচনা কৰা-

১।  নেতিবাচক স্বতন্ত্ৰতাৰ আৰম্ভণি ইতিবাচক স্বতন্ত্ৰতাতকৈ আগতে ঘটিছিল। অৰ্থাৎ নেতিবাচক স্বতন্ত্ৰতা ইতিবাচক স্বতন্ত্ৰতাতকৈ পুৰণি।

২।  নেতিবাচক স্বতন্ত্ৰতাৰ সংখ্যা ইতিবাচক স্বতন্ত্ৰতাৰ সংখ্যাতকৈ যথেষ্ট কম, সেই দুবিধৰ ভিতৰত প্ৰথম বিধৰ পৰিধিও যথেষ্ট পৰিমাণে সংকীৰ্ণ।  

৩।  ব্যৱহাৰিক ক্ষেত্ৰত নেতিবাচক স্বতন্ত্ৰতা পৰিধি ক্ৰমাগতভাৱে সংকুচিত হোৱা দেখা যায় । অৰ্থাৎ সম্পূৰ্ণৰূপে ব্যক্তিগত কেতবোৰ স্বতন্ত্ৰতাৰ বাহিৰে আনবোৰ নেতিবাচক স্বতন্ত্ৰতা লাহে লাহে হিতকাৰী সামাজিক নিয়ন্ত্ৰণাধীন হৈ পৰা দেখা যায়।

৭।  ‘তুমি কোৱা কথা মই অমঞ্জুৰ কৰো, কিন্তু মই আমৃত্যু তোমাৰ কোৱাৰ অধিকাৰ সুৰক্ষিত কৰিমেই। ‘—এই বিবৃতিটোৰ আলমত মতামত প্ৰকাশৰ স্বতন্ত্ৰতাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ ‘তুমি কোৱা কথা মই অমঞ্জুৰ কৰো, কিন্তু মই আমৃত্যু তোমাৰ কোৱাৰ অধিকাৰ সুৰক্ষিত কৰিমেই। ‘—এই বিবৃতিটোৰ  জৰিয়তে মত প্ৰকাশৰ স্বাধীনতাৰ বিষয়ে উল্লেখ কৰিছে। সমাজত বসবাস কৰা প্ৰতিজন ব্যক্তিৰে বাক্‌ স্বাধীনতা বা মত প্ৰকাশৰ স্বাধীনতা আছে। যাৰ জৰিয়তে ইজনে সিজনৰ মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰে। নিজৰ চিন্তা ভাৱনাবোৰ প্ৰকাশ কৰিব পাৰে। স্বাধীনতাৰ প্ৰাথমিক তথা মৌলিক স্বাধীনতাই হৈছে বাক্‌ স্বাধীনতা । নিজকে জীয়াই ৰাখিবলৈ, সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ, ব্যক্তিগত বিকাশৰ বাবে ই অতি প্ৰয়োজনীয় এক স্বাধীনতা। এই ক্ষেত্ৰত মিলে কৈছিল যে কোনোবাটো মত যুক্তিসাপেক্ষ বা সত্যনিষ্ঠ নহ’লেও মতামত আগবঢ়োৱা ব্যক্তি আৰু ব্যক্তি সমষ্টিৰ স্বকীয় মত প্ৰকাশৰ স্বাধীনতা হৰণ কৰাৰ অধিকাৰ আন কাৰোৰে হাতত থকা উচিত নহয়। অৰ্থাৎ ব্যক্তিৰ বাক্‌ স্বাধীনতাত বাধা দিয়াটো যুক্তিসংগত নহয় লাগিলে তেওঁ কোৱা কথা অপ্ৰিয় বা অনুচিতেই নহওঁক। এই ক্ষেত্ৰতেই সুৰ মিলাবলৈ ভল্‌টেয়াৰে কৈছিল, ‘তুমি কোৱা কথা মই অমঞ্জুৰ কৰো, কিন্তু মই আমৃত্যু তোমাৰ কোৱাৰ অধিকাৰ সুৰক্ষিত কৰিমেই। ‘অৰ্থাৎ ব্যক্তিয়ে কোৱা কথা তুমি মানি লোৱা বা নোলোৱা, ব্যক্তিৰ মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰাটো কৰ্তব্য।

৮।  স্বতন্ত্ৰতাৰ ধৰণ তিনিটাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বতন্ত্ৰতাৰ ধৰণ তিনিটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল –

১।  পৌৰ অথবা নাগৰিক স্বতন্ত্ৰতা:-পৌৰ অথবা নাগৰিক স্বতন্ত্ৰতাহ”ল সেইবোৰ স্বতন্ত্ৰতা যিবোৰ এখন সমাজত বাস কৰা ব্যক্তিয়ে ভোগ কৰিব পাৰে। অৰ্থাৎ সমাজত বসবাস কৰা  প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে যিবোৰ সা-সুবিধা লাভ কৰে, সেই সা-সুবিধাবোৰক পৌৰ অথবা নাগৰিক স্বতন্ত্ৰতা বোলা হয়। উদাহৰণস্বৰূপে জীৱনৰ অধিকাৰৰ কথা ক’ব পাৰি।

২।  ৰাজনৈতিক স্বতন্ত্ৰতা:-এখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে এজন ব্যক্তিয়ে ৰাজনৈতিক স্বতন্ত্ৰতা উপভোগ কৰিব পাৰে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিংগ নিবিশেষে প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক নাগৰিকে এই স্বতন্ত্ৰতা ভোগ কৰে।

৩।  অৰ্থনৈতিক স্বতন্ত্ৰতা:-পৌৰ অথবা নাগৰিক স্বতন্ত্ৰতা আৰু ৰাজনৈতিক স্বতন্ত্ৰতাৰ সমগ্ৰ ধাৰণা অনাবশ্যক আৰু নিষ্ফল হৈ যায় যদিহে এই দুই স্বতন্ত্ৰতাক অৰ্থনৈতিক স্বতন্ত্ৰতাৰ সৈতে আলোচনা কৰা নহয়। জোৱাডৰ মতে অৰ্থনৈতিক স্বতন্ত্ৰতা অবিহনে ৰাজনৈতিক স্বতন্ত্ৰতা মূল্যহীন । অৰ্থনৈতিক স্বতন্ত্ৰতাৰ অনুপস্থিতিত গণতন্ত্ৰও অৰ্থহীন হৈ পৰে । অৰ্থনৈতিক স্বতন্ত্ৰতা এক গুৰুত্বপূৰ্ণ স্বতন্ত্ৰতা ।

চমু উত্তৰৰ প্ৰশ্নঃ

১।  স্বাধীনতাৰ ধাৰণাৰ বিষয়ে উদাহৰণ দি চমুকৈ লিখা।

উত্তৰঃ স্বাধীনতা বা স্বতন্ত্ৰতা ৰাজনীতি বিজ্ঞানৰ অন্যতম আলোচিত ধাৰণা। স্বতন্ত্ৰতা হ’ল এনে এক আদৰ্শ যাৰ বাবে হাজাৰ হাজাৰ লোকে বলিদান দি আহিছ।  সম্পূৰ্ণ সহজ আৰু সৰল অৰ্থত স্বাধীনতা মানে বাধাহীনতা বা বাহ্যিক নিয়ন্ত্ৰণৰ অনুপস্থিতি। মুক্তভাৱে  ভাৱপ্ৰকাশ, কৰ্ম দক্ষতা  বৃদ্ধি,  অন্তনিৰ্হিত গুণৰ বিকাশ আৰু উৎকৰ্ষ সাধন ৰ দিশ আদি স্বাধীনতাই সামৰি লয়বিভিন্ন সময়ত ব্যক্তিগত অথবা সমূহীয়াভাৱে মানুহে স্বাধীনতাৰ দাবীত ওলাই অহাৰ উদাহৰণ আছে। ফৰাছী চিন্তাবিদ ৰুছোই প্ৰথমবাৰৰ বাবে স্বাধীনতা মানৱ জাতিৰ একমৌলিক অধিকাৰৰূপে যুক্তি প্ৰদৰ্শন কৰিছিল। ১৭৭৬ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতাৰ ঘোষণাপত্ৰত জীৱন, স্বতন্ত্ৰতা আৰু সুখৰ সন্ধানক মানুহৰ ঈশ্বৰপ্ৰদত্ত অৱিচ্ছেদ্য অধিকাৰ হিচাপে গণ্য হৈছিল। একেদৰ ১৭৮৯ চনতৰ মানুহ আৰু নাগৰিকৰ অধিকাৰৰ ফৰাছী ঘোষণাপত্ৰই মত প্ৰকাশ কৰিছিল যে “মানুহে মুক্তভাৱে জন্মগ্ৰহণ কৰে আৰু মুক্ত হৈ থাকে আৰু সম অধিকাৰ লাভ কৰে” আৰু “প্ৰতিটো ৰাজনৈতিক সংগঠনৰ লক্ষ্য হ’ল মানুহৰ প্ৰাকৃতিক আৰু অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা। এই অধিকাৰসমূহ হ’ল স্বতন্ত্ৰতা, সম্পত্তি, নিৰাপত্তা আৰু অত্যাচাৰৰ প্ৰতি বাধা প্ৰদান “।

২।  স্বাধীনতাৰ সেনানী নেলচন মেণ্ডেলাৰ আত্ম-ত্যাগৰ বিৱৰণ দাঙি ধৰা।

উত্তৰঃ নেলচন মেণ্ডেলাই স্বদেশ আৰু স্বজাতিৰ স্বাধীনতাৰ বাবে নিৰবিছিন্ন সংগ্ৰাম চলাই আদৰ্শ স্থাপন কৰিছিল। স্বাধীনতাৰ সেনানী নেলচন মেণ্ডেলাৰ আত্ম-ত্যাগ এক আদৰ্শস্বৰূপ। তেওঁ দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যমূলক শাসন ব্যৱস্থা আৰু কৃষ্ণাংগসকলক একাষৰীয়াকৈ ৰখা নীতি ৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম চলাই গৈছিল। তেওঁ শ্বেতকায় সকলৰ বঞ্চনাপূৰ্ণ শাসনৰ বিৰুদ্ধে শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ বাবে তেওঁ কাৰাগাৰতো নিসংগ ছীৱন কটাবলগীয়া হৈছিল। তথাপিও তেওঁ ক্লান্ত হোৱা নাছিল। অৱশেষত প্ৰতিবাদী কৃষ্ণাংগ জনসাধাৰণৰ সন্মুখত নতি স্বীকাৰ কৰি দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যমূলক শাসনৰ ওৰ পেলোৱা হয়। তেওঁ আছিল এজন পৰাধীন ৰাষ্ট্ৰৰ পথ প্ৰদৰ্শক।

৩।  ম্যানমাৰৰ নেতৃ আং ছ্যান ছ্যু কীৰ স্বাধীনতা সম্পৰ্কে মতামত ব্যাখ্যা কৰা।

উত্তৰঃ ম্যানমাৰৰ নেতৃ আং ছ্যান ছ্যু কী স্বদেশ আৰু স্বজাতিৰ স্বাধীনতাৰ বাবে নিৰবিছিন্ন সংগ্ৰাম চলাই আদৰ্শ স্থাপন কৰিছিল। ম্যানমাৰৰ এই সংগ্ৰামী নেত্ৰীয়ে স্বদেশী নাগৰিকসকলক অত্যাচাৰী সামৰিক শাসনৰ পৰা মুক্ত কৰাৰ অৰ্থে আপোছবিহীন অহিংস আন্দোলন চলাই আহিছ। ৰাষ্ট্ৰখনৰ সামৰিক চৰকাৰে তেওঁৰ প্ৰতিবাদী কণ্ঠ আৰু কাৰ্যকলাপ স্তব্ধ কৰিবলৈ সুদীৰ্ঘ বছৰ কাল গৃহবন্দী কৰি থৈছিল। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে চলাই থকা আন্দোলনৰ বাবে ছ্যু কী অসংখ্যবোৰ সামৰিক শাসনৰ শাৰীৰিক আৰু মানসিক শাস্তিৰ বলি হৈছিল। কিন্তু তেওঁৰ দৃঢ় সংকল্পৰ ফলশ্ৰুতিতে ম্যানমাৰত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে সামৰিক শাসকে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। স্বাধীনতাৰ বাবে ছ্যু কীৰ সংগ্ৰাম সমগ্ৰ বিশ্বৰ গণতন্ত্ৰকামী জনসাধাৰণৰ বাবে এক আদৰ্শ।

৪।  স্বাধীনতা মানে সম্পূৰ্ণৰূপে প্ৰতিবন্ধকতাবিহীনভাৱে কাম কৰাৰ অধিকাৰ বুজায়নে?নিৰংকুশ স্বাধীনতা ভোগ কৰিব পৰা দুবিধ অধিকাৰৰ উল্লেখ কৰা।

উত্তৰঃ স্বাধীনতা মানে সম্পূৰ্ণৰূপে প্ৰতিবন্ধকতাবিহীনভাৱে কাম কৰাৰ অধিকাৰ নুবুজায়। নিৰংকুশ স্বাধীনতা ভোগ কৰিব পৰা দুবিধ অধিকাৰ হ’ল-

১।  জীয়াই থকাৰ অধিকাৰ।

২।  মত প্ৰকাশৰ অধিকাৰ।

৫।  স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ উৎসৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ উৎসসমূহ হ’ল – ব্যক্তিৰ বাবে স্বাধীনতা যিমানে কাম্য নহওক কিয় স্বাধীনতাৰ ওপৰত বাধাৰ সৃষ্টি হ’ব পাৰে আৰু হয়ো। সাধাৰণতে,  বাহ্যিক নিয়ন্ত্ৰণ আৰু আভ্যন্তৰীণ ভাৱে বাধাহীন ক্ষমতাৰ প্ৰয়োগৰ ফলত স্বাধীনতা বিপন্ন হোৱা দেখা যায়। চৰকাৰে আইনৰ দ্বাৰা নিজৰ হাতত ক্ষমতা স্তূপীকৃত কৰি জনসাধাৰণৰ স্বাধীনতাত হস্তক্ষেপ কৰিব পাৰে। স্বাধীনতাৰ ওপৰত হস্তক্ষেপকাৰী চৰকাৰবোৰৰ ক্ষমতাৰ ভিত্তি হৈছে শক্তিৰ প্ৰয়োগ। তেনে শক্তি আইনৰ দ্বাৰা সমৰ্থিত হয়। সেইটোৱেই ঘটিছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য ভিত্তিক ঔপনিবেশিক শাসনৰ অধীনত আৰু প্ৰায় সকলোবোৰ একনায়কত্ববাদী চৰকাৰৰ অধীনত। সেয়ে গণতান্ত্ৰিক চৰকাৰক সুৰক্ষিত কৰাৰ এবিধ উপায় বুলি গণ্য কৰাৰ যথেষ্ট যুক্তি দেখা যায়। স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টিকাৰী  অন্য কেতবোৰ উপাদানো আছে। সেইবোৰৰ ভিতৰত জাতিভেদ প্ৰথা আৰু চৰম অৰ্থনৈতিক বৈষম্য বিশেষভাৱে উল্লেখনীয় ।

৬।  নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ ধাৰণাৰ চমু আভাস দিয়া।

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্বাধীনতাৰ বিষয়ে বিশেষভাৱে প্ৰণিধানযোগ্য মন্তব্য আগবঢ়াইছে। ১৯২৮ চনৰ ১৯অক্টোবৰ তাৰিখে লাহোৰৰ ছাত্ৰসকলৰ সন্মিলন এখনত সভাপতিৰ আসনৰ পৰা দিয়া এটি ভাষণত, নেতাজী সুভাষ চন্দ্ৰ বসুই কৈছিল, এটি আদৰ্শ সন্মুখত ৰাখি জীৱনৰ বাটত খোজ দিয়া উচিত। সেই আদৰ্শ হৈছে স্বাধীনতাৰ আদৰ্শ যিটোৱে ব্যক্তিক সুৰক্ষিত, কৰ্মতংপৰ আৰু উদ্দীপ্ত কৰি ৰিখে। তদুপৰি, স্বাধীনতাৰ সংজ্ঞা আৰু ধাৰণা পৰিৱৰ্তনশীল, ক্ৰমবিৱৰ্তনমূলক আৰু বহুমাত্ৰাযুক্ত। অৰ্থাৎ স্বাধীনতা শব্দটোৱে বিভিন্ন অৰ্থ বহন কৰে। তেওঁৰ মতে, ভাৰততো স্বাধীনতাৰ ধাৰণা ক্ৰমবিৱৰ্তন মূলকভাৱে সময়ৰ গতিত আগবাঢ়ি আছে। নেতাজীৰ নিজস্ব ধাৰণা অনুসৰি একমাত্ৰ ৰাজনৈতিক বন্ধনৰ পৰা মুক্তিকে স্বাধীনতা বুলিব নোৱাৰি। স্বাধীনতা নিশ্চিতভাৱে সাৰ্বিক হোৱা উচিত। সাৰ্বিক স্বাধীনতাই ব্যক্তি আৰু সমাজৰ স্বাধীনতা, ধনী আৰু দুখীয়াৰ স্বাধীনতা, পুৰুষ আৰু নাৰীৰ স্বাধীনতা আদিও সামৰি লয়। তেওঁ দৃঢ়তাৰে কৈছে যে এনে ধৰণৰ আদৰ্শ কঠিন হৃদয়ৰ পুৰুষ আৰু মহিলাসকলয মনত কল্পনাবিলাস যেন বোধ হ’লেওএই আদৰ্শটোৱেহে আত্মাৰ ক্ষুধা প্ৰশমন কৰিব পাৰে। এনেদৰেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্বাধীনতাৰ বিষয়ে স্বাধীনতাৰ বিষয়ে বৰ্ণনা কৰি গৈছে।

৭।  পোছাক পৰিধানৰ স্বাধীনতাৰ বিষয়ে উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ পোছাক পৰিধানৰ স্বাধীনতা এক ব্যক্তিগত স্বাধীনতা। এনেবোৰ স্বাধীনতা ব্যক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল।  অৱশ্যে কিছু অশালীনতা দেখিলে পোছাক পৰিধানৰ স্বাধীনতাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে।  কেতিয়াবা সকলো ব্যক্তিৰ মাজত সমতা সৃষ্টিৰ বাবেও ওপৰৰ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে পোছাক পৰিধান কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে মাও জে ডঙৰ শাসনকালত সকলোৱে সমতা ৰক্ষাৰ বাবে একেধৰণৰ পোছাক পৰিধান কৰিবলগীয়া হৈছিল, ছানিয়া মিৰ্জাৰ  পোছাক পৰিধানৰ শৈলীৰ মহিলাসকলক পোছাকৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱা বুলি এজন পুৰোহিতে ফটোৱা জাৰি কৰিছিল, টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাত প্ৰতিজন খেলুৱৈয়ে বগা পোছাক পৰিধান কৰিবলগীয়া হয়, ছিত্ৰ-ছাত্ৰীসকলেও শিক্ষানুষ্ঠানত একে ধৰণৰ নিৰ্দেশিত পোছাক পৰিধান কৰিব লাগে ইত্যাদি।

৮।  নেতিবাচক স্বতন্ত্ৰতা বুলিলে কি বুজা? উদাহৰণসহ  ব্যাখ্যা কৰা।

উত্তৰঃ নেতিবাচক স্বতন্ত্ৰতাই জনসাধাৰণ বা তেওঁলোকৰ কাম-কাজত কোনো ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণৰ উপস্থিতি কামনা নকৰে।  স্বতন্ত্ৰতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনৰ কেতবোৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ অথবা নিয়ন্ত্ৰণমুক্ত হোৱা উচিত। আৰম্ভণি পৰ্যায়ৰ উদাৰতাবাদী সকলে স্বতন্ত্ৰতাৰ এই নেতিবাচক ধাৰণাটোৰ সমৰ্থন জনাইছিল।  এইসকলৰ ভিতৰত থমাছ হ’বছ, জন ল’ক, আদাম স্মিথ আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।  গতিকে নেতিবাচক স্বতন্ত্ৰতাৰ অৰ্থ হ’ল বাহ্যিক হস্তক্ষেপৰশূন্য স্বতন্ত্ৰতা।  নেতিবাচক স্বতন্ত্ৰতাই উৰ্বৰা কৰি ৰখা ক্ষেত্ৰতহে ইতিবাচক স্বতন্ত্ৰতাৰ উৎপত্তি আৰু বৃদ্ধি হ’ব পাৰে। উদাহৰণস্বৰূপে, বৰ্তি থকাৰ নিশ্চয়তাবিহীন আৰু নিতান্ত ব্যক্তিগত ক্ষেত্ৰখনো অন্যৰ হস্তক্ষেপৰ ফলত বিকৃত হ’ব পৰাৰ বাতাবৰণত কোনো মানুহে উচ্চ পৰ্যায়ৰ জীৱন নিৰ্বাহ কৰাৰ, ভোটদান কৰাৰ,  ৰাজহুৱা কিমত বা চৰকাৰত অংশগ্ৰহণ কৰাৰ সপোন দিঠকত পৰিণত কৰিব নোৱাৰে।  

৯।  ইতিবাচক স্বতন্ত্ৰতা বুলিলে কি বুজা?এইবিধ স্বতন্ত্ৰতাৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ ইতিবাচক স্বতন্ত্ৰতাৰ মূল নিৰ্মাতা হ’ল টি এইচ গ্ৰীণ, বোচাকুৱেট, বাৰ্কাৰআৰু লাস্কিৰ নাম উল্লেখযোগ্য। ইতিবাচক স্বতন্ত্ৰতাৰ সমৰ্থকসকলৰ মতে, প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ বিকাশ আৰু নিজ ইচ্ছা অনুযায়ী কাম কৰাৰ স্বাধীনতা লাভ কৰা উচিত। স্বতন্ত্ৰতাক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে তাত বাধ্যবাধকতা থাকিব লাগিব। এইবিধ স্বতন্ত্ৰতাৰ গুৰুত্ব যথেষ্ট কাৰণ -ইয়ে ৰাষ্ট্ৰত বসবাস কৰা নাগৰিকসকলৰ মাজত সমতা প্ৰতিষ্ঠা কৰাত অৰিহণা যোগায়। ৰাষ্ট্ৰৰ পক্ষপাতিত্বমূলক আচৰণক বাধা প্ৰদান কৰে। ই ব্যক্তিগত, ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বতন্ত্ৰতিক সামৰি লয়। ইয়াৰোপৰি ব্যক্তিৰ কল্যাণৰ বাবে ৰাষ্ট্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰিব পাৰে। আনকি ৰাষ্ট্ৰৰ অত্যধিক নিয়ন্ত্ৰণৰ ফলত সৃষ্টি হ’ব পৰা প্ৰতিবন্ধকতাসমূহে সমাজৰ যাতে ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখে।  

১০।  নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা।

উত্তৰঃ নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ দুটা সাদৃশ্য হ’ল-

১। নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতা পৰস্পৰ পৰিপূৰক। নেতিবাচক স্বতন্ত্ৰতাই উৰ্বৰা কৰি ৰখা ক্ষেত্ৰতহে ইতিবাচক স্বতন্ত্ৰতাৰ উৎপত্তি আৰু বৃদ্ধি হ’ব পাৰে। উদাহৰণস্বৰূপে, বৰ্তি থকাৰ নিশ্চয়তাবিহীন আৰু নিতান্ত ব্যক্তিগত ক্ষেত্ৰখনো অন্যৰ হস্তক্ষেপৰ ফলত বিকৃত হ’ব পৰাৰ বাতাবৰণত কোনো মানুহে উচ্চ পৰ্যায়ৰ জীৱন নিৰ্বাহ কৰাৰ, ভোটদান কৰাৰ,  ৰাজহুৱা কিমত বা চৰকাৰত অংশগ্ৰহণ কৰাৰ সপোন দিঠকত পৰিণত কৰিব নোৱাৰে।  

২।  এই দুবিধৰ প্ৰতিনিধি স্বতন্ত্ৰতা ব্যক্তি তথা সমষ্টিৰ একোটা বিশেষ দিশৰ সৈতে জড়িত হয়। উদাহৰণস্বৰূপে অন্যৰ হস্তক্ষেপৰ অনুপস্থিতিপূৰ্ণ বৰ্তি বা তিষ্টি থকাৰ স্বতন্ত্ৰতা এবিধ নেতিবাচক স্বতন্ত্ৰতা সেই স্বতন্ত্ৰতাৰ ভিত্তিত গঢ়ি উঠা ইতিবাচক স্বতন্ত্ৰতাৰ কেতবোৰ হ’ল – ব্যক্তিৰ ক্ষেত্ৰত উচ্চ মানদণ্ড বিশিষ্ট জীৱন নিৰ্বাহৰ স্বতন্ত্ৰতা, পছন্দ অনুসৰি কৰ্মসংস্থাপন বাছি লোৱাৰ স্বতন্ত্ৰতা আদি।

নেতিবাচক আৰু ইতিবাচক স্বতন্ত্ৰতাৰ  দুটা বৈসাদৃশ্য হ’ল-

১। নেতিবাচক স্বতন্ত্ৰতাৰ আৰম্ভণি ইতিবাচক স্বতন্ত্ৰতাতকৈ আগতে ঘটিছিল। অৰ্থাৎ নেতিবাচক স্বতন্ত্ৰতা ইতিবাচক স্বতন্ত্ৰতাতকৈ পুৰণি।

২।  নেতিবাচক স্বতন্ত্ৰতাৰ সংখ্যা ইতিবাচক স্বতন্ত্ৰতাৰ সংখ্যাতকৈ যথেষ্ট কম, সেই দুবিধৰ ভিতৰত প্ৰথম বিধৰ পৰিধিও যথেষ্ট পৰিমাণে সংকীৰ্ণ।

১১।  প্ৰচাৰ মাধ্যম, বোলছৱি, গ্ৰন্থ আদিৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা, ফতোৱা আদিয়ে মতামত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰিব পাৰে, উদাহৰণসহ 

উত্তৰঃ প্ৰচাৰ মাধ্যম,  বোলছৱি,  গ্ৰন্থ আদিৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা, ফতোৱা আদিয়ে মতামত প্ৰকাশৰ স্বাধীনতাৰ কেতবোৰ সপক্ষে আৰু বিপক্ষে প্ৰভাৱ পেলোৱা দেখা যায়। কেতবোৰচলচিত্ৰনিৰ্বাচকসকলে ধৰ্মীয়,  সামাজিক,  প্ৰসাশনীয় আদি বিভিন্ন দিশৰ বিবেচনাৰ ভিত্তিত খুত ধৰি প্ৰচাৰৰ অনুপযুক্ত বা প্ৰদৰ্শনৰ উপযুক্ত নহয় বুলি মত দিব পাৰে। অথচ, নিৰ্লিপ্ত দৃষ্টিত তেনেধৰণৰ দোষযুক্ত নহ’বও পাৰে। তেনে ক্ষেত্ৰত, সেই বিষয়ত দোষৰ মাত্ৰা নিৰ্ণয় কৰাটো যথেষ্ট পৰিমাণে দুৰূহ হয়। উদাহৰণস্বৰূপে- প্ৰযোজক দীপা মেহতাৰ ‘ৱাটাৰ’ নামৰ চলচিত্ৰখন বাৰাণসীৰ জনসাধাৰণৰ বিৰোধীতাৰ কাৰণে তাত নিৰ্মাণ কৰিব পৰা নগ’ল যদিও অন্য ঠাইত নিৰ্মাণ কৰিব পৰা গৈছিল। এই কথাই প্ৰমাণ কৰে যে ঠাই দুখনৰ এখনৰ ৰাইজৰ বিৰোধীতাৰ কাৰণ আনখন ৰাইজৰ দ্বাৰা সমৰ্থিত হোৱা নাছিল।

চমুকৈ লিখাঃ

১২। স্বাধীনতাৰ বিষয়ে গান্ধীজীৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ গান্ধীজী ভাৰতীয় মুক্তি আন্দোলনৰ অপ্ৰতিদ্বন্দ্বী নেতা। তেওঁ লিখনিৰ জৰিয়তে  স্বৰাজৰ পৃষ্ঠপোষকতা কৰিছিল। স্বৰাজ মানে ‘নিজৰ ওপৰত শাসন’। তেওঁৰ ভাষাত “যেতিয়া আমি নিজক শাসন কৰিবলৈ শিকোঁ, সেইটোৱেই স্বৰাজ। এই স্বৰাজ কেৱল স্বাধীনতাই নহয়, ই হৈছে আত্মমৰ্যাদাৰ পুনৰ প্ৰতিষ্ঠাকৰণ আৰু অমানৱতাৰ গ্লানিৰ পৰা আত্মাৰ অস্তিত্ব উপলব্ধিকৰাৰ ক্ষমতা। গান্ধীজীৰ মতে, ঘৃণাৰ ঠাই প্ৰমৰ দ্বাৰা, হিংসাৰ ঠাই আত্মত্যাগৰ দ্বাৰা, পাশৱিক শক্তিৰ ঠাই আত্মিক শক্তিৰ দ্বাৰা পৰিপূৰ্ণ হ’লে, ব্যক্তিৰ মন আৰু সমাজ স্ব- শাসন প্ৰতিষ্ঠাৰ বাবে উপযুক্ত হয়। তেওঁ মুক্ত কণ্ঠে স্বীকাৰ কৰিছিল যে ব্যক্তিগত ভাৱে তেওঁ পূৰ্ণ স্বৰাজ লাভৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও, ভাৰতীয়সকলৰ ইচ্ছাত তেওঁ ৰাজহুৱাভাৱে সংসদীয় স্বৰাজ লাভৰ বাবে আন্দোলনৰ গুৰি ধৰিছিল। দেখা যায় যে ৰাজনৈতিক স্বতন্ত্ৰতা বা ঔপনিবেশিক শাসনৰ পৰা মুক্তি, গান্ধীজীৰ মতে পূৰ্ণ স্বৰাজৰ এটি অংশ মাত্ৰ।

১৩। স্বাধীনতাৰ ওপৰত আইনগত প্ৰতিবন্ধকতাৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতাৰ ওপৰত আইনগত প্ৰতিবন্ধকতা সমূহ হ’ল- ব্যক্তিৰ বাবে স্বাধীনতা যিমানে কাম্য নহওক কিয় স্বাধীনতাৰ ওপৰত বাধাৰ সৃষ্টি হ’ব পাৰে আৰু হয়ো। সাধাৰণতে,  বাহ্যিক নিয়ন্ত্ৰণ আৰু আভ্যন্তৰীণ ভাৱে বাধাহীন ক্ষমতাৰ প্ৰয়োগৰ ফলত স্বাধীনতা বিপন্ন হোৱা দেখা যায়। চৰকাৰে আইনৰ দ্বাৰা নিজৰ হাতত ক্ষমতা স্তূপীকৃত কৰি জনসাধাৰণৰ স্বাধীনতাত হস্তক্ষেপ কৰিব পাৰে। স্বাধীনতাৰ ওপৰত হস্তক্ষেপকাৰী চৰকাৰবোৰৰ ক্ষমতাৰ ভিত্তি হৈছে শক্তিৰ প্ৰয়োগ। তেনে শক্তি আইনৰ দ্বাৰা সমৰ্থিত হয়। সেইটোৱেই ঘটিছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য ভিত্তিক ঔপনিবেশিক শাসনৰ অধীনত আৰু প্ৰায় সকলোবোৰ একনায়কত্ববাদী চৰকাৰৰ অধীনত। সেয়ে গণতান্ত্ৰিক চৰকাৰক সুৰক্ষিত কৰাৰ এবিধ উপায় বুলি গণ্য কৰাৰ যথেষ্ট যুক্তি দেখা যায়। স্বাধীনতাৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টিকাৰী  অন্য কেতবোৰ উপাদানো আছে। সেইবোৰৰ ভিতৰত জাতিভেদ প্ৰথা আৰু চৰম অৰ্থনৈতিক বৈষম্য বিশেষভাৱে উল্লেখনীয় ।

১৪। উদাৰতাবাদৰ স্বতন্ত্ৰতাৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ স্বতন্ত্ৰতাৰ সহনশীল ভাত্তিক ৰাজনৈতিক মতবাদটোৱেই হৈছে উদাৰতাবাদ। ৰাজনৈতিক দৰ্শন হিচাপে উদাৰতাবাদৰ মূল বৈশিষ্ট্য হৈছে সহিষ্ণুতা আৰু ধৈৰ্য্য। এই মতবাদ অনুসৰি, নিজৰ মতৰ লগত সম্পূৰ্ণৰূপে বিপৰীত মতামত গ্ৰহণ কৰা সকলৰ নিজৰ মত প্ৰকাশৰ অধিকাৰ স্বীকাৰ কৰা হয়। সেইসকলৰ লগতো আলোচনাৰ মাধ্যমত সমন্বয়ৰ সূত্ৰ উলিয়াবলৈ প্ৰয়াস কৰা হয়।

ব্যক্তি আধুনিক  উদাৰতাবাদৰ কেন্দ্ৰবিন্দু। ইয়াৰমতে পৰিয়াল, সম্প্ৰদায়, সমাজ আদাৰ মূল্যও ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে-বিয়া বাৰুকে ধৰি জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত বিষয়বোৰত জাতি, সম্প্ৰদায়, পৰিয়াল আদিৰ পৰা প্ৰতিবন্ধক সৃষ্টি কৰা উচিত নহয়।  ঐতিহাসিকভাৱেও উদাৰতাবাদ মুক্ত বজাৰ ব্যৱস্থা আৰু নূন্যতম পৰিমাণৰ ৰাষ্ট্ৰীয় কৰণীয়ৰ সমৰ্থনকাৰী। গতিকে দেখা যায় যে আধুনিক কালত উদাৰতাবাদে কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰতি সমৰ্থন জনোৱা আৰু সামাজিক অৰ্থনৈতিক অসমতা হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰা দেখা যায়।  

১৫। চমুটোকা লিখাঃ

আপোনকেন্দ্ৰিক কাম, পৰকেন্দ্ৰিক কাম আৰু আত্মকেন্দ্ৰিক কামৰ প্ৰভেদ, জে এছ মিলৰ মতে স্বতন্ত্ৰতা ৰক্ষাৰ বাবে প্ৰতিবেশীৰ ওপৰত লোৱা পদক্ষেপ, দীপা মেহতাৰ বোলছবি নিৰ্মাণত বাধা প্ৰদান, বাতৰি পৰিবেশন-চ্চলচিত্ৰ নিৰ্মাণ, গ্ৰন্থ আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি।

উত্তৰঃ আপোনকেন্দ্ৰিক কাম –মিলে ব্যক্তিৰ কামবোৰক দুটা ভাগত বিভক্ত কৰিছে। এটা হৈছে আত্মকেন্দ্ৰিক বা আপোনকেন্দ্ৰিক আৰু পৰকেন্দ্ৰিক বা অন্যকেন্দ্ৰিক। একমাত্ৰ নিজক স্পৰ্শ কৰা কামবোৰেই হ’ল আত্মকেন্দ্ৰিক বা আপোনকেন্দ্ৰিক। ই ব্যক্তি স্বাধীনতাক সমৰ্থন কৰে আৰু ই ব্যক্তিৰ স্বাধীনতাত  ৰাষ্ট্ৰৰ হস্তক্ষেপ নীতিক সমৰ্থন নকৰে।

         পৰকেন্দ্ৰিক কাম আৰু আত্মকেন্দ্ৰিক কামৰ প্ৰভেদ—মিলে ব্যক্তিৰ কামবোৰক দুটা ভাগত বিভক্ত কৰিছে। এটা হৈছে আত্মকেন্দ্ৰিক বা আপোনকেন্দ্ৰিক আৰু পৰকেন্দ্ৰিক বা অন্যকেন্দ্ৰিক। একমাত্ৰ নিজক স্পৰ্শ কৰা কামবোৰেই হ’ল আত্মকেন্দ্ৰিক বা আপোনকেন্দ্ৰিক। কিন্তু অন্য ব্যক্তি বা অন্যসকলক স্পৰ্শ কৰা অৰ্থাৎ আনৰ স্বাৰ্থ জড়িত কামবোৰ পৰকেন্দ্ৰিক বা অন্যকেন্দ্ৰিক। আত্মকেন্দ্ৰিক বা আপোনকেন্দ্ৰিক কামবোৰে ব্যক্তি স্বাধীনতাক সমৰ্থন কৰে। কিন্তু পৰকেন্দ্ৰিক বা অন্যকেন্দ্ৰিক কামবোৰে ব্যক্তি স্বাধীনতাক সমৰ্থন কৰাৰ উপৰিও অন্যৰ স্বাৰ্থক সমৰ্থন কৰে। আত্মকেন্দ্ৰিক বা আপোনকেন্দ্ৰিক কামবোৰে ব্যক্তি স্বাধীনতাত ৰাষ্ট্ৰৰ হস্তক্ষেপ নীতিক সমৰ্থন নকৰে। কিন্তু পৰকেন্দ্ৰিক বা অন্যকেন্দ্ৰিক কামবোৰৰ মতে, যদি সমাজৰ কাৰোবাৰ কৰ্মৰ স্বাধীনতাই আন কাৰোবাৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, তেনেহ’লে বাহিৰা হস্তক্ষেপৰ প্ৰয়োজন নুই কৰিব নোৱাৰি। তেনে অৱস্থাত ৰাষ্ট্ৰৰ ন্যায়সংগত হস্তক্ষেপ প্ৰয়োজনীয় হৈ পৰে।

           জে এছ মিলৰ মতে স্বতন্ত্ৰতা ৰক্ষাৰ বাবে প্ৰতিবেশীৰ ওপৰত লোৱা পদক্ষেপ —স্বাধীনতা আৰু মৰ্যদাপূৰ্ণ জীৱনযাপন সকলো মানুহৰ অধিকাৰ আৰু কাম্য বুলি সুন্দৰভাৱে বিশ্বাস কৰা মিলে হস্তক্ষেপৰ প্ৰকাৰৰ ওপৰত ৰেখাপাত কৰিছে। তেওঁ কম অনিষ্টকাৰী আনৰ কামৰ বাবে লঘু ধৰণৰ হস্তক্ষেপৰ সপক্ষে মত প্ৰকাশ কৰিছে। উদাহৰণস্বৰূপে, একেটা অট্টালিকাৰ বিভিন্ন তলাত বাস কৰা কোনোবা পৰিয়ালত উচ্চ ধ্বনিৰ গান -বাজনা কৰিলে আন বাসিন্দাসকলৰ টৈপনিত ব্যাঘাত হ’ব পাৰে বা পঢ়া শুনাত ব্যাঘাত জন্মিব পাৰে। এইটো এটা পৰিয়ালৰ গান -বাজনা শুনাৰ আৰু আন কেতবোৰৰ শান্তুিৰে বাস কৰা সংঘাত – সিমান অন্যায়কাৰী নহয়। মিলে তেনেবোৰ ক্ষেত্ৰত সামাজিক নিন্দাৰ নিৰ্দেশ দিছে-তেওঁৰ মতে, তেনেবোৰ সৰু -সুৰা কথাৰ বাবে আৰক্ষীক খবৰ দিয়াৰ আৱশ্যক নাই। আনহাতে, পৰকেন্দ্ৰিক কথাই বিশেষ ক্ষতি সাধন কৰাৰ ক্ষেত্ৰত তেওঁৰ মতে, আইনগত শক্তিৰ জৰিয়তে বাধাৰ সৃষ্টি কৰিবলগীয়া হ’ব পাৰে। অন্যথাই সমাজ স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। অন্যৰ ক্ষতি নকৰালৈকে, ব্যক্তি আৰু সমাজ জীৱন নিৰ্বাহৰ বিভিন্ন পদ্ধতি, দৃষ্টিভংগী আৰু স্বাৰ্থৰ প্ৰতি সহিষ্ণু হোৱা উচিত।

    দীপা মেহতাৰ বোলছবি নিৰ্মাণত বাধা প্ৰদান, বাতৰি পৰিবেশন-চ্চলচিত্ৰ নিৰ্মাণ, গ্ৰন্থ আদিৰ ওপৰত নিষেধাজ্ঞা জাৰি–প্ৰচাৰ মাধ্যম,  বোলছৱি, গ্ৰন্থ আদিৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা, ফতোৱা আদিয়ে মতামত প্ৰকাশৰ স্বাধীনতাৰ কেতবোৰ সপক্ষে আৰু বিপক্ষে প্ৰভাৱ পেলোৱা দেখা যায়। কেতবোৰ চলচিত্ৰ নিৰ্বাচকসকলে ধৰ্মীয়, সামাজিক, প্ৰসাশনীয় আদি বিভিন্ন দিশৰ বিবেচনাৰ ভিত্তিত খুত ধৰি প্ৰচাৰৰ অনুপযুক্ত বা প্ৰদৰ্শনৰ উপযুক্ত নহয় বুলি মত দিব পাৰে। অথচ, নিৰ্লিপ্ত দৃষ্টিত তেনেধৰণৰ দোষযুক্ত নহ’বও পাৰে। তেনে ক্ষেত্ৰত, সেই বিষয়ত দোষৰ মাত্ৰা নিৰ্ণয় কৰাটো যথেষ্ট পৰিমাণে দুৰূহ হয়। উদাহৰণস্বৰূপে- প্ৰযোজক দীপা মেহতাৰ ‘ৱাটাৰ’ নামৰ চলচিত্ৰখন বাৰাণসীৰ জনসাধাৰণৰ বিৰোধীতাৰ কাৰণে তাত নিৰ্মাণ কৰিব পৰা নগ’ল যদিও অন্য ঠাইত নিৰ্মাণ কৰিব পৰা গৈছিল। এই কথাই প্ৰমাণ কৰে যে ঠাই দুখনৰ এখনৰ ৰাইজৰ বিৰোধীতাৰ কাৰণ আনখন ৰাইজৰ দ্বাৰা সমৰ্থিত হোৱা নাছিল। এনেদৰেই বিভিন গ্ৰন্থ, বাতৰি কাকত আদিয়েও যদি ধৰ্মীয়মূলক আঘাত দিয়ে তেন্তে সেইবোৰত নিষেধাজ্ঞা জাৰি কৰিব পাৰে।

*বস্তুনিষ্ঠ প্ৰশ্ন:

১। গান্ধীজী, মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং, বদন বৰফুকন আদি স্বাধীনতাৰ আদৰ্শৰ প্ৰতিমূৰ্তিস্বৰূপ। —বাক্যটোৰ সোঁমূৰত শুদ্ধ হ’লে ‘হয়’ আৰু অশুদ্ধ হ’লে ‘নহয়’ শব্দ দুটাৰ এটা লিখা।

উত্তৰঃ গান্ধীজী, মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং, বদন বৰফুকন আদি স্বাধীনতাৰ আদৰ্শৰ প্ৰতিমূৰ্তিস্বৰূপ। —‘হয়’

২। নেলছন মেণ্ডেলাই লিখা আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ নেলছন মেণ্ডেলাই লিখা আত্মজীৱনীখনৰ নাম হ’ল “লং ৱাক টু ফ্ৰীডম”।

৩। নেলছন মেণ্ডেলা শ্বেতকায় নে কৃষ্ণকায় জনগোষ্ঠীৰ লোক?

উত্তৰঃ নেলছন মেণ্ডেলা কৃষ্ণকায় জনগোষ্ঠীৰ লোক।

৪। নেলছন মেণ্ডেলা —–বছৰ কাৰাবাস খাটিছিল আৰু তেওঁৰ অতি প্ৰিয় –খেল স্বেচ্ছাই ত্যাগ কৰিছিল। —-খালী ঠাই পূৰণ কৰা।

উত্তৰঃ নেলছন মেণ্ডেলা ২৮ বছৰ কাৰাবাস খাটিছিল আৰু তেওঁৰ অতি প্ৰিয় –খেল স্বেচ্ছাই ত্যাগ কৰিছিল।

৫। খালী ঠাই পূৰণ কৰা—-নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ — আৰু — ৰ বিৰুদ্ধে সংগ্ৰাম চলাইছিল।

উত্তৰঃ নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্যমূলক শাসন ব্যৱস্থা আৰু কৃষ্ণাংগসকলক একাষৰীয়া কৰি ৰখা নীতি ৰ বিৰুদ্ধে সংগ্ৰাম চলাইছিল।

৬। আং ছ্যান ছ্যু কী কোন দেশৰ নাগৰিক?

উত্তৰঃ আং ছ্যান ছ্যু কী ম্যানমাৰৰ নাগৰিক।

৭।  ছ্যান ছ্যু কী কিয় লণ্ডনলৈ যোৱাৰ বাবে ব্যাগ্ৰ হৈ পৰিও যোৱাৰ সিদ্ধান্ত লোৱা নাই?

উত্তৰঃ ছ্যান ছ্যু কী কিয় লণ্ডনলৈ যোৱাৰ বাবে ব্যাগ্ৰ হৈ পৰিও যোৱাৰ সিদ্ধান্ত লোৱা নাই?

৮। ভয়বিহ্বল লোকে কেতিয়াও মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব নোৱাৰে বুলি অভিমত প্ৰকাশ কৰি আং ছ্যান কীয়ে লিখা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ভয়বিহ্বল লোকে কেতিয়াও মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব নোৱাৰে বুলি অভিমত প্ৰকাশ কৰি আং ছ্যান কীয়ে লিখা গ্ৰন্থখনৰ নাম হ’ল ফ্ৰীডম ফ্ৰম ফীয়েৰ।

৯। গান্ধীজীয়ে ‘স্বৰাজ’ শব্দটো ব্যৱহাৰ কৰি ১৯০৯ চনত প্ৰকাশ কৰা পুথিখনৰ নাম লিখা।

উত্তৰঃ গান্ধীজীয়ে ‘স্বৰাজ’ শব্দটো ব্যৱহাৰ কৰি ১৯০৯ চনত প্ৰকাশ কৰা পুথিখনৰ নাম হ’ল ‘হিন্দ স্বৰাজ’।

১০। গান্ধীজীয়ে ব্যক্ত কৰা স্বৰাজৰ সংজ্ঞাটো উদ্ধৃত কৰা।  

উত্তৰঃ গান্ধীজীয়ে ব্যক্ত কৰা স্বৰাজৰ সংজ্ঞাটো হ’ল – যেতিয়া আমি নিজক শাসন কৰিবলৈ শিকোঁ, সেইটোৱেই স্বৰাজ।

১১। স্বৰাজৰ বিষয়ে বাল গংগাধৰ তিলকৰ উক্তিটো উদ্ধৃত কৰা।

উত্তৰঃ স্বৰাজৰ বিষয়ে বাল গংগাধৰ তিলকৰ উক্তিটো হ’ল “স্বৰাজ মোৰ জন্মস্বত্ব, মই ইয়াক লাভ কৰিমেই”।

১২। ব্যুৎপত্তিগত অৰ্থ বিচাৰি “স্বাধীনতা” শব্দটোৰ উৎপত্তিৰ উৎস — পদটো কোন ভাষাৰ বুলি ঠাৱৰাব পাৰি?

উত্তৰঃ ব্যুৎপত্তিগত অৰ্থ বিচাৰি “স্বাধীনতা” শব্দটোৰ উৎপত্তিৰ উৎস  লাইবাৰ পদটো  ল্যাটিন ভাষাৰ বুলি ঠাৱৰাব পাৰি।

১৩। অশুদ্ধ অংশবোৰ বাদ দি বাক্যটো সজাই লিখা।  — স্বাধীনতাৰ ইংৰাজী প্ৰতিশব্দ ‘লিবাৰ্টী” (Liberty) শব্দটোৰ লেটিন ভাষাৰ ‘লাইবাৰ’ (Liber)/ ইংৰাজী ভাষাৰ ‘ল্ব’ (Law) শব্দৰ পৰা উৎপত্তি ঘটিছে।

উত্তৰঃ স্বাধীনতাৰ ইংৰাজী প্ৰতিশব্দ ‘লিবাৰ্টী” (Liberty) শব্দটোৰ লেটিন ভাষাৰ ‘লাইবাৰ’ (Liber)/ ইংৰাজী ভাষাৰ ‘ল্ব’ (Law) শব্দৰ পৰা উৎপত্তি ঘটিছে।

১৪। স্বাধীনতা বুজোৱা ‘লাইবাৰ’ শব্দটো গ্ৰীক ভাষাৰ, ইংৰাজী ভাষাৰ নে লেটিন ভাষাৰ লিখা।

উত্তৰঃ স্বাধীনতা বুজোৱা ‘লাইবাৰ’ শব্দটো লেটিন ভাষাৰ।

১৫। কাৰ মতে,  ‘স্বতন্ত্ৰতা অতিৰিক্ত শাসনৰ বিৰোধী বস্তু’ ?

উত্তৰঃ ছিলিৰ মতে,  ‘স্বতন্ত্ৰতা অতিৰিক্ত শাসনৰ বিৰোধী বস্তু’

১৬। ‘সকলো বাধাৰ অভাৱেই স্বতন্ত্ৰতা নহয়, বৰঞ্চ অযুক্তিসংগতবোৰৰ সলনি যুক্তিসংগতবোৰ ব্যৱহাৰ কৰাটোহে। ‘ —–এইটো কাৰ উক্তি?

উত্তৰঃ ‘সকলো বাধাৰ অভাৱেই স্বতন্ত্ৰতা নহয়, বৰঞ্চ অযুক্তিসংগতবোৰৰ সলনি যুক্তিসংগতবোৰ ব্যৱহাৰ কৰাটোহে। ‘ —–এইটো  উক্তি ম্যাককনিৰ।

১৭। জে এছ মিলৰ কামবোৰক দুটা ভাগত ভগাই এভাগক স্ব -কেন্দ্ৰিক বুলি কৈছে। আন ভাগক তেওঁ কি বুলি নামাকৰণ কৰিছে?

উত্তৰঃ জে এছ মিলৰ কামবোৰক দুটা ভাগত ভগাই এভাগক স্ব -কেন্দ্ৰিক বুলি কৈছে। আন ভাগক তেওঁ অন্যকেন্দ্ৰিক বুলি নামাকৰণ কৰিছে।

১৮। মিলে ওচৰ চুবুৰীয়াৰ বিপক্ষে সৰু সৰু অসন্তোষ নিবাৰণৰ অৰ্থে আৰক্ষী আৰু /নাইবা আইনৰ আশ্ৰয় গ্ৰহণ কৰাটো উচিত বুলি বিবেচনা কৰেনে?

উত্তৰঃ মিলে ওচৰ চুবুৰীয়াৰ বিপক্ষে সৰু সৰু অসন্তোষ নিবাৰণৰ অৰ্থে আৰক্ষী আৰু /নাইবা আইনৰ আশ্ৰয় গ্ৰহণ কৰাটো উচিত বুলি বিবেচনা কৰে।

১৯। নেতিবাচক স্বতন্ত্ৰতাৰ যিকোনো  এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ নেতিবাচক স্বতন্ত্ৰতাৰ যিকোনো  এটি বৈশিষ্ট্য হ’ল নেতিবাচক স্বতন্ত্ৰতাই জনসাধাৰণ বা তেওঁলোকৰ কাম-কাজত কোনো ধৰণৰ বাধা অথবা নিয়ন্ত্ৰণৰ উপস্থিতি কামনা নকৰে। স্বতন্ত্ৰতাৰ এই ধাৰণা অনুসৰি ব্যক্তিৰ জীৱনৰ কেতবোৰ কথা সম্পূৰ্ণৰূপে বাহ্যিক হস্তক্ষেপ অথবা নিয়ন্ত্ৰণমুক্ত হোৱা উচিত।

২০। ইতিবাচক স্বতন্ত্ৰতাৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ইতিবাচক স্বতন্ত্ৰতাৰ এটি বৈশিষ্ট্য হ’ল ইতিবাচক স্বতন্ত্ৰতাৰ সমৰ্থকসকলৰ মতে, প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰ বিকাশ আৰু নিজ ইচ্ছা অনুযায়ী কাম কৰাৰ স্বাধীনতা লাভ কৰা উচিত। স্বতন্ত্ৰতাক বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে তাত বাধ্যবাধকতা থাকিব লাগিব।

২১। দীপা মেহতাই নিৰ্মাণ কৰিব খোজা বোলছবিখনৰ নাম লিখা।

উত্তৰঃ দীপা মেহতাই নিৰ্মাণ কৰিব খোজা বোলছবিখনৰ নাম হ’ল “ৱাটাৰ”

২২। ‘ৰামায়ণ ৰিটোল্ড’ নামৰ গ্ৰন্থখনৰ প্ৰণেতাজনৰ নাম লিখা।

উত্তৰঃ ‘ৰামায়ণ ৰিটোল্ড’ নামৰ গ্ৰন্থখনৰ প্ৰণেতাজনৰ নাম হ’ল ওমেনন

২৩। ৰুছডীয়ে লিখা বিতৰ্কিত কিতাপখনৰ নাম কি?

উত্তৰঃ ৰুছডীয়ে লিখা বিতৰ্কিত কিতাপখনৰ নাম হ’ল”দ্য ছাটানিক ভাৰ্ছেজ” ।

২৪। ‘দ্য ছাটানিক ভাৰ্ছেজ’ নামৰ কিতাপখনৰ প্ৰণেতাজনৰ নাম কি?

উত্তৰঃ ‘দ্য ছাটানিক ভাৰ্ছেজ’ নামৰ কিতাপখনৰ প্ৰণেতাজনৰ নাম হ’ল ছালমান ৰুশ্বডী।

২৫। ইংলেণ্ডৰ ৰাজপ্ৰাসাদত নিযুক্তি লাভৰ স্বাৰ্থত স্বেচ্ছাই নিজৰ মতপ্ৰকাশৰ স্বাধীনতা বিসৰ্জন দি চুক্তিবদ্ধ হোৱা কাৰ্য মতপ্ৰকাশৰ ওপৰত প্ৰতিবন্ধক হয়নে? মাত্ৰ এটা শব্দত উত্তৰ দিয়া।

উত্তৰঃ হয়।

২৬। ‘হিন্দু স্বৰাজ’ গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ ‘হিন্দু স্বৰাজ’ গ্ৰন্থখনৰ লিখক হ’ল গান্ধীজী।