Class 10 Economics Science Book Chapter 2 Short Answer | SEBA Class 10 Economics Science Book Chapter 2 অৰ্থনৈতিক উন্নয়ন Short Answer | চমু প্ৰশ্ন উত্তৰ |

অৰ্থনৈতিক উন্নয়ন

দ্বিতীয় অধ্য়ায়

১/ ভাৰতীয় প্ৰশাসন ব্য়ৱস্থাৰ কেইটা স্তৰ আছে আৰু কি কি ? 

উত্তৰঃ ভাৰতীয় প্ৰশাসন ব্য়ৱস্থাৰ তিনিটা স্তৰ আছে আৰু সেই কেইটা হ’ল- কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য় চৰকাৰ আৰু স্থানীয় নিকায়সমূহ। 

২/ ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত মানৱ উন্নয়নক কেইটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছিল ? 

উত্তৰঃ তিনিটা  নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছিল। 

৩/ ৮ ফেব্ৰুৱাৰী ২০১৫ চনৰ দিনা NITI আয়োগৰ প্ৰথমখন বৈঠক ক’ত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ দিল্লীত NITI আয়োগৰ প্ৰথমখন বৈঠক  অনুষ্ঠিত কৰা  হৈছিল। 

৪/ UNDP ৰ সম্পূৰ্ণ নাম লিখা ? 

উত্তৰঃ United Nations Development Programmed।

৫/ NITI আয়োগ কি ? 

উত্তৰঃ NITI আয়োগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান।

৬/ কিমান চনত  প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ? 

উত্তৰঃ ১৯৯০ চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। 

৭/ NITI সম্পূৰ্ণ নাম লিখা ? 

উত্তৰঃ National Institution for Transforming India Aayog or NITI। 

৮/ NITI আয়োগৰ অধ্য়ক্ষ কোন ? 

উত্তৰঃ NITI আয়োগৰ অধ্য়ক্ষ প্ৰধানমন্ত্ৰী।

৯/ গুৰিৰেপৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্য়ৱস্থ কি ? 

উত্তৰঃ মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা। 

১০/ মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা বুলিলে কি বুজা ? 

উত্তৰঃ যি আৰ্থিক ব্য়ৱস্থাত ৰাজাহুৱা খণ্ড বা চৰকাৰী খণ্ডআৰু ব্য়ক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্য়ৱস্থাই হ’ল মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা। 

১১/ ১৯৯১ চনৰ নতুন ঔদ্য়োগিক নীতিয়ে ৰাজাহুৱা খণ্ডৰ কেইটা উদ্য়োগ ব্য়ক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছিল ? 

উত্তৰঃ ১৯৯১ চনৰ নতুন ঔদ্য়োগিক নীতিয়ে ৰাজাহুৱা খণ্ডৰ ৯টা উদ্য়োগ ব্য়ক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছিল।  

১২/ মানৱ উন্নয়নৰ মধ্য়বিন্দু কি ? 

উত্তৰঃ মানৱ উন্নয়নৰ মধ্য়বিন্দু হ’ল জনসাধাৰণ, কাৰিকৰী সূত্ৰ বা ধাৰণাসমূহ নহয়। 

১৩/ UNDP ৰ অন্তৰ্গত প্ৰতিবেদনত মানৱ উন্নয়নৰ তিনিটা সূচক উল্লেখ কৰা ? 

উত্তৰঃ (১) প্ৰত্য়াশিত আয়ুস, (২) শিক্ষা আৰু (৩) জীৱন-যাত্ৰাৰ মান। 

১৪/ প্ৰত্য়াশিত আয়ুস বুলিলে কি বুজা ? 

উত্তৰঃ জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ’ব প্ৰত্য়াশিত আয়ুস। 

১৫/ উন্নত দেশ আৰু অনুন্নত দেশৰ মাজত দুটা প্ৰাৰ্থক্য় লিখা ? 

উত্তৰঃ উন্নত দেশৰ প্ৰাৰ্থক্য়- (১) উন্নত দেশত প্ৰত্য়াশিত আয়ুস বেছি। (২) উন্নত দেশত স্বাস্থ্য় সেৱা অধিক আদি।

অনুন্নত দেশৰ পাৰ্থক্য়- (১) অনুন্নত দেশত প্ৰত্য়াশিত আয়ুস কম। (২) অনুন্নত দেশত প্ৰয়োজনীয় স্বাস্থ্য় সেৱাৰ অভাৱ হয়। 

১৫/ জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত কি কি সমস্য়াই বাধাৰ সৃষ্টি কৰে ?  

উত্তৰঃ দৰিদ্ৰতা,অনুন্নত শিক্ষা ব্য়ৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য় সেৱাৰ অভাৱে জীৱন-যাত্ৰাৰ মান উন্নতীকৰনত বাধাৰ সৃষ্টি কৰে। 

১৬/ অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য় কি ? 

উত্তৰঃ অৰ্থনৈতিক বিকাশে কেৱল মাত্ৰ এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়নৰ ধাৰাণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰেপ কৰিছে। 

১৭/ ব্য়ক্তিগতকৰণ কি ? 

উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্য়ৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্য়ক্তিগতকৰণ। 

১৮/ বিত্তীয় খণ্ড কি ? 

উত্তৰঃ ব্য়ৱসায়িক বেংক, বিনিয়োগ বেংগ, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল বিত্তীয় খণ্ড। 

১৯/ উদাৰীকৰণ কি ? 

উত্তৰঃ দেশৰ আৰ্থিক ব্য়ৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ। 

Type By-Subhas Nath