Class 10 General Science Book Chapter 5 Short Answer | SEBA Class 10 General Science Book Chapter 5 মটকসকল Short Answer | চমু প্ৰশ্ন উত্তৰ |

 মটকসকল

অধ্য়ায়-৫

১। টাই ভাষাৰ এটি অন্য়তম শাখা নাম লিখা।

উত্তৰঃ  ফুখাও হ’ল টাইৰ ভাষাৰ অন্য়তম শাখা।

২। টাই ভাষাত ‘ম’ মানে কি?

উত্তৰঃ শক্তিশালী, বুদ্ধিমান, বা জ্ঞানী।

৩।’টক’ মানে কি বুজাই?

উত্তৰঃ উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত বুজাই।

৪। তেওঁলোকৰ মূল জীৱিকা কি?

উত্তৰঃ কৃষি-কৰ্ম।

৫। মটকসকলক প্ৰথমে কোনে ক’ত লগ পাইছিল?

উত্তৰঃ চাউলুং চুকাফাই অসমত প্ৰৱেশ কৰি টিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলতে মটকসকলক প্ৰথম লগ পাইছিল। 

৬। লানমাখ্ৰুৰ কি ভাষাৰ শব্দ?

উত্তৰঃ টাই ভাষাৰ শব্দ।

৭। ‘মটক’ শব্দটি কৰ ভাষাৰ শব্দ?

উত্তৰঃ টাই ভাষাৰ শব্দ

৮। লানমাখ্ৰু অৰ্থ কি?

উত্তৰঃ ‘লান’ মানে নাতি আৰু ‘মাখ্ৰু’ মানে বেঙেনা।

৯। মটক মুৰব্বীজনক কি বুলি আখ্য়া দিয়া হৈছিল?

উত্তৰঃ ‘বেঙেনাৰ নাতি’ বুলি আখ্য়া দিয়া হৈছিল।

১০। মটক শব্দৰ উৎপত্তিৰ ইতিহাস চাবলৈ হ’লে কি শব্দৰ ইতিহাস চাব লাগিব?

উত্তৰঃ ‘ ফখাও’ ( phukhao ) শব্দৰ ইতিহাস চাব লাগিব।

১১। মটকসকলৰ উৎপত্তি কৰ পৰা হৈছিল?

উত্তৰঃ শস্য় সিঁচা মূলৰ ফুখাওসকলৰ পৰা মটকৰ উৎপত্তি হৈছিল।

১২। এই শাখাটো কি থালৰ অন্তৰ্গত?

উত্তৰঃ টাই-মংগোলীয় ফুথাই থালৰ।

১৩। টাই ভাষাত ‘ফু’ আৰু ‘খাও’ ৰ অৰ্থ কি?

উত্তৰঃ  ‘ফু’ মানে ‘গৰাকী’ বা ‘সন্মানীয়’ ‘মানবিশিষ্ট’ মানুহ আৰু ‘খাও’ মানে ‘বগা’

১৪। ফুথাইসকলক লাও বুলি কিয় কুৱা হয়?

উত্তৰঃ ফুথাইসকল চীন দেশৰ লাও ৰাজ্য়ত বসবাস কৰাৰ বাবে লাও বুলিও কোৱা হয়।

১৫। মটক ৰজা কোন আছিল?

উত্তৰঃ সৰ্বান্দ সিংহ।

১৬। ফুথাইসকলক কেইটা ভাষাত ভাগ কৰিছে আৰু কি কি? 

উত্তৰঃ তিনিটা ভাগত ভাগ কৰিছে। যেনে- ( ক) ফুখাও ( বগা পিন্ধা টাই ) ( খ ) ফুডাম বা টাই ডাম ( কলা পিন্ধা টাই ) ( গ ) টাই ডেং ( ৰঙা পিন্ধা টাই )।

১৭। আহোম বুৰঞ্জীৰ অনুসৰি ফুখাওসকল কৰ পৰা উৎপত্তি হৈছিল?

উত্তৰঃ গুটি সিঁচা বা শস্য় সিঁচা মূলৰ পৰা উৎপত্তি হৈছিল।

১৮। চ্য়াওফুৰা আলঙৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ খেনখাম লাংকুৰী আৰু কৃষি পুত্ৰ ৰূপে কেখাও-চাওথাওলুং নাম লৈছিল।

১৯। মটকসকলৰ কেই বংশত উৎপত্তি হৈছিল?

উত্তৰঃ সপ্ত বংশত। 

২০। মটকৰ পৰম্পৰা ধৰ্ম কি?

উত্তৰঃ তাও ধৰ্ম।

২১। তেওঁলোকে কাক পূজা কৰে?

উত্তৰঃ প্ৰকৃতিৰ জগতৰ গাঁঠিয়াল দেৱতাৰ পূজা কৰে।

২২। লাওসকল কলৈ বিয়পি আছে?

উত্তৰঃ দক্ষিণ চীন থাইলেণ্ড, ভইয়েটনামৰ পৰা অসমলৈকে বিয়পি আছে।

২৩। মটকসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ নাম লিখা।

উত্তৰঃ সৰ্বানন্দ সিংহ, শিক্ষাবিদ পৱন নেওগ, ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আদি।

২৪। সৰ্বানন্দ সিংহৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম মৰুৎনন্দন আৰু মাতৃৰ নাম পাতয়।

২৫। সৰ্বানন্দ পিতৃৰ প্ৰদত্ত নাম কি আছিল?

উত্তৰঃ ‘মেজেৰা’।

২৬। তেওঁ কিহত যথেষ্ট ৰাপ আছিল?

উত্তৰঃ খেলা-ধূলাত।

২৭। তেওঁ কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ মায়ামৰা ধৰ্মগুৰু অষ্টভূজ গোসাঁইৰ ওচৰত শৰণ লৈছিল।

২৮। মেজেৰাক কোনে সৰ্বানন্দ নাম দিছিল?

উত্তৰঃ মেজেৰাক অষ্টভূজ গোসাঁইয়ে সৰ্বানন্দ নাম দিছিল।

২৯। তেওঁ কিমান চনত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৮০৫ চনত।

৩০। সৰ্বানন্দ মৃত্য়ুৰ পিছত কাক মটক ৰাজ্য়ৰ ৰজা পাতিছিল?

উত্তৰঃ তেওঁৰ বৰ পুত্ৰ মাতিবৰ বৰ সেনাপতি মটক ৰাজ্য়ৰ ৰজা হয়।

৩১। পৱন নেওগৰ কিমান চনত ক’ত জন্ম হৈছিল?

উত্তৰঃ ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি, তিনিচুকীয়াত।

৩২। তেওঁ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ।

৩৩। তেওঁ কি প্ৰিয় আছিল?

উত্তৰঃ সঙ্গীত।

৩৩। প্ৰজাৰ সুবিধা বাবে তেওঁ কেইটা পুখুৰী খন্দাইছিল?

উত্তৰঃ চৌব্বিশটা পুখুৰী খন্দাইছিল।

৩৫। Mr. J. B. উপাধি তেওঁক কিয় প্ৰদান কৰা হৈছিল?

উত্তৰঃ পেশী সঞ্চালন বিভাগত তেওঁ কৃতিত্ব দেখুৱাৰ বাবে ১৯৫৫ চনত এই উপাধি প্ৰদান কৰা হৈছিল।

৩৬। তেওঁ কিমান চনত শেষ নিস্বাস ত্য়াগ কৰিছিল?

উত্তৰঃ ২০০২ চনৰ ১১ আগষ্ট তাৰিখে।

৩৭। ৰজা সৰ্বানন্দ সিংহৰ কেইজন পুত্ৰ আছিল?

উত্তৰঃ তিনিজন পুত্ৰ আছিল।

৩৮। তেওঁ কিমান চনত শেস নিশ্বাস ত্য়াগ কৰে?

উত্তৰঃ ১৯৭৩ চনৰ ৭ মাৰ্চৰ দিনা।

৩৯। তিনিজন পুত্ৰ নাম কি কি?

উত্তৰঃ মাটিবৰ, কলিবৰ আৰু কমলেশ্বৰ।

৪০। মাটিবৰৰ কেইজন পুত্ৰ আছিল?

উত্তৰঃ দহজন পুত্ৰ আছিল।

৪১। ভগীৰথৰ ষষ্ঠ পুত্ৰৰ নাম কি?

উত্তৰঃ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই।

৪২। লংকেশ্বৰ গেহাঁই কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৮৮৭ চনত।

৪৩। ৰাজপৰিয়াল বাস কৰা বাবে চাবুৱাৰ অঞ্চলটো পৰৱৰ্তী সময়ত কি নামেৰে নামকৰণ হয়?

উত্তৰঃ ৰজাবাৰী নামেৰে।

৪৪। তেওঁ ক’ত কাঠৰ মিল খুলি কাঠৰ যোগান ধৰিছিল?

উত্তৰঃ তেওঁ বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত কাঠৰ মিল খুলিছিল কাঠৰ যোগান ধৰিছিল।

৪৫। তেওঁ কি কি ব্য়ৱসায়ত সুনাম অৰ্জন কৰিছিল?

উত্তৰঃ সোণ আৰু হাতী ব্য়ৱসায়ত।

৪৬। তেওঁ কাক দুটা হাতী উপহাৰ হিচাপে দিছিল আৰু কি?

উত্তৰঃ মণিপুৰৰ ৰজাক বন্ধুত্বৰ চীন হিচাপে তেওঁ দুটা হাতী দিছিল।

৪৭। তেওঁ কি কি ভাষা জানিছিল?

উত্তৰঃ বাৰ্মিজ, মণিপুৰী, চিংফৌ, খামতি, মিচিং, দেউৰী, নক্টে আদিকে ধৰি বহুকেইটা ভাষা জানিছিল।

৪৮। তেওঁ নিজ ৰাজ্য়ৰ উপৰিও আৰু কি কি ৰাজ্য়ৰ উন্নয়নমূলক কামত নিজকে জড়িত কৰিছিল?

উত্তৰঃ অৰুণাচল, মণিপুৰ, চিকিম, নাগালেণ্ড, মেগালয় আদি অঞ্চলৰ উন্নয়নমূলক কামত নিজকে জড়িত কৰিছিল।

৪৯। ৰাজকুমাৰ লংকেশ্বৰ গেহাঁইৰ ১০\১২ বছৰ বয়সত পৰিয়ালৰ সৈতে কলৈ উঠি যায়?

উত্তৰঃ চাবুৱালৈ উঠি যায়।

৫০। লংকেশ্বৰ গোহাঁই কেনে ধৰণৰ গুণৰ অধিকাৰী আছিল?

উত্তৰঃ সমাজক নেতৃত্ব দিব পৰা উপযুক্ত গুণৰ অধিকাৰী আছিল।

Type By-Jatin Nath

Post ID: DABP005424