Class 10 General Science Chapter 11 Short Answer | SEBA Class 10 General Science Chapter 11 হাজংসকল

 হাজংসকল

অধ্য়ায়-১১

৭। গাৰো ভাষাত ‘হা’ আৰু ‘জং’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘হা’ আৰু ‘জং’ শব্দৰ অৰ্থ হ’ল মাটি আৰু পোক।

২। তেওঁলোক ঘাইকৈ ক’ত ক’ত বাস কৰে?

উত্তৰঃ তেওঁলোক গোৱালপাৰা, ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচাৰ মহকুমাত বসবাস কৰে।

৩। নৃতাত্ত্বিকসকলৰ মতে হাজংসকল কি জনগোষ্ঠী?

উত্তৰঃ ইণ্ডো-মংগোলীয়ৰ গোষ্ঠীৰ। 

৪। হাজং নামৰ উৎপত্তি কেনেকৈ হৈছিল?

উত্তৰঃ জনশ্ৰুতি অনুসৰি হাজংসকল এসময়ত ‘হাজং’ নামৰ ভূখণ্ডৰ পৰা প্ৰব্ৰজিত হৈ অহাৰ কাৰণে এই জনগোষ্ঠীৰ নাম হাজং হৈছিল।

            দ্বিতীয়তে তেওঁলোকৰ পূৰ্বপুৰুষজনৰ নাম আছিল হাজো; এই হাজোৰ জন বা বংশ লোক হিচাপে এই জনগোষ্ঠীৰ নাম হাজং হয় বুলি মতপোষণ কৰা হয়।

                তৃতীয় মত অনুসৰি হাজং শব্দটো প্ৰতিৱেশী গাৰোসকলেহে দিয়া নাম।

৫। হাজংসকলৰ মূল জিৱীকা কি

উত্তৰঃ কৃষি।

১। হাজংসকল প্ৰধানত কি ধৰ্মাৱলম্বী?

উত্তৰঃ হিন্দু ধৰ্মাৱলম্বী।

৬। হাজং নামকৰণ কোনে কিয় কৰে?

উত্তৰঃ সমতল ভূমিৰ দ মাটিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা দেখি গাৰোসকলে এই জনগোষ্ঠীক হাজং নামকৰণ কৰে।

৮। হাজংসকল পূৰ্বতে সামাজিক ৰূপত কেইটা ভাগত বিভক্ত আছিল? আৰু কি কি?

উত্তৰঃ ছয়টা ভাগত। যেনেঃ ১) হাৰাং পাহাৰীয়া ২) ভজালু পাহাৰীয়া ৩) মানিক পাহাৰীয়া ৪) টেপৰ পাহাৰীয়া ৫) সাতদল পাহাৰীয়া আৰু ৬) মাঞ্জি পাহাৰীয়া।

৯। হাজংসকলৰ ঘৰ-বাৰী কেনেকুৱা?

উত্তৰঃ হাজংসকলৰ ঘৰ-বাৰী মুকলিমূৰীয়া। 

১০। হাজংসকল কি পন্থী?

উত্তৰঃ বৈষ্ণৱ পন্থী।

১৯। তেওঁলোকৰ মূল দেৱতা কি কি?

উত্তৰঃ তেওঁলোকৰ পূজ্য় দেৱ-দেৱীৰ ভিতৰত বৈইশ বা বাস্তুদেউ মূল দেৱতা।

১১। বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত কি কি থাকে?

উত্তৰঃ বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত হৰিঘৰ আৰু তুলসীৰ থান থাকে।

১৩। ‘বানা’ কি?

উত্তৰঃ’বানা’ হ’ল পৰম্পৰাগতভাৱে তৈয়াৰী কৰা বাঁহৰ তাঁত।

১৪। হাজং মহিলাসকলে পূৰ্বৰে পৰা ব্য়ৱহাৰ কৰা দুই এপদ অলংকাৰৰ নাম লিখা।

উত্তৰঃ তেওঁলোকে পূৰ্বৰে পৰা ব্য়ৱহাৰ কৰা দুই এপদ অলংকাৰ হ’ল― বাহুত কাটাবাজু, ভৰিত বাক, গুঞ্জৰি, ঠেংপাতা, কাণত কৰমফুল, নাকত নলছ, নাকফুল, ডিঙিত চিকিছৰা, হাৰমালা, হাছুলী, হাতত বয়লা, শাঁকা, (শঙ্খ ) আৰু আঙুলিত আঙঠি।

১৫। হাজং পুৰুষসকলে পোন্ধমাৰি কঁকালত পিন্ধা আঠুমূৰীয়া চুৰিয়াখৰ নাম কি?

উত্তৰঃ‘ ভেঝা নিংটি ‘।

১৬। হাজং সমাজত কেইপ্ৰকাৰৰ বিবাহ সম্পন্ন হয়? আৰু কি কি?

উত্তৰঃ চাৰি প্ৰকাৰৰ। যেনেঃ ১) সামাজিক বিয়া ( চাই-মেলি কৰা বিয়া ) ২) দায় পৰা বা ঠেংপাংৰানি( বাধ্য়ত পৰি ছোৱালীৰ স্ত্ৰী হিচাপে গ্ৰহণ কৰা ) ৩) মনামনি বিয়া ( ল’ৰা-ছোৱালীয়ে পৰস্পৰ ভাল পাই হোৱা বিয়া ) ৪) হাঙা বা সাঙা ( বিধৱাৰ আৰু বৰলাৰ মাজত হোৱা বিয়া )।

১৭। হাজংসকল মূলত কি জীৱী?

উত্তৰঃ হাজংসকল মূলত কৃষিজীৱী।

১২। হাজংসকলে পৰাম্পৰাগতভাৱে কাপোৰ বোৱা পদ্ধতি বা যন্ত্ৰৰ নাম কি?

উত্তৰঃ ‘বানা ‘।

১৮। হাজংসকল কি ধৰ্মালম্বীৰ লোক?

উত্তৰঃ হিন্দু ধৰ্মালম্বী।

২১। হাজংসকলৰ অতি প্ৰিয় খাদ্য় কি কি?

উত্তৰঃ বাঁহগাজ, কচু আলু, কচুৰ পাত আৰু থোৰা, হিদুল( শুকান মাছ ), শাক-পাতৰ শকুতা, কাছ-ডুৰা-মাছাং ( মঙহ ), লেবা-শাক ( চাউলৰ গুৰিৰে ৰন্ধা তৰকাৰী), বিচি ভাত ( ভাপত বনোৱা বৰা চাউলৰ ভাত ), বুকনি ভাত, ডিংপোৰা ( কাক’ বাঁহৰ চুঙাত বনোৱা বৰা চাউলৰ ভাত ) এইবোৰ তেওঁলোকৰ অতি প্ৰিয় খাদ্য়।

২২। হাজং ভাষা কোন শাখাৰ অৰ্ন্তভুক্ত?

উত্তৰঃ হাজং ভাষা তিব্বত-বৰ্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অৰ্ন্তভুক্ত।

২৩। বৈষ্ণৱ পন্থী হাজংসকলে কি কি উৎসৱ-পাৰ্বণ উদযাপন কৰে?

উত্তৰঃ জন্মাষ্টমী, ৰাধা অষ্টমী, ৰাসযাত্ৰা, দৌলযাত্ৰা আদি উদযাপন কৰে।

২৪। হাজংসকল ধৰ্ম আচৰণৰ দিশত কেইটা শ্ৰেণীত বিভক্ত?

উত্তৰঃ দুই শ্ৰেণীত বিভক্ত। যেনে- ১) হাজং শাক্ত আৰু ২) খাটল ( বৈষ্ণৱ )।

২৫।খাটল শ্ৰেণীৰ লোকসকল কিহত বিশ্বাসী।

উত্তৰঃ এওঁলোক বৈষ্ণৱ আচৰণত বিশ্বাসী।

৩০। হাজংসকলে কেইটা সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে আৰু কি কি?

উত্তৰঃ তিনিটা সমাজ বান্ধোনেৰে সমাজ পৰিচালনা কৰে যেনেঃ ১) গাঁও গিয়াতি, ২) পাঁচ গিয়াতি আৰু ৩) জোৱাৰ বা চাকলা।

২৬। সাম্প্ৰতিক কালত হাজংসকলৰ ভাষাত কি কি উপভাষাৰ প্ৰভাৱ লক্ষ্য় কৰা হয়।

উত্তৰঃ কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ প্ৰভাৱ লক্ষ্য় কৰা হয়।

২৭। হাজংসকল বৃহৎ আঞ্চলিক গোট হিচাপে কেইটা ভাগত পোৱা যায় আৰু কি কি ?

উত্তৰঃ পাঁচ ভাগত ভগোৱা হয়।এইবোৰ হ’লঃ ১) দহ কাহানীয়া ২) ছুছঙী ৩) মছপাহাৰীয়া ৪) কাৰাইবাৰীয়া ৫) বাৰ’হাজাৰী।

২৮। কিমান চনত হাজংসকল অনুসূচীত জিলা হিচাপে স্বীকৃতি আছিল?

উত্তৰঃ ১৯৫০ চনত।

২০।  বৈইশ বা বাস্তুদেউ পূজা কি মাহত অনুষ্ঠিত হয়?

উত্তৰঃ বহাগ মাহত অনুষ্ঠিত হয়।

২৯। হাজংসকল বৰ্তমান অসমৰ কোন কোন জিলাত সংখ্য়কভাৱে সিচঁৰিত হৈ বসবাস কৰি আছে?

উত্তৰঃ বৰ্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, কামৰূপ বাস্কা, ওদালগুৰি, চিৰাং, দৰং, লখিমপুৰ, ধেমাজী, নগাঁও আদি জিলাত সিচঁৰিত হৈ বসবাস কৰি আছে।

Type By- Jatin Nath

Post ID: DABP005698