Class 10 General Science Chapter 9 Short Answer | SEBA Class 10 General Science Chapter 9 ৰাভাসকল Short Answer |

 ৰাভাসকল

অধ্য়ায়-৯

৯। ৰাভা সমাজ পোনতে কি প্ৰধান আছিল?

উত্তৰঃ ৰাভা সমাজ মাতৃপ্ৰধান আছিল।

১। ৰাভাসকলে ক’ত ক’ত বসবাস কৰি আহিছে?

উত্তৰঃ নেপাল, ভূটান, মেঘালয়, বাংলাদেশ, আৰু ভাৰতবৰ্ষৰ বিভিন্ন দেশৰ লগতে অসমৰ বিভিন্ন জিলা一কোকৰাঝা, বঙাইগাঁও, চিৰাং, বাক্সা, ওদালগুৰি, ৃকামৰূপ, শোণিতপুৰ, গোলাঘাট, নগাঁও, ডিব্ৰুগড়, ধেমাজী, শিৱসাগৰ আদি জিলাৰ বিভিন্ন ঠাইত তেওঁলোক বসবাস কৰি আহিছে। 

৩। ৰাভা নিজস্ব ভাষা আছেনে?

উত্তৰঃ আছে। 

৪। ৰাভা ভাষাৰ অভিধান ইতিমধ্য়ে কেইখন প্ৰকাশ হৈছে?

উত্তৰঃ  দুখন প্ৰকাশ হৈছে।

৫। ৰাভা ভাষা উত্তৰণৰ সোণালী যোগক কি বুলি কোৱা হয়?

উত্তৰঃ ‘চাম্পায়’ আৰু ‘প্ৰাক্ চাম্পায়’ বুলি কোৱা হয়।

৬। কোনখন আলোচনীৰ বাবে ৰাভা ভাষাৰ জীৱন্ত হৈ উঠে?

উত্তৰঃ ‘চাম্পায়’ আলোচনীৰ জৰিয়তে।

৭। ৰাভা ভাষাৰ পষেকীয়া বাতৰি কাকতখনৰ নাম কি?

উত্তৰঃ ‘চিঙি খুৰাং’।

২। মঙ্গোলীয় ফৈদৰ ৰাভাসকল সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত সেইকেইটা কি কি?

উত্তৰঃ সেইকেইটা হ’ল- ৰংদানী, পতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি।

৮। এই কাকতখন কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ ২০০৫ চনত।

১০। ৰাভাসকল কিহত চহকী? 

উত্তৰঃ নিজস্ব কলা-সংস্কৃতিত।

১১। ৰাভাসমাজ কিহেৰে ভপূৰ?

উত্তৰঃ ৰাভাসমাজ লোকগীত, লোকসাধু, লোকবিশ্বাস আৰু লোক-সংস্কৃতিৰে ভৰপূৰ।

১২। ৰাভা কৃষ্টি-সংস্কৃতিত অতীজৰে পৰা চলি অহা প্ৰতীক কি?

উত্তৰঃ ‘মানচালেংকা’ বা ‘মাছৰোকা’ চৰাই।

১৩। বুৰঞ্জীৰ মতে সোতৰ শতিকাৰ দ্বিতীয় দশকত ‘ছাম্ভোৰ’ ৰাজ্য়ৰ ৰজা কোন আছিল?

উত্তৰঃ ৰাজবীৰ পৰশুৰাম ৰাভা। 

১৪। ৰাভাসকলৰ প্ৰধান দেৱতা কোন?

উত্তৰঃ ৰিছি বা মহাদেৱ।

১৫। ৰাভাসকল কিহৰ উপাশক?

উত্তৰঃ ৰাভাসকল জড় উপাশক।

১৬। অতীতৰে পৰা ৰাভাসকলে কিয় বায়খো দেবী আৰু খোক্ছি দেবীক পূজা কৰি আহিছে? 

উত্তৰঃ অখ্য়ান মতে বায়-খোক্চি নামৰ দুই বাই ভনী দেবীৰ পৰাই বায়খো দেবী আৰু খোক্ছি দেবীৰ পূজা কৰে।

১৭। ৰাভা জাতিক কিয় ক্ষত্ৰিয় বুলি কোৱা হয়?

উত্তৰঃ যুদ্ধ-বিগ্ৰহ ভাল পোৱা বাবে।

১৮। ৰাভাসকলৰ যিমান শাখা আছে তাৰ ভিতৰত কোনে কোনে ৰাভা ভাষা জানে?

উত্তৰঃ ৰংদানী, মায়তৰী, আৰু কোচ ৰাভাসকলেহে জানে।

১৯। ৰাভাসকলৰ শাখাৰ ভিতৰত কোনে কোনে ৰাভা ভাষা নাজানে?

উত্তৰঃ পাতি, দাহৰি, হানা, আদিয়ে, ৰাভা ভাষা নাজানে।

২০। ৰাভাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিৰ 

উত্তৰঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাজেন ৰাভা, ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাম, সংগ্ৰামী নেত্ৰী ড° বীৰুবালা ৰাভা।

২১। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কিমান চনত ক’ত জন্ম হৈছিল? 

উত্তৰঃ ১৯৩১ চনৰ ৩১ জানুৱাৰীত ঢাকা মহানগৰীৰ সেনা ছাউনীত।

২৩। বিষ্ণুপ্ৰসাদ ৰাভা কি নামেৰে জনাজাত?

উত্তৰঃ ‘কলাগুৰু’ নামেৰে জনাজাত। 

৩০। এবছৰ কাল তেওঁ ক’ত সংস্কৃত আৰু বাংলা ভাষা আয়ত্ত কৰিছিল? 

উত্তৰঃ অসম বংগীয় সাৰস্বত আশ্ৰম’ৰ ঋষি বিদ্য়ালয়ত। 

২৪। বিষ্ণুপ্ৰসাদ ৰাভাই খেলাৰ উপৰিও আৰু কি কি কাম কৰে?

উত্তৰঃ তেওঁ খেলাৰ উপৰিও সুন্দৰ গীত গায়, নাচে, অভিনয় কৰে, চিত্ৰ আকে।

২৫। কিমান চনত তেওঁৰ ছাত্ৰ জীৱনৰ অন্ত পৰিছিল?

উত্তৰঃ ১৯৩১ চনত।

২৬। তেওঁ লিখা মূল্য়ৱান গ্ৰন্থকেইখনৰ নাম লিখা?

উত্তৰঃ ‘সোণপাহী’, ‘মিচিং কনেং’, ‘অসমীয়া কৃষ্টিৰ চমু আভাস’, ‘অতীত  অসম’ আদি।

২৭। বিষ্ণুপ্ৰসাদ ৰাভাৰ শেষত কাৰ লগত বিবাহ হৈছিল?

উত্তৰঃ মোহিনী ৰাভাৰ স’তে। 

২৮। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কিমান চনত মৃত্য়ু ঘটিছিল?

উত্তৰঃ ১৯৬৯ চনৰ ২০ জুনৰ দিনা।

২২। বিষ্ণুপ্ৰসাদ ৰাভা কাৰ পুত্ৰ?

উত্তৰঃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ আৰু গেথী বালা ৰাভাৰ পুত্ৰ।

২৯। ৰাজেন ৰাভা কিমান চনত ক’ত জন্ম হৈছিল?

উত্তৰঃ ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত জন্ম হৈছিল।

৩১। ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ কিমান চনত ক’ত জন্ম হৈছিল? 

উত্তৰঃ ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত তেখেতৰ জন্ম হৈছিল।

৩২। প্ৰসন্ন পামৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰঃ পিতৃৰ নাম কমল কুমাৰ ৰাভা আৰু মাতৃ নাম দাখেল বালা ৰাভা।

৪০। তেওঁক কিমান চনত ডক্টেৰেট ডিগ্ৰী প্ৰদান কৰিছিল?

উত্তৰঃ ২০১৫ চনত।

৩৩। কোনখন নাটকৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈছিল?

উত্তৰঃ ‘দদান বীৰ’ নাটকৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈছিল।

৩৪। কিমান চনত কাৰ লগত প্ৰসন্ন পামৰ বিবাহ হৈছিল?

উত্তৰঃ ১৯৫২ চনত অমনী বালা ৰাভা স’তে বিবাহ হৈছিল।

৩৬। ড° বীৰুবালা ৰাভা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ১৯৪৯ চনত।

৩৭। ড° বীৰুবালা ৰাভাৰ পিতৃ আৰু মাতৃৰ নাম কি? 

উত্তৰঃ পিতৃৰ নাম কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা।

৩৮। তেওঁ কিমান বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল?

উত্তৰঃ তেওঁ ১৫ বছৰ বয়সত বিবাহ পাশথ আৱদ্ধ হৈছিল।

৩৯। বীৰুবালা ৰাভাই লাভ কৰা দুটা বটাৰ নাম লিখা।

উত্তৰঃ বীৰুবালা ৰাভাই  ২০০৫ চনতঃ শান্তিৰ নৱেল বঁটালৈ মনোনয়ন আৰু

                                        ২০১১ চনত ঃ উৰ্মিলা দাস মেমোৰিয়েল বঁটা।

৩৫। তেওঁ কেইজন সন্তানৰ পিতৃ আছিল?

উত্তৰঃ তেওঁ চাৰিজন ল’ৰা আৰু তিনিজনী ছোৱালী সন্তানৰ পিতৃ আছিল।

Type By- Jatin Nath