Class 10 Geography Book Chapter 1 ভূ-আকৃতিক প্ৰক্ৰিয়া Short Question Answer Type

১। মহাদেশকেইখনত কি কি আছে? 

উত্তৰঃ মহাদেশকেইখনত পাহাৰ-পৰ্বত, মালভূমি, নদী, উপত্য়াকা আদি অৱয়ৱ আছে।

২। মহাসাগৰত কি কি আছে?

উত্তৰঃ মহাসাগৰত পানীত বুৰ গৈ থকা অৱস্থাত বিভিন্ন আকাৰ-আকৃতিৰ উচ্চভূমি আৰু নিম্নভূমি আছে।

৩। পৃথিৱীৰ উপৰিভাগক কিহে বৈচিত্ৰ্য়পূৰ্ণ কৰি তুলিছে?

উত্তৰঃ পূথিৱীৰ উপৰিভাগক নানা আকাৰ-আকৃতিৰ আৱয়ৱে পৃথিৱীৰ উপৰিভাগক বৈচিত্ৰ্য়পূৰ্ণ কৰি তুলিছে।

৪। ভূ-আকৃতিক বিজ্ঞান কাক বোলা হয়?

উত্তৰঃ ভূগোলৰ বিশেষ শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰম বিকাশ, আকাৰ-আকৃতি আৰু বিতৰন সম্বন্ধে অধ্য়য়ন কৰে তাকে ভূ-আকৃতিক বিজ্ঞান বোলা হয়।

৫। বাহ্য়িক কাৰক মানে কি?

উত্তৰঃ যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সংঘটিত হয়, তাকে বাহ্য়িক কাৰক বোলে

৬। কেইটামান বাহ্য়িক কাৰকৰ নাম লিখা?

উত্তৰঃ বতাহ, বৰষুণ, নদ-নদী, বিমবাহ,সাগৰৰ ঢৌ আদি প্ৰধান।

৭। আভ্য়ন্তৰীণ কাৰক মানে কি?

উত্তৰঃ যিবোৰ কাৰকে আমি নেদেখাকৈ ভিতৰৰ পালৰ পৰা  ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সংঘটিত কৰায়, তাকে আভ্য়ন্তৰীণ কাৰক বোলে।

৮। কেইটামান আভ্যন্তৰীন কাৰকৰ নাম লিখা?

উত্তৰঃ ভূমিকম্প, আগ্নেয়গিৰি, উদিগৰণকে সামৰি লোৱা হয়।

৯। ভূ-আকৃতিক প্ৰক্ৰিয়াবোৰৰ ভিতৰত দুটা প্ৰধান প্ৰক্ৰিয়া কি কি?

উত্তৰঃ বতাহ আৰু হিমবাহ।

১০। বতাহে মৰুভূমিত কি কি কাৰ্য সম্পাদন কৰে?

উত্তৰঃ বতাহে মৰুভুমিত খনন, পৰিৱহন আৰি অৱক্ষেপন এই তিনিটা কাৰ্য সম্পাদন কৰে।

১১। অবনমন কাক বোলে?

উত্তৰঃ বতাহে কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপোক্ষিকাভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক অবনমন বোলে। 

১২। বালিয়াৰি বা বালিৰ পাহাৰ কাক বোলে?

উত্তৰঃ মৰুভূমিত বতাহে কঢ়িয়াই নি ধূলি-বালিবোৰ য’ত জমা কৰে, সেই অংশটো ক্ৰমে ওখ হ’বলৈ ধৰে। এনেদৰে জমা হোৱা ধূলি-বালিবোৰ শেহলৈ পাহাৰৰ ৰূপ লয়। সাধাৰণতে বালিৰে গঠিত হোৱাৰ কাৰণে এনে পাহাৰক বালিয়াৰি বা বালিৰ পাহাৰ বোলে।

১৩। অনুদৈৰ্ঘ্য় বালিয়াৰি কাক বোলে?

উত্তৰঃ কিছুমান বালিয়াৰি বতাহৰ দিশত দীঘলীয়াকৈ গঠিত হয় ইয়াক অনুদৈৰ্ঘ্য় বালিয়াৰি বোলে।

১৪। অনুপ্ৰস্থ বালিয়াৰি কাক বোলে?

উত্তৰঃ কিছুমান বালিয়াৰি আকৌ পথালিকৈ বতাহৰ দিশৰ লগত প্ৰায় লম্বভাৱে গঠিত হয় তেনেবোৰক অনুপ্ৰস্থ বালিয়াৰি বোলে।

১৫। বাৰখান কাক বোলে?

উত্তৰঃ মৰুভূমিত কেতিয়াবা পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰ সৃষ্টি হয় এইবোৰক বাৰখান বোলে।

১৬। অপঘৰ্ষণ কাক বোলে?

উত্তৰঃ মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল-বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাট কৰি সেইবোৰত অবক্ষয় ঘটায়। ঘৰ্ষণৰ যোগেদি কৰা এইধণৰ ক্ষয়কাৰ্যক অপঘৰ্ষণ বালা হয়।

১৭। ইনছেলবাৰ্গ কি?

উত্তৰঃ ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। 

১৮। সংনিঘৰ্ষন কাক বোলে?

উত্তৰঃ বতাহৰ দ্বাৰা পৰিবাহিত শিল-বালিবোৰৰ মাজততো পাৰস্পৰিক ঘৰ্ষনৰ সৃষ্ট হয়। এইদৰে পাৰস্পৰিক ঘৰ্ষণৰ ফলত শিলবোৰ ভাঙি-চিঙি টুকুৰা-টুকুৰ হোৱা প্ৰক্ৰিয়াকে সংনিঘৰ্ষণ বোলা হয়। 

১৯। ভূ-পৃষ্ঠত থকা বৰফ স্তূপবোৰে কিমান নিযুত ঘন কিল’মিটাৰ পৰিমাণৰ পানী বৰফ আকাৰে জমা কৰি ৰাখিছে?

উত্তৰঃ প্ৰায় ২৯ নিযুত ঘন কিল’মিটাৰ পৰিমাণৰ পানী।

২০। হিমবাহ কাক বোলে?

উত্তৰঃ দুই মেৰু আৰু সুউচ্চ পৰ্বত শিংগ ওপৰ ভাগত বৃস্তিতভাৱে জমা হৈ থকা বৰফসমূহ ভূমিৰ ঢাল অনুসৰি ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলে।

২১। হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ?

উত্তৰঃ হিমবাহ প্ৰধানকৈ তিনি প্ৰকাৰৰ যেনে- (ক) মহাদেশীয় হিমবাহ ( খ ) পাৰ্বত্য় হিমবাহ বা আল্পীয় হিমবাহ বা উপত্য়াকা হিমবাহ ( গ ) গিৰিপদ বা শৈলপদী হিমবাহ

২২। মহাদেশীয় হিমবাহবোৰ ক’ত ক’ত বিয়পি আছে?

উত্তৰঃ মহাদেশীয় হিমবাহবোৰ উত্তৰ কানাডা, গ্ৰীণলেণ্ড, স্কান্দিনেভিয়া, এন্টাৰ্কটিকা আদিত বিয়পি আছে।

২৩। পাৰ্বত্য় হিমবাাহ ক’ত ক’ত বিদ্য়মান?

উত্তৰঃ পাৰ্বত্য় হিমবাহ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়া মহাদেশৰ, হিমালয় পাৰ্বত্য় অঞ্চলত বিদ্য়মান।

২৪। গিৰিপদ হিমবাহ কাক বোলে?

উত্তৰঃ কেতিয়াবা কেইবাটাও উপত্য়কা হিমবাহ পাৰ্বত্য় অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত বিয়পি পৰে। গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হয় কাৰণে এনে হিমবাহক গিৰিপদ হিমবাহ বা শৈলপদী হিমবাহ বোলে।

২৫। এই প্ৰকাৰৰ হিমবাহ ক’ত দেখা যায়। 

উত্তৰঃ এই প্ৰকাৰৰ হিমাবহ উত্তৰ আমেৰিকাৰ আলাস্কাত দেখা যায়

২৬। পৰ্বতৰ শীৰ্ষাংশ শংকুৰ ৰূপ কেনেকৈ লয়?

উত্তৰঃ কোনো এখন পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ বৈ গ’লে সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ শাৰ্ষাংশ শংকুৰ ৰূপ লয়।

২৭। ছুইছ আল্পছত থকা এটা শিংগৰ নাম লিখা?

উত্তৰঃ মেটাহৰ্ণ। 

২৮। ওলোমা উপত্য়কা কাক বোলে?

উত্তৰঃ হিমবাহে সৃষ্টি কৰা অন্য় এক ক্ষয়জনিত অৱয়ৱ হৈছ্ ওলোমা উপত্য়কা। সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে। মূল হিমবাহৰ উপত্য়কা তুলনামূলকভাৱে ডাঙৰ আৰু দ। উপহিমবাহৰ উপত্য়কা সৰু আৰু কম দ। য’ত আহি উপহিমবাহ মূল হিমবাহৰ লগ লাগে, তাতে স্বাবাৱিক কাৰণতে উপহিমবাহৰ উপত্য়কাটো মূল হিমবাহৰ উপত্য়কাৰ ওপৰত ওলমি থকা যেন লাগে। সেয়ে উপহিমবাহৰ উপত্য়কাটোক ওলোমা উপত্য়কা বুলি কোৱা হয়।

২৯। নদীৰ দৰে হিমবাহে কি কাৰ্য কৰে?

উত্তৰঃ নদীৰ দৰে হিমবাহে অৱক্ষেপন কাৰ্য কৰে।

৩০। গ্ৰাব কাক বোলে?

উত্তৰঃ হিমবাহে বৰফৰ উপৰি অন্য় বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য় পদাৰ্থ বোৰক সামগ্ৰিকভাৱে গ্ৰাব বোলে।

৩১। গ্ৰাব কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ গ্ৰাব চাৰি প্ৰকাৰৰ সেইবোৰ হ’ল পাৰ্শ্বগ্ৰাব, ভূমিগ্ৰাব, মধ্য়গ্ৰাব, প্ৰান্তগ্ৰাব।

৩২। পাৰ্শ্বগ্ৰাব কাক বোলে?

উত্তৰঃ সাধাৰণতে উটি অহা বৰফ আৰু হিমবাহ উপত্য়কাৰৰ থিয় গৰাৰ মাজৰ ঠেক অংশৰে গ্ৰাববোৰ উটি আহে। এনেকৈ উপত্য়কাৰ দাতিয়েদি উটি অহা গ্ৰাবক পাৰ্শ্বগ্ৰাব বোলে।

৩৩। ভূমিগ্ৰাব কাক বোলে?

উত্তৰঃ কিছুমান গ্ৰাব উপত্য়কা তলিয়েদি বাগৰি আহে। সেইবোৰক ভূমিগ্ৰাব বোলে। 

৩৪। মধ্য়গ্ৰাব কাক বোলে?

উত্তৰঃ কোনে ঠাইত দুটা হিমবাহ মিলিত হ’লে দুয়োটা হিমহবাহৰে পাৰ্শ্বগ্ৰাব একে লগ হৈ, সন্মিলিত ডাঙৰ হিমবাহটোৰ মধ্য়ভাগেদি উটি আহে। হিমবাহৰ মাজভাগেৰে উটি অহা এনে গ্ৰাবক মধ্য়গ্ৰাব বোলে।

৩৫। প্ৰান্তগ্ৰাব কাক বোলে?

উত্তৰঃ উচ্চভূমিৰ পৰা নামি অহা হিমবাহ য’ত গলিবলৈ ধৰে, তাতে গধুৰ গ্ৰাববোৰ জমা হ’বলৈ ধৰে। হিমবাহ এটাৰ শেষ সীমাত জমা হোৱাৰ কাৰণে এই গ্ৰাবক প্ৰান্ত গ্ৰাব বা অন্তিম গ্ৰাব বোলে।