Class 10 Geography Book Chapter 4 Sort Answer | SEBA Class 10 Geography Book Chapter 4 অসমৰ ভূগোল Short Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 4

 অসমৰ ভূগোল

অধ্য়ায় ৪

১) পলসুৱা মাটি কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ ঃ
 পলসুৱা মাটি দুই প্ৰকাৰৰ সেইয়া হ’ল নতুন পলসুৱা মাটি আৰু পুৰণা পলসুৱা মাটি ।

২) ১৯০১ চনত অসমৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ ঃ
 ১৯০১ চনত অসমৰ জনসংখ্যা ৩,২৮৯,৬৮০ আছিল।

৩) ১৯৪১ চনত ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ লোকে অসমত বাস কৰিছিল ?
উত্তৰ ঃ ১৯৪১ চনত ভাৰতৰ জনসংখ্যাৰ ২.১০ শতাংশ লোকে অসমত বাস কৰিছিল।

৪) সম্পদ প্ৰধানকৈ কি শ্ৰেণীত ভগাৱ পাৰি আৰু কি কি ?
উত্তৰ ঃ
 সম্পদ প্ৰধানকৈ দুই শ্ৰেণীত ভগাৱ পাৰি  সেয়া হ’ল প্ৰাকৃতিক সম্পদ আৰু মানৱ আৰু মানৱ-সৃষ্ট সম্পদ। 

৫) সম্পদৰ আনটো ভাগ কি ?
উত্তৰ ঃ
 সম্পদৰ আনটো ভাগ হ’ল মানৱ আৰু নামৱ-সৃষ্ট সম্পদ।

৬) ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোকে অসমত বাস কৰি আছে ?
উত্তৰঃ 
ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৬ শতাংশ লোকে অসমত বাস কৰি আছে ।

৭) মানৱ-সৃষ্ট সম্পদ কাক বুলিলে কি বুজা ?
উত্তৰ ঃ
 নিজৰ জ্ঞান, বৃদ্ধি, কৌশল আৰু দক্ষতাৰে মানুহে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ সম্পদ সৃষ্টি কৰে আৰু এনেবোৰ সম্পদক মানৱ-সৃষ্ট সম্পদ বুলি কোৱা হয়।

৮) নৱীকৰণীয় সম্পদ মানে কি ?
উত্তৰ ঃ
 সিবোৰ সম্পদ ভৌতিক, ৰাসায়নিক আৰু য়ান্ত্ৰিক প্ৰক্ৰিয়াৰে মৱীকৰণ অথবা নতুনকৈ উতপন্ন বা পুনঃ পূৰণ কৰিব পাৰি সেইবিলাকক নৱীকৰণীয় সম্পদ বোলে।

৯) অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমৃহ কি কি ?
উত্তৰ ঃ
 অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমৃহ হ’ল ভূমি, বন, খনিজ সম্পদ আৰু জলসম্পদ । 

১০) অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত অসমত মুঠ কিমান লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল ?
উত্তৰ ঃ
 অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত অসমত মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল ।

১১) অসমৰ উদ্যোগবোৰক কেইপ্ প্ৰকাৰে ভাগ কৰিব পাৰি ?
উত্তৰ ঃ
 অসমৰ উদ্যোগবোৰক পাচঁ প্ৰকাৰে ভাগ কৰিব পাৰি ।

১২) বৰ্তমান অসমত কিমান লাখতকৈও অধিক তাতঁশাল আছে?
উত্তৰ
 ঃ বৰ্তমান অসমত ১৩ লাখতকৈও অধিক তাতঁশাল আছে?

১৩) অসমত ২০১২ চনৰ তথ্য মতে মুঠ কিমান খন চাহ বাগিচা আছে ?
উত্তৰ ঃ
অসমত ২০১২ চনৰ তথ্য মতে মুঠ ৭৬৫ খন চাহ বাগিচা আছে ? 

১৪) বৰ্তমান অসমত কিমানটা তেল শোধানাগাৰ আছে আৰু কি কি ?
উত্তৰ ঃ
 বৰ্তমান অসমত চাৰিটা তেল শোধানাগাৰ আছে আৰু সেইকেইতটা হ’ল – ১) ডিগবৈ, ২) গুৱাহাটী, ৩) বঙাইগাঁও আৰু ৪) নুমলীগড় ।

১৫) ২০১২-১৩ বৰ্ষৰ তথ্যমতে অসমত মুঠ পথৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ ঃ
  ২০১২-১৩ বৰ্ষৰ তথ্যমতে অসমত মুঠ পথৰ দৈৰ্ঘ্য হৈছে ৫২০৯৯.২২ কিলোমিটাৰ ।

১৬) ভূমি কিহেৰে গঠিত ?
উত্তৰ ঃ
ভূমি চাৰি প্ৰকাৰৰ মৃত্তিকাৰে গঠিত।

১৭) মৃত্তিকা কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ ঃ
মৃত্তিকা চাৰি প্ৰকাৰে গঠিত সেয়া হ’ল (ক) নদী সমভূমিৰ পলসুৱা মৃত্তিকা, (খ) গিৰিপদ মৃত্তিকা, (গ) পাহাৰীয়া মৃত্তিকা আৰু (ঘ) কংকৰ মৃত্তিকা।

১৮) অসমৰ মুঠ কিমান হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় ?
উত্তৰঃ 
অসমৰ মুঠ ৩১৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় ।

১৯)অসমত পৰম্পৰাগতভাৱে কেই প্ৰকাৰৰ ৰেচম উতপাদন কৰা  হয় আৰু কি কি ?
উত্তৰঃ 
অসমত পৰম্পৰাগতভাৱে তিনি প্ৰকাৰৰ ৰেচম উতপাদন কৰা  হয় আৰু সেয়া হ’ল — এৰি, মুগা আৰু নুনী পাট।

২০) অসমত ১৯০১-১১ দশকত জনশংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ আছিল ?
উত্তৰ ঃ
 অসমত ১৯০১-১১ দশকত জনশংখ্যাৰ বৃদ্ধিৰ হাৰ ১৫.৯৯ শতাংশ আছিল।

Type : Dimpi Bora 

Post ID :DABP005790