Class 10 History Chapter 4 Short Answer | SEBA Class 10 History Chapter 4 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Short Answer | চমু প্ৰশ্ন উত্তৰ |

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্য়ায় ৪

১/ ছাত্ৰ সন্মিলনৰ মুখপত্ৰ কি আছিল?

উত্তৰঃ ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল – মিলন।

২/ কেতিয়া পৰা ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন আৰম্ভ হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৮ ফেব্ৰুৱাৰি তাৰিখৰ য়াণ্ডাবু সন্ধি মতে অসম ব্ৰক্ষদেশৰ ৰজাৰ হাতৰপৰা গৈ ইংৰাজৰ অধীন হয়। তেতিয়াৰপৰাই অসমত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিল।

৩/ কিমান চনৰ পৰা কোম্পানীৰ দিন বা কোম্পানীৰ আমোল আৰম্ভ হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ সময়ছোৱাক কোম্পানীৰ দিন বা কোম্পানী আমোল বুলি কোৱা হয়।

৪/  কাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত ১৮৫৭ চনত জ্ঞা প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল।

৫/  কাৰ নেতৃত্বত ‘অসমীয়া লিটাৰেৰী ছচাইটী’ গঠন হৈছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল।

৬/ এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্যচৰ্চা।

৭/ অঃ ভাঃ উঃ সাঃ সভা মানে কি আৰু কিমান চনত গঠিত হৈছিল?

উত্তৰঃ অঃ ভাঃ উঃ সাঃ সভা মানে হৈছে – অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু ১৮৮৮ চনত গঠিত হৈছিল।

৮/ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ জোনাকীৰ প্ৰথম সম্পাদক আছিল – চন্দ্ৰ কুমাৰ আগৰৱালা।

৯/ ইংগো-ব্ৰক্ষী যুদ্ধৰ অসম-পৰ্বৰ সূচনা আৰু সমাপ্তি কেতিয়া ঘটিছিল?

উত্তৰঃ ইংগো-ব্ৰক্ষী যুদ্ধৰ অসম-পৰ্বৰ সূচনা আৰু সমাপ্তি ১৮২৫ চনত হৈছিল।

১০/ লক্ষ্মীনাথ বেজবৰুৱাই কি কি ৰচনা কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘বীণ বৰাগী’ আদি ৰচনা কৰিছিল।

১১/ কিমান চনত ছাত্ৰ সন্মিলন গঠন হৈছিল?

উত্তৰঃ ১৯১৬ চনত ছাত্ৰ সন্মিলন গঠন হৈছিল।

১২/ যোৰহাট সাৰ্বজনিক সভা কিমান চনত স্থাপিত কৰা হৈছিল?

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজানিক সভা স্থাপিত কৰা হৈছিল।

১৩/ ৰায়ত সভা উদ্দেশ্য কি?

উত্তৰঃ ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

১৪/ কিমান চনত ছবিলাল উপাধ্যায়ে যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ১৮ এপ্ৰিল ১৯২১ চনত ছবিলাল উপাধ্যায়ে যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰিছিল।

১৫/ সদৌ অসম ৰায়ত সভা কিমান চনত গঠন কৰা হৈছিল?

উত্তৰঃ সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হৈছিল।

১৬/ কাৰ নেতৃত্বত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল।

১৭/ এই সভাৰ প্ৰথম অধিৱেশন কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল।

১৮/ সদৌ অসম আহোম এছচিয়েছন কিমান চনত নামাকৰণ কৰা হৈছিল?

উত্তৰঃ সদৌ অসম আহোম এছচিয়েছন ১৯১০ চনত নামাকৰণ কৰা হৈছিল।

১৯/ অসম আহোম এছচিয়েছনৰ ৰাজনৈতিক দাবী কি আছিল?

উত্ৰঃ অসম আহোম এছচিয়েছনৰ ৰাজনৈতিক দাবী আছিল – আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰমৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

২০/ ক’ত ক’ত ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল?

উত্তৰঃ শিৱসাগৰ আৰু দৰঙত ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল।

২১/ এই সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ এই সভাৰ সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা।

২২/ সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ হল –

(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা

(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু

(৩) জনসাধাৰণৰ অৱস্থা উন্নতি সাধন কৰা।

২৩/ সাৰ্বজনিক সভাৰ মূল কাৰ্যাৱলীসমূহ উল্লেখ কৰা?

উত্তৰঃ সাৰ্বজনিক সভাৰ মূল কাৰ্যাৱলীসমূহ তলত উল্লেখ কৰা হল-

(১) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্য়ৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

(২) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল।

(৩) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।

২৪/ আছাম এছচিয়েছনৰ অনুষ্ঠানটো কেতিয়া জন্ম হৈছিল?

উত্তৰঃ ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল।

২৫/ ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এছচিয়েছনৰ প্ৰথমখন অধিৱেশনৰ ৰজা কোন আছিল?

উত্তৰঃ ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এছচিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল।

২৬/ আছাম এছচিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ উল্লেখ কৰা?

উত্তৰঃ আছাম এছচিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হল –

(১) পৌৰসভাত  চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(২) এছচিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(৩) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্য়ৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

২৭/ তেওঁ কিমান খ্ৰীষ্টাব্দলৈকে অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল?

উত্তৰঃ তেওঁ ১৯১৪ খ্ৰীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল।

২৮/ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আৰু সম্পাদক কোন আছিল?

উত্তৰঃ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।

২৯/ বিষ্ণুৰাম মেধিয়ে কিমান চনৰ পৰা সভাপতিৰ কাৰ্যভাৰ চলাইছিল?

উত্তৰঃ বিষ্ণুৰাম মেধিয়ে ১৯৩০ চনৰ পৰা ১৯৩৯ চনলৈ সভাপতিৰ কাৰ্যভাৰ চলাইছিল।

৩০/ ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক অম্বিকাগিৰীয়ে ৰচনা কৰিছিল।

৩১/ কাৰ কাৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল?

উত্তৰঃ ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল।

৩২/ ব্য়ামফিল্ড ফুলাৰক হত্য়া কৰাৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ ১৯০৬ খ্ৰীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্য়ামফিল্ড ফুলাৰক হত্য়া কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল।

৩৩/ এই সন্দৰ্ভত পুলিচে কাক জেৰা কৰিছিল?

উত্তৰঃ এই সন্দৰ্ভত পুলিচে অম্বিকাগিৰীক জেৰা কৰিছিল।

৩৪/ পুলিচৰ গুলিচালনাত কিমান গৰাকীলোকৰ ছহিদ হৈছিল?

উত্তৰঃ পুলিচৰ গুলিচালনাত ২৭ গৰাকী লোকৰ ছহিদ হৈছিল।

৩৫/ চৰকাৰে হাতত লোৱা প্ৰধান জনহিতকৰ কাম কেইটা কি কি?

উত্তৰঃ চৰকাৰে হাতত লোৱা প্ৰধান জনহিতকৰ কাম কেইটা হল –

(১) অসমীয়া ভাষা-সাহিত্য কলিকতা বিশ্ববিদ্য়ালয়ৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ পাঠ্য়ক্ৰমত অন্তৰ্ভুক্ত কৰা।

(২) কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা।

(৩) ব্ৰক্ষপুত্ৰ উপত্যকাত মৌজাদাৰী ব্য়ৱস্থা পুনৰ প্ৰয়োগ কৰা।

(৪) মাটিত কুৰিদফীয়া বন্দোৱস্তিৰ প্ৰৱৰ্তন কৰা ইত্যাদি।

৩৬/ অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত জন্ম আৰু কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনত জন্ম আৰু ১৯৬৭ চনত মৃত্য়ু হৈছিল।

৩৬/ কত কত জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে?

উত্তৰঃ গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে।

৩৭/ কিমান তাৰিখে ‘তিলক সোঁৱৰণী স্কুল’ প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠা বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্ৰতিষ্ঠা কৰা হৈছিল।

৩৮/ কিমান গৰৰাকী সতীৰ্থ সহ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ যাত্ৰা কৰিছিল?

উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চত সৰোজিনী নাইদু  প্ৰমুখ্য়ে মুঠ ৭৮ গৰাকী সতীৰ্থ সহ গান্ধীজীয়ে সৱৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ প্ৰায় ২৪০ মাইল দূৰত্ব যাত্ৰা কৰিছিল।

৩৯/ কাৰ কাৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্য়াগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য় প্ৰদৰ্শন কৰিছিল।

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল।

৪০/ ‘ভাৰত ত্য়াগ’ আন্দোলন কেতিয়া ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় সংগ্ৰেছ কমিটিয়ে বোম্বাইত বিখ্য়াত ‘ভাৰত ত্য়াগ’ আন্দোলনৰ ঘোষণা কৰিছিল।

৪১/ কুশল কোঁৱৰক কত ফাঁচি দিয়া হৈছিল?

উত্তৰঃ সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল।

৪২/ শিলচৰ মেডিকেল কলেজ কিমান তাৰিখে স্থাপিত কৰা হৈছিল?

উত্তৰঃ ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপিত হৈছিল।

৪৩/ মৃত্য়ুবৰণ কৰাসকলৰ ভিতৰত কম বয়সীয়া ছোৱালীজনীৰ নাম কি আছিল? 

উত্তৰঃ মৃত্য়ুবৰণ কৰাসকলৰ ভিতৰত কম বয়সীয়া ছোৱালীজনীৰ নাম কনকলতা বৰুৱা।

৪৪/  কিমান চনত পশু মহাবিদ্য়ালয় আৰু কৃষি মহাবিদ্য়ালয় প্ৰতিষ্ঠা কৰা হৈছে?

উত্তৰঃ ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্য়ালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্য়ালয় প্ৰতিষ্ঠা কৰা হৈছিল।

৪৫/ বিশ্ববিদ্য়ালয়ৰ মূল উদ্দেশ্য়সমূহ আলোচনা কৰা?

উত্তৰঃ বিশ্ববিদ্য়ালয়ৰ মূল উদ্দেশ্য়সমূহ চমুকৈ তলত দিয়া হলঃ

(১) কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ।

(২) উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।

(৩) প্ৰযুক্তিবিদ্য়াৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা।

(৪) কৃষিখণ্ডত প্ৰযুক্তিবিদ্য়াৰ ব্য়ৱহাৰ প্ৰসাৰিত কৰা।

(৫) কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য় ৰক্ষা কৰা আৰু খাদ্য়ৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা।

৪৬/ কিমান তাৰিখে গুৱাহাটী বিশ্ববিদ্য়ালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰিছিল?

উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্য়ালৰ প্ৰথমখন আদৰণি সভা (কৰ্ট সভা)ৰ দিনটোকে বিশ্ববিদ্য়ালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্য়ালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰপৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্য়ালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়। বৰ্তমান বিশ্ববিদ্য়ালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত।

৪৭/ প্ৰথমখন চিকিৎসা মহাবিদ্য়ালয় কত স্থাপন কৰা হৈছিল?

উত্তৰঃ প্ৰথমখন চিকিৎসা মহাবিদ্য়ালয় ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল।

৪৮/ ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ কত স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল।

৪৯/ ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে বিদ্য়ালয়খনক আনুষ্ঠানিকভাৱে কি নামেৰে নামাকৰণ কৰা হৈছিল?

উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে বিদ্য়ালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্য়ালয় নামেৰে নামাকৰণ কৰা হৈছিল।

৫০/ ১৯৫৯ চনত ৰাজ্য় চৰকাৰে দ্বিতীয়খন চিকিৎসা মহাবিদ্য়ালয় স্থাপন বাবে কোনে কোনে যো-জা কৰিছিল?

উত্তৰঃ ১৯৫৯ চনত ৰাজ্য় চৰকাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহা, বিত্তমন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ আৰু তেতিয়াৰ স্বাস্থ্য়মন্ত্ৰী ৰূপনাথ ব্ৰক্ষৰ নেতৃত্বত অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্য়ালয়  স্থাপনৰ যো-জা কৰিছিল।

৫১/ কিমান তাৰিখে চিকিৎসা মহাবিদ্য়ালয় অধ্য়ক্ষ এছ এন শৰ্মাক পাঠদান আৰম্ভ কৰিবলৈ সকলো যাৱতীয় সা-সুবিধাৰ ব্য়ৱস্থা কৰিবলৈ  দায়িত্ব অৰ্পণ কৰিছিল?

উত্তৰঃ ১৯৬০ চনৰ ২৬ জুন তাৰিখে ৰাজ্য় চৰকাৰৰ এক নিৰ্দেশ মৰ্মে অসম চিকিৎসা মহাবিদ্য়ালয় (ডিব্ৰুগড়)ৰ তেতিয়াৰ অধ্য়ক্ষ এছ এন শৰ্মাক পাঠদান আৰম্ভ কৰিবলৈ সকলো যাৱতীয় সা-সুবিধাৰ ব্য়ৱস্থা কৰিবলৈ  দায়িত্ব অৰ্পণ কৰিছিল।

৫২/ কিমান তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্টম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল।

Type – Boby Bora

Post ID: DABP005104