Class 10 Political Science Book Chapter 1 Short Answer | SEBA Class 10 Political Science Book Chapter 1 ভাৰতীয় গনতন্ত্ৰ Short Answer | চমু প্ৰশ্ন উত্তৰ |


ভাৰতীয় গনতন্ত্ৰ

প্ৰথম অধ্য়ায় 

১/ পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কোনখন যুক্তৰাষ্ট্ৰত হৈছিল ? 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল।

২/ আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ স্বাধীনতা লাভ কৰাৰ আগতেই হৈছিল। 

৩/ আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কেতিয়া আৰম্ভ হৈছিল ? 

উত্তৰঃ স্বাধীনতা লাভ কৰাৰ আগতে। 

৪/ সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোন আছিল ? 

উত্তৰঃ ড° সচ্ছিদানন্দ সিন্হাই। 

৫/ সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত এই সভাৰ মুঠ কিমান খন বৈঠক বহিছিল ? 

উত্তৰঃ ১১ খন বৈঠক  বহিছিল। 

৬/ ভাৰতবৰ্ষই কিমাণ চনত বৃহৎ গনতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল ?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে।

৭/ খচৰা কমিটিখনৰ অধ্য়ক্ষ কোন আছিল ? 

উত্তৰঃ ড° বি আৰ আম্বেদকাৰ আছিল। 

৮/ সংবিধান খচৰা কমিটিৰ সদস্য়সকল কোন কোন লিখা ? 

উত্তৰঃ ১) ড° বি আৰ আম্বেদকাৰ (সভাপতি) (২) এন গোপালস্বামী আয়েংগাৰ (৩) আলাদি কৃষ্ণস্বামী আয়াৰ (৪) কে এম মুন্সি (৫) চৈয়দ মহম্মদ চাদুল্লা (৬) এন মাধৱ ৰাও (৭) ডি পি খৈটান।

৯/ সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোনখন ৰাষ্ট্ৰক কৈছে ?  

উত্তৰঃ সাৰ্বভৌম ৰাষ্ট্ৰ বুলি ভাৰতবৰ্ষ ৰাষ্ট্ৰক  কোৱা হৈছে। 

১০/ ব্ৰিটিছ চৰকাৰে কিমান চনৰ আৰু কি মাহত ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠালে ? 

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত পঠালে।  

১১/ গৃহভূমি বুলি কোনখন যুক্তৰাষ্ট্ৰক কোৱা হৈছে ? 

উত্তৰঃগৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হৈছিল। 

১২/ প্ৰকৃততে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দটো কি শব্দৰ পৰা আহিছে ? 

উত্তৰঃ লেটিন শব্দৰ পৰা আহিছে। 

১৩/ এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে কিহৰ প্ৰয়োজন ?

উত্তৰঃ এখন সংবিধানৰ প্ৰয়োজন। 

১৪/ কিমান চনত ‘ছাৰকাৰিয়া আয়োগ’ গঠন কৰা হৈছিল ? 

উত্তৰঃ ১৯৮৩ চনত । 

১৫/ ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠাইছিল ? 

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত। 

১৬/ কেবিনেট মিছন কি ? 

উত্তৰঃ কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। 

১৭/ খচৰা কমিটি কেতিয়া গঠন হৈছিল ? 

উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্টতত।  

১৮/ প্ৰস্তাৱনাত থকা গুৰুত্ৱপূৰ্ণ শব্দ কেইটা ? 

উত্তৰঃ ৫টা।

১৯/  কিমান চনত ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল ? 

উত্তৰঃ ১৯৩৫ চনত। 

২০/ ভাৰতৰ সংবিধানখন কিমান চনৰ কিমান তাৰিখে বলৱৎ কৰা হয় ? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। 

  

Type by- Subhas Nath