Class 11 Advance Assamese Short Question Answer Chapter 1 | প্ৰহ্লাদ চৰিত্ৰ

১। প্ৰাক শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য় কবি নাম কি ?

উত্তৰঃ হেম সৰস্বতী ।

২। হেম সৰস্বতীৰ কি অসমীয়া সাহিত্য়ৰ প্ৰথম লিখিত কাব্য়-নিদৰ্শন ?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ ।

৩।  এখন সৰু বৰ্ণনাত্মক কাব্য় নাম লিখা ?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ । 

৪। দানৱৰাজ হিৰণ্য়কশিপুৰ পুতেকৰ নাম কি ?

উত্তৰঃ প্ৰহ্লাদ ।

৫। প্ৰহ্লাদ কাৰ ভক্ত আছিল ?

উত্তৰঃ বিষ্ণু ভক্ত আছিল ।

৬। কোন খন পুৰাণত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্ৰহ্লাদৰ বিষ্ণুৰভক্তিৰ বিৱৰণ পাবলৈ নাই?

উত্তৰঃ প্ৰাপ্ত আৰু প্ৰকাশিত বামন পুৰাণখনত।

৭। মাতঙ্গ শব্দৰ অৰ্থ কি ?

উত্তৰঃ মাতঙ্গ শব্দৰ অৰ্থ হ’ল মতা হাতী ।

৮। হেম সৰস্বতীয়ে কি পুৰাণ চাই হিৰণ্য়কশিপু আৰু প্ৰহ্লাদৰ তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্য়কশিপু বধলৈ বৰ্ণনা কৰিছে ?

উত্তৰঃবামন পুৰাণ চাই । 

৯। মলচখু শব্দৰ অৰ্থ কি ?

উত্তৰঃ বেয়া বা লেতেৰা দৃষ্টি।

১০। নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়কশিপুক কিহেৰে বধ কৰিছিল  ?

উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়কশিপুক নখেৰে বধ কৰিছিল ।

১১। তৰাস শব্দৰ অৰ্থ কি ?

উত্তৰঃতৰাস শব্দৰ অৰ্থ হ’ল ভয় । 

১২।  দানৱৰজা হিৰণ্য়কশিপুৰ বধ কাৰ হাতত হৈছিল ?

উত্তৰঃ নৰসিংহৰূপী বিষ্ণুৰ হাতত হৈছিল ।

১৩। ফটিক শব্দৰ অৰ্থ কি ?

উত্তৰঃ বৰ বগা বহুমূলীয়া পাথৰ ।

১৪। কাৰ তেজে বসুন্ধৰা তল যায় ?

উত্তৰঃ হিৰণ্য়কশিপুৰ তেজে বসুন্ধৰা তল যায় ।

১৫।  হেম সৰস্বতী কবিয়ে কমতাধিপতি দুৰ্লভ নাৰায়ণৰ ৰাজ্য়ত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ৰচনা কৰা দুখন কাব্য়গ্ৰন্থৰ নাম কি ?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী-সংবাদ ।

১৬। প্ৰহ্লাদ চৰিত্ৰ কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ কৰিতাটো ৰচনা কৰিছিল ।

১৭। নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়কশিপুক বধ কোনতো সময়ত মাৰিছিল?

উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়শিপুক বধ সন্ধিয়া সময়ত মাৰিছিল ।

১৮। জোজন শব্দৰ অৰ্থ কি ?

উত্তৰঃ আঠ মাইল দূৰত্ব ।

১৯। বিষ্ণুয়ে হিৰণ্য়কশিপুক মাৰিবলৈ কি ৰূপ গ্ৰহন কৰিছিল ?

উত্তৰঃ বিষ্ণুয়ে হিৰণ্য়কশিপুক মাৰিবলৈ নৰসিংহ ৰূপ গ্ৰহন কৰিছিল ।

২০। হিৰণ্য়কশিপু কাৰ ৰজা আছিল ?

উত্তৰঃ হিৰণ্য়কশিপু অসুৰৰ সকলৰ ৰজা আছিল ।