Class 11 Advance Assamese Short Question Answer Chapter 1 | শঙ্কৰদেৱৰ বাল্য়কাল

১। শঙ্কৰদেৱৰ বাল্য়কালৰ কথাখিনি কৰ পৰা লোৱা হৈছে ?

উত্তৰঃ শঙ্কৰদেৱৰ বাল্য়কালৰ কথাখিনি গুৰুচৰিতৰ পৰা লোৱা হৈছে ।

২। কচ্ছপ শব্দৰ অৰ্থ কি ?

উত্তৰঃ কচ্ছপ শব্দৰ অৰ্থ হ’ল কাছ ।

৩। শংকৰদেৱৰ পিতৃ নাম কি ?

উত্তৰঃ শংকৰদেৱৰ পিতৃ নাম হ’ল কুসুম্বৰ শিৰোমণি ভূঞা ।

৪। খগচৰ নগধৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ খগচৰ নগধৰ শব্দৰ অৰ্থ হ’ল পৃথিৱী, পাতাল,বৈকুণ্ঠ,স্বৰ্গ ।

৫। আহোমসকলে অসম অধিকাৰ কৰাৰ পূৰ্বে উজনিৰ উত্তৰ ভাগৰ কেইটা খণ্ড কৰি সেইবোৰৰ একো একোজন অধিপতি হৈছিল ?

উত্তৰঃ বাৰটা খণ্ড কৰি ।

৬। সিধা শব্দৰ অৰ্থ কি ?

উত্তৰঃ ৰান্ধি খাবৰ নিমিত্তে দিয়া কেঁচা খাদ্য়বস্তুসসমূহ ।

৭। কুসুম্বৰ ভূঞা কি ভূঞাৰ বংশধৰ ?

উত্তৰঃ বাৰ ভূঞাৰ বংশধৰ ।

৮। ৰিচ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ৰিচ শব্দৰ অৰ্থ হ’ল ঋক্ মন্ত্ৰ ।

৯। শংকৰদেৱৰ বিৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ হৰিচন্দ্ৰোপাখ্য়ান ।

১০। আওতাই শব্দৰ অৰ্থ কি ?

উত্তৰঃ আওতাই শব্দৰ অৰ্থ হ’ল অঁতাই, প্ৰস্তুত কৰি ।

১১। পাসৰি শব্দৰ অৰ্থ কি ?

উত্তৰঃ পাসৰি শব্দৰ অৰ্থ হ’ল পাহৰি ।

১২। সূৰ্যবৰৰ পত্নী নাম কি ?

উত্তৰঃ সূৰ্যবৰৰ পত্নীৰ নাম হ’ল খেৰশুতি ।

১৩। ছাত্ৰশাল শব্দৰ অৰ্থ কি ? 

উত্তৰঃ পঢ়াশালি ।

১৪। পিহ্ৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃপিহ্ৰা শব্দৰ অৰ্থ হ’ল পীড়া ।

১৫। কুসুমদেউ সম্পূৰ্ণ নামটো কি ?

উত্তৰঃ কুসুমদেউৰ সম্পূৰ্ণ নামটো হৈছে কুসুম্বৰ শিৰোমণি ভূঞা ।

১৬। ছৱাটি শব্দৰ অৰ্থ কি ?

উত্তৰঃ ছৱাটি শব্দৰ অৰ্থ হ’ল ল’ৰাটি ।

১৭। দাবি দি শব্দৰ অৰ্থ কি ?

উত্তৰঃ দাবি দি শব্দৰ অৰ্থ হ’ল ধমক দি ।

১৮। মাৰ্কণ্ডেয় পুৰাণৰ ৭ম আৰু ৮ম অধ্য়ায়ৰ আধাৰত ৰচিত কি গ্ৰন্থত বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছিল ?

উত্তৰঃ হৰিচন্দ্ৰোপাখ্য়ান ।

১৯। বটা শব্দৰ অৰ্থ কি ?

উত্তৰঃ বটা শব্দৰ অৰ্থ হ’ল এবিধ সৰু চৰাই ।

২০। বাটি শব্দৰ অৰ্থ কি ?

উত্তৰঃ বাটি শব্দৰ অৰ্থ হ’ল ভগাই দিয়া ।