Class 11 Advance Assamese Short Question Answer Chapter 2 | ভ্ৰষ্টলগ্ন

১। নিৰুপমা বৰগোহাঞি জন্ম ক’ত হৈছিল ?

উত্তৰঃ নিৰুপমা বৰগোহাঞি জন্ম হৈছিল গুৱাহাটীত ।

২। জলক-তবক শব্দৰ অৰ্থ কি ?

উত্তৰঃ জলক-তবক শব্দৰ অৰ্থ হ’ল ভালকৈ মনিব নোৱৰা; ধোঁৱা-কোঁৱা দেখা ।

৩। একাধাৰে গল্পকাৰ, ঔপন্য়াসিক আৰু নিবন্ধকাৰ কোন আছিল ?

উত্তৰঃ নিৰুপমা বৰগোহাঞি আছিল । 

৪।লেপলেপাই চেপচেপাই শব্দৰ অৰ্থ কি ?

উত্তৰঃ লেপলেপাই চেপচেপাই শব্গৰ অৰ্থ হ’ল লাগ-বান্ধ নোহোৱাকৈ ।

৫। নিৰুপমা বৰগোহাঞি উল্লেখযোগ্য় গল্পপুথি কেইখনৰ নাম কি ?

উত্তৰঃ নিৰুপমা বৰগোহাঞি উল্লেখযোগ্য় গল্পপুথি কেইখনৰ নাম হ’ল অনেক আকাশ, জীৱন আৰু ফেণ্টাচী, নিৰুপমা বৰগোহাঞিৰ শ্ৰেষ্ঠ গল্প আৰু নিৰুপমা বৰগোহাঞিৰ গল্প-সমগ্ৰ ।

৬। মেহনত শব্দৰ অৰ্থ কি ?

উত্তৰঃ মেহনত শব্দৰ অৰ্থ হ’ল পৰিশ্ৰম । 

৭। নিৰুপমা বৰগোহাঞি অসমীয়া সাহিত্য়ৰ এগৰাকী কি আছিল ?

উত্তৰঃ শ্ৰেষ্ঠ সাহিত্য়িক আছিল ।

৮। জিজ্ঞাসা শব্দৰ অৰ্থ কি ?

উত্তৰঃ জিজ্ঞাসা শব্দৰ অৰ্থ হ’ল জানিবৰ ইচ্ছ; প্ৰশ্ন; সোধা কাৰ্য ।

৯। নিৰুপমা বৰগোহাঞি উল্লেখযোগ্য় উপন্য়াসসমূহৰ নাম কি ?

উত্তৰঃ নিৰুপমা বৰগোহাঞি উল্লেখযোগ্য় উপন্য়াসসমূহৰ নাম হ’ল সেই নদী নিৰৱধি, এজন বঢ়া মানুহ, দিনৰ পিছত দিন, হৃদয় এটা নিৰ্জন দ্বীপ, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, অন্য় জীৱন আৰু অভিযাত্ৰী ।

১০। কোনখন উপন্য়াসৰ বাবে শ্ৰীমতী নিৰুপমা বৰগোহাঞিয়ে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ অভিযাত্ৰী উপন্য়াসৰ বাবে শ্ৰীমতী নিৰুপমা বৰগোহাঞিয়ে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ।

১১। নিৰুপমা বৰগোহাঞিয়ে কিমান চনত সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৯৬ চনত নিৰুপমা বৰগোহাঞিয়ে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ।

১২। কিমান চনত নিৰুপমা বৰগোহাঞিয়ে অসম উপত্য়কা সাহিত্য় বঁটা লাভ কৰে ?

উত্তৰঃ ২০০৩ চনত ।

১৩। ইংৰাজী আৰু অসমীয়া সাহিত্য়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্ৰীমতী বৰগোহাঞিয়ে কিমান চনৰ পৰা কিমান চনলৈ স্কুল আৰু কলেজত শিক্ষকতা কৰিছিল ?

উত্তৰঃ ১৯৫৪ চনৰ পৰা ১৯৬৬ চনলৈ স্কুল আৰু কলেজত শিক্ষকতা কৰিছিল ।

১৪। ভ্ৰষ্টলগ্ন শীৰ্ষক গল্পটি প্ৰথমতে কি বাণীত প্ৰকাশিত হৈছিল ? 

উত্তৰঃ ভ্ৰষ্টলগ্ন শীৰ্ষৰ গল্পটি প্ৰথমতে অসম বাণীত প্ৰকাশিত হৈছিল ।

১৫। নিৰুপমা বৰগোহাঞিয়ে কিমান চনত জন্ম হৈছিল ?

 উত্তৰঃ নিৰুপমা বৰগোহাঞিয়ে ১৯৩২ চনত জন্ম হৈছিল ।

১৬। দিলীপ চন্দন সম্পাদিতে ভ্ৰষ্টলগ্ন গল্পটি কি নামৰ সংকলনত সংকলিত হয় ?

উত্তৰঃ অসম বাণীৰ শ্ৰেষ্ঠ গল্প নামৰ সংকলনত সংকলিত হয় ।

১৭। প্ৰগতিশীল, মানৱতাবাদী লেখিকা নিৰুপমা বৰগোহাঞিৰ গল্পৰ অন্য়তম বৈশিষ্ট্য় কি ?

উত্তৰঃ নাৰীবাদী চিন্তাৰ প্ৰকাশ ।

১৮। প্ৰদীপ ক’ত থাকে ?

উত্তৰঃ প্ৰদীপ কাশ্মীৰত থাকে।

১৯। মঞ্জুলাৰ কিমান বছৰ আছিল ?

উত্তৰঃমঞ্জুলাৰ বিশ বছৰ আছিল ।

২০। ‘ভ্ৰষ্টলগ্ন’ত গল্পটিত কি চিন্তাৰ সুন্দৰ প্ৰকাশ ঘটিছে ?

উত্তৰঃ নাৰীবাদী চিন্তাৰ সুন্দৰ প্ৰকাশ ঘটিছে ।