Class 11 Advance Assamese Short Question Answer Chapter 3 | অংকীয়া নাটৰ ৰস-বিচাৰ 

১।  ডসত্য়েন্দ্ৰনাথ শৰ্মা অসম সাহিত্য় সভাৰ কি আছিল ?

উত্তৰঃ  ডসত্য়েন্দ্ৰনাথ শৰ্মা অসম সাহিত্য় সভাৰ সভাপতি আছিল ।

২। আলঙ্গাৰিক শব্দৰ অৰ্থ কি ?

উত্তৰঃ  আলঙ্গাৰিক শব্দৰ অৰ্থ হ’ল অংকাৰ শাস্ত্ৰৰ আলোচক-পণ্ডিত ।

৩। ৰস কেই প্ৰকাৰৰ ?

উত্তৰঃ ৰস ন প্ৰকাৰৰ ।

৪। ন বিধ ৰসৰ নাম কি কি ?

উত্তৰঃ ন বিধ ৰসৰ নাম হ’ল শৃঙ্গাৰ, হাস্য়,  কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বীভৎস আৰু শান্ত ।

৫। অৰুণৰাগ শব্দৰ অৰ্থ কি ?

 উত্তৰঃ অৰুণৰাগ শব্দৰ অৰ্থ হ’ল সূৰ্যৰ ৰঙা বৰণ ।

৬। সুৰাসুৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ সুৰাসুৰ শব্দৰ অৰ্থ হ’ল দেৱতা আৰু দৈত্য়সকল । 

৭। ভগৱান কৃষ্ণৰ প্ৰতি ভক্তৰ ৰতি কেই প্ৰকাৰৰ ভক্তিৰসত পৰিণত হয় ?

উত্তৰঃ পাঁচ প্ৰকাৰৰ ।  

৮। প্ৰপন্নজনতাৰণ শব্দৰ অৰ্থ কি ?

উত্তৰঃ প্ৰপন্নজনতাৰণ শব্দৰ অৰ্থ হ’ল শৰণাগত বা ভক্তিমন্তজনক উদ্ধাৰ কৰোঁতা ।

৯। কায়ক্লেশ শব্দৰ অৰ্থ কি ?

উত্তৰঃ কায়ক্লেশ শব্দৰ অৰ্থ হ’ল দৈহিক কষ্ট । 

১০। ডসত্য়েন্দ্ৰনাথ শৰ্মা কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ডসত্য়েন্দ্ৰনাথ শৰ্মা ১৯১৭ চনত জন্ম হৈছিল ।

১১। ডসত্য়েন্দ্ৰনাথ শৰ্মা কিমান চনত কটন কলেজত অসমীয়া বিভাগৰ অধ্য়াপনাৰ কামত সোমায় ?

উত্তৰঃ ১৯৪২ চনত ।

১২। বৰিষ শব্দৰ অৰ্থ কি ?

উত্তৰঃ বৰিষ শব্দৰ অৰ্থ হ’ল বৰ্ষ, বছৰ ।

১৩। ডসত্য়েন্দ্ৰনাথ শৰ্মা কিমান চনত মৃত্য়ু হয় ?

উত্তৰঃ ১৯৯৯ চনত ।

১৪। ডসত্য়েন্দ্ৰনাথ শৰ্মা দেৱে তেওঁৰ গ্ৰন্থ ‘ৰামায়ণৰ ইতিবৃত্ত’ৰ বাবে কিমান চনত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৮৮ চনত ।

১৫। পাঁচ প্ৰকাৰৰ ভক্তিৰসৰ নাম কি কি ?

উত্তৰঃ শান্ত ভক্তিৰস, বাৎসল্য় ভক্তিৰস, দাস্য় ভক্তিৰস, সখ্য় ভক্তিৰস আৰু শৃঙ্গাৰাত্মক ভক্তিৰস ।

১৬। বাৎসল্য় ভক্তিৰসৰ নাট কেইখনৰ নাম কি ?

উত্তৰঃ অৰ্জুন-ভঞ্জন, চোৰ-ধৰা, পিম্পৰা-গুচুৱা, আদি ।

১৭। কোনে কীৰ্ত্তনৰ ৰাসক্ৰীড়া বৰ্ণনা প্ৰসঙ্গত লিখিছিল ?

উত্তৰঃ মহাপুৰুষ শঙ্কৰদেৱে লিখিছিল ।

১৮। দাসৰূপ ভক্ত আৰু স্বামীৰূপ কৃষ্ণক  অৱলম্বন বিভাবৰূপে লৈ নাট ৱা কাব্য় ৰচিত হ’লে কি ভক্তিৰস সৃষ্টি কৰিব ?

উত্তৰঃ দাস্য়ভবাত্মক ভক্তিৰস সৃষ্টি কৰিব ।

১৯। ডসত্য়েন্দ্ৰনাথ শৰ্মা দেৱে কিমান চনৰ পৰা গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ অসমীয়া বিভাগৰ অধ্য়াপক আছিল ?

উত্তৰঃ ১৯৪২ চনত ।

২০। ডসত্য়েন্দ্ৰনাথ শৰ্মা দেৱে  আধুনিক ভাৰতীয় ভাষা বিভাগৰ কাৰ আসনৰ অধ্য়াপক ৰূপে নিযুক্ত হয় ?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আসনৰ অধ্য়াপক ৰূপে নিযুক্ত হয় ।