Class 11 Advance Assamese Short Question Answer Chapter 4 | পানেশৈ

১।আনন্দচন্দ্ৰ আগৰৱালা জন্ম কিমান চনৰ ক’ত হৈছিল ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা জন্ম হৈছিল ১৮৭৪ চনৰ শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত হৈছিল ।

২। আনন্দচন্দ্ৰ আগৰৱালা আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিি পৰা অৱসৰ লয় কিমান চনত ?

উত্তৰঃ ১৯২৯ চনত ।

৩। কোন  আছিল ‘জোনাকী’ আৰু ‘বিজুলী’ৰ প্ৰধান কবি, লেখক ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা আছিল জোনাকী আৰু বিজুলীৰ প্ৰধান কবি, লেখক ।

৪। খাটলি পীৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃ খাটলি পীৰা শব্দৰ অৰ্থ হ’ল এবিধ চাৰিচুকীয়া পীৰা ।

৫। কোনে ইংৰাজী পৰা ভালেখিনি কবিতা অসমীয়ালৈ অনুবাদ কৰিছে ?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা ইংৰাজী পৰা ভালেখিনি কবিতা অসমীয়ালৈ অনুবাদ কৰিছে ।

৬। নীলিমা পীৰা শব্দৰ অৰ্থ কি ?

উত্তৰঃ নীলা বৰণ ( নীলা বৰণীয়া পানী ) ।  

৭। আনন্দচন্দ্ৰ আগৰৱালা কবিতা পুথি খনৰ নাম কি ?

উত্তৰঃ জিলিকনি । 

৮। ভুৱন শব্দৰ অৰ্থ কি ?

উত্তৰঃ ভুৱন শব্দৰ অৰ্থ হ’ল পৃথিৱী । 

৯। কিমান চনত আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু হয় ?

উত্তৰঃ ১৯৩৯ চনত ।

১০। আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু ক’ত হৈছিল ?

উত্তৰঃ তেজপুৰত ।

১১। আনন্দচন্দ্ৰ আগৰৱালাই কিমান চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য় সভাৰ পঞ্চদশ অধিৱেশনত সভাপতিত্ব কৰে ?

উত্তৰঃ ১৯৩৪ চনত । 

১২।  ৰূপহী আইতী কিয় মৰিল ?

উত্তৰঃ বেজাৰত মৰিল ।

১৩।  পানেশৈ কবিতাটো কোনে ৰচনা কৰিছিল ? 

উত্তৰঃপানেশৈ কবিতাটো আনন্দচন্দ্ৰ আগৰৱালাই ৰচনা কৰিছিল ।

১৪। কোনে কোনে মিলি ধৰাধৰি কৰি ধৰিলে গানৰ সুৰ ?

উত্তৰঃ ঢৌৱে ঢৌৱে মিলি ।

১৫। সুগন্ধি গোলাপ ক’ত ফুলিছিল ?

উত্তৰঃ সুগন্ধি গোলাপ নিজানত ফুলিছিল ।

১৬। সুগন্ধি গোলাপ  ক’ত সৰি গৈছিল ?

উত্তৰঃ সুগন্ধি গোলাপ নিজানত  সৰি গৈছিল ।

১৭। নীলিমাৰ মাজত কি পদুমৰ পাহি আছিল ?

উত্তৰঃ সোণালী পদুমৰ পাহি আছিল ।

১৮। পানেশৈক বাপেকে কি পীৰাত বহি ভাত খাব দিছে ?

উত্তৰঃ খাটলি পীৰাত বহি ভাত খাব দিছে ।

 ১৯।  আনন্দচন্দ্ৰ আগৰৱালাক কি কোঁৱৰ হিচাবে জনা যায় ?

উত্তৰঃ ভাঙনি কোঁৱৰ  হিচাবে জনা যায় ।

২০। বাপেকে পানেশৈক গলত কি দি যাম বুলি কৈছে ?

উত্তৰঃ  বাপেকে পানেশৈক গলত হাৰ দি যান বুলি কৈছে ।