Class 11 Advance Assamese Short Question Answer Chapter 5 | পছোৱাৰ ডাক

১। প্ৰসন্নলাল চৌধুৰী কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ ১৮৯৮ চনত  প্ৰসন্নলাল চৌধুৰী জন্ম হৈছিল ।

২। প্ৰসন্নলাল চৌধুৰী কি মাহৰ কোন ঠাইত জন্ম হৈছিল ?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰী জানুৱাৰী মাহৰ পহিলা তাৰিখে পলাশবাৰীত ঠাইত জন্ম হৈছিল ।

৩। প্ৰসন্নলাল চৌধুৰীয়ে ক’ত প্ৰথমিক শিক্ষা লাভ কৰিছিল ?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰীয়ে পলাশবাৰীতে প্ৰথমিক শিক্ষা লাভ কৰিছিল ।

৪।প্ৰসন্নলাল চৌধুৰীয়ে ক’ত চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰিছিল ?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰীয়ে বৰপেটাৰ চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰিছিল ।

৫। পছোৱা শব্দৰ অৰ্থ কি ?

উত্তৰঃ পশ্চিমৰ পৰা পৃবলৈ বলা বেগী বতাহ ।

৬।প্ৰসন্নলাল চৌধুৰীয়ে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কোন কলেজত উচ্চ শিক্ষা লাভ কৰে ?

উত্তৰঃ কটন কলেজত উচ্চ শিক্ষা লাভ কৰে ।

৭। ৰক্তপত্ৰ  শব্দৰ অৰ্থ কি ?

উত্তৰঃ ৰক্তপত্ৰ  শব্দৰ অৰ্থ হ’ল ৰঙা পাত ।

৮। প্ৰসন্নলাল চৌধুৰীদেৱে কিমান চনত পলাশবাৰী মাইনৰ স্কুলত শিক্ষক হিচাপে নিযুক্ত হয় ?

উত্তৰঃ ১৯২৮ চনত পলাশবাৰী মাইনৰ স্কুলত শিক্ষক হিচাপে নিযুক্ত হয় ।

৯। প্ৰমত্ত শব্দৰ অৰ্থ কি ?

উত্তৰঃ প্ৰমত্ত শব্দৰ অৰ্থ হ’ল  অতিশয় উত্তেজিত ।

১০। কিমান চনৰ পৰা প্ৰসন্নলাল চৌধুৰীয়ে বৰপেটা বিদ্য়াুুপীঠত শিক্ষকতা কৰে ?

উত্তৰঃ ১৯৩১  চনৰ পৰা প্ৰসন্নলাল চৌধুৰীয়ে বৰপেটা বিদ্য়াুুপীঠত শিক্ষকতা কৰে ।

১১। বৰপেটাতেই বহু বছৰ ধৰি কি দায়িত্ব বহন কৰি অৱসৰ গ্ৰহণ কৰে ?

উত্তৰঃ প্ৰধান শিক্ষকৰ  দায়িত্ব বহন কৰি অৱসৰ গ্ৰহণ কৰে ।

১২। দুৰ্বাৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ দুৰ্বাৰ শব্দৰ অৰ্থ হ’ল বাধা দি ৰাখিব নোৱৰা ।

১৩। কৃতী শিক্ষক চৌধুৰী কি আছিল ?

উত্তৰঃ কৃতী শিক্ষক চৌধুৰী  আছিল একাধাৰে কবি, নাট্য়কাৰ, অভিনেতা, শৰীৰ চৰ্চাকাৰী আৰু সুদক্ষ চিকাৰী । 

১৪। প্ৰসন্নলাল চৌধুৰীৰ কাব্য়পুথি দুখনৰ নাম কি ?

উত্তৰঃ  প্ৰসন্নলাল চৌধুৰীৰ কাব্য়পুথি দুখনৰ নাম হ’ল অগ্নিমন্ত্ৰ আৰু চানেকি কবিতা ।

১৫। তমোৰাশি  শব্দৰ অৰ্থ কি ?

উত্তৰঃ তমোৰাশি শব্দৰ অৰ্থ হ’ল আন্ধাৰবোৰ । 

১৬। বিদ্ৰোহী সুৰৰ প্ৰাধান্য়ই কাৰ কবিতাসমূহ অধিক শক্তিশালী কৰি তুলিছে ?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰীৰ  কবিতাসমূহ অধিক শক্তিশালী কৰি তুলিছে ।

১৭। ব্য়ােম শব্দৰ অৰ্থ কি ?

উত্তৰঃ ব্য়ােম শব্দৰ অৰ্থ হ’ল আকাশ ।

১৮। প্ৰসন্নলাল চৌধুৰী কি নামে পৰিচিত ?

উত্তৰঃ প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি নামেৰে পৰিচিত ।

১৯। সিন্ধু শব্দৰ অৰ্থ কি ?

উত্তৰঃসিন্ধু শব্দৰ অৰ্থ হ’ল সাগৰ । 

২০। কিমান চনত প্ৰসন্নলাল চৌধুৰীৰ মৃত্য়ু হয় ?

উত্তৰঃ ১৯৮৬ চনত প্ৰসন্নলাল চৌধুৰীৰ মৃত্য়ু হয় ।