Class 11 Advance Assamese Short Question Answer Chapter 6 | চামুৰাই

১। ড০ মহেন্দ্ৰ বৰাৰ জন্ম কিমান চনৰ ক’ত হৈছিল ?

উত্তৰঃ ড০ মহেন্দ্ৰ বৰাৰ জন্ম ১৯২৯ চনৰ ডিব্ৰুগড়ৰ টিংখাঙত হৈছিল ।

২। ড০ মহেন্দ্ৰ বৰাই কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা কি সাহিত্য়ত এম এ পাছ কৰে ?

উত্তৰঃ  ড০ মহেন্দ্ৰ বৰাই কলিকতা বিশ্ববিদ্য়ালয়ৰ পৰা ইংৰাজী সাহিত্য়ত এম এ পাছ কৰে ।

৩। কোন কোন কলেজত ড০ মহেন্দ্ৰ বৰাই কিছুদিনৰ বাবে অধ্য়াপনা কৰিছিল  ?

উত্তৰঃ দৰং কলেজ আৰু কটন কলেজত  ড০ মহেন্দ্ৰ বৰাই কিছুদিনৰ বাবে অধ্য়াপনা কৰিছিল ।

৪। অসিজীৱী  শব্দৰ অৰ্থ কি ? 

উত্তৰঃ অসিজীৱী শব্দৰ অৰ্থ হ’ল  তৰোৱালৈ ধাৰণ কৰা; যুদ্ধ কৰাই  যাৰ জীৱিকা বা ধৰ্ম ।

 ৫। ড০ মহেন্দ্ৰ বৰাই গোৱালপাৰা আৰু বিলাসীপাৰা কলেজত কি ৰূপে কাৰ্যনিৰ্বাহ কৰে ?

উত্তৰঃ ড০ মহেন্দ্ৰ বৰাই গোৱালপাৰা আৰু বিলাসীপাৰা কলেজত অধ্য়ক্ষৰূপে কাৰ্যনিৰ্বাহ কৰে ।

 ৬। কিমান চনত ড০ মহেন্দ্ৰ বৰাই ডিব্ৰুগড়ৰ বিশ্ববিদ্য়ালয়ত অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অধ্য়াপক নিযুক্ত হয় ?

উত্তৰঃ ১৯৭৩ চনত ।

৭। চানুৰাই শব্দৰ অৰ্থ কি ? 

উত্তৰঃ চানুৰাই শব্দৰ অৰ্থ হ’ল জাপানৰ যুঁজাৰু জাতি, সৈনিক পুৰুষ । 

৮। ড০ মহেন্দ্ৰ বৰা কি কবি ?

উত্তৰঃ ড০ মহেন্দ্ৰ বৰা আধুনিক কবি । 

৯। মসীজীৱী  শব্দৰ অৰ্থ কি ? 

উত্তৰঃ মসীজীৱী  শব্দৰ অৰ্থ  হ’ল কেৰাণী ।

১০।  ড০ মহেন্দ্ৰ বৰাৰ কবিতা সংকলন কিখনৰ নাম কি ?

উত্তৰঃ  ড০ মহেন্দ্ৰ বৰাৰ কবিতা  সংকলন কিখনৰ নাম হ’ল ‘জাতিস্মৰ’, ‘এই নদীয়েদি’, ‘ৰূপৰ টিলিঙাৰ মাত’ আদি ।

১১। নকল-নবিছ শব্দৰ অৰ্থ কি ?

উত্তৰঃ নকল-নবিছ শব্দৰ অৰ্থ হ’ল আৰ্হি চাই কাকত আদি লিখা বিষয়া ।

১২। ছন্দ শাস্ত্ৰৰ বিষয়ে  ড০ মহেন্দ্ৰ বৰাই কি নামৰ দুখন গ্ৰন্থ ৰচনা কৰে ? 

উত্তৰঃ অসমীয়া কবিতাৰ ছন্দ আৰু অসমীয়া ছন্দশিল্প তত্ত্ব নামৰ দুখন গ্ৰন্থ ৰচনা কৰে ।

১৩। শেন শব্দৰ অৰ্থ কি ?

উত্তৰঃ শেন  শব্দৰ অৰ্থ হ’ল এজাতি ডাঙৰ চিকাৰী চৰাই; ইয়াত শক্তিশালি  বিদেশী শত্ৰুক বুজোৱা হৈছে।

১৪। ড০ মহেন্দ্ৰ বৰাৰ অনুবাদ গ্ৰন্থ কিখনৰ নাম কি ?

উত্তৰঃ ড০ মহেন্দ্ৰ বৰাৰ অনুবাদ গ্ৰন্থ কিখনৰ নাম হ’ল ডন কুইকচোট, গালিভাৰ আৰু নাল সাগৰৰ সাধু আদি ।

১৫। কি শাস্ত্ৰৰ কাব্য়িক অনুবাদ বৰাৰ পাণ্ডিত্য়ৰ অন্য়তম শ্ৰেষ্ঠ কৃতি ?

উত্তৰঃ গীতা শাস্ত্ৰৰ কাব্য়িক অনুবাদ বৰাৰ পাণ্ডিত্য়ৰ অন্য়তম শ্ৰেষ্ঠ কৃতি ।

১৬। ফিৰিঙি সেনা শব্দৰ অৰ্থ কি ?

উত্তৰঃ ফিৰিঙি শব্দৰ অৰ্থ হ’ল ভাৰতীয় আৰু ইউৰোপীয়ৰ মিশ্ৰিত বংশোদ্ভৱ জাতি আৰু সেই জাতিৰ সৈন্য় । 

১৭। ড০ মহেন্দ্ৰ বৰাই অসম সাহিত্য় সভাৰ পাঠশালা অধিৱেশৰ ( ১৯৮৭ ) তেওঁ কি আছিল ?

উত্তৰঃ ড০ মহেন্দ্ৰ বৰাই অসম সাহিত্য় সভাৰ পাঠশালা অধিৱেশৰ ( ১৯৮৭ ) তেওঁ সভাপতি আছিল ।

১৮। কিমান চনত ড০ মহেন্দ্ৰ বৰাৰ মৃত্য়ু হয় ?

উত্তৰঃ ১৯৯৭ চনত ড০ মহেন্দ্ৰ বৰাৰ মৃত্য়ু হয় ।

১৯। বুধ শব্দৰ অৰ্থ কি ?

উত্তৰঃ বুধ শব্দৰ অৰ্থ হ’ল বোৱাৰী, কইনা ।

২০। কিৰীটি শব্দৰ অৰ্থ কি ?

উত্তৰঃ মুকুট, শিৰোভূষণ, পাগুৰি ।