Class 12 Assamese Chapter 16 Short Question Answer | Class 12 Assamese Chapter 16 কৰুণতমShort Answer |

১। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা ।

উত্তৰ : ‘বনফৰিঙৰ ৰং’।

২। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাদেমি বঁটা লাভ কৰে ?

উত্তৰ : ‘সুদীৰ্ঘ দিন আৰু ঋতু’ গ্ৰন্থখনৰ বাবে।

৩। কৰণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে?

উত্তৰ ঃ ‘দিনৰ পাছত দিন’ নামৰ কাব্যপুথিত সংকলিত হৈছে।

৪। কৰুণতম কোন শ্ৰেণীৰ কবিতা ?

উত্তৰ : আধুনিক কবিতা ।

৫। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰ : নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত (১৯৯১) সভাপতিত্ব কৰিছিল।

৬। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে ক’ত জন্ম গ্রহণ কৰিছিল ?

উত্তৰ ঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে শিৱসাগৰত জন্ম গ্ৰহণ কৰিছিল।

৭। কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে কিহৰ গোন্ধত বিচাৰি পায় ?

উত্তৰ : কবি নিৰ্মলপ্ৰভা বৰদলৈয়ে আহিনৰ পথাৰৰ গোন্ধত দেউতাকক বিচাৰি পায় ৷

৮। কবিয়ে কিহৰ সুবাসত মাকক বিচাৰি পায় ?

উত্তৰ ঃ কবিয়ে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত মাকক বিচাৰি পায় ।

৯। করিয়ে কিহৰ সংশয়ত ভুগিছে?

উত্তৰ : কবিয়ে নিজৰ অস্বিত্বৰ সংশয়ত ভুগিছে।

(10) ডক্টৰ নিৰ্মল প্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে ?

উত্তৰ ঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

১০। নির্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা।

উত্তৰ : নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।

খ) চমু প্ৰশ্ন

১। নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা ।

উত্তৰ ঃ নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক তিনিখন গ্ৰন্থৰ নাম হ’ল : ‘দেৱী’, ‘শিৱ’আৰু ‘সূৰ্য’।

২। কৰুণতম’ আৰু ‘সুভাস’শব্দ দুটাৰ অৰ্থ লিখা ।

উত্তৰ : ‘কৰণতম’ শব্দৰ অৰ্থ হ’ল অধিক দুখজনক আৰু ‘সুভাস’শব্দটিৰ অৰ্থ হ’ল সুগন্ধ ।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ ঃ নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম হ’ল ঃ ‘বনফৰিঙৰ ৰং’, দিনৰ পাছত দিন’, আৰু ‘সুদীৰ্ঘ দিন আৰু ঋতু’।

৪। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰ ঃ নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথি হ’ল ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’।

৫। কৰুণতম’কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰ : ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল : আধুনিক কবিতাত নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষভাব আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকর্ষণ প্রকাশ পায় ৷

দ্বিতীয়তে, আধুনিক কবিতাত চুটি চুটি কাব্যিক বাক্য প্ৰয়োগ কৰা হয় ।

(গ) দীঘল প্রশ্ন

১। কৰুণতম’ কবিতাটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা ।

উত্তৰ : ‘কৰণতম’ কবিতাটিত কবিৰ মনত উদয় হোৱা অতীতৰ প্ৰতি দুখ বা কাৰুণ্য প্ৰকাশ পাইছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱাইছে। তেওঁৰ দেউতাক এজন খেতিয়াক আছিল বাবে যেতিয়া কবিয়ে আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া তাইৰ দেউতাকৰ কথা মনত পৰে। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসে কবিৰ মনত মাতৃ স্মৃতিও জাগ্ৰত কৰে। কবিৰ পিতৃ-মাতৃয়ে সিহঁতৰ কৰ্মৰ

জৰিয়তে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। সেয়া উপলব্ধি কৰি কবিৰ মনত দুখ উপজিছে। এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটিৰ বিষয়-বস্তুত কবিৰ মনৰ দুখ বা কাৰুণ্য প্ৰকাশ পাইছে। সেয়ে ‘কৰুণতম’ কবিতাটিৰ নামকৰণ সাৰ্থক হৈছে। ২। ‘কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্রকাশ নেকি বিচাৰ কৰা । H.S.2019,22 উত্তৰ : ‘কৰুণতম’ কবিতাটিত কবিৰ পিতৃ-মাতৃৰ প্ৰতি কবিৰ গভীৰতম শ্ৰদ্ধা প্ৰকাশ পাইছে। কবিতাটিত আমি পাওঁ যে কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া দেউতাৰ কথা মনত পৰে। কাৰণ কবিৰ দেউতাক এজন কৃষক আছিল। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ- স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাক এজনী শিপিনী আছিল। ইয়াৰ উপৰিও কবিৰ পিতৃ-মাতৃয়ে সময়ৰ বুকুত সিহঁতৰ অস্তিত্বৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বুলি করিয়ে স্বীকাৰ কৰিছে। এনেদৰে কবিতাটিত পিতৃ-মাতৃৰ প্ৰতি কবিৰ গভীৰ শ্রদ্ধা প্রকাশ পাইছে। ৩। কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা । উত্তৰ : ‘কৰুণতম’কবিতাটিত কবিৰ অন্তৰৰ গভীৰ । দুখবোধ প্রকাশ পাইছে। প্ৰথমতে, কবিয়ে নিজৰ দেউতাকক হেৰুৱা বাবে দুখ অনুভৱ কৰিছে। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল। সেয়ে কবিয়ে আহিনৰ গোন্ধ পালে দেউতাকৰ কথা মনত পৰে, লগে লগে তেওঁৰ মনকাৰুণ্যৰে ভৰি পৰে । দ্বিতীয়তে, কবিৰ মাকৰো মৃত্যু হৈছে। তাই এজনী শিপিনী আছিল। সেয়ে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত কবিৰ মনত আইৰ স্মৃতি জাগি উঠে। অর্থাৎ কবিৰ পিতৃ-মাতৃয়ে কবিৰ মনত সিহঁতৰ কাম-কাজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে দুখ অনুভৱ কৰি কৈছে যে তেওঁৰ পিতৃ- মাতৃয়ে কবিৰ বাবে সিহঁতৰ জীৱন কালৰ স্মৃতি ৰাখি থৈ গৈছে যদিও কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনো স্মৃতি ৰাখি থৈ যাব পৰা নাই বুলি আপেক্ষ কৰিছে। গতিকে দেখা যায় কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে। ৪। ‘কৰুণতম’ কবিতাত প্ৰকাৰান্তে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷ উত্তৰ : ‘কৰুণতম’কবিতাটিত প্ৰকাৰান্তে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ প্ৰকাশ হোৱা বুলি ক’ব পাৰি। কাৰণ— কবিয়ে গ্ৰাম্য জীৱনৰ প্ৰতি এক শ্রদ্ধাবোধ অনুভৱ জৰিয়তে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। সেয়া উপলব্ধি কৰি কবিৰ মনত দুখ উপজিছে।

এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটিৰ বিষয়-বস্তুত কবিৰ মনৰ দুখ বা কাৰুণ্য প্ৰকাশ পাইছে। সেয়ে ‘কৰুণতম’ কবিতাটিৰ নামকৰণ সাৰ্থক হৈছে।

২। ‘কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্রকাশ নেকি বিচাৰ কৰা ।

উত্তৰ : ‘কৰুণতম’ কবিতাটিত কবিৰ পিতৃ-মাতৃৰ প্ৰতি কবিৰ গভীৰতম শ্ৰদ্ধা প্ৰকাশ পাইছে।

কবিতাটিত আমি পাওঁ যে কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া দেউতাৰ কথা মনত পৰে। কাৰণ কবিৰ দেউতাক এজন কৃষক আছিল। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ- স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাক এজনী শিপিনী আছিল। ইয়াৰ উপৰিও কবিৰ পিতৃ-মাতৃয়ে সময়ৰ বুকুত সিহঁতৰ অস্তিত্বৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বুলি করিয়ে স্বীকাৰ কৰিছে।

এনেদৰে কবিতাটিত পিতৃ-মাতৃৰ প্ৰতি কবিৰ গভীৰ শ্রদ্ধা প্রকাশ পাইছে।

৩। কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা ।

উত্তৰ : ‘কৰুণতম’কবিতাটিত কবিৰ অন্তৰৰ গভীৰ । দুখবোধ প্রকাশ পাইছে।

প্ৰথমতে, কবিয়ে নিজৰ দেউতাকক হেৰুৱা বাবে দুখ অনুভৱ কৰিছে। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল। সেয়ে কবিয়ে আহিনৰ গোন্ধ পালে দেউতাকৰ কথা মনত পৰে, লগে লগে তেওঁৰ মনকাৰুণ্যৰে ভৰি পৰে ।

দ্বিতীয়তে, কবিৰ মাকৰো মৃত্যু হৈছে। তাই এজনী শিপিনী আছিল। সেয়ে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত কবিৰ মনত আইৰ স্মৃতি জাগি উঠে। অর্থাৎ কবিৰ পিতৃ-মাতৃয়ে কবিৰ মনত সিহঁতৰ কাম-কাজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে দুখ অনুভৱ কৰি কৈছে যে তেওঁৰ পিতৃ- মাতৃয়ে কবিৰ বাবে সিহঁতৰ জীৱন কালৰ স্মৃতি ৰাখি থৈ গৈছে যদিও কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনো স্মৃতি ৰাখি থৈ যাব পৰা নাই বুলি আপেক্ষ কৰিছে।

গতিকে দেখা যায় কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে।

৪। ‘কৰুণতম’ কবিতাত প্ৰকাৰান্তে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ৷

উত্তৰ : ‘কৰুণতম’কবিতাটিত প্ৰকাৰান্তে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ প্ৰকাশ হোৱা বুলি ক’ব পাৰি। কাৰণ—

কবিয়ে গ্ৰাম্য জীৱনৰ প্ৰতি এক শ্রদ্ধাবোধ অনুভৱ কৰিছে।কবিয়ে কৈছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে তেওঁৰ নাকত লাগিলে দেউতাকৰ কথা মনত পৰে। কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত তেওঁৰ আইৰ কথা মনত পৰে কাৰণ তেওঁৰ মাক এজনী শিপিনী আছিল ।

শেষত নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ মাক-দেউতাকে কবিৰ কাৰণে গ্ৰাম্য জীৱনৰ স্মৃতি ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি পৰৱৰ্তী বংশধৰসকলৰ কাৰণে ৰাখি থৈ যাব পৰা নাই বুলি দুখ কৰিছে।

গতিকে দেখা যায় কবিতাটিতে গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হৈছে।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

‘ম‍ই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত ?

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা ‘কৰুণতম’নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আধুনিকতাৰ প্ৰভাৱত নিজৰ স্বকীয়তা হেৰুৱাৰ উপক্ৰম হোৱাত কবিয়ে নিজৰ অস্তিত্বৰ প্ৰতি সন্দিহান হৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

কবিয়ে আক্ষেপৰ সুৰত কৈছে যে গাঁৱলীয়া জীৱনৰ নিৰ্মল, মধুময় প্রাকৃতিক পৰিবেশ অতীতত হেৰুৱাই গৈছে। সৰুকালত পোৱা গাঁৱলীয়া স্বকীয়তা এতিয়া মাথো এক স্মৃতি হৈ ৰৈ আছে। তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ নিজৰ স্বকীয় কৰ্মৰে সিহঁতৰ স্বাক্ষৰ ৰাখি থৈ গৈছিল। কিন্তু সময়ৰ সোঁতত কবিয়ে গাঁৱলীয়া জীৱনৰ সহজ-সৰল স্বকীয়তা হেৰুৱাই পেলাইছে। সেয়ে দুখ কৰি কৈছে যে তেওঁৰ ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ কোনো ধৰণৰ স্বকীয়তাৰ স্বাক্ষৰ ৰাখি থৈ যাব নোৱাৰিলে । ০ ০ ০

Type By Suman Bora