Class 12 Assamese Chapter 18 Short Question Answer | Class 12 Assamese Chapter 18 কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Short Answer |

১। কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ : কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ হয়।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায় ?

উত্তৰ : সাধাৰণতে ১০-১১ বছৰ বয়সৰ পৰা ১৮- ১৯ বছৰ বয়সৰ সময়খিনিক কাল’ বুলি জনা, যায়। অর্থাৎ বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হ’ল কৈশোৰ কাল ।

৩। মানৱ জীৱনৰ কোনছোৱা কালক ‘ৰূপান্তৰ কাল’ বুলি অভিহিত কৰিব পাৰি ?

উত্তৰ : মানৱ জীৱনৰ কৈশোৰ কালছোৱাক ‘ৰূপান্তৰ কাল’ বুলি অভিহিত কৰিব পাৰি ৷

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰঃ নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰী মনত নিজস্ব মতাদর্শ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ?

উত্তৰ : কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক “মাধ্যমিক শিক্ষা’ বুলি কোৱা হয় ৷

৬। “কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’ পাঠটি কোনে ৰচনা কৰিছে?

উত্তৰ : ‘কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’ পাঠটি ডক্টৰ স্বৰ্ণলতা দাসে ৰচনা কৰিছে।

৭। স্বর্ণলতা দাসে কোনখন শিক্ষানুষ্ঠানত কৰ্মজীৱনৰ পাতনি মেলিছিল ?

উত্তৰ : ‘স্বর্ণলতা দাসে গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলিছিল।

৮। কৈশোৰ কাল ক আন কি নামেৰে জনা যায় ?

উত্তৰ : কৈশোৰকালক ‘বয়ঃসন্ধি কাল’ বুলিও জনা যায়।

৯। কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰ : কৈশোৰ কালক ‘ৰূপান্তৰ কাল’ বুলি অভিহিত কৰিব পাৰি।

১০। কোনছোৱা সময়ক কৈশোৰ কাল বুলি কোৱা হয় ?

উত্তৰ : সচৰাচৰ ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে কৈশোৰ কাল বুলি কোৱা হয়।

১১। শিক্ষাক কিহৰ অন্য এক প্ৰকাশ বুলিব পাৰি?

উত্তৰঃ শিক্ষাক স্নেহৰেই অন্য এক প্রকাশ বুলি ক’ব পাৰি।

১২। ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰে ?

উত্তৰ : ১৯৮৬ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰে ।

১৩। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ সময়ছোৱা জীৱনৰ কেনেধৰণৰ সময় বুলি অভিহিত কৰিছে?

উত্তৰ ঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ (Crossroads of Life) বুলি • অভিহিত কৰিছে।

খ) চমু প্রশ্ন

১। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ : কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ সহজেই লক্ষণীয় বিষয়৷ যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱৰ্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব জগাই দিয়ে।

২। কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা ।

উত্তৰ ঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত তাৰ কিছু প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশয়ৰ প্ৰতি উৎকণ্ঠা জাগি উঠে। ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হয়। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ বা বয়োজেষ্ঠ্যজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি-বিবেচনাৰে এক নৈতিকতাসমৃদ্ধ সমাজ গঢ়িব বিচাৰে। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাবৰ বাবেই বিশ্বৰ বহু সামাজিক বিপ্লৱত অংশ গ্ৰহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী ।নৈতিকতাৰ এনে বিকাশে সমাজিকতা, দেশপ্রেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৩। কৈশোৰ কালছোৱাত মানসিক বিকাশ কেনেদৰে হয়।

উত্তৰ: কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ হয়। মানসিক শক্তি মানে বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন ক্ষেত্ৰত আগ্ৰহ আদিক বুজায়। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু মন্থৰ হয়, • শেষৰ পিনে ই দ্রুততন গতি লয়। এই সময়ত শৈশবকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিবে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয়।

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি ?

উত্তৰ : কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক পাঠ্যক্ৰমত চাৰিটা মৌলিক বিষয় থকা প্রয়োজনীয়। সেই বিষয়কেইটা হ’ল : ভাষা শিক্ষণ, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান ।

৫। ‘কিশোৰ সংস্কৃতি’ কি ?

উত্তৰ : কৈশোৰ কালত সামাজিক বিকাশ এক লেখত লবলগীয়া বিষয়। দলীয় মনোভাৱৰ লগত সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি যাক কিশোৰ সংস্কৃতি’ বুলি অভিহিত কৰা হয় ৷

(গ) দীঘল প্রশ্ন

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা । উত্তৰ : মানৱ জীৱনৰ কৈশোৰ কালছোৱা হৈছে অতি গুৰুত্ব পূৰ্ণ সময়। ই হৈছে বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা। এই কালছোৱাত শাৰীৰিক, মানসিক, আবেগিক, সামাজিক, নৈতিক আদি বিভিন্ন দিশৰ বিকাশ সাধন হয়। তলত কৈশোৰ কালৰ আবেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

আবেগিক বিকাশ : কৈশোৰ কালছোৱাত কিশোৰ- কিশোৰীৰ পূৰ্ণতম আবেগিক বিকাশ হয়। ফলত সিহঁতৰ মনোজগতত আলোড়নৰ সৃষ্টি হয়। মন হৈ পৰে কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা- নিৰাশাৰ দোমোজাত পৰি বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাবে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাবাপন্ন । পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি নেতিবচাক মনোভাব পোষণ কৰা এনে কিশোৰ-কিশোৰীক সুশিক্ষা দিব নোৱাৰিলে সিহঁতৰ মনত অপৰাধপ্ৰৱণতাৰ সৃষ্টি হয় ।

সামাজিক বিকাশ : কৈশোৰ কালত কিশোৰ- কিশোৰীৰ মাজত সামাজিক বিকাশ এক লেখতলবলগীয়া বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ- সংস্কৃতি’ যাক ‘কিশোৰ সংস্কৃতি’ বুলি অভিহিত কৰা হয় । কিশোৰ অৱস্থাৰ চাল-চলন, সাজপাৰ, বাক-ভংগী, ধ্যান- ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলায়। মন কৰিবলগীয়া কথা যে বেছি ভাগ ক্ষেত্ৰত কিশোৰ-সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱমান হয়। এই সময়ত কিশোৰ-কিশোৰী সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ সম্ভৱনা থাকে। সেয়ে এই সময়ছোৱাত কিশোৰ-কিশোৰীহঁতক সুশিক্ষা দিয়া অতি প্রয়োজন।

২। কৈশোৰ কালৰ বাবে কেনধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰ : কৈশোৰ কালৰ বাবে উপযোগী শিক্ষা হ’ল মাধ্যমিক শিক্ষা। ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিয়নো মাধ্যমিক শিক্ষাৰ জৰিয়তে জাতি এটিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। এই স্তৰত জাতীয় শিক্ষা পদ্ধতিৰ আঁচনি কাৰ্যকৰী কৰিব পাৰি ।

ভাৰতবৰ্ষত স্বাধীনতাৰ পৰৱৰ্তী দহকত গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে। সেইকেইটা হ’ল –

(১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমানৰ আৰু ভৱিষ্যতৰ দাবী পূৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া ।

(২) ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্রগতিত সহায় কৰা ।

(৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা ৷

এক কথাত ক’বলৈ গ’লে, মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে উপযোগী কৰি তোলে । মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা বিশেষত্ব আছে, যেনে-

(১) এই স্তৰত কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই।

(২) এই কালছোৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোৰ বা বয়ঃসন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বুদ্ধিমত্তা বৃদ্ধি হয়। প্ৰকৃতিৰ বিষয়ে গভীৰভাবে জানিবলৈ তেওঁলোক কৌতুহলী হৈ পৰে। সমাজখনৰ প্ৰতিও তেওঁলোকৰ আগ্রহ বাঢ়ি যায়। নানা কৌতুহল, অনুভূতি আৰু আকাংখাৰ ফলস্বৰূপে কৈশোৰৰ মনত সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। কৈশোৰৰ শাৰীৰিক, মানসিক, আবেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে পাৰস্পৰিক সম্পৰ্ক স্থাপনত গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা, গবেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰস্তুত কৰা জাতীয় পাঠ্যক্ৰম গাঁথনি, ২০০৫ পৰামৰ্শৱলী বিশেষভাবে প্রযোজ্য।

কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় আছে, যেনে- (১) ভাষা শিক্ষণ, (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান।

ইয়াৰ উপৰিও কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিবেশ বিজ্ঞান শিক্ষা, মূল্যবোধ শিক্ষা, যৌন শিক্ষা, জন শিক্ষা আদি ওপৰঞ্চি বিষয়বোৰো শিকোৱা হয়।

৩। চমুটোকা লিখা ঃ

দিবাস্বপ্ন, বীৰ পূজা, অপৰাধপ্ৰৱণ কিশোৰ

উত্তৰ : দিবাস্বপ্ন ঃ দিবাস্বপ্ন বা অলীক কল্পনা হ’ল কৈশোৰ কালৰ এক বৈশিষ্ট্য। এই সময়ত কিশোৰ-কিশোৰীৰ মনত কল্পনা শক্তিৰ অভূতপূর্ব বিকাশ সাধন হয়। ফলত সিহঁত বাস্তৱৰ পৰা ফালৰি কাটি কল্পনাৰ জগতত বিচৰণ কৰিবলৈ হাবিয়াস কৰা দেখা যায়। অৱশ্যে দিবাস্বপ্নৰ যোগাত্মক দিশো আছে। এই শক্তিয়ে কিশোৰ-কিশোৰীৰ মনত সৃজনী প্ৰতিভাৰ বিকাশ ঘটায়। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুত কিশোৰ-কিশোৰীয়ে নানা ধৰণৰ শিল্প চর্চ্চা কৰিবলৈ লয়। কিছুমানে সাহিত্য, সংগীত, চিত্রকলা আদি চৰ্চাৰ প্ৰতি ঢাল খায়।

বীৰপূজা : বীৰপূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ এক বিশেষ বৈশিষ্ট্য। নিজৰ ভাললগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্ৰৱল হৈ উঠে আৰু সেইসকল ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ- কিশোৰীয়ে কৰিবলৈ লয়। কিশোৰ-কিশোৰীয়ে আদর্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায় সচৰাচৰ ছবিজগতৰ নতুবা খেল জগতৰ ব্যক্তিসকলক। বীৰপূজাৰ এই প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অন্তৰ্ভূক্ত কৰা হয় ।

অপৰাধপ্রবণ কিশোৰ : কিশোৰ কালছোৱাত কিশোৰ-কিশোৰীৰ পূৰ্ণতম আবেগিক বিকাশ হয়। ফলত সিহঁতৰ মনোজগতত আলোড়নৰ সৃষ্টি হয়। মন হৈ পৰে কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাবে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ- কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাবাপন্ন ৷ পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি নেতিবচাক মনোভাব পোষণ কৰা এনে কিশোৰ-কিশোৰীক সুশিক্ষা দিব নোৱাৰিলে সিহঁতৰ মনত অপৰাধপ্ৰৱণতাৰ সৃষ্টি হয়।

৪। কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিচিতিৰ সংঘাত।ঃ’ব্যাখ্যা কৰা

উত্তৰ ঃ কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ‘পৰিচিতিৰ সংঘাত’ (Identity Crisis)। বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত কিশোৰ-কিশোৰীৰ মনত এই সংঘাতৰ উদয় হয়। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ-কিশোৰীয়ে নিজৰ চিন্তা, বুদ্ধি বা বিচাৰ-বিবেচনাৰে ফাঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে ‘পৰিচিতিৰ সংঘাত’। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোঁৱাৰৰ সৃষ্টি কৰে ।

৫। বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য।’ চমুকৈ আলোচনা কৰা ।

উত্তৰ : বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এক প্রধান বৈশিষ্ট্য। এই সময়ত কিশোৰ-কিশোৰীসকল শাৰীৰিকভাৱে পৈণত অৱস্থা পায়। এই কালছোৱাত দেহত থকা অন্তঃস্ৰাৱী গ্রন্থিসমূহৰ নিঃসৰন আৰম্ভ হয় বাবে জৈৱ ৰাসায়নিক পৰিৱৰ্তনে দেখা দিয়ে। এই প্ৰক্ৰিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্ৰিয় হৈ উঠি কিশোৰ-কিশোৰীক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। ফলত সিহঁতে বিপৰীত লিংগৰ প্ৰতি প্ৰৱলভাৱে আকর্ষণ অনুভৱ কৰে ।

বিপৰীত লিংগকামিতাৰ বাবে বহুত কিশোৰ- কিশোৰীয়ে এই কালছোৱাত অঘটন ঘটোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই সময়ছোৱাত কিশোৰ-কিশোৰীক সুপথে পৰিচালিত কৰাৰ বাবে অভিভাৱক-অভিভাবিকাসকল সচেতন হোৱা অতি জৰুৰী। ০০০

Type By Suman Bora