Class 12 Assamese Chapter 21 Short Question Answer | Class 12 Assamese Chapter 21 ৰচনা Short Answer |

আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান

বা

বিজ্ঞান আৰু দৈনদিন জীৱন

আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ অন্তিম ভাগৰ পৰা বিংশ শতাব্দীৰ মাজ ভাগলৈ বিজ্ঞানে চৰম উৎকৰ্ষ সাধন কৰি মানৱ সভ্যতাৰ ৰেহ-ৰূপ সম্পূৰ্ণ ৰূপে সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু-বাহিনী,সা-সঁজুলি, যন্ত্রপাতিৰ দিশতেই মানব সমাজখনক পরিবর্তন কৰি দিছে সেয়া নহয়, বিজ্ঞানে মানুহৰ দৃষ্টিভঙ্গী, যুক্তি বিচাৰ আদিকো সলনি কৰি মানব সভ্যতালৈ এক দৃষ্টা পৰিৱর্তন আনি দিছে। ইংৰাজ দার্শনিক C. M. Joad ৰ ভাষাত, “Science has not only changed the lives of men, but made them happier, easier ‘ and more secure.”

আজি মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান ইমানেই যে আজিৰ মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পিছদিনা আকৌ টোপনিলৈ যোৱাৰ সময়ছোৱাত যি যি বস্তু স্পর্শ কৰিছে বা যি কাৰ্য্য সমাধা কৰিছে সকলোতে বিজ্ঞানৰ অৱদান আছে। অর্থাৎ আমাৰ দৈনদিন জীৱনৰ প্ৰতিটো পল অনুপল বিজ্ঞানে অধিকাৰ কৰি লৈছে। বিজ্ঞানৰ ইমান অলেখ- অপাৰ অৱদানৰ বিষয়ে সীমিত পৰিসৰৰ এটি প্ৰবন্ধত বর্ণনা কৰিবলৈ যোৱা অবান্তৰহে মাথোন। তথাপি আমাৰ দৈনন্দিন জীৱনৰ যোগাযোগ, পৰিব আৰু যাতায়ত, শিল্প, কৃষি, আকাশ বিজ্ঞান, জ্ঞান বিকাশৰ দিশ, স্বাস্থ্য বিজ্ঞান, কু- সংস্কাৰ দৃঢ়ীকৰণ আদি বিভাগত বিজ্ঞানে যোগোৱা অৱদানৰ বিষয়ে চমু আভাস দিবলৈ অৰ্থাৎ “হাতী মাৰি ভুৰুকাত সুমুৱাবলৈ” অসাধ্য প্রচেষ্টা চলোৱা হ’ল-

আজিৰ যুগত বিজ্ঞানে যাতায়ত আৰু পৰিবহনৰ দিশত ইমান অৱদান আগবঢ়ালে যে আমি মূহুৰ্ত্তৰ ভিতৰতে বিশ্বৰ এঠাইৰ পৰা আন ঠাইলৈ নিজ ইচ্ছা অনুযায়ী যাতায়ত কৰিব পৰা হলোঁ। যাতায়াতৰ দিশত বিজ্ঞানে আগবঢ়োৱা অৱদানসমূহ হ’ল-চাইকেল, মটৰ গাড়ী, বেল গাড়ী, জাহাজ, জেট বিমান আৰু ক’ত যে কিঙ্গ

যোগাযোগৰ ক্ষেত্ৰত টেলিফোন, টেলিগ্রাফ, ফেক্স, কেবল ফোন, বেঁতাৰ ইত্যাদি- যিবোৰৰ জৰিয়তে আজি যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ সৈতে যোগাযোগ সম্ভৱ হৈ বিশ্বখন এটা পৰিয়ালৰ দৰে সৰু কৰিব পেলাইছে।

শিল্প উদ্যোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অবদান অনস্বীকার্য। আজি বিজ্ঞানে শিল্প উদ্যোগৰ বাবে ইমানবোৰ যন্ত্রপাতি, সা-সঁজুলি আদিৰ উদ্ভাৱন কৰিছে যে তাৰ তালিকা প্রস্তুত কৰাটো সম্ভৱ নহয়। তথাপি থোৰতে ক’বলৈ গ’লে সূতা কটা যন্ত্ৰ, কাপোৰ বোৱা মেচিন, খাৰুৱা তেল উদ্ঘাটন কৰা যন্ত্ৰ, বিজুলী শক্তিৰ আৱিষ্কাৰ ইত্যাদি ।

বিজ্ঞানে আজি কৃষিৰ ক্ষেত্ৰতো বিপ্লৱ আনয়ন কৰিছে। ই হালবোৱা মেচিন, মাটি খন্দা মেচিন আৱিষ্কাৰ কৰাৰ লগতে খেতিত উৎপাদন আশাতীত ভাৱে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাসায়নিক সাৰৰ উদ্ভাৱন, পোক-পৰুৱাৰ পৰা শস্যক ৰক্ষা কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কীটনাশক দ্ৰব্যৰ যোগান ধৰিছে।

জ্ঞান বিকাশ আৰু বিস্তাৰ অৰ্থাৎ লিখা-পঢ়াৰ দিশতো বিজ্ঞানৰ অৱদান লেখতলবলগীয়া। কলম, টাইপ ৰাইটিং, ছপাশাল, কম্পিউটাৰ আদি আৱিষ্কাৰ কৰাৰ লগতে কলা আৰু কণা মানুহৰ বাবেও শিক্ষাৰ সঁজুলি উদ্ভাৱন কৰি জ্ঞান লাভৰ পথ প্রশস্ত কৰিছে।

স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান কম নহয় আজিৰ মানুহে কম দুখ-যন্ত্রণা ভোগ কৰে- কিয়নো প্ৰায় প্ৰতিটো ৰোগৰ ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰি আৰু স্বাস্থ্য ৰক্ষাৰ যাবতীয় দিশৰ সন্ধান উলিয়াই মানৱ জীৱনটো দীর্ঘায়ু কৰিছে। ফলত আজি মৃত্যুৰ হাৰ যথেষ্ট কমি গৈছে।

সকলোবোৰ দিশৰ লগতে বিজ্ঞানে মহাকাশ বিজ্ঞানৰ দিশতো সমানে আগবাঢ়ি গৈছে। আজি বিজ্ঞানে এনেকুৱা যান আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা চন্দ্ৰত মানুহ পঠাব পৰা হোৱাৰ উপৰিও মঙ্গল গ্ৰহত মানুহৰ পদাৰ্পনৰ সম্ভৱনাৰ দিশো প্রশস্ত কৰিছে। আজি আমাৰ সৌৰজগতৰ বাহিৰতো যোগাযোগ স্থাপন কৰাৰ প্ৰচেষ্টা চলিছে।

বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতা পৰিৱৰ্তন কৰি সমাজৰ পৰা পৰম্পৰাগত ভাৱে চলি অহা অন্ধ বিশ্বাসো দৃঢ়ীকৰণত ইন্ধন যোগাইছে। আজি কালি মানুহ যুক্তিবাদী হৈছে। যুক্তি, পর্যবেক্ষণ আৰু বিশ্লেষণৰ তুলাচনীত সকলো কাৰ্য্য আৰু বিশ্বাস জুখিহে গ্ৰহণ কৰে। ফলত আজিৰ বিশ্ব সম্পূৰ্ণ সলনি হৈ গৈছে।

মুঠতে বিজ্ঞানে আমাৰ মানৱ সমাজৰ দৈনদিন জীৱনৰ প্ৰতিটো দিশ হস্তগত কৰি আমাক বিজ্ঞানৰ দাসত পৰিণত কৰি লৈছে। আজি আমি বিজ্ঞান নোহোৱাকৈ এটা মূহুর্তও পাৰ কৰিব নোৱাৰো আৰু এখোজো আগবাঢ়িব নোৱাৰো।

বিজ্ঞানে মানৱ সভ্যতাৰ ৰূপ কল্পনাতীত ভাৱে সলনি কৰি উন্নয়নৰ শীৰ্ষত তুলি দিছে সঁচা, কিন্তু বিজ্ঞানে মানৱ সমাজলৈ অশান্তি আৰু ধ্বংশও মাতি আনিছে। উদাহৰণ স্বৰূপে যাতায়ত,পৰিবহন, শিল্প, কৃষি আদিৰ ক্ষেত্ৰত যিবোৰ অৱদান আগবঢ়াইছে, সেইবোৰ অপৰিকল্পিত আৰু অতিৰিক্ত ব্যবহাৰৰ ফলত পৰিবেশ প্ৰদূষিত হৈ মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ উঠিছে।

আজিৰ বিজ্ঞানে টেষ্ট টিউবত প্ৰাণৰ স্পন্দন সম্ভৱ কৰি স্ৰষ্টাকো প্ৰত্যাহ্বান জনাইছে সঁচা, তাৰ বিপৰীতে গণ বিধ্বংসী অস্ত্র-শস্ত্র যথা- বন্দুক-বাৰুদ, যুদ্ধ-জাহাজ, পাৰমানৱিক বোমা, আদিও বিজ্ঞানেই আৱিষ্কাৰ কৰিছে। এক শ্ৰেণীৰ স্বার্থান্বেষী অবিবেচকী ব্যক্তিয়ে এনেবোৰ মৰণাস্ত্ৰৰ সুবিধা গ্ৰহণ কৰি বিশ্ব-ত্ৰাসৰ সৃষ্টি কৰি বিশ্ব শান্তিত কুঠাৰাঘাত কৰিছে। সম্প্ৰতি আফগানিস্থান, ইৰাক, পেলেষ্টাইন আদি দেশত চলোৱা ধ্বংস যজ্ঞ বিজ্ঞানে আগবঢ়োৱা অৱদানৰ বাবেই সম্ভৱ হৈছে।

সামৰণিত ক’ব পাৰি বিজ্ঞান মানৱ সভ্যতাৰ ওপৰত আশীৰ্বাদ আৰু অভিশাপ দুয়োটাই। মানুহে যুক্তি বিচাৰৰ তুলাচনীত বিজ্ঞানৰ অৱদানসমূহ জুখি-মাখি ইয়াৰ আশীৰ্বাদসমূহ গ্ৰহণ কৰি অভিশাপসমূহ বৰ্জন কৰিব লাগিব। তেতিয়াহে বিজ্ঞানৰ অৱদানে মানৱ সমাজলৈ প্ৰত্যাশিত শান্তি- শৃঙ্খলা আনয়ন কৰিব পাৰিব অন্যথা বিশ্ব সভ্যতা এদিনাখন বিজ্ঞানৰ অৱদানসমূহৰ বাবেই ধ্বংস হৈ যাব ।

Type By Suman Bora