Class 12 Assamese Chapter 4 Short Question Answer | Class 12 ASSAMESE Chapter 4 হস্তিবিদ্য়াৰ্ণৱ পুথি Short Answer |

১। হস্তিবিদ্যাৰ্ণৰ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণর’ শীর্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। ‘হস্তিবিদ্যাৰ্ণৱ’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্ৰকাশ পাইছিল?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ’ প্ৰৱন্ধটি প্রথমতে শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্ৰকাশ পাইছিল ।

৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি ?

উত্তৰ : কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল ড° সূর্যকুমাৰ ভূঞা ।

৪। সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নামকি ?

উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’লঃ Anglo Assamese Relations 1771-1820.

৫। হস্তিবিদ্যাৰ্ণৱ সাৰ সগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল ।

(৬) হস্তিগ্রন্থ’ বুলিলে কি বুজি ?

উত্তৰঃ ‘হস্তিগ্ৰন্থ’ বুলিলে হাতী বিষয়ক গ্রন্থক বুজায় ।

(৭) জয়ন্তী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰ : ৰঘুনাথ চৌধাৰী।

(৮) কোনখন আলোচনীৰ জৰিয়তে আধুনিক প্ৰগতিশীল কাব্যধাৰাই প্ৰতিষ্ঠা লাভ কৰে ?

উত্তৰঃ ‘ৰামধেনু’ আলোচনীৰ জৰিয়তে । .

(৯) কোন কোন জনজাতিৰ লোকসকলে হাতীৰ বিষয়ে ভালকৈ জানিছিল ?

উত্তৰঃ খামতি, চিংফৌ, নৰা, ফাঁকিয়াল, মৰাণ আদি জনজাতীয় মানুহে হাতীৰ বিষয়ে ভালকৈ জানিছিল ।

(১০) ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিখন কেতিয়া ছপাৰূপত প্রকাশ হয় ?

উত্তৰ : ১৯৭৬ চনত ।

(১১) কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত মোগলী সাজ-সজ্জাৰ প্ৰচলন হয় ?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা ৷

(১২) কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত মোগলী সাজ-সজ্জাৰ প্ৰচলন হয় ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা ।

(খ) চমু প্রশ্ন

১। ‘হস্তিবিদ্যাৰ্ণৰ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল ?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ নামৰ পুথিখন সুকুমাৰ বৰকাৰ্থে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ’লঃ ‘ধৰ্ম পুৰাণ’ আৰু ‘সচিত্ৰ ভাগৱত’।

৩। ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ’নামৰ পুথিখনৰ চিত্ৰবোৰ দিবৰ আৰু দোষায় নামৰ দুজন শিল্পীযে অংকন কৰিছিল।

১৪। হস্তিবিদ্যাৰ্ণৰ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?

উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত আহোম ৰজা শিৱ সিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকিত হৈছে।

(৫) হস্তিবিদ্যাৰ্ণৱ’ পুথিখন কোনে ক’ত পাইছিল।

উত্তৰঃ সুকুমাৰ বৰকায়থৰ হস্তিবিদ্যৰ্ণৱ পুথিখন হেমচন্দ্ৰ গোস্বামীয়ে সুপ্রসিদ্ধ পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰত পাইছিল।

(গ) দীঘল প্রশ্ন

১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা ? দুখন ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা ।

উত্তৰঃ মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন- বস্ত্ৰ-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয়বস্তু হিচাপে লৈ যি পুথি বা সাহিত্য ৰচিত হয়, তাকে ‘ব্যৱহাৰিক সাহিত্য’ বুলি কোৱা হয়। ব্যৱহাৰিক সাহিত্য কবিতা, চুটি গল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয় ।

দুখন ব্যৱহাৰিক সাহিত্য হ’ল ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ আৰু ‘ঘোঁৰা নিদান’।

২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া সূর্য কুমাৰ ভূঞাই প্ৰথমতে কবি হিচাপে আত্ম প্ৰকাশ কৰে যদিও পিছলৈ তেওঁ ইতিহাসবিদ হিচাপে সুখ্যাতি লাভ কৰে। তেওঁ বহুতো মূল্যৱান পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ বিকাশত অৰিহনা যোগায়। তেওঁৰ একমাত্ৰ কবিতা পুথি হ’ল ‘নির্মালি’। তেওঁ চুটি গল্পতো হাত দিছিল। তেওঁৰ একমাত্ৰ চুটি গল্প সংকলনৰ নাম হ’ল : ‘পঞ্চমী’। ‘ত্রিপদী’ আৰু ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ তেওঁৰ উল্লেখযোগ্য প্ৰৱন্ধ সংকলন। তেখেতে জীৱনীমূলক গ্রন্থও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনীমূলক গ্রন্থসমূহ হ’ল ঃ গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী,জোনাকী আৰু চানেকী। তেওঁ কেইবাখনো ঐতিহাসিক তথ্যপূর্ণ পুথি ৰচনা কৰিছিল, যথাঃ কোঁৱৰ বিদ্ৰোহ বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰ ফুকন।

অসমীয়া ভাষাত গ্ৰন্থ ৰচনা কৰাৰ উপৰিও তেওঁ কেইবাখনো উল্লেখযোগ্য ইংৰাজী গ্ৰন্থও ৰচনা কৰিছিল ।

৩। ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিৰ বিষয়বস্তুৰ আভাস দিয়া ।

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিখন হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। এই পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ চনত আহোমৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি ৰচনা কৰিছিল। এইখন হ’ল এক সচিত্র পুথি। ইয়াৰ ছবিবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে অংকন কৰিছিল। পুথিখনত চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকন কৰা হৈছে।

‘হস্তিবিদ্যাণ” পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নিৰ্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায় । গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত। প্রাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথিখন চাই মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্ৰ প্ৰসাদ আদি বহুতো খ্যাতনামা ব্যক্তিয়ে বৰকৈ প্ৰশংসা কৰি গৈছে। পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

৪।মঙ্গলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৰ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা ৷

উত্তৰ : ‘হস্তিবিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাৰ্থে ৰচনা কৰা এক উল্লেখযোগ্য হাতী বিষয়ক পুথি। ইয়াত বিভিন্ন প্ৰকাৰ আৰু প্ৰকৃতিৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। মঙ্গলদায়ক হাতীৰ বিষয়ে পুথিখনত কোৱা হৈছে যে যিবোৰ হাতী শ্যামবর্ণ, সুন্দৰ, শৰীৰ স্থূল, দুই দন্ত দীর্ঘ, সমান ৰঙ্গ কৰা, আগলৈ চাপি যোৱা, কালশিলি বর্ণ, অগ্রজোঙা, নখ অল্পকলীয়া আৰু বলবন্ত সেইবোৰ হাতীক ‘মঙ্গলদায়ক হাতী’ বুলি কোৱা হয়। ৰজাৰ মঙ্গলদায়ক হাতী থাকিলে বহুত ধন লাভ হয়। এনে হাতী সহজে বশ হয়।

৫। ‘হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ নামৰ সচিত্ৰ পুথিখন ৰচনা কৰে । ইয়াৰ ভাষা গদ্য। এই গদ্য ওজঃগুণ বিশিষ্ট। বাক্যৰ গঠনত সৰল অসমীয়া ভাষাৰ চানেকী পোৱা যায়। উদাহৰণ স্বৰূপে হস্তিবিদ্যাৰ্ণৰ পুথিখনৰ পৰা এটি বাক্য উদ্ধৃত কৰা হ’লঃ

“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখখন দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, যেন মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ।”

মূল পুথিখনৰ ভাষা গদ্য যদিও ইয়াৰ প্ৰশস্তি অংশৰ ভাষা সংস্কৃত গন্ধী।০০০

Type By Suman Bora