Class 12 Political Science Book Chapter 6 Short Answer | HS 2nd Year Political Science Book Chapter 6 এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন Short Question Answer | চমু প্ৰশ্ন উত্তৰ

এক মেৰু বিশ্বত আন্তৰ্জাতিক সংগঠন 

ষষ্ঠ অধ্যায়

অতি চমু প্ৰশ্নঃ

১। কিহৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন ।

উত্তৰঃ  বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন । 

২. আন্তৰ্জাতিক সংগঠন কাক বোলে ।

উত্তৰঃ  বিশ্বৰ ৰাষ্ট্ৰসমূহে স্ব-ইচ্ছাই একগোট হৈ সমূহীয়া স্বাৰ্থৰ বাবে গঠন কৰা সংগঠনটোকে আন্তৰ্জাতিক সংগঠন বোলা হয় ।

৩. বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ কি ।

উত্তৰঃ  বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ হল মানৱ জাতিৰ শান্তি  আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান ।

৪. ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধানজনৰ নাম হল ডাগ হেমাৰছিল্ড ।

৫. বিশ্বৰ প্ৰতিজন ৰাষ্ট্ৰই নিজৰ দেশৰ নাগৰিকসকলক কি দিয়াৰ প্ৰয়োজন ।

উত্তৰঃ  বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই নিজৰ নিজৰ নাগৰিকসকলক প্ৰতিষেধক প্ৰদান, ছিটা বা টিকা দিয়াৰ প্ৰয়োজন ।

৬. কিমান চনত জাতিসংঘ গঠন কৰা হৈছিল ।

উত্তৰঃ ১৯২০ চনত জাতিসংঘ গঠন কৰা হৈছিল ।

৭. দুখন বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল ।

উত্তৰঃ  কুৰি শতিকাৰ প্ৰথমাৰ্ধতে দুখনকৈ বিশ্বযুদ্ধ সংঘটিত হৈছিল ।

৮. কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল ।

উত্তৰঃ ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল ।

৯. কিমান চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল ।

উত্তৰঃ  ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল ।

১০. কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনকদত স্বাক্ষৰ কৰি এই সংগঠনটো গঠন কৰিছিল ।

উত্তৰঃ  ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰি এই সংগঠনটো গঠন কৰিছিল ।

১১. ৰাষ্ট্ৰসংঘৰ সন্মিলন কত আৰম্ভ হৈছিল ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ সন্মিলন চানফ্ৰান্সিস্কোত আৰম্ভ হৈছিল ।

১২. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যাৰ সংখ্যা কিমান ।

উত্তৰঃ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যাৰ সংখ্যা ১৯৩ জন ।

১৩.  কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ।

উত্তৰঃ  ২৪ অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় । 

১৪. ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ কি কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ হল 

ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ।

খ) অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক  আৰু মানৱীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা স্থাপন কৰা ।

গ) সমগ্ৰ বিশ্বতে সামাজিক আৰু অৰ্থনৈতিক দিশৰ উন্নতি সাধন কৰা ।

ঘ) যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰহা ।

১৫. ৰাষ্ট্ৰসংঘৰ অংগ কেইটা আৰু কি কি ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অংগ ছয়টা যেনে 

ক) সাধাৰণ সভা ।

খ) নিৰাপত্তা পৰিষদ ।

গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ।

৪. ন্যাসৰক্ষী পৰিষদ ।

ঙ) আন্তৰ্জাতিক ন্যায়ালয় ।

চ) সচিবালতয় ।

১৬. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ে লিখা ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হল নিৰাপত্তা পৰিষদ । নিৰাপত্তা পৰিষদৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা হল ১৫ খন । ইয়াৰ ভিতৰত পাচখন স্থায়ী আৰু দহখন অস্থায়ী পৰিষদ । নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট-ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন । পূৰ্বতে ছোভিয়েট ইউনিয়ন স্থায়ী সদস্য ৰাষ্ট্ৰ আছিল যদিও ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভংগ হৈ যোৱাৰ পাছত ৰাছিয়া এই আসনৰ অধিকাৰী হয় । স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ যিকোনো এখনে ভেটো প্ৰয়োগ কৰিলে নিৰাপত্তা পৰিষদৰ যিকোনো প্ৰস্তাৱ বাতিল হৈ যায় । গতিকে ইয়াক ঋণাত্মক ক্ষমতা বোলা হয় । অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক সাধাৰণ সভাই দুবছৰৰ বাবে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে নিৰ্বাচন কৰে । 

১৭. আন্তৰ্জাতিক ন্যায়ালয়ত কেইগৰাকী ন্যায়াধীশ আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ।

উত্তৰঃ  আন্তৰ্জাতিক ন্যায়ালয়ত ১৫ গৰাকী ন্যায়াধীশ আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় নেডাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত ।

১৮. সচিবালয়ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত ।

উত্তৰঃ সচিবালয়ৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত ।  

১৯. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি ।

উত্তৰঃ  বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম হল বেন কী মুন ।

২০. ৰাষ্ট্ৰসংঘক কেইধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন আৰু কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘক দুই ধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন যেনে 

ক) সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ ।

খ) ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ ।

২১. ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্যসমূহ কি কি ।

উত্তৰঃ  ৰাষ্ট্ৰৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্যসমূহ যেনে স্বাস্থ্য, শিক্ষা, পাৰিপাৰ্শিকতা নিয়ন্ত্ৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, মানৱীয় অধিকাৰ ৰক্ষা, লিংগ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা আদি কাৰ্যবোৰ ।

২২. ৰাষ্ট্ৰসংঘ স্থাপন হোৱা দিনৰ পৰা বৰ্তমানলৈ বিশ্বৰ ৰাজনীতিত হোৱা পৰিৱৰ্তনসমূহ কি কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘ স্থাপন হোৱা দিনৰ পৰা বৰ্তমানলৈ বিশ্বৰ ৰাজনীতিত হোৱা পৰিৱৰ্তনসমূহ হল 

ক) বিশ্বত এটা ডাঙৰ শক্তি হিচাপে পৰিগণিত ছোভিয়েট ৰাছিয়াৰ পতন ।

খ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ অদ্বিতীয় শক্তি হিচাপে আৱিৰ্ভাৱ ।

গ) ভোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী হিচাপে ৰাছিয়াক স্বীকৃতি প্ৰদান ।

ঘ) ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতা স্থাপন ।

ঙ)   চীনৰ অতি ক্ষীপ্ৰতাৰে এটা শক্তিৰ ফালে অগ্ৰসৰ আৰু ভাৰতবৰ্ষৰো শক্তি ক্ৰমাগতভাৱে বৃদ্ধি ।

চ) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি ।

ছ) ছোভিয়েট ইউনিয়ন বা পূৰ্বৰ পূব  ইউৰোপৰ সাম্যবাদী ৰাষ্ট্ৰৰ পৰা মুক্ত হৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰসংঘত যোগদান ।

ছ) সমগ্ৰ বিশ্বতে কেতবোৰ নতুন প্ৰত্যাহবানে দেখা দিছে আৰু এইবোৰ ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । এই নতুন প্ৰত্যাহবানসমূহ হল গৃহযুদ্ধ, গোষ্ঠীগত সংঘৰ্ষ, সন্ত্ৰাসবাদ, পাৰমাণৱিক শক্তিৰ দ্ৰতগতিত বৃদ্ধি বাতাবৰণ সলনি, পাৰিপাৰ্শ্বিকতাৰ অৱনতি, মহামাৰী ইত্যাদি ।   

২৩. ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰখনৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰখনৰ নাম হল ভাৰতবৰ্ষ ।

২৪. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা  সভানেত্ৰীগৰাকীৰ নাম কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকীৰ নাম হল বিজয়লক্ষ্মী পণ্ডিত ।

২৫.   ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘক কি কি কাৰণত সমৰ্থন কৰে লিখা ।

উত্তৰঃ ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘক সমৰ্থন কৰা সাৰণসমূহ হল 

ক) ৰাষ্ট্ৰসংঘক শক্তিশালী আৰু অধিক কাৰ্যক্ষম কৰিবলৈ হলে পৰিৱৰ্তিত সমসাময়িক ৰাজনীতিৰ সৈতে খাপ খোৱাকৈ ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰাৰ প্ৰয়োজন ।

খ)  বিশ্বৰ ৰাষ্ট্ৰসমবহৰ উন্নয়ন আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিবলৈ হলে ৰাষ্ট্ৰসংঘৰ ভূমিকা অধিক বৃদ্ধি কৰিব লাগিব ইয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰিব লাগিব ।

গ)   ৰাষ্ট্ৰসংঘৰ মূলমন্ত্ৰ হল বিশ্বৰ প্ৰগতি বা উন্নয়ন । ইয়াক বাস্তৱায়িত কৰিবলৈ হলে বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠিত কৰিব লাগিব । উয়াৰ বাবে ৰাষ্ট্ৰসংঘক পুনৰ্গঠন কৰি নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰসংঘৰ কাৰ্যৰ সৈতে সক্ৰিয়ভাৱে জড়িত কৰিব লাগিব ।

ঘ) ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদৰ পুনৰ্গঠনৰ ওপৰত বিশেষেভাৱে গুৰুত্ব আৰোপ কৰিছে । কাৰণ, ৰাষ্ট্ৰসংঘই জন্মলগ্নৰ পৰা নিৰাপত্তা পৰিষদৰ সদস্যাৰ সংখ্যা প্ৰয়োজন অনুসৰি বৃদ্ধি কৰা নাই ।

২৬. নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্তকৰাৰ যুক্তিযুক্ততাসমূব কি    

উত্তৰঃ   নিৰাপত্তা পৰিষদৰ ভাৰতক স্থায়ী সদস্য হিচাপে অন্তৰ্ভূক্ত কৰাৰ    যুক্তিযুক্ততাসমূহ হল 

ক) ভাৰতবৰ্ষ হল বিশ্বৰ দ্বিতীয় স্থান দখল কৰা জনবহুল ৰাষ্ট্ৰ ।

খ) ভাৰতবৰ্ষ বিশ্বৰ এখন ডাঙৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ ।

গ) ভাৰতবৰ্ষই বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে সদায় বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে

ঘ) ভাৰতবৰ্ষই নিৰস্ত্ৰীকৰণৰ সমৰ্থনত আৰু বৰ্ণবাদৰ বিৰুদ্ধে সদায় ৰাষ্ট্ৰসংঘৰ মজিয়াত নিজৰ মত প্ৰকাশ কৰি আহিছে ।

ঙ) ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান বিশ্বৰ আগশাৰীৰ স্তৰত আহিছে ।

চ) ভাৰতবৰ্ষই সদায় নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ বৰঙণি আগবঢ়াই আহিছে আৰু ইয়াৰ পৰা কেতিয়াও বিৰত থকা নাই ।

২৭. বিশ্বত নতুনকৈ গঢ়ি উঠা আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠনবোৰ কি কি ।

উত্তৰঃ  বিশ্বত নতুনকৈ গঢ়ি উঠা আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠনবোৰ হল 

ক) আন্তৰ্জাতিক মুদ্ৰানিধি ।

খ) বিশ্ব বাণিজ্য সংস্থা ।

গ) বিশ্ববেংক ।

২৮.  আন্তৰ্জাতিক মুদ্ৰানিধিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ ঃ আন্তৰ্জাতিক মুদ্ৰানিধি হল এটা আন্তৰ্জাতিক সংগঠন । এই সংগঠনটো ১৯৪৫ চনত গঠিত হৈছিল । ই ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰে । ইয়াৰ সদস্যভূক্ত ৰাষ্ট্ৰৰ সংখ্যা আছিল ১৮৮ খন ।  আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাছিংটন ডি চিত অৱস্থিত । সংস্থাটোৰ বৰ্তমানৰ পৰিচালক সঞ্চালক হল ক্ৰিষ্টিন লাগাৰ্ড । অৱশ্যে ইয়াৰ সদস্যভূক্ত আটাইবোৰ ৰাষ্ট্ৰই সমান অধিকাৰ ভোগ নকৰে । ইয়াৰ তালিকাৰ প্ৰথম দহখন ৰাষ্ট্ৰই ৫৫ শতাংশ ভোটৰ অধিকাৰী ।

এই ৰাষ্ট্ৰসমূহ হল জি-৮ৰ সদস্যা । জি-৮ৰ সদস্যাভূক্ত হোৱা ৰাষ্ট্ৰকেইখন হল  আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, ফ্ৰান্স, গ্ৰেট-ব্ৰিটেইন, ইটালী, কানাডা, ৰাছিয়া । 

২৯. বিশ্ব বাণিজ্য সংস্থা কি ।

উত্তৰঃ  বিশ্ব বাণিজ্য সংস্থা হল এটা আন্তৰ্জাতিক সংগঠন । 

৩০. বিশ্ব বাণিজ্য সংস্থা কিমান চনত গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৯৫ চনত বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল । 

৩১.   বৰ্তমান বিশ্ববাণিজ্য সংস্থাৰ সদস্যভূক্ত হোৱা ৰাষ্ট্ৰৰ সংখ্যা কিমান ।

উত্তৰঃ  বৰ্তমান বিশ্ববাণিজ্য সংস্থাৰ সদস্যভূক্ত হোৱা ৰাষ্ট্ৰৰ সংখ্যা ১৫৯ খন ।

৩২. বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান কাৰ্যালয় কত অৱস্থিত ।

উত্তৰঃ  বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত । 

৩৩. বিশ্ব বাণিজ্য সস্থাৰ বৰ্তমানৰ সঞ্চালক প্ৰধানজনৰ নাম কি ।

উত্তৰঃ  বিশ্ব বাণিজ্য সংস্থাৰ বৰ্তমানৰ সঞ্চালক প্ৰধানজনৰ নাম হল ৰবাৰ্টো আজেভেড় ।

৩৪. কিমান চনত বিশ্ব বেংক গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হৈছিল ।

৩৫. বিশ্ব বেংকৰ প্ৰধান কাৰ্যসমূহ কি কি ।

উত্তৰঃ  বিশ্ব বেংকৰ প্ৰধান কাৰ্যসমূহ হল মানৱ উন্নয়ন, যেনে শিক্ষা, স্বাস্থ্য. আদি ।

৩৬. বিশ্বত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে গঢ়ি উঠা বেচৰকাৰী দুটা অনুষ্ঠানৰ নাম লিখা ।

উত্তৰঃ  বিশ্বত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে গঢ়ি উঠা বেচৰকাৰী দুটা অনুষ্ঠানৰ নাম হল 

ক) এমনেষ্টি ইন্টাৰনেচনেল ।

খ) হিইমেন ৱাচ্চ আদি ।

৩৭. পাৰমাণৱিক ইন্ধন এজেন্সিৰ মূল লক্ষ্য কি ।

উত্তৰঃ  পাৰমাণৱিক ইন্ধন এজেন্সিৰ মূল লক্ষ্য হল পাৰমাণৱিক শক্তি তথা ইয়াৰ প্ৰযুক্তিবিদ্যাক শান্তিৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰা ।

৩৮. ৰাষ্ট্ৰসংঘই জন্ম লাভ কৰাৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  ৰাষ্ট্ৰসংঘই জন্ম লাভ কৰা মূল উদ্দেশ্য হল বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা আৰু যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা ।

৩৯. আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মূল উদ্দেশ্য হল ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা ।

৪০. হিউমেন ৰাইট ৱাচ্চ কি আৰু কিমান চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  হিউমেন ৰাইট ৱাচ্চ হল এটা স্বাধীন আন্তৰ্জাতিক বেচৰকাৰী অনুষ্ঠান১৯৭৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ।