Class 12 Political Science Book Part 2 Chapter 10 Short Answer | HS 2nd Year Political Science Book Part 2 Chapter 10 ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান Short Question Answer |

ভাৰতীয় ৰাজনীতিৰ শেহতীয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান

দশম অধ্য়ায় 

অতি চমু প্ৰশ্নঃ 

১. কিমান চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা বিশ্বায়নৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল ।

উত্তৰঃ  ১৯৯১ চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ দ্বাৰা বিশ্বায়নৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল ।

২. কিমান চনত আৰু কেইটা সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছিল ।

উত্তৰঃ  ১৯৯০ আৰু ২০০০ চনত দুটাকৈ সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছিল ।

৩. বিশ্বায়নৰ প্ৰধান লক্ষ্য দুটাৰ নাম হল ।

উত্তৰঃ  বিশ্বায়নৰ প্ৰধান লক্ষ্য দুটা হল 

ক) উদাৰীকৰণ ।

খ) ব্যক্তিগতকৰণ ।

৪. কিমান চনৰ পৰা ভাৰতে সমাজবাদী আৰ্হিৰ অৰ্থনৈতিক ব্যৱস্থা অনুসৰণ কৰি আহিছিল ।

উত্তৰঃ  ১৯৭৬ চনৰ পৰা সমাজবাদী আৰ্হিৰ অৰ্থনৈতিক ব্যৱস্থা অনুকৰণ কৰি আহিছিল ।

৫. কিমান চনৰ পৰা ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সংকটজনক হৈ উঠে ।

উত্তৰঃ  ১৯৯০-৯১ চনৰ পৰা ভাৰতৰ অৰ্থনৈতিক পৰিস্থিতি সংকটজনক হৈ উঠে । 

৬. কিমান চনত নৰসিংহ ৰাওৰ কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৯১ চনত কেন্দ্ৰত নৰসিংহ ৰাওৰ কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল ।

৭. নৰসিংহ ৰাওৰ কংগ্ৰেছ চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিগৰাকীৰ নাম কি ।

উত্তৰঃ নৰসিংহ ৰাওৰ কংগ্ৰেছ চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্যক্তিগৰাকীৰ নাম আছিল ড° মনমোহন সিং । 

৮. নতুন অৰ্থনৈতিক নীতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতে বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ আৰু অৰ্থনৈতিক মহাসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ১১৯১ চনত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰে । ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্ৰহণেৰে অৰ্থনৈতিক উদাৰবাদী নীতিৰ অংশীদাৰ হয় । ভাৰতে বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত হব লাগে নে নালাগে, সেই বিষয়টোৰ সৈতে তিনিটা মতামতৰ সৃষ্টি হৈছে । কিছু সংখ্যকৰ মতে বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এখন ৰাষ্ট্ৰৰ কেৱল অৰ্থনৈতিক ক্ষেত্ৰখনতে দমন সাব্যস্ত নকৰে । সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনো এই প্ৰতিষ্ঠানসমূহৰ দ্বাৰা দমনিত হয় । ভাৰতে পুনৰ এখন আইনৰ ওচৰত নিৰ্ভৰশীল ৰাষ্ট্ৰলৈ ৰূপান্তৰিত নহবলৈ বিশ্বায়নৰ পৰীা বহু আঁতৰত থাকিব লাগে । দ্বিতীয় মতামতৰ দৃষ্টিত ভাৰতে যদিহে দৰিদ্ৰতা, নিৰক্ষৰতা, আৰু সামাজিক, অনগ্ৰসৰতা নিৰ্মূল কৰিব বিচাৰে, তেন্তে ৰাষ্ট্ৰখনে বিশ্বায়ন প্ৰক্ৰিয়া নিয়ন্ত্ৰিত বিশ্ব অৰ্থনীতিৰ সৈতে জড়িত হব লাগে যে ভাৰতে গ্ৰহণ কৰা নীতিৰ দ্বাৰা ঘৰুৱা-বজাৰ, সামাজিক-সাংস্কৃতিক ব্যৱস্থা, ৰাজনৈতিক পৰিৱেশ আদিৰ ক্ষতি নহয় । 

৯. কিমান চনত ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল ।

উত্তৰঃ  ১৯৯১ চনত ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল ।

১০. নতুন অৰ্থনৈতিক নীতিৰ  প্ৰধান বৈশিষ্ট্যকেইটাৰ নাম লিখা ।

উত্তৰঃ  নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান বৈশিষ্ট্যকেইটাৰ নাম হল 

ক) উদাৰীকৰণ ।

খ) ব্যক্তিগতকৰণ ।

গ) অৰ্থনীতিৰ বিশ্বায়ন ।

ঘ) নতুন ৰাজহুৱা খণ্ড নীতি ।

ঙ) আধুনিকীকৰণ ।

চ) বিত্তীয় সংস্কাৰ । 

১১. নতুন অৰ্থনৈতিক নীতিৰ সপক্ষে যুক্তিকেইটা লিখা ।

উত্তৰঃ  নতুন অৰ্থনৈতিক নীতিৰ সপক্ষে যুক্তিকেইটা হল 

ক) নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তনৰ পাছত ছিংগাপুৰ, মালয়েছিয়া, হংকং, দক্ষিণ কোৰিয়া আদি এছিয়াৰ ৰাষ্ট্ৰসমূহৰ দৰে ভাৰততো অৰ্থনৈতিক বৃদ্ধিৰ হাৰ আঠ শতাংশ হৈছে ।

খ) এই নীতিৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক খণ্ডই বিশ্বৰ ঔদ্যোগিক খণ্ডৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সাহস লাভ কৰিছে ।

গ) নতুন নীতিৰ আধাৰত ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কৰ্মদক্ষতা, আৰু মুনাফা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে ।

ঘ) উদাৰীকৰণৰ বাবে বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ ফলত নিয়োগৰ সুযোগ আৰু সুবিধা বৃদ্ধি পাইছে ।

ঙ) নতুন অৰ্থনৈতিক নীতিয়ে ক্ষুদ্ৰ উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত ক্ষুদ্ৰ উদ্যোগসমূহ লাভৱান হৈছে ।

১২ নতুন অৰ্থনৈতিক নীতিৰ বিপক্ষে যুক্তিকেইটা লিখা ।

উত্তৰঃ  নতুন অৰ্থনৈতিক নীতিৰ বিপক্ষে যুক্তিকেইটা হল 

ক) নতুন অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ হল এই নীতিয়ে উদ্যোগ, ব্যৱসায় আৰু চাকৰি খণ্ডৰ তুলনাত কৃষি খণ্ডক চূড়ান্তৰূপে অৱহেলা কৰিছে । ইয়াৰ ফলতে কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে ।

খ) এই নীতিৰ বিৰুদ্ধে আন এক গুৰুত্বপূৰ্ণ অভিযোগ হল বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ আধাৰত উদাৰীকৰণ আৰু বিশ্বায়নৰ নীতি প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিয়ে এই দুই আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।

গ) এই নীতিয়ে বিদেশী প্ৰযুক্তিবিদ্যাৰ ওপৰত অৰ্থনীতিৰ নিৰ্ভৰশীলতা অপ্ৰয়োজনীয়তা বা অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি কৰাৰ বিপৰীতে থলুৱা বা স্থানীয় প্ৰযুক্তিবিদ্যাৰ বিকাশত ব্যৰ্থ হৈছে ।

ঘ) বহুক্ষেত্ৰত বহুজাতিক ব্যৱসায় প্ৰতিষ্ঠানসমূহে ভাৰতৰ লগতে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমবহৰ ৰাজনৈতিক ব্যৱস্থা আৰু প্ৰক্ৰিয়াতো হস্তক্ষেপ কৰাৰ অভিযোগ ুত্থাপিত হৈছে ।

ঙ) গুৰুত্বপূৰ্ণভাৱে বিভিন্ন খণ্ডত বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ নিৰ্দেশমতে ৰাজসাহায্য হ্ৰাস কৰাত ভাৰত চৰকাৰৰ সিদ্ধান্তই সমাজৰ দুখীয়া শ্ৰেণীটোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিসাধন কৰিছে ।

চ) যুক্ততা নীতিৰ প্ৰৱৰ্তনৰ ফলতে ভাৰতত ভোগবাদী মানসিকতাৰ জন্ম হোৱা বুলি বহু সমালোচকে মতপোষণ কৰিছে । বিদেশী সংস্কৃতিৰ গ্ৰাসত পৰিছে সমাজৰ নৱ প্ৰজন্ম । সমালোচকসকলৰ মতে বিশ্বায়নৰ ধাৰণাৰ জৰিয়তে উন্নয়নশীল ৰাষ্ট্ৰসমূহত বলপূৰ্বকভাৱে পশ্চিমীয়া সংস্কৃতিৰ প্ৰৱেশ ঘটোৱা হৈছে । ইয়াক বহুতে সাংস্কৃতিক সাম্ৰাজ্যবাদী মনোভাৱ আখ্যা দিছে ।

১৩. উত্তৰ ভাৰতত আৱিৰ্ভাৱ হোৱা দুজন শক্তিশালী নেতাৰ নাম লিখা ।

উত্তৰঃ  উত্তৰ ভাৰতত আৱিৰ্ভাৱ হোৱা দুজন শক্তিশালী নেতাৰ নাম হল 

ক) বিহাৰৰ লালুপ্ৰসাদ যাদৱ ।

খ) উত্তৰ প্ৰদেশৰ মুলায়েম সিং যাদৱ ।

১৪. কিমান চনত আৰু কত শক্তিশালী পিছপৰা নেতাসকলৰ আৱিৰ্ভাৱ হৈছিল ।

উত্তৰঃ  ১৯৮০ চনত উত্তৰ ভাৰতত শক্তিশালী পিছপৰা নেতাসকলৰ আৱিৰ্ভাৱ হৈছিল ।

১৫. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ নাম হল মুলায়েম সিং যাদৱ ।

১৬. কিমান চনত কত আৰু কাৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন কৰিছিল ।

উত্তৰঃ  ১৯৯৩ চনত উত্ৰ প্ৰদেশত মুলায়েম সিং যাদৱৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন কৰিছিল ।

১৭. নীৰৱ বিপ্লৱ বুলি কাক কোৱা হয় ।

উত্তৰঃ  ভাৰতৰ ৰাজনীতিত অন্যান্য পিছপৰা সম্প্ৰদায় আৰু নিম্নবৰ্ণৰ উত্থানক ক্ৰিষ্টফাৰ জাফ্ৰেল টেক নীৰৱ বিপ্লৱ বুলি কোৱা হয় ।

১৮. স্বাধীন ভাৰতৰ দ্বিতীয় খন পিছপৰা শ্ৰেণীৰ আয়োগ কিমান চনত গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৭৯ চনৰ ১ জানুৱাৰীত স্বাধীন ভাৰতৰ দ্বিতীয়খন পিছপৰা শ্ৰেণীৰ আয়োগ গঠন কৰা হৈছিল ।

১৯. বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ নাম কি ।

উত্তৰঃ  বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ নাম হল বিন্দেশ্বৰী প্ৰসাদ মণ্ডল ।

২০. কিমান চনত মণ্ডল আয়োগে পৰামৰ্শৱলী দাখিল কৰে ।

উত্তৰঃ  ১৯৮০ চনৰ ডিচেম্বৰ মাহত মণ্ডল আয়োগে পৰামৰ্শৱলী দাখিল কৰে ।

২১. মণ্ডল আয়োগৰ পৰামৰ্শৱলীসমূহ কি কি ।

উত্তৰঃ  মণ্ডল আয়োগৰ পৰামৰ্শৱলীসমূহ হল 

ক) চৰকাৰী চাকৰি বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে ।

খ) অনূসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ দৰে একেধৰণে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণমূলক আচনিৰ বাবেও ভাৰত চৰকাৰে পূঁজিৰ যোগান ধৰিব লাগে ।

গ) ৰাজ্যসমূহত কম পৰিমাণে ভূমিৰ গৰাকীসকলে যাতে ধনী কৃষকসকলৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া নহয়, ইয়াৰ বাবে আমূল ভূমিসংস্কাৰ সাধন কৰিব লাগে ।

ঘ) অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ যথেষ্ট সহায় কৰিব লাগে ।

ঙ) বৃত্তিমুখী প্ৰশিক্ষণ প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে বিশেষ শৈক্ষিক আচনি আৰম্ভ কৰিব লাগে ।

২২. মণ্ডল আয়োগৰ ফলাফলসমূহৰ বিষয়ে লিখা ।

উত্তৰঃ  মণ্ডল আয়োগে ১৯৮০ চনৰ ডিচেম্বৰ মাহত পৰামৰ্শৱলী দাখিল কৰিছিল যদিও সেই সময়ত জনতা চৰকাৰৰ পতন ঘটিছিল । ১৯৯০ চনৰ আগষ্ট মাহত বিশ্বনআথ প্ৰতাপ সিং নেতৃত্বাধীন নেচনেল ফ্ৰন্ট চৰকাৰে এই পৰামৰ্শৱলীসমূহ কাৰ্যকৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰথমতে চৰকাৰে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন প্ৰতিষ্ঠানসমূহত চাকৰিৰ ক্ষেত্ৰত ২৭ শতাংশ পদ অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ঘোষণা থাকে ।

চৰকাৰৰ এই ঘোষণাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিশেষকৈ উত্তৰ ভাৰতত এই প্ৰতিক্ৰিয়াই চূড়ান্ত ৰূপ ধাৰণ কৰে । বিভিন্ন ধৰণে চৰকাৰৰ এই পদক্ষেপৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলে , বিশেষকৈ উচ্চ বৰ্ণৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ চাকৰিৰ সম্ভাৱনা হ্ৰাস পাই অহাৰ অভিযোগ উত্থাপন কৰে । বিভিন্ন স্থানত েই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰা দেখা যায় । আনকি ৰাজধানী দিল্লী ছাত্ৰৱে আত্মজাহৰ প্ৰচেষ্টা চলায় । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ত গোচৰ তৰা  হয় ।

২৩. ইন্দিৰা চাহানী গোচৰ কৰা ছাত্ৰীগৰাকীৰ নাম কি ।

উত্তৰঃ ইন্দিৰা চাহানী গোচৰ তৰা ছাত্ৰীগৰাকীৰ নাম হল তৰা ।

২৪. কিমান চনত উচ্চতম ন্যায়লয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰায়দান দিছিল ।

উত্তৰঃ  ১৯৯২ চনত উচ্চতম ন্যায়লয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰায়দান দিছিল ।

২৫. কিমান চনত আৰু কাৰ উদ্যোগত বহুজন সমাজ পাৰ্টি গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৮৪ চনত দলিত নেতা কাশীৰামৰ উদ্যোগত বহুজন সমাজ পাৰ্টি গঠন কৰা হৈছিল ।

২৬. কিমান চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণী কৰ্মচাৰী সংস্থা গঠন কৰা হৈছিল ।

উত্তৰঃ  ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণী কৰ্মচাৰী সংস্থা গঠন কৰা হৈছিল ।

২৭. কিমান চনত আৰু কাৰ উদ্যোগত দলিত শোষিত সমাজ সংঘৰ্ষ সমিতি প্ৰতিষ্ঠা কৰা হৈছিল ।

উত্তৰঃ  ১৯৮১ চনত কাশীৰামৰ উদ্যোগত দলিতশোষিত সমাজ সংঘৰ্ষ সমিতি প্ৰতিষ্ঠা কৰা হৈছিল ।

২৮. কিমান চনত আৰু কোনে বহুজন পাৰ্টিৰ জন্ম দিছিল ।

উত্তৰঃ  ১৯৮৪ চনৰ ১৪ এপ্ৰিলত দলিত নেতা কাশীৰামে বহুজন পাৰ্টিৰ জন্ম দিছিল ।

২৯. কিমান চনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মৰ্চা চৰকাৰ গঠন কৰিছিল ।

উত্তৰঃ  ১৯৯৫ আৰু ১৯৯৭ চনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মৰ্চা চৰকাৰ গঠন কৰিছিল ।

৩০.বৰ্তমানৰ দলিত নেত্ৰীগৰাকীৰ নাম কি ।

উত্তৰঃ  বৰ্তমানৰ দলিত নেত্ৰীগৰাকীৰ নাম হল মায়াৱতী ।

৩১. কিমান চনত আৰু কাৰ দ্বাৰা গঠিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকীৰ নাম কি ।

উত্তৰঃ ১৯৯১ চনৰ পিছৰ পৰা প্ৰথমবাৰৰ বাবে একক দল এটাৰ দ্বাৰা গঠিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকীৰ নাম হল মায়াৱতী ।

৩২. ব্ৰাহ্মণ আৰু দলিতৰ মাজৰ সম্পৰ্কস্থাপনক উত্তৰ প্ৰদেশত কি বুলি আখ্যা দিয়া হৈছে বা কোৱা হৈছে ।

উত্তৰঃ ব্ৰাহ্মণ আৰু দলিতৰ মাজৰ সম্পৰ্ক স্থাপনক উত্তৰ প্ৰদেশত ভাইছাৰা বুলি আখ্যা দিয়া হৈছে বা কোৱা হৈছে । 

৩৩. ভাইছাৰাৰ অৰ্থ কি ।

উত্তৰঃ  ভাইছাৰাৰ অৰ্থ হল সামাজিক সমিলমিল বা ভাতৃত্ববোধ ।

৩৪. এজন বিখ্যাত মাৰাঠী কবিৰ নাম লিখা ।

উত্তৰঃ  এজন বিখ্যাত মাৰাঠী কবিৰ নাম হল নামডেও ধাছাল ।

৩৫. দুজন বিখ্যাত ইংৰাজী কবিৰ নাম লিখা ।

উত্তৰঃ  দুজন বিখ্যাত ইংৰাজী কবিৰ নাম  হল 

ক) জয়ন্ত কাৰ্ভে ।

খ) এলিনৰ জেলিয়ট ।

৩৬. কবিয়ে দলিতসকলক কি বুলি কৈছে ।

উত্তৰঃ  কবিয়ে দলিতসকলক আন্ধাৰৰ তীৰ্থযাত্ৰী বুলি কৈছে ।

৩৭. কোনে কিমান চনত দলিত পেনথাৰছ নামৰ উগ্ৰপন্থী সংগঠন গঠন কৰিছিল ।

উত্তৰঃ  ১৯৭২ চনত দলিত শ্ৰেণীভূক্ত ডেকাসকলে দলিত পেনথাৰছ নামৰ উগ্ৰপন্থী সংগঠন গঠন কৰিছিল ।

৩৮. সাম্প্ৰদায়িকতাৰ অৰ্থৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতত সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰবিষয়ে আলোচনা কৰাৰ আগতে আমি সাম্প্ৰদায়িকতাবাদৰ বিষয়ে কিছু আলোচনা কৰা ভাল হব । সাম্প্ৰদায়িকতাবাদ সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মতামত প্ৰকাশ কৰি আহিছে । কিছুসংখ্যকৰ মতে এয়া এক মতাদৰ্শ, যিয়ে এটা ধৰ্মীয় গোটক আন গোটসমূহৰপৰা পৃথক অস্তিত্বৰ ওপৰত জোৰ দিয়ে আৰু প্ৰায়ে ইয়াৰ আন মূল্যৰ বিনিময়ত নিজৰ স্বাৰ্থপূৰণৰ প্ৰৱণতা থাকে । ডি ই স্মিথৰ মতে সাম্প্ৰদায়িকতাবাদ সাধাৰণতে কোনো এটা ধৰ্মীয় গোটৰ এক সংকীৰ্ণ বিভাজনকামী আৰু আক্ৰমণাত্মক মনোভাৱৰ সৈতে জড়িত । অধ্যাপক বিপিন চন্দ্ৰ মতে সাম্প্ৰদায়িকতাবাদী ধাৰণা ধৰ্মীয় পাৰ্থক্যৰ গুৰুত্ব সবাতোকৈ অধিক আৰু মৌলিক পাৰ্থক্য , এই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত ।

৩৯. ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ কি কি ।

উত্তৰঃ  ভাৰতত সাম্প্ৰদায়িকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ হল 

ক) বৃটিছৰ বিভাজন আৰু শাসন নীতি ।

খ) সাম্প্ৰদায়িক সংগঠন ।

গ) নিষ্ক্ৰিয় নিৰ্লিপ্ত চৰকাৰ ।

ঘ) জাতীয়তাবাদী চিন্তাধাৰা আৰু প্ৰচাৰত হিন্দু চৰিত্ৰ ।

ঙ) সন্তুষ্টকৰণৰ ৰাজনীতি ।

চ) সাম্প্ৰদায়িক সংঘৰ্ষৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত অক্ষমতা ।

৪০. সাম্প্ৰদায়িকতাবাদ ৰোধ কৰা উপায়সমূহ কি কি ।

উত্তৰঃ  সাম্প্ৰদায়িকতাবাদ ৰোধ কৰা উপায়সমূহ হল 

ক) প্ৰচাৰ মাধ্যমসমূহে সাম্প্ৰদায়িক ঘৃণা বৃদ্ধি কৰাৰ আশংকা থকা বাতৰি আদি প্ৰচাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে । ইয়াৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতা, ধৰ্মীয় সহনশীলতা আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰত গুৰুত্ব দিব লাগে । 

খ) শিক্ষা ব্যৱস্থাটোক সাম্প্ৰদায়িকতাবাদী মনোভাৱ নিৰ্মূল কৰাৰ উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে । সাম্প্ৰদায়িকতাবাদ এক মানসিক ব্যাধি আৰু ইয়াৰ মানসিক নিৰাময়ৰ প্ৰয়োজন । এয়া কৰিব পাৰে ধৰ্মীয় সহনশীলতা, ধৰ্মনিৰপেক্ষতা আদিৰ শিক্ষা প্ৰদান কৰিব পৰা পাঠ্যপুথিৰে ।

গ) বহুক্ষেত্ৰত মাত্ৰ কেইজনমান লোকৰ কু-মতবলত সাম্প্ৰদায়িক হিংসা সংঘটিত হৈ চাৰিওফালে বিয়পি পৰে । 

ঘ) সংখ্যালঘুসকলৰ মনত বৈষম্যৰ মনোভাবৰ সৃষ্টি নহবলৈ অৰ্থনৈতিক বৈষম্য আৰু অসমতা হ্ৰাস কৰাটো অতি প্ৰয়োজন ।

ঙ) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘুসকলৰমাজত পাৰস্পৰিক বিশ্বাসৰ সৃষ্টিৰ জৰিয়তে সহজে সাম্প্ৰদায়িকতাবাদী মনোভাৱ আঁতৰ কৰিব লাগে ।