Class 6 Assamese Book Chapter 5 Answer | Sankardev School Class 6 Assamese Book Chapter 5 কুলি Question Answer |

কুলি

Chapter 5

১। শব্দ – অর্থ

হেঁপাহ – পাবলৈ বৰকৈ ইচ্ছা, হাবিয়াহ, হুতাহ

ভাও – অংগি – ভংগি

ভূমুকি – খন্তেকৰ বাবে দেখা দিয়া

সুঁৱদি – সােৱাদ থকা, শুনি ভাল লগা, মধুৰ 

২। তলত দিয়া বাক্যবােৰ শুদ্ধ ৰূপত পাবলৈ উপযুক্ত শব্দত (✓) চিন দিয়া। 

(ক) কুলিৰ বৰণ হালধীয়া ক’লা মুগা।

উত্তৰঃ- ক’লা।

(খ) কুলিয়ে বসন্ত শীত শৰৎ কালত গীত গায়।

উত্তৰঃ- বসন্ত।

(গ) কুলিৰ মধুৰ গীত শুনিবলৈ কবি নৈৰ পাৰলৈ পথাৰলৈ বনলৈ যায়।

উত্তৰঃ- বনলৈ।

৩। চমু উত্তৰ দিয়াঃ

(ক) কুলিৰ মাতত যাদু আছে বুলি কবিয়ে কিয় ভাবিছে?

উত্তৰঃ- কুলিৰ মাতত যাদু আছে বুলি কবিয়ে ভাবিছে কাৰণ কুলিৰ মাতটো শুনি থাকিলেও কবিৰ হেঁপাহ নপলাই, বাৰে বাৰে শুনি থাকিবই মন যায়।

(খ) বসন্ত কালত গছ-লতাৰ ৰূপ কেনে হয়?

উত্তৰঃ- বসন্ত কালত গছ-লতাৰ ৰূপ মনোমোহা হয়।

(গ) কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে?

উত্তৰঃ- কবিয়ে ঘৰৰ ফালে কুলিৰ মাত শুনিলে পাহৰে।

৪। বাক্য ৰচনা কৰাঃ

স্ৰজন – ঈশ্বৰে পৃথিৱীখনক বৰ সুন্দৰ কৰি স্ৰজন কৰিছে। 

ভাও – ৰহিমে দেউতাকৰ পিতনৰ পৰা বাছিবলৈ মূৰ্চা যোৱাৰ ভাও জুৰিছিল। 

সুঁৱদি – কুলিৰ মাতটো বৰ সুঁৱদি। 

সাজি-কাচি – মামনি সাজি-কাচি বিয়ালৈ যাবলৈ উলাল।

Mampi Kakati 

*****

Post ID : DABP005834