Class 6 Social Science Book Chapter 12 প্ৰাচীন নগৰীয়া সভ্যতা Question Answer |

প্ৰাচীন নগৰীয়া সভ্যতা

পাঠ নং – ১২

১। (ক) পুৰণি বেছিভাগ সভ্যতা নদীৰ পাৰত গঢ়ি উঠাৰ কাৰণ কি?

উত্তৰঃ নদী উপত্য়কাৰ সাৰুৱা অঞ্চল বসবাসৰ বাবে উপযোগী, সেয়েহে পুৰণি বেছিভাগ সভ্যতা নদীৰ পাৰত গঢ়ি উঠিছিল।

(খ) সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনাৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ সিন্ধু উপত্যকা সভ্যতাৰ নগৰ পৰিকল্পনা আধুনিক যুগৰ নগৰসমূহৰ দৰেই আছিল। চহৰৰ আলিবাটবোৰ সু-পৰিকল্পিত আৰু আহল-বহল আছিল। ৰাস্তাৰ কাষে কাষে নলা-নৰ্দমাৰ ব্য়ৱস্থা আছিল। নৰ্দমাৰ ওপৰত ঢাকনি আছিল আৰু সেইবোৰ সহজতে খুলিব পৰাৰ ব্য়ৱস্থা আছিল। ঘৰৰ পৰা ওলাই যোৱ পানী ৰাস্তাৰ কাষৰ নলাত জমা হৈছিল আৰু সেই নলাৰ পৰা আকৌ নগৰৰ বাহিৰলৈ লেতেৰা পানী উলিয়াই পঠিওৱা হৈছিল। পানী যোগানৰ ব্য়ৱস্থাও বিজ্ঞানসন্মত আছিল।

(গ) সিন্ধু সভ্যতাৰ কৃষি, পশুপালন আৰু খাদ্য সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ সিন্ধু সভ্য়তাৰ লোকসকলৰ পৰধান জীৱিকা আছিল কৃষি আৰু পশুপালন। কৃষিজাত সামগ্ৰীৰ ভিতৰত প্ৰধান আছিল ধান, মাহ, বাৰ্লি, তিল, গম, নানাবিধ শাক-পাচলি আৰু ফল-মূল। তেওংলোকৰ প্ৰধান খাদ্য় আচিল গম, বাৰ্লি, ভাত গাখীৰ, গাখীৰৰ পৰা উৎপন্ন বস্তু। তদুপৰি শাক-পাচলি সাছ, ছাগলীৰ মাংস, কাছৰ মাংস আদি খাইছিল। গাহৰি, ভেড়া, ষাঁড়গৰু, হাতী, উট, ছাগলী, ম’হ ইত্য়াদিৰ হাড় আৰু বিভিন্ন পুতলা আৱিষ্কাৰ হোৱাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে এইবোৰ জন্তু পুহিছিল।

(ঘ) সিন্ধু সভ্যতাৰ লোকসকলৰ বেপাৰ-বাণিজ্য সম্পৰ্কে লিখা।

উত্তৰঃ সিন্ধু সভ্য়তাৰ লোকসকলে সমসাময়িক সভ্য়তা যেনে – মেছোপটেমিয়া, মিছৰ আৰু ক্ৰীটৰ মানুহৰ লগত বেপাৰ-বূাণিজ্য়ৰ সম্পৰ্ক স্থাপন কৰিছিল। ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰৰ হাট-বজাৰত সিন্ধু উপত্য়কাৰ নিৰ্মিত বস্তু বিক্ৰী কৰা হৈছিল। সিন্ধু উপত্য়কাৰ বেপাৰীসকলে বিভিন্ন ধৰণৰ মণি, কাপোৰ, মাটিৰ পাত্ৰ, মছলা, সোণ, ৰূপ, তাম, অন্য়ান্য় মূল্য়ৱান পাথাৰ, প্ৰসাধন সামগ্ৰী আদি আমদানি কৰিছিল।

(ঙ) সিন্ধু সভ্যতাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ সিন্ধু উপত্য়কা চলোৱা খননকাৰ্যত কোনো ধৰণৰ মঠ মন্দিৰ আৱিষ্কাৰ হোৱা নাছিল। পণ্ডিতসকলে অনুমান কৰে যে ইয়াৰ অধিবাসীসকলে শিৱ আৰু শক্তি পূজা কৰিছিল। বিভিন্ন পশুৰে আৱেষ্টিত ধ্য়ানমগ্ন শৱৰ মূৰ্তি ইয়াত আৱিষ্কাৰ হৈছে। তেওঁলোকে শিৱক পশুপতি বুলি পূজা কৰিছিল। খনন কাৰ্যত অসংখ্য় মাটিৰ মাতৃ মূৰ্তি আৱিষ্কাৰ হোৱাৰ পৰা অনুমান কৰা হয় যে প্ৰকৃতিক মাতৃ হিচাপে তেওঁলোকে পূজা কৰিছিল। তেওঁলোকে বট, আঁহত আদি গছকো পূজা কৰিছিল। তদুপৰি তেওঁলোকে ষাঁড়, বাঘ, হাতী, ম’হ, গৰু আদি জন্তুকো পূজা কৰিছিল।

(চ) সিন্ধু সভ্যতাৰ লোকসলৰ ৰাজহুৱা  স্ননাগাৰটো কেনেকুৱা আছিল লিখা।

উত্তৰঃ সিন্ধু সভ্য়তাৰ লোকসকলৰ ৰাজহুৱা স্নানাগাৰটোৰ দীঘে ১৮০ ফুট, পথালিয়ে ১০৮ ফুট আয়তন আছিল। মাজভাগত ৩৯ ফুট দীঘল, ২৩ ফুট বহল আৰু ৮ ফুট দ জোখৰ এটা পুখুৰী আছিল। বৃহৎ স্নানাগাৰটোৰ চাৰিওদিশে গা ধুই কাপোৰ সলাবৰ বাবে কিছুমান কোঠালিৰ ব্য়ৱস্থা আছিল। স্নানাগাৰটোত পানী যোগান ধৰা হৈছিল স্নানাগাৰটোৰে সংলগ্ন এটৈা কুঁৱাৰ পৰা আৰু গা-ধোৱা পানীখিনি উলাই যাবলৈ এটা ডাঙৰ নলাৰ ব্য়ৱস্থা কৰা আছিল।

২। অতি চমু উত্তৰ দিয়া –

(ক) সিন্ধু সভ্যতাক আৰু কি নামেৰে জনা যায়?

উত্তৰঃ সিন্ধু সভ্যতাক আৰু হৰপ্পা সভ্য়তা হিচাপেও জনা যায়।

(খ) সিন্ধু সভ্যতাৰ সমসায়িক এটা সভ্যতাৰ নাম লিখা।

উত্তৰঃ সিন্ধু সভ্যতাৰ সমসায়িক এটা সভ্যতাৰ নাম মেছোপটেমিয়া।

(গ) সিন্ধু সভ্যতাৰ লোকসকলে ব্যৱহাৰ কৰা দুবিধ অলংকাৰৰ নাম লিখা।

উত্তৰঃ সিন্ধু সভ্যতাৰ লোকসকলে ব্যৱহাৰ কৰা দুবিধ অলংকাৰৰ নাম হৈছে- কেৰু আৰু খাৰু।

(ঘ) কিমান চনত নদীৰ পাৰত খননকাৰ্য আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯২১-২২ চনত নদীৰ পাৰত খননকাৰ্য আৰম্ভ হৈছিল।

(ঙ) সিন্ধু নদীৰ পাৰৰ খননকাৰ্যত ভাগ লোৱা দুজন পুৰাতত্ত্ববিদৰ নাম লিখা।

উত্তৰঃ সিন্ধু নদীৰ পাৰৰ খননকাৰ্যত ভাগ লোৱা দুজন পুৰাতত্ত্ববিদৰ নাম হৈছে – ছাৰ জন মাৰ্ছাল আৰু আৰ ডি বেণাৰ্জী।

(চ) সিন্ধু সভ্যতাৰ পতনৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ বিভিন্ন কাৰণত সিন্ধু সভ্য়তাৰ পতন হয় বুলি পণ্ডিতসকলে অনুমান কৰে। 

    কোনো কোনো পণ্ডিতে ক’ব খোজে যে সিন্ধু নদীত হোৱা বানৰ ফলত এই সভ্য়তাৰ পতন হয়।

    আৰ্যসকলে ভাৰতবৰ্ষত প্ৰৱেশ কৰি সিন্ধু নদী উপত্য়কা দখল কৰি লোৱাৰ ফলটো এই সভ্য়তা এই সভ্য়তা পতন হ’ব পাৰে বুলি বহুতে ক’ব খোজে।

-Hiru Moni Bora

Post ID : DABP006151