Class 6 Social Science Book Chapter 7 Answer | Sankardev School Class 6 Social Science Book Chapter 7 অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্ৰানী আৰু কৃষি Question Answer |

অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্ৰানী আৰু কৃষি

পাঠ নং-৭

১। উত্তৰ লিখাঃ

(ক) অসমত বছৰটোক কেইটা ঋতুত বিভক্ত কৰা হয় ?

উত্তৰঃ অসমত বছৰটোক ৬ টা ঋতুত বিভক্ত কৰা হয়।

(খ) প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক কেইটা ভাগত ভগোৱা হৈছে ?

উত্তৰঃ প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক ৩ টা ভাগত ভগোৱা হৈছে।

(গ) অসমত ৰাষ্টীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য কেইখন ?

উত্তৰঃ অসমত ৰাষ্ট্ৰীয় উদ্য়ান ৭ খন আৰু ১৭ খন বন্য়প্ৰাণী অভয়াৰণ্য় আছে।

(ঘ) দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমত কি পৰিঘটনা সংঘটিত হয় ?

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমত প্ৰচুৰ বৰষুণ হয়।

(ঙ) অসমৰ বৰ্ষা কোন মাহৰপৰা কোন মাহলৈ ?

উত্তৰঃ অসমৰ বৰ্ষা কাল শাওন মাহৰ আৰম্ভণিৰ পৰা পৰা ভাদ মাহৰ শেষলৈ।

২। চমুকৈ লিখা ঃ 

(ক) অসমত জলবায়ুৰ বৈশিষ্ট্যবোৰ

উত্তৰঃ অসমত জলবায়ুৰ বৈশিষ্ট্য়বোৰঃ সকলোবিলাকে অসমৰ জলবায়ুক এক সুকীয়া বৈশিষ্ট্য় প্ৰদান কৰিছে। অসমত জলবায়ুক ছটা কাল বা ঋতুত কৰিব পাৰি- গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(খ) অসমৰ কৃষিজাত উদ্ভিদসমূহঃ

উত্তৰঃ অসমত কৃষিজাত উদ্ভিদসমূহঃ অসমৰ বিভিন্ন ঋতুত বিভিন্ন কৃষিজাত উদ্ভিদৰ উৎপাদন কৰা হয়। গ্ৰীষ্মকালত হোৱা  প্ৰধান খেতি হৈছে- ধান, মৰাপাট, জিকা, লাউ, কোমোৰা আদি। আৰু খৰালিকালত হোৱা খেতিবোৰ হৈছে- বড়োধান, ঘেঁহু, মাকৈ, সৰিয়হ, তিল, তিচি, আলু কবি আদি। ইয়াৰ উপৰি অনুকূল জলবায়ুৰ বাবে চাহ, কফি, ৰবৰ, কল, নাৰিকল, তামোল, পাণ আদিৰ খেতি কৰা হয়।

(গ) অসমত চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য 

উত্তৰঃ অসমত চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য়ঃ এই উদ্ভিদবোৰ সাধাৰণতে বছৰি ২০০ ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা ঠাইত দেখা যায়। এই উদ্ভিদসমূহ বছৰৰ বাৰমাহে সেউজীয়া হৈ থাকে। চতিয়না, শলখ, হোলোং, নাহৰ, বনচোম, তিতাচপা আদি চিৰসেউজীয়া উদ্ভিদৰ অন্য়তম উদাহৰণ।

(ঘ) অসমত বন্যপ্ৰানী আৰু মানুহৰ সংঘাত

 উত্তৰঃ অসমত বন্য়প্ৰাণী আৰু মানুহৰ সংঘাতঃ অসমৰ বন্য়প্ৰাণীৱ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে বনাঞ্চল কমি যোৱাৰ বাবে। জধে-মধে অৰণ্য়ৰ গছ-গছনি কটা, মানুহে বনভূমি বেদখল কৰি বসবাস কৰিবলৈ লোৱা আদি বিভিন্ন কাৰণত বন্য়প্ৰানীৰ আৱাসস্থলী দ্ৰুতগতিত কমি আহিছে। খাদ্য়ৰ অভাৱ পূৰাবলৈ বান্দৰবোৰ নগৰ-চহৰলৈ আৰু বনৰীয়া হাতী, নাহৰফুটুকী আদি হাবিৰ পৰা ওলাই জন অৰণ্য় বা লোকালয়ত উপদ্ৰৱ আৰম্ভ কৰিছে। সেয়েহে বিভিন্ন ঠাইত সংঘটিত বান্দৰ-মানুহৰ সংঘাতৰ সৃষ্টি হৈছে।

(ঙ) বিভিন্ন ঋতুত পালন কৰা অসমৰ উৎসৱসমূহঃ

উত্তৰঃ বিভিন্ন ঋতুত পালন কৰা অসমৰ উৎসৱসমূহঃ আমি ঋতু অনুযায়ী বিভিন্ন উৎসৱ পালন কৰোঁ। বসন্ত ঋতুত কাঞ্চন-কপৌ-খৰিকাজাঁই আদি ফুলে, আমে মলিয়ায়, কঁঠালে মুচি পেলায় আৰু আমি এনেকুৱা বতৰতে উলহ-মালহেৰে ৰঙালী বিহু পালন কৰোঁ। বৰ্ষা কালত আমি গুৰুজনাৰ তিথি পালন কৰোঁ। শৰৎ কালত অলপ অলপ নিয়ৰ পৰে, শেৱালি ফুলে, ধানে গেঁৰ মেলিবলৈ ধৰে, । শাৰদীয় বতৰৰ দুৰ্গা পূজা, লক্ষ্মী পূজা, পোহৰৰ উৎসৱ দীপাৱলী আদি এই শৰৎ ঋতুতে পালন কৰা হয়। তাৰোপৰি এই ঋতুতে কাতি বিহুও উদযাপন কৰা হয়। হেমন্ত কালত পথাৰৰ সোণালী ধান চপাই লখিমীক আদৰা বতৰতে আমি ভোগালী বিহু পালন কৰোঁ। 

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) খাৰিফ শস্য হ’ল-

(১) শালি ধান, (২) কবি, (৩) আলু।

উত্তৰঃ শালি ধান।

(খ) ৰবি শস্য হ’ল-

(১) কল, (২) চাহ, (৩) সৰিয়হ।

উত্তৰঃ সৰিয়হ।

(গ) কোন দুটা ঋতুৰ দোমোজাত বসন্ত কাল হয় –

(১) গ্ৰীষ্ম আৰু বৰ্ষা, (২) শৰৎ আৰু শীত, (৩) শীত আৰু গ্ৰীষ্ম।

উত্তৰঃ শীত আৰু গ্ৰীষ্ম।

ঘ) উদ্ভিদে এৰি দিয়া দিয়া গেছবিধৰ নাম হ’ল –

(১) অক্সিজেন, (২) কাৰ্বন-ডাই-অক্সাইড, (৩) নাইট্ৰ’জেন।

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।

৪। উদ্ভিদৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গছ-গছনি অবিহনে মানুহ আৰু অন্য় প্ৰাণীবোৰৰ জীৱন-ধাৰণ অসম্ভৱ। আমাৰ প্ৰয়োজনীয় প্ৰায় সকলো খাদ্য় আ্ৰমি প্ৰত্য়ক্ষভাৱে উদ্ভিদৰ পৰাই পাওঁ। গছে এৰা অক্সিজেন গেছ আমি সেৱন কৰোঁ। আৰু আমি এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ গছে শোষণ কৰে বাবেই পৃথিৱীৰ প্ৰাণীকূল বাচি আছে। গছে পৰিৱেশৰ ভাৰাসাম্য়তা ৰক্ষা কৰে। গছৰ শিপা, সৰি পৰা পাতে ভূমি ক্ষয় ৰোধ কৰে। পাত-ফল-ফুল সৰি মাটিত মিহলি হৈ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। তদুপৰি গছৰ পাত-ফল-ফুল বিভিন্ন বেমাৰৰ দৰৱ হিচাপে ব্য়ৱহাৰ কৰা হয়।

৫। অসমৰ ঋতুসমূহৰ বিশেষত্ববোৰ লিখা।

উত্তৰঃ অসমৰ ঋতুসূহৰ বিশেষত্ব হৈছে- 

বসন্ত ঋতুঃ এই ঋতুত জাৰৰ প্ৰকোপ কমি বতৰ নাতিশীতোষ্ণ হয়। এই ঋতুতে বাৰেবৰণীয়া ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰে। এই কঁঠালে মুচি পেলায়, আমেও মলিয়ায়। এই ঋতুতে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু পালন কৰা হয়।

গ্ৰীষ্ম ঋতুঃ এই ঋতুত বতৰ উষ্ণ হ’বলৈ ধৰে। এই ঋতুতে বিভিন্ন ধৰণৰ ফল-মূল খাবলৈ পাওঁ। তাৰ ভিতৰত আম, কঁঠাল, জামু, লেতেকু, পনিয়ল আদি অন্য়তম।

বৰ্ষা ঋতুঃ এই ঋতুত নেৰা-নেপেৰা বৰষুণ হয়। অসমৰ মূল শালি ধান এই ঋতুতে ৰোপন কৰা হয়।

শৰৎ ঋতুঃ এই ঋতুত অলপ অলপ নিয়ৰ পৰে, শেৱালি ফুলে, ধানে গেঁৰ মেলিবলৈ ধৰে। শাৰদীয় বতৰৰ দুৰ্গা পূজা, লক্ষ্মী পূজা, পোহৰৰ উৎসৱ দীপাৱলী আদি এই শৰৎ ঋতুতে পালন কৰা হয়। তাৰোপৰি এই ঋতুতে কাতি বিহুও উদযাপন কৰা হয়।

হেমন্ত ঋতুঃ এই কালছোৱাত লাহে লাহে শীত আৰম্ভ হয়। গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। এই কালছোৱাৰ শেষৰ ভাগতে আমি ভোগালী বিহু উদযাপন কৰোঁ।

শীত কালঃ শীতৰ নিশা কুঁৱলীয়ে চাৰিওফাল ছানি ধৰে। এই সময়ছোৱাতে বিভিন্ন ধৰণৰ শাক-পাচলি উৎপাদন হয়।

-Hiru Moni Bora

Post ID : DABP006123