Class 9 Geography Elective জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

তৃতীয় অধ্যায়

চমু প্ৰশ্নউত্তৰঃ

১। জনবিস্ফোৰণ কাক বোলে?

উত্তৰঃ উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। ১৮০০–১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল। কিন্তু ১৯৫০- ২০০০ চনৰ ভিতৰত কেৱল পঞ্চাশ বছৰতে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়, যাক জন বিস্ফোৰণ (Population explosion) বোলা হয়।

২। বৰ্তমান পৃথিৱীৰ জনসংখ্যা ২০১১ বৰ্ষৰ অনুসৰি কিমান?

উত্তৰঃ বৰ্তমান পৃথিৱীৰ জনসংখ্যাই ৭০০ কোটি (ৰাষ্ট্ৰসংঘৰ ২০১১ বৰ্ষৰ ঘোষণা অনুসৰি) পাইছেহি।

৩। কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ?

উত্তৰঃ পূব এছিয়া অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি।

৪। জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা?

উত্তৰঃ এক নির্দিষ্ট সময়ৰ ভিতৰত মানুহৰ সংখ্যাগত যি বৃদ্ধি বা বাঢ়ন তাকে জনসংখ্যা বৃদ্ধি বুলি ক’ব পাৰি । উদাহৰণ স্বৰূপে ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩২.৮ লাখ । ২০০১ চনৰ লােক পিয়ল মতে , অসমৰ জনসংখ্যা হ’লগৈ ২৬৬,৩৮ , ৮০৭ জন ।

৫। পৃথিৱীত জনসংখ্যাৰ বৃদ্ধিৰ কাৰণটো কি?

উত্তৰঃ পৃথিৱীত জনসংখ্যাৰ বৃদ্ধিৰ কাৰণটো হৈছে- পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা ৭০০ কোটিৰো অধিক। জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণসমূহ হৈছে জলবায়ু পৰিৱর্তিত আৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্য, উচ্চ জন্মৰ হাৰ, নিম্ন মৃত্যুৰ হাৰ, প্ৰব্ৰজন আদি।

৬। জন-প্ৰব্ৰজন কাক বোলে?

উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য স্থানলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কার্যক জন-প্ৰব্ৰজন (Human migration) বুলি কোৱা হয়। কোনো বিশেষ কাৰণত এজন লোক বা এটা পৰিয়াল বা বহুতো লোক এখন ঠাইৰপৰা আন এখন ঠাইলৈ প্ৰব্ৰজন কৰাকে জন-প্রব্রজন বুলি ক’ব পাৰি।

৭। জনসংখ্যাৰ ঘনত্ব কাক বোলে?

উত্তৰঃ জনসংখ্যা বিতৰণৰ এনে পাৰ্থক্য আমি জনসংখ্যাৰ ঘনত্বৰ (প্ৰতি কিলোমিটাৰত বাস কৰা লোকসংখ্যা) দ্বাৰাও বুজিব পাৰোঁ। অৰ্থাৎ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰে হৰণ কৰি যি ফলাফল পোৱা যায় তাকে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব বোলে।

৮। আটাইতকৈ কম জনসংখ্যা থকা মহাদেশখনৰ নাম কি?

উত্তৰঃ আটাইতকৈ কম জনসংখ্যা থকা মহাদেশখনৰ নাম- ওছেনিয়া।

৯। জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি থকা মহাদেশখনৰ নাম কি?

উত্তৰঃ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি থকা মহাদেশখনৰ নাম-  এছিয়া।

১০। জনসংখ্যা বিতৰণত প্ৰভাৱান্বিত প্ৰধান কাৰকসমূহ কি কি?

উত্তৰঃ জনসংখ্যা বিতৰণত প্ৰভাৱান্বিত প্ৰধান কাৰকসমূহ হৈছে- জলবায়ু, ভূ-অবয়ৱ, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়ত ব্যৱস্থা, আৰ্থ-সামাজিক অৱস্থা আদি বিশেষভাৱে উল্লেখযোগ্য।

১১। জলবায়ু কাক বোলে?

উত্তৰঃ প্ৰতিদিন, প্ৰতি ঋতু, আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে ।

১২। যাতায়ত কাক বোলে?

উত্তৰঃ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা-যোৱা কৰা ব্যৱস্থাই হৈছে যাতায়ত।

১৩। মৃত্তিকা কাক বোলে?

উত্তৰঃ মাটি বা মৃত্তিকা হৈছে প্রাকৃতিক পৰিৱেশৰ অন্যতম প্রধান উপাদান । ই জৈৱ আৰু অজৈৱ পদাৰ্থৰে গঠিত । মৃত্তিকা জীৱৰ জীৱন ধাৰণৰ বাবে অতি প্রয়ােজনীয় উপাদান ।

১৪। অন্তঃপ্ৰব্ৰজন বা অন্তৰ্দেশীয় প্ৰব্ৰজন কাক বোলে?

উত্তৰঃ প্ৰব্ৰজন যেতিয়া দেশ এখনৰ ভিতৰত সংঘটিত হয় তেতিয়া ইয়াক অন্তঃপ্ৰব্ৰজন বা অন্তৰ্দেশীয় প্ৰব্ৰজন বোলে।

১৫। বহিঃ প্ৰব্ৰজন বা  আন্তৰ্দেশীয় প্ৰব্ৰজন কাক বোলে?

উত্তৰঃ এখন দেশৰ পৰা আন এখন দেশলৈ হ’লে বহিঃ প্ৰব্ৰজন বা আন্তঃদেশীয় প্ৰব্ৰজন বোলা হয়।

১৬। অনুপ্ৰৱেশ কাক বোলে?

উত্তৰঃ যিখন দেশত বসবাসৰ বাবে প্ৰৱেশ কৰে তাৰ পৰিপ্ৰেক্ষিতত অনুপ্ৰৱেশ বোলে।

১৭। বহিঃপ্ৰব্ৰজন কাক বোলে?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ক্ষেত্ৰত প্ৰব্ৰজনকাৰীয়ে যেতিয়া নিজ দেশৰ পৰা অন্য দেশলৈ যায় তেতিয়া তাক বহিঃ প্ৰব্ৰজন বুলি কোৱা হয়।

১৮। জন-প্ৰব্ৰজনৰ কাৰকসমূহক কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি?

উত্তৰঃ জন-প্ৰব্ৰজনৰ কাৰকসমূহক দুটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- বিকৰ্ষী কাৰক আৰু আকৰ্ষী কাৰক।

১৯। বিকৰ্ষী আৰু আকৰ্ষী কাৰকৰ তিনিটা পাৰ্থক্য লিখা।

উত্তৰঃ বিকৰ্ষী আৰু আকৰ্ষী কাৰকৰ পাৰ্থক্য হৈছে-

(i) বিকৰ্ষী কাৰক নিম্নহাৰৰ দৰমহা, নিম্ন জীৱন ধাৰণৰ মান। আনহাতে আকৰ্ষী কাৰক উচ্চ হাৰৰ দৰমহা, উন্নত জীৱন ধাৰণৰ মান।

(ii) বিকৰ্ষী কাৰক ৰাজনৈতিক অস্থিৰতা, জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ। আনহাতে অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা।

(iii) বিকৰ্ষী কাৰক পিছপৰা যাতায়ত আৰু যোগাযোগ ব্যৱস্থা। আনহাতে আকৰ্ষী কাৰক উন্নত তথা আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা।

২০। পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি?  

উত্তৰঃ পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ হৈছে—উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল, চাহাৰা মৰুভূমি, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিচ আদি উচ্চ পার্বত্য অঞ্চলসমূহৰ লগতে বিষুবীয় অঞ্চল।

২১। ১৮০৮ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল?

উত্তৰঃ ১৮০৮ চনত পৃথিৱীৰ জনসংখ্যা প্ৰায় ১ মহানিযুত আছিল।

২২। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?

উত্তৰঃ পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো হৈছে- জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।

২৩। চমুটোকা লিখা।

(ক) জন-প্ৰব্ৰজন।

উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য স্থানলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কার্যক জন-প্ৰব্ৰজন (Human migration) বুলি কোৱা হয়। কোনো বিশেষ কাৰণত এজন লোক বা এটা পৰিয়াল বা বহুতো লোক এখন ঠাইৰপৰা আন এখন ঠাইলৈ প্ৰব্ৰজন কৰাকে জন-প্রব্রজন বুলি ক’ব পাৰি।

(খ)  জনসংখ্যাৰ বিস্ফোৰণ।

উত্তৰঃ  উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। ১৮০০–১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল। কিন্তু ১৯৫০- ২০০০ চনৰ ভিতৰত কেৱল পঞ্চাশ বছৰতে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়, যাক জন বিস্ফোৰণ (Population explosion) বোলা হয়।

(গ) যাতায়ত ব্যৱস্থা।

উত্তৰঃ এখন ঠাইৰ জনসংখ্যা বিতৰণত ঠাইখনৰ ভৌগোলিক অৱস্থান আৰু যাতায়তৰ সুবিধা আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানুহে সদায় যাতায়তৰ বাবে সুবিধাজনক ঠাইত বসবাসৰ বাবে আকৰ্ষিত হয়। সেয়ে উন্নত যাতায়ত ব্যৱস্থা থকা নদী গঠিত সমভূমি অঞ্চল আৰু উপকূলীয় সমভূমি অঞ্চলবোৰ মানুহৰ বসবাসৰ বাবে অতি আকৰ্ষণীয়। সেয়ে ভাৰতবৰ্ষৰ উপকূলীয় সমভূমি আৰু গংগা নদীৰ সমভূমি অঞ্চলত জনসংখ্যা ঠাহ খাই আছে।

(ঘ) মৃত্তিকা।

উত্তৰঃ পৃথিৱীৰ একো একোটা অঞ্চলত মানুহে বসবাসৰ বাবে আকৰ্ষিত হোৱাটো যথেষ্ট পৰিমাণে অঞ্চলটোৰ মৃত্তিকাৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ এখন ঠাইৰ ভূমিৰ ব্যৱহাৰ, উদ্ভিদৰ বৈচিত্ৰ্য আৰু কৃষিৰ মান ঠাইখনৰ মাটিৰ গুণাগুণে নিৰ্ণয় কৰে। সেয়ে উত্তৰ ভাৰত আৰু পূব চীনৰ নদী গঠিত সাৰুৱা সমভূমি অঞ্চবোৰত জনসংখ্যাৰ ঘনত্ব অত্যধিক।

Author By: Pompi Hazarika