Class 9 Geography Elective Chapter 1 প্ৰাকৃতিক ভূগোল Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

প্ৰাকৃতিক ভূগোল

 প্ৰথম অধ্যায়

চমু প্ৰশ্ন উত্তৰঃ

১। বাযুমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা ওপৰলৈ প্ৰসাৰিত হৈ পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে বায়ুমণ্ডল বোলে।

২। বাযুমণ্ডলক প্ৰধানকৈ কেইটা স্তৰত ভাগ কৰিব পাৰি? কি কি?

উত্তৰঃ বায়ুমণ্ডলক প্ৰধানকৈ চাৰিটা স্তৰত ভাগ কৰিব পাৰি। যেনে- (i) ট্ৰপ’স্ফিয়েৰ, (ii) ষ্ট্ৰেট’স্ফিয়েৰ  (iii) মেছ’স্ফিয়েৰ আৰু (iv) থাৰ্মোস্ফিয়েৰ।

৩। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো নাম কি?

উত্তৰঃ বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো হৈছে- ট্ৰপ’স্ফিয়েৰ।

৪। বতৰ আৰু জলবায়ুৰ উপাদান কাক বোলে?

উত্তৰঃ কোনো এখন ঠাইৰ বতৰ আৰু জলবায়ু কিছুমান উপাদানৰ দ্বাৰা সৃষ্টি হয়, আৰু এই উপাদান বিলাককে বতৰ আৰু জলবায়ুৰ উপাদান বোলা হয়।

৫। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদান বিলাক কি কি?

উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে- উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধঃক্ষেপ।

৬। ত্ৰুটি-হাৰ কাক কোৱা হয়?

উত্তৰঃ বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক ত্ৰুটি-হাৰ বুলি কোৱা হয়।

৭। বায়ুমণ্ডল কি?

উত্তৰঃ বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আছে আৰু সেইবাবেউই ইয়াৰ চাপো আছে। বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল।

৮। বায়ুমণ্ডলৰ চাপ কি?

উত্তৰঃ বায়ুমণ্ডলৰ চাপ মানে হৈছে- প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল।

৯। বায়ুমণ্ডলৰ চাপৰ জোখ ক’ত লোৱা হয়?

উত্তৰঃ সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়।

১০। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ কি?

উত্তৰঃ সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্ৰতি বৰ্গ ছেন্টিমিটাৰত প্ৰায় এক কিলোগ্ৰাম।

১১। বায়ুমণ্ডলৰ চাপ ক’ত জোখা হয় ?

উত্তৰঃ বেৰোমিটাৰৰ পাৰাস্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয়।

১২। উত্তাপ কি?

উত্তৰঃ সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। সূৰ্যৰ পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে বাটতে বায়ুমণ্ডলে কিছু তাপ শোষণ কৰে আৰু অৱশিষ্ট তাপ শক্তিখিনি ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠত পৰি তাপশক্তি প্ৰতিফলিত হয় আৰু পোনপ্ৰথমে এই প্ৰতিফলিত তাপখিনি ভূপৃষ্ঠৰ লগতে লাগি থকা ট্ৰপ’স্ফিয়েৰৰ বায়ুৱে শোষণ কৰে।

১৩। বায়ুৰ চাপ কি?

উত্তৰঃ বায়ু এবিধ গেছীয় পদাৰ্থ। ইয়াৰ ভৰ আছে আৰু সেইবাবেই ইয়াৰ চাপো আছে। বায়ুৰ সমষ্টিয়ে হৈছে বায়ুমণ্ডল। গতিকে বায়ুমণ্ডলৰো চাপ আছে। বায়ু স্বাভাৱিকতে সংকোচনশীল আৰু সেইবাবেই তলৰ স্তৰৰ বায়ুখিনি বেছিকৈ সংকোচিত হৈ পৰে, ফলত ঘনত্বও বাঢ়ে। ঘনত্ব বাঢ়িলে চাপ বাঢ়ে। গতিকে বায়ুমণ্ডলৰ নিম্নভাগত চাপ বেছি হয়।

১৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ কেইটা কাৰণত সংঘটিত আৰু কি কি?

উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়। যেনে- (i) বায়ুৰ উষ্ণতা আৰু (ii) পৃথিৱী পৃষ্ঠৰ উচ্চতা।

১৫। অধঃক্ষেপ কাক কোৱা হয়?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পখিনি ঘনীভূত হৈ কুঁৱলী, নিয়ৰ, বৰষুণ, বৰফ কণা আদিৰ সৃষ্টি হয় আৰু পিছত অধোগামী হৈ ভূপৃষ্ঠত পৰেহি। তেতিয়া এইবিলাকক একে লগে অধঃক্ষেপ বুলি কোৱা হয়।

১৬। জলচক্ৰ কি?

উত্তৰঃ ভূপৃষ্ঠৰ জলভাগৰ পৰা বাষ্পীভূত হোৱা জলীয়বাষ্পৰাশি বায়ুমণ্ডলত মিহলি হৈ পিছত ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হৈ পুনৰ বায়ুমণ্ডলৰ পৰা অধঃক্ষেপ হিচাবে ভূপৃষ্ঠলৈ নামি আহে। ভূপৃষ্ঠ আৰু বায়ুমণ্ডলৰ মাজত হোৱা জলৰাশিৰ এই বিনিময় প্ৰক্ৰিয়াকে জলচক্ৰ বুলি জনা যায়।

১৭। আৰ্দ্ৰতা কি?

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজা যায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনেঃ চৰম আৰু আপেক্ষিক আৰ্দ্ৰতা ।

১৮। বায়ুৰ আৰ্দ্ৰতা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনে- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা।

১৯। চৰম আৰ্দ্ৰতা কি?

উত্তৰঃ কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ প্ৰকৃত পৰিমাণকে চৰম আৰ্দ্ৰতা বোলে।

২০। আপেক্ষিক আৰ্দ্ৰতা কি?

উত্তৰঃ কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ লগত সেই একে উষ্ণতাত সেই আয়তনৰ বায়ুখিনি সংপৃক্ত হ’বলৈ প্ৰয়োজনীয় জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে।

২১। বতাহ কি?

উত্তৰঃ বায়ুয়ে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে । বায়ুৰ এনে গতিক বতাহ বোলে । বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে।

২২। পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটা চাপ-বলয় চিনাক্ত কৰা হৈছে? কি কি?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত চাৰিটা চাপ বলয় চিনাক্ত কৰা হৈছে- (i) নিৰক্ষীয় নিম্ন চাপ বলয়, (ii) উপ-ক্ৰান্তীয় উচ্চ চাপ বলয়, (iii) উপ মেৰুদেশীয় নিম্ন চাপ বলয় আৰু (iv) মেৰুদেশীয় উচ্চ চাপ বলয়।

২৩। বতাহ সৃষ্টিৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাকেইটা কি কি?

উত্তৰঃ বতাহ সৃষ্টিৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাকেইটা হৈছে-

(i) ভূপৃষ্ঠত বায়ুৰ চাপৰ সমতা ৰক্ষা কৰিবলৈ বায়ুপ্ৰবাহ হয়।

(ii) যিমানে উচ্চ চাপ আৰু নিম্ন চাপ কেন্দ্ৰৰ মাজত চাপৰ পাৰ্থক্য বেছি হয়, সিমানে বতাহৰ গতি বেছি হয়।

(iii) উচ্চ চাপ আৰু নিম্ন চাপ কেন্দ্ৰৰ মাজৰ দূৰত্ব কম হ’লেও বতাহৰ গতি বাঢ়ে আৰু দূৰত্ব বেছি হ’লে বতাহৰ গতি কম হয়।

(iv) বতাহ সদায় বায়ুৰ উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে।

(v) বায়ু উত্তপ্ত হ’লে পাতল হৈ উৰ্ধগামী হয় আৰু চেঁচা হ’লে গধুৰ হৈ নিম্নগামী হয়।

(vi) পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ুপ্ৰবাহ ঘটে। পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ নিজ মেৰুদণ্ডত ঘূৰি থকাৰ ফলত বায়ুৱে গতি লাভ কৰে আৰু বতাহৰ দিশৰ পৰিৱৰ্তন হয়।

২৪। বতাহক মূলতঃ কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ বতাহক মূলতঃ চাৰিটা ভাগত ভগাব পাৰি, যেনে- (i) নিয়ত বতাহ, (ii) সাময়িক বতাহ, (iii) অনিয়মিত বতাহ আৰু (iv) স্থানীয় বতাহ।

২৫। অধঃক্ষেপ কাক বোলে?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয় । ফলত জলকণাবোৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূ- পৃষ্ঠলৈ নামি আহে । তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয় ।

২৬। বৰষুণ প্ৰধানতঃ কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ বৰষুণ প্ৰধানতঃ পাঁচ প্ৰকাৰৰ, যেনে – (i) পৰিচলন বৃষ্টি, (ii) শৈল্যোৎক্ষেপ বৃষ্টি, (iii) ঘূৰ্ণী বৃষ্টি, (iv) অক্ষীয় বৃষ্টি আৰু (v) অৰণ্য বৃষ্টি। 

২৭। পৰিচলন বৃষ্টি কাক বোলে?

উত্তৰঃ সৃৰ্যৰ প্ৰখৰ তাপত ভূপৃষ্ঠৰ বায়ু উত্তপ্ত হৈ উৰ্ধগামী হয় আৰু এইদৰে উৰ্ধগামী হোৱা বায়ুত থকা জলীয়বাষ্প শীতল হৈ ঘনীভৱন প্ৰক্ৰিয়াৰে বৰষুণৰ সৃষ্টি হয়। এনেদৰে হোৱা বৃষ্টিকে পৰিচলন বৃষ্টি বোলে।

২৮। শৈল্যোৎক্ষেপ বৃষ্টিপাত কাক বোলে?

উত্তৰঃ ভূপৃষ্ঠৰ ওপৰেৰে বতাহ বলিলে কেতিয়াবা পৰ্বত-পাহাৰৰ দ্বাৰা বাধা প্ৰাপ্ত হয়। জলীয়বাষ্পপূৰ্ণ বায়ু পাহাৰৰ ঢালত বাধাপ্ৰাপ্ত হৈ উৰ্ধগামী হয়। এনেদৰে উৰ্ধগামী হোৱা বায়ু প্ৰসাৰিত হৈ শীতল হয়। বায়ুত থকা জলীয়বাষ্পখিনি ঘনীভূত হৈ পাহাৰ-পৰ্বতৰ প্ৰতিবাদ ঢালত প্ৰচুৰ বৃষ্টিপাত হয়। এনেকৈ সংঘটিত হোৱা বৃষ্টিপাতক শৈল্যোৎক্ষেপ বৃষ্টিপাত পোলা হয়।

২৯। অক্ষীয় বৃষ্টিপাত কাক বোলে?

উত্তৰঃ কোনো অক্ষাংশত এনে জলীয়বাষ্পপূৰ্ণ বতাহৰ দ্বাৰা সঘনে বৰষুণ হৈ থাকে। অক্ষাংশ সাপেক্ষে হোৱা এনে বৰষুণক অক্ষীয় বৃষ্টিপাত বোলা হয়।

৩০। অৰণ্য বৃষ্টি কাক বোলে?

উত্তৰঃ অৰণ্য অঞ্চলত গছ-গছনিৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ ফলত তাত থকা বায়ুত যথেষ্ট পৰিমাণে জলীয়বাষ্প মিহলি হৈ থাকে। সেয়েহে অৰণ্য অঞ্চলৰ বায়ু দৰাচলতে চেঁচা হৈ থাকে আৰু এই বায়ু সোনকালে ঘনীভূত হ’বলৈ সুযোগ পায়। ফলত অৰণ্য অঞ্চলত সঘনে বৰষুণ হয় আৰু এনে বৰষুণকে অৰণ্য বৃষ্টি বোলে।

৩১। বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ কি কি?

উত্তৰঃ বতৰ আৰু জলবায়ুৰ প্ৰধান উপাদানবোৰ হৈছে- উত্তাপ, চাপ, আৰ্দ্ৰতা আৰু অধঃক্ষেপ। 

৩২। বতৰ আৰু জলবায়ুৰ নিৰ্ধাৰণকাৰী কাৰক বুলি কাক জনা যায়?

উত্তৰঃ যিবোৰ কাৰকে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ নিয়ন্ত্ৰণ কৰে সেইবোৰ কাৰকক বতৰ আৰু জলবায়ুৰ উপাদানবোৰ নিয়ন্ত্ৰণ কৰে সেইবোৰ কাৰকক বতৰ আৰু জলবায়ু নিৰ্ধাৰণকাৰী কাৰক বুলি জনা যায়।

৩৩। বতৰ আৰু জলবায়ুৰ নিৰ্ধাৰণকাৰী কাৰকসমূহ কি কি?

উত্তৰঃ বতৰ আৰু জলবায়ুৰ নিৰ্ধাৰণকাৰী কাৰকসমূহ হৈছে- (i) অক্ষাংশ, (ii) উচ্চতা, (iii) সমুদ্ৰৰ সান্নিধ্য, (iv) সমুদ্ৰ সোঁত, (v) পৰ্বত-পাহাৰৰ অৱস্থান, (vi) বায়ুপ্ৰবাহ, (vii) ভূমিৰ প্ৰকৃতি, (viii) ভূমিৰ ঢাল আৰু ( ix) উদ্ভিদ।

৩৪। অক্ষাংশ কি?

উত্তৰঃ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস-বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে। ইয়াৰ বিপৰীতে বেঁকা বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয় অৰ্থাৎ উত্তাপ কমে। বিষুৱ ৰেখাৰ পৰা উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষাংশ বাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ কিৰণ ক্ৰমে বেঁকা হৈ পৰে। তাৰোপৰি বেঁকা হৈ পৰা সূৰ্যৰ কিৰণে বায়ুৰ মাজেদি অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয় বাবেই ইয়াৰ উত্তাপ কম হয়।

৩৫। উচ্চতা কি?

উত্তৰঃ ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাবে প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় ৬.৫॰ চেন্টিগ্ৰড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হ’লেও অধিক উচ্চতাত অৱস্থিত ঠাইৰ জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হ’লেও উচ্চ পাৰ্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সেয়েহে, এলাহাবাদ আৰু শ্বিলং প্ৰায় একে অক্ষাংশত অৱস্থিত হলেও শ্বিলঙৰ উচ্চতা বেছি হোৱাৰ বাবে ইয়াৰ জলবায়ু এলাহাবাদতকৈ শীতল।

৩৬। বৈশিষ্ট্যৰ ভিত্তিত বতাহ কেই প্ৰকাৰৰ হ’ব পাৰে আৰু কি কি?

উত্তৰঃ বৈশিষ্ট্যৰ ভিত্তিত বতাহ চাৰি প্ৰকাৰৰ । যেনে- (i) শুকান বতাহ, (ii) জলীয়বাষ্পযুক্ত বতাহ, (iii) গৰম বতাহ, (iv) শীতল বতাহ ইত্যাদি।      

৩৭। জলবায়ুৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ জলবায়ুৰ প্ৰকাৰবোৰ হৈছে- বিষুৱীয় জলবায়ু, মৌচুমী জলবায়ু, ছাভানা জলবায়ু, উষ্ণ মৰু জলবায়ু, নাতিশীতোষ্ণ মৰু  জলবায়ু, ভূমধ্যসাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু, উপ-মেৰুদেশীয় (টাইগা) জলবায়ু আৰু তুন্দ্ৰা জলবায়ু।                     

৩৮। মৌচুমী জলবায়ু কি?

উত্তৰঃ  অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বর্ষাকাল । এই সময়চোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় ।

৩৯। ছাভানা জলবায়ু কি?

উত্তৰঃ ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয়। এই জলবায়ু প্ৰধানকৈ ছুডান, মধ্য ভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্য ভাগ, ব্ৰাজিলৰ দক্ষিণাংশ, আৰ্জেন্টিনা, ভেনিজুৱেলা আৰু অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ কিছুমান অঞ্চলত পোৱা যায়। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ  হৈছে- ২৭॰-২৮॰ চেন্টিগ্ৰড আৰু শীতকালৰ উত্তাপ হৈছে- ১০॰ ৰ পৰা ১৫॰ পৰা চেন্টিগ্ৰেড। বাৰ্ষিক গড় হিচাপত ২৫ ৰ পৰা ৪০ ছে.মি. বৰষুণ হয় আৰু বৰষুণ সাধাৰণতে গ্ৰীষ্মকালৰ শেষভাগত হোৱা দেখা যায়। 

৪০। সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত কি জলবায়ু বিৰাজ কৰে?

উত্তৰঃ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে।

৪১। তুন্দ্ৰা জলবায়ু কোন ঠাইত দেখিবলৈ পোৱা যায়?

উত্তৰঃ তুন্দ্ৰা জলবায়ু এছিয়া, কানাডা আৰু এন্টাৰ্কটিকাত দেখিবলৈ পোৱা যায়।

৪২। ‘টাইগা’ বুলি কাক জনা যায়?

উত্তৰঃ সৰলবৰ্গীয় উদ্ভিদক চাইবেৰিয়াত টাইগা বুলি জনা যায়।

৪৩। উপকূলীয় জলবায়ু কাক বোলে?

উত্তৰঃ কোনো কোনো অঞ্চলত বছৰি গড়ে ৫০০ ছে.মিটাৰৰো অধিক বৰষুণ হয়।মহাদেশসমূহৰ পশ্চিম উপকূলত এই জলবায়ু বিৰাজ কৰে বাবে এই জলবায়ুক পশ্চিম উপকূলীয় জলবায়ু বোলা হয়।

৪৪। নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু ক’ত পোৱা যায়?

উত্তৰঃ বিষুৱৰ উত্তৰ আৰু দক্ষিণে ১৫॰ৰ পৰা ৪০॰ অক্ষাংশৰ মাজত অৱস্থিত মহাদেশবোৰৰ মধ্য ভাগত এই জলবায়ু পোৱা যায়।

৪৫। নাতিশীতোষ্ণ অঞ্চলৰ উল্লেখযোগ্য তৃণভূমিসমূহ কি কি?

উত্তৰঃ কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেইৰী, ৰাছিয়াৰ ষ্টেপছ, অষ্ট্ৰেলিয়াৰ ডাউনচ্ আৰু দক্ষিণ আফ্ৰিকাৰ ভেলড্ আৰু আৰ্জেন্টিনাৰ পম্পাছ পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চলৰ উল্লেখযোগ্য তৃণভূমি।

Author By: Pompi Hazarika

Post ID: DABP004514