Class 9 Geography Elective Chapter 8 উদ্যোগ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

উদ্যোগ

অষ্টম অধ্যায়

*চমু প্ৰশ্ন উত্তৰঃ

১। আকাৰ অনুযায়ী উদ্যোগ প্ৰধানকৈ কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ আকাৰ অনুযায়ী উদ্যোগ প্ৰধানকৈ তিনি প্ৰকাৰৰ হ’ব পাৰে- 

(i) ঘৰুৱা উদ্যোগ, (ii) ক্ষুদ্ৰ উদ্যোগ আৰু  (iii) বৃহৎ উদ্যোগ।

২। ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্ৰধানকৈ পাঁচ ভাগত ভগাব পাৰি-

(i) কৃষিভিত্তিক উদ্যোগ, (ii) খনিজ সম্পদভিত্তিক উদ্যোগ, (iii) ৰাসায়নিক দ্ৰব্যভিত্তিক উদ্যোগ, (iv) বনজ সম্পদভিত্তিক উদ্যোগ আৰু (v) প্ৰাণীভিত্তিক উদ্যোগ।

৩। উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ প্ৰধানকৈ দুই প্ৰকাৰৰ হ’ব পাৰে-

(i) মৌলিক উদ্যোগ আৰু (ii) উপভোগ্য বস্তুৰ উদ্যোগ।

৪। প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ তিনি প্ৰকাৰৰ –

(i) ৰাজহুৱা খণ্ডৰ উদ্যোগ, (ii) ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু (iii) যৌথ খণ্ডৰ উদ্যোগ।

৫। ভাৰতৰ দুটা প্ৰধান উদ্যোগ কি কি?

উত্তৰঃ ভাৰতৰ দুটা প্ৰধান উদ্যোগ হৈছে- 

(i) লো-তীখাৰ উদ্যোগ আৰু (ii) কপাহী বয়ন উদ্যোগ।

৬। ভাৰতত কিমান চনত লো-তীখা উদ্যোগ স্থাপন কৰা হৈছিল?

উত্তৰঃ ভাৰতত ১৯০৭ চনত লো-তীখা উদ্যোগ স্থাপন কৰা হৈছিল।

৭। দেশখনৰ প্ৰধান লো-তীখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ কি কি?

উত্তৰঃ দেশখনৰ প্ৰধান লো-তীখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে- দুৰ্গাপুৰ, বাৰ্ণপুৰ, জামছেদপুৰ, আছানশোল, বোকাৰো ৰুৰকেলা আৰু ভিলাই। দক্ষিণ ভাৰতৰ ছালেম আৰু ভদ্ৰাৱতীতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে।

৮। মৌলিক উদ্যোগ কাক বোলে?

উত্তৰঃ যিবোৰ উদ্যোগে অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰে, সেইবোৰ উদ্যোগক মৌলিক উদ্যোগ বোলে। লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয়; কাৰণ এই উদ্যোগে যন্ত্ৰ-পাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে।

৯। কৃষিভিত্তিক উদ্যোগ কাক বোলে?

উত্তৰঃ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ বোলা হয়।

১০। চমুটোকা লিখাঃ

(ক) ঘৰুৱা উদ্যোগ 

উত্তৰঃ ঘৰুৱা উদ্যোগঃ সাধাৰণতে ঘৰতে পৰিয়ালৰ মানুহে এই উদ্যোগ গঢ়ি তোলে। ই অতি ক্ষুদ্ৰ আকাৰৰ উদ্যোগ। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্ৰ-পাতি বা পৰম্পৰাগত কৌশল প্ৰয়োগেৰে এই উদ্যোগে বস্তু উৎপাদন কৰে। উৎপাদিত বস্তু সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় বা স্থানীয় বজাৰত বিক্ৰী কৰা হয়। মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্তু, আচবাব, আ-অলংকাৰ আদি ঘৰুৱা উদ্যোগৰ দ্বাৰা উৎপাদিত দ্ৰব্য। 

(খ) ক্ষুদ্ৰ উদ্যোগ 

উত্তৰঃ ক্ষুদ্ৰ উদ্যোগঃ চীন, ভাৰত আদি ঘন বসতিৰ দেশত ক্ষুদ্ৰ উদ্যোগৰ গুৰুত্ব সৰ্বাধিক। অৱস্থান, যন্ত্ৰ-পাতিৰ প্ৰয়োগ আৰু উৎপাদনৰ ক্ষেত্ৰত এই উদ্যোগ ঘৰুৱা উদ্যোগতকৈ কিছু বেলেগ। ক্ষুদ্ৰ উদ্যোগত শ্ৰমিকৰ সংখ্যা সীমিত আৰু মূলধনৰ বিনিয়োগো কম। সাধাৰণতে থলুৱা কেঁচামাল আৰু শ্ৰমিকৰ ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে। ক্ষুদ্ৰ উদ্যোগে স্থানীয় লোকৰ আৰ্থিক বিকাশ আৰু ক্ৰয় শক্তি বৃদ্ধিত সহায় কৰে। এই উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি উদ্যোগৰ বিকেন্দ্ৰীকৰণ সম্ভৱ কৰি তুলিব পাৰি। ইয়াকে ক্ষুদ্ৰ উদ্যোগ বুলি কোৱা হয়।

(গ) বৃহৎ উদ্যোগ 

উত্তৰঃ বৃহৎ উদ্যোগঃ এই উদ্যোগৰ কাৰণে বৃহৎ পৰিমাণৰ মূলধন, নানা প্ৰকাৰৰ কেঁচামাল, প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক, অত্যাধুনিক প্ৰযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্ৰয়োজন। বৃহৎ উদ্যোগসমূহ আন্তৰ্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে, সেইবোৰৰ পৰিচালনাও অতি জটিল। সাধাৰণতে ইউৰোপ আৰু আমেৰিকাৰ উন্নত ৰাষ্ট্ৰবোৰতে বৃহৎ উদ্যোগসমূহ কেন্দ্ৰীভূত হৈ আছে। সাধাৰণতে বৃহৎ উদ্যোগক কেন্দ্ৰ কৰি অঞ্চল একোটাত অন্য বহুতো মজলীয়া আৰু সৰু-সুৰা উদ্যোগ গঢ়ি উঠিব। জাপান, চীন আৰু ভাৰত আদি দেশতো যথেষ্ট সংখ্যক বৃহৎ উদ্যোগ আছে। বৃহৎ উদ্যোগ প্ৰতিষ্ঠাই একোটা এলেকাক কালক্ৰমত ঔদ্যোগিক অঞ্চললৈ ৰূপান্তৰিত কৰে।

(ঘ) কৃষিভিত্তিক উদ্যোগ

উত্তৰঃ কৃষিভিত্তিক উদ্যোগঃ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ বোলা হয়। সাধাৰণতে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰখাৰ উদ্দেশ্যে কৃষিজাত সামগ্ৰীবোৰক কিছু পৰিমাণে হ’লেও শোধন কৰাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণেই ধান কল, ঘেঁহু কল, চেনি কল, পানীয় (চাহ, কফি আদি) উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি গঢ়ি উঠিছে। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্যাপক পৰিমাণে হয় কাৰণে সেইবোৰ অন্য ঠাইলৈ ৰপ্তানিৰ উদ্দেশ্যেও কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে। উল্লেখ্য যে পৃথিৱীৰ প্ৰায় সকলো কৃষিপ্ৰধান দেশতে কৃষিভিত্তিক উদ্যোগৰ প্ৰাধান্য আছে।

(ঙ) খনিজ সম্পদভিত্তিক উদ্যোগ

উত্তৰঃ খনিজ সম্পদভিত্তিক উদ্যোগঃ এই উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী স্বাভাৱিকতে তাতেই এনে ধৰণৰ উদ্যোগ গঢ়ি উঠে। অৱশ্যে আজিকালি পৰিবহণৰ সুবিধা বাঢ়ি অহাৰ কাৰণে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱ হৈ উঠিছে। লো-তীখা, এলুমিনিয়াম, তাম, পেট্ৰোলিয়াল আদিৰ উৎপাদন খনিজ সম্পদ ভিত্তিক উদ্যোগৰ ভিতৰত পৰে।

(চ) বনজ সম্পদভিত্তিক উদ্যোগ

উত্তৰঃ বনজ সম্পদভিত্তিক উদ্যোগঃ মানৱ সভ্যতা বনজ সম্পদৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। বন-বননিয়ে মানুহৰ ব্যৱহাৰৰ উপযোগী নানা ধৰণৰ সম্পদ যোগান ধৰে। এইবোৰৰ ভিত্তিতেই বহুতো উদ্যোগ গঢ়ি উঠিব পাৰে। কাঠ উদ্যোগ, প্লাইউদ উদ্যোগ, কাগজ উদ্যোগ আদি বনজ সম্পদভিত্তিক উদ্যোগৰ উদাহৰণ।

(ছ) মৌলিক উদ্যোগ

উত্তৰঃ মৌলিক উদ্যোগঃ এই প্ৰকাৰৰ উদ্যোগে মূলতঃ অন্য উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদন কৰে। লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয়; কাৰণ এই উদ্যোগে যন্ত্ৰ-পাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্ৰ-পাতিবোৰে আকৌ অন্য বস্তু বা সামগ্ৰী উৎপাদনত সহায় কৰে। সেয়ে লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। 

(জ) উপভোগ্য দ্ৰব্যৰ উদ্যোগ

উত্তৰঃ উপভোগ্য দ্ৰব্যৰ উদ্যোগঃ এই ধৰণৰ উদ্যোগে উপভোক্তাৰ পোনপটীয়া ব্যৱহাৰৰ উদ্দেশ্যে বস্তু বা সামগ্ৰী উৎপাদন কৰে। খাদ্য দ্ৰব্য উৎপাদনকাৰী উদ্যোগ, চাহ বা কফি উদ্যোগ, ৰেডিঅ’, টেলিভিছন উৎপাদনকাৰী উদ্যোগ, চাবোন উদ্যোগ আদি উপভোগ্য দ্ৰব্যৰ উদ্যোগৰ ভিতৰত পৰে। বৰ্তমানে এইবোৰ উদ্যেগৰ ব্যাপক সম্প্ৰসাৰণ ঘটিছে।

(ঝ) ৰাজহুৱা খণ্ডৰ উদ্যোগ

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগঃ ৰাজহুৱাখণ্ডৰ উদ্যোগবোৰ চৰকাৰে পৰিচালনা কৰে। চৰকাৰী মূলধন বিনিয়োগ কৰি ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয়। ভাৰতত ৰাজহুৱা খণ্ডৰ বহুতো উদ্যোগ আছে। সমাজবাদী দেশবোৰত এনে উদ্যোগৰ গুৰুত্ব অধিক।

(ঞ) ব্যক্তিগত খণ্ডৰ উদ্যোগ

উত্তৰঃ ব্যক্তিগত খণ্ডৰ উদ্যোগঃ এই প্ৰকাৰৰ উদ্যোগ প্ৰতিষ্ঠা কৰে ব্যক্তিগত বিনিয়োগকাৰীয়ে। ইয়াৰ পৰিচালনা দায়িত্বও ব্যক্তি বিশেষ বা ব্যক্তিগত খণ্ডৰ সংগঠনৰ ওপৰত ন্যয়্ত থাকে। পুঁজিবাদী দেশবোৰত ব্যক্তিগত খণ্ডৰ উদ্যোগৰ প্ৰাধান্য বেছি।

১১। কেঁচামাল কাক বোলে?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলা হয়।

১২। শক্তি বা ইন্ধনৰ নানা উৎসবোৰ কি কি?

উত্তৰঃ শক্তি বা ইন্ধনৰ নানা উৎসবোৰ হৈছে- কয়লা, পেট্ৰোলিয়াম, প্ৰাকৃতিক গেছ, জলবিদ্যুৎ, আণৱিক শক্তি আদি।

১৩। লো-তীখাৰ উদ্যোগ কি?

উত্তৰঃ লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। লো-তীখাৰ বৃহৎ উদ্যোগবোৰ সাধাৰণতে ইয়াৰ কেঁচামাল, যেনে- লোৰ আঁকৰ, কয়লা, মেংগানিজ আৰু চূণশিলৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। যিয়েই নহওঁক, এই উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হয় আৰু সেই কাৰণেই লো-তীখাৰ উদ্যোগবোৰ পৃথিৱীৰ উন্নত দেশবোৰত কেন্দ্ৰীভূত হৈ আছে। 

        ভাৰতত লো-তীখাৰ শিল্পৰ ইতিহাস দীঘলীয়া। পুৰণিকালত থলুৱা পৰম্পৰাগত পদ্ধতিৰে লৌহ সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰমাণ পোৱা যায়। অৱশ্যে দেশখনত ইয়াৰ আধুনিক ঔদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত। বৰ্তমানৰ জামছেদপুৰত জে. এন. টাটাই লো-তীখাৰ প্ৰথমটো উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। এয়েই ভাৰতত আধুনিক লো-তীখা উদ্যোগৰ আৰম্ভণি। লো-তীখা উদ্যোগৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে অন্যতম উল্লেখযোগ্য দেশ। ভাৰতত বৰ্তমানে বছৰি ৩০ নিযুত মেট্ৰিক টনৰো অধিক তীখা উৎপাদিত হয়। বছৰি দেশখনত কেঁচা লো উৎপাদনো সাধাৰণতে চাৰি নিযুত মেট্ৰিক টনৰো অধিক। লোৰ আঁকৰৰ বৃহৎ ভঁৰাল, আপেক্ষিকভাৱে সস্তীয়া শ্ৰমিকৰ সহজলভ্যতা আৰু বৃহৎ দেশীয় বজাৰে অদূৰ ভৱিষ্যতে ভাৰতৰ লো-তীখা উদ্যোগৰ দ্ৰুত বিকাশ সম্ভৱ কৰি তুলিব।

১৪। ভাৰতৰ প্ৰধান লো-তীখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান লো-তীখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে- দূৰ্গাপুৰ, বাৰ্ণপুৰ, জামছেদপুৰ, আছানশোল, বোকাৰো, ৰুৰকেলা আৰু ভিলাই আদি।

১৫। কপাহী বয়ন উদ্যোগ কি?

উত্তৰঃ বয়ন উদ্যোগবোৰৰ ভিতৰত কপাহী বয়ন উদ্যোগে আজিও বিশেষ গুৰুত্ব লাভ কৰি আছে। অৱশ্যে অতি সাম্প্ৰতিককালত বিশেষকৈ কৃত্ৰিম সূতা ব্যৱহাৰ কৰি কাপোৰ প্ৰস্তুত কৰা উদ্যোগবোৰে এই উদ্যোগক গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছে।

    কপাহী বয়ন উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ। কপাহ হৈছে এবিধ ওজন নেহেৰুওৱা কেঁচামাল। সেয়ে ইয়াৰ উদ্যোগৰ অৱস্থান কেচাঁমালৰ উৎসস্থানতেই হওঁক বা বজাৰৰ ওচৰতেই হওক, পৰিবহণ ব্যয়ৰ বিশেষ পাৰ্থক্য নঘটে। গতিকে অন্যান্য কাৰক, যেনে- শক্তি, শ্ৰমিক, অনুকূল প্ৰাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদিয়ে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কপাহী বয়ন উদ্যোগৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, যুক্তৰাজ্য, চীন, জাপান, ইজিপ্ত, ভাৰত আদি দেশ যথেষ্ট আগবঢ়া। আধুনিক যন্ত্ৰচালিত বয়ন উদ্যোগ প্ৰতিষ্ঠাৰ আগতে এই উদ্যোগ ঘৰুৱা শিল্প হিচাপে গোটেই ভাৰততে বিয়পি আছিল। এতিয়া আধুনিক যন্ত্ৰচালিত উদ্যোগ হিচাপে ভাৰতৰ প্ৰায়ভাগ ৰাজ্যতে এই উদ্যোগ সিচঁৰিত হৈ আছে। তথাপিও প্ৰধানকৈ মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডু ৰাজ্যত কপাহী বয়ন উদ্যোগ কেন্দ্ৰীভূত হৈ আছে। ইয়াৰ উপৰি অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিমবংগতো কিছু সংখ্যক এই উদ্যোগ আছে। 

১৬। যাতায়াত-পৰিবহণ কি?

উত্তৰঃ উদ্য়োগ প্ৰতিষ্ঠাৰ বাবে উপযুক্ত যাতায়াত-পৰিবহণ ব্যৱস্থা অপৰিহাৰ্য। উদ্যোগলৈ কেঁচামাল আৰু বজাৰলৈ উৎপাদিত সামগ্ৰী কঢ়িয়াবলৈ উপযুক্ত পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। তদুপৰি শ্ৰমিক আৰু অন্যান্য ব্যয়-বস্তু কঢ়িয়াবলৈ সুচল পৰিবহণৰ দৰকাৰ। উদ্যোগৰ লগত জড়িত সকলো খণ্ডৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈও ভাল যোগাযোগ ব্যৱস্থাৰ প্ৰয়োজন। এই দৰে সুচল যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই উদ্যোগৰ অৱস্থান যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰে।

১৭। বজাৰ কি?

উত্তৰঃ উদ্যোগৰ অৱস্থানতে বজাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্যোগ বজাৰৰ ওচৰত অৱস্থিত হ’লে উৎপাদিত সামগ্ৰীৰ পৰিবহণ ব্যয় কম হয়। বহুতো উদ্যোগ যে নগৰত বা নগৰৰ আশে-পাশে গঢ়ি উঠে তাৰ প্ৰধান কাৰণ হৈছে ওচৰতে থকা বিশাল নগৰীয়া বজাৰ। নগৰত উদ্যোগ প্ৰতিষ্ঠা কৰাটো দিবলগীয়া শুল্ক, শ্ৰমিকৰ দৰমহা, ভঁৰাল আদি দিশৰ পৰা সুবিধাজনক নহ’লেও, কেৱল বজাৰৰ সুবিধাই উদ্যোগৰ অৱস্থানত মুখ্য কাৰক হিচাপে ভূমিকা পালন কৰে। 

১৮। মূলধন কি?

উত্তৰঃ ঘৰুৱা উদ্যোগৰ বাহিৰে অন্য সকলো উদ্যোগ প্ৰতিষ্ঠাৰ বাবে শকত মূলধনৰ প্ৰয়োজন। বিশেষকৈ বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ সৰ্বপ্ৰধান ভিত্তি হৈছে মূলধন। উদ্যোগ প্ৰতিষ্ঠাৰ বাবে প্ৰয়োজনীয় মাটি, ঘৰ-বাৰী, যন্ত্ৰ-পাতি, ইন্ধন, শ্ৰমিক, যাতায়াত-পৰিবহণ আদি সকলোবোৰ ব্যৱস্থা বহুল ব্যয় সাপেক্ষ। সেই কাৰণে কেঁচামাল বা শ্ৰমিকৰ ক্ষেত্ৰত চহকী হ’লেও কেৱল মূলধনৰ নাটনিৰ বাবেই একোটা অঞ্চল উদ্যোগৰ ক্ষেত্ৰত পিছ পৰি থাকে। মূলধনেই ব্যক্তি বা চৰকাৰক উদ্যোগ প্ৰতিষ্ঠাৰ দিশত প্ৰথমে উদ্গনি যোগায়।

১৯। চৰকাৰী নীতি কি?

উত্তৰঃ উদ্যোগ স্থাপন আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰী নীতিৰ বিশেষ অৰিহণা থাকে। পৃথিৱীৰ সকলো দেশতে অৰ্থনৈতিক পৰিচালনাৰ বাবে ঔদ্যোগিক নীতি থাকে। ব্যক্তিগত খণ্ডৰ উদ্যোগেও এইক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰিবলগীয়া হয়। তদুপৰি একোখন ৰাষ্ট্ৰৰ চৰকাৰে নীতিগতভাৱে ৰাষ্ট্ৰখনৰ সকলো অঞ্চলতে পাৰ্যমানে সমানে ঔদ্যোগিক বিকাশ কামনা কৰিব পাৰে আৰু সেইমতে নীতি-নিৰ্দেশনাও প্ৰস্তুত কৰিব পাৰে। এনে ধৰণৰ চৰকাৰী নীতিয়ে ক’ত কি উদ্যোগ কি ধৰণে স্থাপন কৰিব, তাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে।

Author: Pompi Hazarika

Post ID: DABP005106