Class 9 Part- 2 Geography Chapter 3 ভাৰতবৰ্ষৰ ভূগোল Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

ভাৰতবৰ্ষৰ ভূগোল 

Chapter-3 

১/ হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কি কৰিছে ? 

উত্তৰঃ হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত  সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। 

২/ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য় কিমান  ? 

উত্তৰঃ ১৫,২০০ কিলোমিটাৰ। 

৩/ ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ? 

উত্তৰঃ ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ। 

৪/ ভূ-প্ৰকৃতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন কি দেশ ? 

উত্তৰঃ ভূ-প্ৰকৃতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্ৰ্য়ময় দেশ।

৫/ বৃহত্তম মহাদেশ বুলি কোন খন মহাদেশক কৈ ?

উত্তৰঃ বৃহত্তম মহাদেশ বুলি এছিয়া মহাদেশক কৈ। 

৬/ ভাৰতত হ্ৰদৰ সংখ্য়া কম নে বেছি ?

উত্তৰঃ কম। 

৭/ গঙ্গা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ কি নদী ?

উত্তৰঃ গঙ্গা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ প্ৰধান নদী। 

৮/ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্য়ৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ কেইটা ভাগত ভগাব পাৰি আৰু কি কি ? 

উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি সেই কেইটা হল (ক) উত্তৰৰ হিমালয় পাৰ্বত্য় অঞ্চল, (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল (গ) দাক্ষিণাত্য় মালভূমি অঞ্চল আৰু উপকূল অঞ্চল। 

৯/ এই পৰ্বতমালা ভাৰতৰ বাহিৰেও আৰু কত কত বিস্তৃত হৈ আছে ? 

উত্তৰঃ নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে। 

১০/ গ্ৰীষ্ম আৰু শীতকালত কি বতাহ বলে ? 

উত্তৰঃ মৌচুমী বতাহ বলে। 

১১/ হিমালয় পৰ্বতশ্ৰেণীয়ে যি ঠাই আগুৰি আছে, বহু নিযুত বছৰৰ আগতে সেই ঠাইত এখন সাগৰ আছিল সেই সাগৰখনৰ নাম কি ? 

উত্তৰঃ টথিছ সাগৰ। 

১২/ হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী কি কি ? 

উত্তৰঃ সিন্ধু, গঙ্গ আৰু ব্ৰহ্মপুত্ৰ নদী। 

১৩/ দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান কি কি ? 

 উত্তৰঃ উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা।

১৪/ থোৰতে ক’ব পাৰি যে উদ্ধিদৰ প্ৰকাৰ, বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ কাৰ ওপৰত নিৰ্ভৰ কৰে ?  

 উত্তৰঃ জলবায়ু, ভূ-প্ৰকৃতি আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে। 

১৫/শস্য়ৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হোৱা কাৰন কি ? 

উত্তৰঃ মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্য়ৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হয়। 

১৬/ দক্ষিণ-পশ্চিম মৌচুমীৰ বাবেই দেশখনত কি হয় ? 

উত্তৰঃ প্ৰচুৰ বৰষুণ হয়। 

১৭/ ৰাজস্থনৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বছৰি গড়ে কিমান চেণ্টিমিটাৰ কম বৰষুণ হয় ? 

উত্তৰঃ বছৰি গড়ে ৫০ চেণ্টিমিটাৰৰো কম বৰষুণ হয়। 

১৮/ ভাৰতত বছৰটোৰ ভিতৰত প্ৰধানকৈ কেইটা ঋতু অনুভূত হয় আৰু কি কি ? 

উত্তৰঃ চাৰিটা অনুভূত হয় আৰু সেই কেইটা হল (ক) শীতকাল (খ) প্ৰাক্ বৰ্ষাকাল (গ) বৰ্ষাকাল (ঘ) প্ৰাক্ শীতকাল। 

১৯/ জনসংখ্য়াৰ হিচাপত পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ এখন কিমান স্থান জনবহুল দেশ ?  

উত্তৰঃ জনসংখ্য়া হিচাপত পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ এখন দ্বিতীয় জনবহুল দেশ। 

২০/ দেশখনৰ উদ্ভিদসমূহক সাধাৰণতে কেই ভাগত ভগাব পাৰি আৰু সেই কেইটা কি কি  ? 

উত্তৰঃ ছয় ভাগত ভগাব পাৰি আৰু সেই কেইটা হল চিৰ সেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য় উদ্ভিদ। 

২১/ কেনে ধৰনৰ অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায় ? 

উত্তৰঃ যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫॰ চেণ্টিগ্ৰেডৰ পৰা ২৭॰ চেণ্টিগ্ৰড, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। 

২২/ মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায় গতিকে মাটি কি হৈ পৰে ?

উত্তৰঃ শুকান হৈ পৰে। 

২৩/ কাঁইটীয়া জোপোহা উদ্ভিদ  ক’ত জন্মে ? 

উত্তৰঃ সাধাৰণতে বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা মৰুভূমি বা মৰুপ্ৰায় অঞ্চলত কাঁইটীয়া জোপোহা উদ্ভিদ জন্মে। 

২৪/  হিমালয় শিৱালিক পৰ্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্য়ৰে কি হৈ আছে ? 

উত্তৰঃ হিমালয় শিৱালিক পৰ্বতকে ধৰি ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমিয় অৰণ্য়ৰে আবৃত হৈ আছে। 

২৫/ উদ্ভিদ এবিধ মূল্য়ৱান কি সম্পদ ? 

উত্তৰঃ উদ্ভিদ এবিধ মূল্য়ৱান প্ৰাকৃতিক সম্পদ। 

২৬/ জনশংখ্য়া ক্ষেত্ৰত চীন দেশ কিমান স্থানত আছে ? 

উত্তৰঃ প্ৰথম স্থানত আছে। 

২৭/ ভাৰতবৰ্ষ আৰু অন্য় দেশ বিলাকৰ মাজত হোৱা জনপ্ৰব্ৰজনক কি প্ৰব্ৰজন বুলে ? 

উত্তৰঃ বাহ্য়িক প্ৰব্ৰজন বুলে। 

২৮/ লোকপিয়ল মতে, ২০১১ চনত ভাৰতৰ জনসংখ্য়া কিমান জন ?

উত্তৰঃ লোকপিয়ল মতে,২০১১ চনত ভাৰতৰ জনসংখ্য়া ১,২১০,৭২৬,৯৩২ জন। 

২৯/ উত্তৰ প্ৰদেশৰ পিছতে মহাৰাষ্ট্ৰ আৰু বিহাৰ জনসংখ্য়াৰ হিচাপত ক্ৰমে কিমান জনবহুল ৰাজ্য় ৰূপে স্থান লাভ কৰিছে ? 

উত্তৰঃ দ্বিতীয় আৰু তৃতীয় জনবহুল ৰাজ্য়ৰ ৰূপে স্থান লাভ কৰিছে। 

৩০/ জনপ্ৰব্ৰজন কাক বোলে ? 

উত্তৰঃ মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলে। 

৩১/ আভ্য়ন্তৰীণ প্ৰব্ৰজন আৰু বাহ্য়িক প্ৰব্ৰজন কাক বুলে ?

উত্তৰঃ দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্য়ন্তৰীণ প্ৰব্ৰজন আৰু কোনো দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক বাহ্য়িক প্ৰব্ৰজন বুলে। 

৩২/ ভাৰতত সংঘটিত হোৱা আভ্য়ন্তৰীণ প্ৰব্ৰজনক কি কি প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি ? 

উত্তৰঃআন্তঃৰাজ্য়িক প্ৰব্ৰজন আৰু ৰাজ্য়ৰ আভ্য়ন্তৰীণ প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি। 

৩৩/ আন্তঃৰাজ্য়িক প্ৰব্ৰজন দেশখনৰ কিহৰ মাজত হয় ? 

উত্তৰঃ আন্তঃৰাজ্য়িক দেশখনৰ ৰাজ্য়বিলাকৰ মাজত হয়।

৩৪/ বৰ্তমান সময়লৈকে ভাৰত চৰকাৰে প্ৰায় কেই বছৰৰো অধিক কাল দেশ শাসনৰ দায়িত্ব বহন কৰি আহিছে ? 

উত্তৰঃ ৬০ বছৰৰো অধিক।

৩৫/ দেশৰ আভ্য়ন্তৰীণ প্ৰব্ৰজন দুই প্ৰকাৰৰ সেই কেইটা কি কি ? 

উত্তৰঃ আন্তঃৰাজ্য়িক প্ৰব্ৰজন আৰু ৰাজ্য়ৰ ভিতৰতে হোৱা প্ৰব্ৰজন। 

৩৬/ মানুহ প্ৰকৃতিক পৰিৱেশৰ এটি গুৰুত্বপূৰ্ণ কি উপাদান ? 

উত্তৰঃ জৈৱিক উপাদান। 

৩৭/ জনসংখ্য়া বৃদ্ধি হ’লে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ কি বাঢ়ি যায় ?

উত্তৰঃ জনসংখ্য়া বৃদ্ধি হ’লে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ চাপ বাঢ়ি যায়। 

৩৮/ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে কি লাভ কৰে ? 

উত্তৰঃ স্বাধীনতা লাভ কৰে। 

৩৯/ব্ৰিটিছসকলে প্ৰায় কিমান বছৰ কাল ভাৰতবৰ্ষক শাসন কৰিছিল ? 

উত্তৰঃ ২০০ বছৰ কাল। 

৪০/ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত এক কি হ’বলৈ ধৰে ?

উত্তৰঃ নতুন যুগৰ সূচনা হ’বলৈ ধৰে। 

৪১/ দেশীয় আয়ৰ সৰ্বাধিক অংশ কোনে আগবঢ়াইছে ? 

উত্তৰঃ কৃষিখণ্ডই আগবঢ়াইছে। 

৪২/ ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য়সমূহ কি কি ?

উত্তৰঃ(ক) নিম্ন জনমূৰি আয়, (খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, (গ) অত্য়ধিক জনসংখ্য়াৰ চাপ, (ঘ) দৰিদ্ৰতা, (ঙ) কৃষি-নিৰ্ভৰশীলতা, (চ) বৰ্ধিত নিবনুৱা সমস্য়া আৰু (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন। 

৪৩/স্বাধীনতাৰ সময়ত ১৯৪৭ চনত ভাৰতৰ জনসংখ্য়া কিমান ?

উত্তৰঃ ৩৫০ নিযুত। 

৪৪/ ২০১১ চনত এই জনসংখ্য়া কিমান হৈছিল ? 

উত্তৰঃ ১২৪৭ নিযুত।

৪৫/ জীৱন নিৰ্বাহৰ বাবে দেশৰ জনসাধাৰণে কৃষি, শিল্প, ব্য়ৱসায়, চাকৰি আদিৰ দৰে কৰ্মত কি কৰে ? 

উত্তৰঃ আত্মনিয়োগ কৰে।

৪৬/ ১৯৫১ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত দেশৰ মুঠ জনসংখ্য়া কিমান লোকে কৃষি কৰ্মত নিয়োজিত হৈ আছিল ? 

উত্তৰঃ ৭০ শতাংশতকৈও অধিক লোক কৃষি কৰ্মত নিয়োজিত হৈ আছিল। 

৪৭/ ভাৰতবৰ্ষ এখন কি দেশ ? 

উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ।

৪৮/ দেশৰ লঘু আৰু গুৰু উদ্য়ােগসমূহত প্ৰায় কিমান কোটি কিমান লাখ লোক নিয়োজিত হৈ আছে ? 

উত্তৰঃ ৩ কোটি ৩০ লাখ লোক নিয়োজিত হৈ আছে। 

৪৯/ বৰ্তমান সময়ত বজাৰত আমি খাদ্য়, বস্ত্ৰ, সা-সজুলিকে ধৰি নানা তৰহৰ ভোগৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছো কেৱল কিহৰ জৰিয়তে ?

উত্তৰঃ উদ্য়ােগীকৰণৰ জৰিয়তে। 

৫০/ বৰ্তমান সময়ত ভাৰতবৰ্ষত কেখন ৰাজ্য় আৰু কেখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ?

উত্তৰঃ ২৯ খন ৰাজ্য় আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 

Type By- Subhas Nath

Post ID : DABP005293