Class 9 Part- 2 Geography Chapter 4 অসমৰ ভূগোল Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

অসমৰ ভূগোল 

Chapter-4

১/ অসমৰ সীমাত ভাৰতৰ কেই খন ৰাজ্য় আৰু কেই খন পৰৰাষ্ট্ৰ আছে ?

উত্তৰঃ অসমৰ সীমাত ভাৰতৰ সাতখন ৰাজ্য় আৰু দুখন পৰৰাষ্ট্ৰ আছে। 

২/ ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত এখন ৰাজ্য় নাম কি ? 

উত্তৰঃ ভাৰতৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত এখন ৰাজ্য় নাম হল অসম। 

৩/ অসমৰ ভাষা, ধৰ্ম, পৰম্পৰা আদি সাংস্কৃতিক উপাদানসমূহতো মানুহৰ কি দেখা যায় ? 

উত্তৰঃ সংমিশ্ৰণৰ প্ৰভাৱ দেখা যায়। 

৪/ ব্ৰহ্মপুত্ৰ উপত্য়কাত অৱস্থিত গুৱাহাটী মহানগৰক আকৌ কি বুলি কোৱা হয় ?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। 

৫/ অসমৰ সীমাত থকা বেছিভাগ অঞ্চলেই কি হয় ? 

উত্তৰঃ অসমৰ সীমাত থকা বেছিভাগ অঞ্চলেই হল পাহাৰীয়া অঞ্চল। 

৬/ গুৱাহাটীৰ লগত অঞ্চলটোৰ আটাইকেইখন ৰাজ্য়ৰ ৰাজধানী চহৰবোৰ কিহেৰে সংযুক্ত ? 

উত্তৰঃ স্থলপথ আৰু আকাশী পথেৰে সংযুক্ত। 

৭/ ভূ-প্ৰকৃতিক অৱয়বসমূহ কি কি লিখা ? 

উত্তৰঃ সমভূমি, প্লাৱনভূমি, পাহাৰ-পৰ্বত, পাহাৰৰ পাদদেশ, মালভূমি।

৮/ অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?  

উত্তৰঃ অসমৰ ভূ-প্ৰকৃতি প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি সেই কেইটা হল (ক) ব্ৰহ্মপুত্ৰ উপত্য়কা, (খ) বৰাক উপত্য়কা, (গ) কাৰ্বি মালভূমি আৰু (ঘ) বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি।

৯/পাদদেশ অঞ্চলৰ দক্ষিণাংশৰ মাটি সেমেকা বাবে তাত নল-খাগৰি আদি দীঘল কি জাতীয় উদ্ভিদ গজে ? 

উত্তৰঃ পাদদেশ অঞ্চলৰ দক্ষিণাংশৰ মাটি সেমেকা বাবে তাত নল-খাগৰি আদি দীঘল ঘাঁহ জাতীয় উদ্ভিদ গজে। 

১০/ ঠেক পাদাদেশ অঞ্চলটো কিমান মিটাৰৰ পৰা কিমান মিটাৰ পৰ্যন্ত ওখ ?

উত্তৰঃ ১৫০ মিটাৰৰ পৰা ৬০০ মিটাৰ পৰ্যন্ত ওখ। 

১১/ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ কি কি ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হল সোৱণশিৰি, ডিক্ৰং, ৰঙানদী, বুৰৈ, বৰগাং, জীয়াভৰলী, গাভৰু, বেলশিৰি, ধনশিৰি, নোৱানদী, ন-নৈ, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ-আই-বেকী, চম্পাৱতী, গৌৰাংগ, টিপকাই আৰু গদাধৰ। 

১২/ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু কিহৰ বাবে উপযোগী ? 

উত্তৰঃ খেতি- বাতিৰ বাবে উপযোগী।

১৩/ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ কি কি লিখা ?

উত্তৰঃ বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশ্ৰী, কপিলী, কুলশী, কৃষ্ণাই আৰু জিনাৰী। 

১৪/ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য় কিহৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ বিল আৰু জলাশয়ৰ সৃষ্টি হৈছিল। 

১৫/ বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈসমূহ কি কি ? 

উত্তৰঃ চিৰি, দিক্চা, দীঘলী, জিৰি, মধুৰা, জাতিংগা, লাৰাং আদিয়েই প্ৰধান। 

১৬/ দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পুৱলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা কিমান মিটাৰ ? 

উত্তৰঃ ৯০০ মিটাৰ। 

১৭/ পৃথিৱীৰ ভিতৰতে এটা অন্য়তম বৃহৎ নদী-দীপটো নাম কি ? 

উত্তৰঃ মাজুলী নদী-দীপ। 

১৮/ কোন জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয় ? 

উত্তৰঃ নগাঁও জিলাত বৰষুণ যথেষ্ট কম হয়। 

১৯/ কোন অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি থাকে ? 

উত্তৰঃ হিমালয় পৰ্বতশ্ৰেণীৰ পাদভূমি অঞ্চলত। 

২০/ উত্তৰ-পূব মৌচুমী বতাহ বা প্ৰত্য়াৱৰ্তিত মৌচুমী বতাহ কাক বোলে ?   

উত্তৰঃ শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্য়কাত যি বায়ু প্ৰৱাহৰ সৃষ্টি হৈ বঙ্গোপসাগৰৰ ফালে প্ৰৱাহিত হয় তাকে উত্তৰ-পূব মৌচুমী বতাহ বা প্ৰত্য়াৱৰ্তিত মৌচুমী বতাহ বোলে। 

২১/ নগাঁও জিলাৰ লংকা-লামডিং অঞ্চলত বছৰি গড় বৰষুণ কিমান ছেণ্টিমিটাৰ পৰ্যন্ত হয় ? 

উত্তৰঃ ১২৯ ছেণ্টিমিটাৰ পৰ্যন্ত হয়।

২২/ অসমত প্ৰধানকৈ চাৰিটা জলবায়বীয় ঋতু বা কালি চিনাক্ত কৰা হৈছে সেই কেইটা কি কি ? 

উত্তৰঃ প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্য়াৱতিৰ্ত মৌচুমী আৰু শুষ্ক শীতকাল। 

২৩/ মৌচুমীকালতে অসমৰ প্ৰধান খেতি কি ৰোপন কৰা হয় ? 

উত্তৰঃ মৌচুমীকালত অসমৰ প্ৰধান খেতি শালি ধান ৰোপণ কৰা হয়। 

২৪/ ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ-পশ্চিম মৌচুমী বতাহ কি হবলৈ ধৰে ? 

উত্তৰঃ উভতিবলৈ ধৰে। 

২৫/ এপ্ৰিল মাহৰ মাজভাগত কি বিহু পালন কৰা হয় ? 

উত্তৰঃ ব’ হাগ বিহু বা ৰঙালী বিহু পালন কৰা হয়। 

২৬/ উত্তৰ-পূব মৌচুমী প্ৰৱাহ বা প্ৰত্য়াৱৰ্তিত মৌচুমী বতাহ কাক বোলে ? 

উত্তৰঃ উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্য়খনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়। ইয়াক উত্তৰ-পূব মৌচুমী প্ৰৱাহ বা প্ৰত্য়াৱৰ্তিত মৌচুমী বতাহ বোলে। 

২৭/ সাৰুৱা মৃত্তিকা বিশেষকৈ কিহৰ বাবে উপযোগী ? 

উত্তৰঃ কৃষিৰ বাবে উপযোগী। 

২৮/  মৃত্তিকা গঠনৰ প্ৰধান কাৰকবোৰ কি লিখা ? 

উত্তৰঃ মূল পদাৰ্থ, জলবায়ু, জৈৱিক প্ৰক্ৰিয়া, ভূ-প্ৰকৃতি আৰু সময়। 

২৯/ অসমত পোৱা মৃত্তিকাবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ? 

উত্তৰঃ চাৰি ভাগত ভগাব পাৰি আৰু সেই কেইটা হল- ১) পলসুৱা মৃত্তিকা,(২) গিৰিপদ মৃত্তিকা, (৩) পাহাৰীয়া মৃত্তিকা, আৰু (৪) কংকৰ মৃত্তিকা। 

৩০/ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্য়কাৰ পলসুৱা মাটি বিশেষকৈ কিহৰ বাবে উপযোগী ? 

উত্তৰঃ খাদ্য় শস্য় উৎপাদনৰ বাবে উপযোগী। 

৩১/ অসমৰ মৃত্তিকাত সাধাৰণতে কি কি জৈৱিক পদৰ্থ পোৱা যায় ? 

উত্তৰঃ নাইট্ৰ’জেন আৰু জৈৱিক পদৰ্থ পোৱা যায়। 

৩২/ অসমৰ অৰণ্য়ক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ? 

উত্তৰঃ পাঁচটা ভাগত ভগাব পাৰি আৰু সেই কেইটা হল (ক) ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য়, (খ) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য়, (গ) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য়, (ঘ) নৈপৰীয়া অৰণ্য় আৰু (ঙ) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য়। 

৩৩/ চিৰসেউজীয়া অৰণ্য়ত হোলোং, মেকাই আদি অতি ওখ গছ কত পোৱা যায় ? 

উত্তৰঃ অসমত পোৱা যায়।

৩৪/ সাধাৰণতে চিৰসেউজীয়া অৰণ্য় কে তৰপীয়া হোৱাটো পৰিলক্ষিত হয় ?

উত্তৰঃ তিনিতৰপীয়া হোৱাটো পৰিলক্ষিত হয়। 

৩৫/ অৰ্ধচিৰসেউজীয়া অৰণ্য়ৰ প্ৰধান গছ-গছনি বোৰ কি লিখা ? 

উত্তৰঃ নাহৰ, বনচোম, চাম, শিৰীষ, ঔ, গন্ধসৰৈ, অগৰু, পমা আদি। 

৩৬/ পৰ্ণপাতী অৰণ্য়ৰ বেছিভাগ গছৰে কি পাত সৰে ? 

উত্তৰঃ পৰ্ণপাতী অৰণ্য়ৰ বেছিভাগ গছৰে খৰালি পাত সৰে। 

৩৭/ পৰ্ণপাতী উদ্ভিদ কাক বোলে। 

উত্তৰঃ শীতকালত পাতশৰা উদ্ভিদকে পৰ্ণপাতী উদ্ভিদ বোলে। 

৩৮/ অসমৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য়ৰ প্ৰধান গছ-গছনি কি কি ? 

উত্তৰঃ শাল, মাকৰি শাল, গমাৰি, আমলখি, ভোমোৰা, গোহোৰা, খকন, শিমলু আদি।

৩৯/ বৰ্তমান অসমত সৰ্বমুঠ কেই খন জিলা আছে ? 

উত্তৰঃ ৩৩ খন সৰ্বমুঠ আছে। 

৪০/ প্ৰধান ঘাঁহজাতীয় উদ্ভিদ কি কি ? 

উত্তৰঃ বিৰিণা, খাগৰি, উলু, কুশবন আদিয়ে প্ৰধান ঘাঁহজাতীয় উদ্ভিদ।